Posts

Showing posts from June, 2021

ও_টি_পি_আৰু_অনলাইন_ফ্ৰড

 আজিকালি অনলাইন ফ্ৰড তেনেই সাধাৰণ কথা৷ মানুহৰ বেংক একাউণ্টৰ পৰা আপোনা আপুনি টকা নোহোৱা হৈ যোৱা হয়তো সকলোৱে শুনিছে বা বহুতৰে ক্ষেত্ৰত নিজা অভিজ্ঞতাও আছে৷ বেংকবোৰেও এইক্ষেত্ৰত বিশেষ সহায় কৰিবলৈ অপাৰগ৷ বহুতৰে বৃদ্ধাৱস্থাৰ বাবে যতনেৰে সঞ্চিত ধন একেকোবে নোহোৱা হৈ গৈছে৷ কিন্তু সকলো দুৰ্ঘটনাৰে মূলত আচলতে আমাৰ অসাৱধানতা৷ চোৰ কিমানেই চতুৰ হওঁক, আমি যদি নিজে সাৱধান হওঁ - সহজতে বিপদত পৰিবলগীয়া নহয়৷ অনলাইন ফ্ৰডৰ বিষয়ে আমি ডেকাচামে জানো বাবে পতককৈ ফান্দত নপৰো ( তথাপিও কেতিয়াও নপৰিমেই বুলি ডাটি ক'ব নোৱাৰি ) কিন্তু এইক্ষেত্ৰত আমাৰ মা-দেউতাৰ বয়সৰ মানুহৰ বাবে সৰু সৰু কিছুমান জানিবলগীয়া কথা আছে। নিজ চকুৰে দেখা ঘটনা এটা সংক্ষেপতে কওঁ  -  এবাৰ এটা এটিএমত সোমালো৷ ভিতৰত এজন বয়সীয়া মানুহ, মূৰে কপালে হাত থৈ ঠিয় হৈ আছে। কাৰ্ডখন বাৰে বাৰে সুমুৱাইছে আৰু উলিয়াইছে৷ কি হৈছে সোধাত তেওঁৰ ফোনটো দেখুৱালে। তেনেই সাধাৰণ এটা নকিয়া ফোন, কীপেড থকা। বন্ধ হৈ আছে৷ তেওঁ অন অফ কৰিছে কিন্তু কাকো কল লগাব পৰা নায়৷ ডায়েল কৰিলেই কাটি কাটি যায়৷ মানুহজনে ক'লে তেওঁৰ একাউণ্টৰ পৰা পইছা ওলোৱা নাই, বেলেঞ্চ কম বুলি দেখুৱাইছে৷ ত

অমানুষ

আকাশত ঘন ক’লা মেঘ৷ চৌপাশে ধূলি , ধোঁৱা আৰু বাৰুদৰ গোন্ধ। ঘৰবোৰ দপদপাই জ্বলি উঠিছে। জীয়াই জীয়াই জ্বলি গৈছে বহুতো , আন অলেখ লোক পৰি ৰৈছে অলিয়ে গলিয়ে। ৰাস্তাই ঘাটে য’তে ত’তে হাজাৰ হাজাৰ মৰাশ। মানুহৰ আধাপোৰা দেহবোৰৰ পৰা গোন্ধ ওলাই চাৰিওফালে এটা বিকৃত পৰিবেশৰ সৃষ্টি কৰিছে। জুইৰ মাজৰ পৰা কিছুমানে আধাপোৰা শৰীৰটো লৈ কেঁকাই সেঁহাই উঠি আহিছে৷ অৰ্ধগলিত শৰীৰটোত জীৱনটো যেন এতিয়াও বাকী। প্ৰচণ্ড শক্তিৰে একোটা ঘৰৰ মূধচলৈ অনায়াসে উঠি গৈছে সিঁহত৷ ঘৰবোৰ ভাঙি লণ্ডভণ্ড কৰিছে। লক্ষ্য খাদ্যবস্তু ৷ খাদ্যৰ সন্ধানত সকলো এফালৰপৰা তহিলং কৰি গৈছে। সম্মুখত যিয়েই আহিছে কোনো সাৰিব পৰা নাই। চৰকাৰে এই অৰ্ধমৃতবোৰক নাম দিছে —— অমানুষ! প্ৰশাসনৰ ফালৰপৰা প্ৰতিদিনে অমানুষবোৰক নিৰ্মূল কৰিবলৈ বিভিন্ন চেষ্টা চলাই আছে। চহৰৰ পিছত চহৰ হেলিকপ্টাৰেৰে জ্বলাই দিয়া হৈছে। এই জুইৰ পৰা ভাল বেয়া কোনো সাৰি যোৱা নাই। তাৰ মাজতে কোনোবাটো পৰিয়াল ৰৈ গৈছে মাটিৰ তললৈ গাত খান্দি লোৱা বাংকাৰবোৰত। ভোকাতুৰ অমানুষবোৰে খাদ্য বিছাৰি আক্ৰমণ কৰিছে বিভিন্ন এলেকাত। প্ৰসাৰিত হ’বলৈ ধৰিছে সিহঁতৰ সংখ্যা আৰু শকতি। লাহে লাহে বৃদ্ধি হোৱা খোৱা বস্ত

বন্ধুত্ব

 ১৯৮৯ চন। নাৰেংগী, গুৱাহাটী। পাহাৰৰ ওপৰৰ কণমানি টিঙৰ চালিৰ ঘৰটোত মামা, আৰু তিনিজনী মাহীৰ লগত মোৰ নতুন জীৱনৰ আৰম্ভনি। আগফালে নাক থকা চিটীবাছ বোৰত উঠিবলৈ পাই মনত কি যে আনন্দ। মা-দেউতাক গাঁৱত এৰি অহাৰ দুখবোৰ তেতিয়াও ভালদৰে বুজি নাপাওঁ। মামাই ওচৰৰে নাৰেঙ্গী হাইস্কুলত পঞ্চম শ্ৰেণীত নাম লিখাই দিলে। ওচৰ মানে পাহাৰৰ ওপৰৰ লুংলুঙীয়া পথটোৰে গলে ডেৰ কিলোমিটাৰ মান হ’ব। পাহাৰখন নামি হাইৱেৰে গলে চাৰি কিলোমিটাৰ মানেই হয়। প্ৰথম কেইদিন মামাৰ লগতেই স্কুললৈ গৈছিলোঁ যদিও পিছলৈ অকলে অহা যোৱা কৰিবলৈ ললো। স্কুলৰ পৰা আহি আবেলিৰ পৰা সন্ধিয়ালৈ ঘৰটোত অকলশৰে থাকোঁ। মামা আৰু মাহীকেইজনী অফিছলৈ যাই, আহি পাওঁতে প্ৰায় দেৰি হয়। মাহীহঁতে পুৱাতে বনাই থৈ যোৱা ভাতকেইটা খাই মামাৰ হাৰম’নিয়াম খন উলিয়াই লওঁ। কেতিয়াবা শুবলৈ চেষ্টা কৰোঁ। লাহে লাহে অকলশৰীয়া সময়খিনিত মা-দেউতালৈ মনত পৰা হ’ল। মামাই কিয়নো মোক মা-দেউতাৰ ওচৰৰ পৰা লৈ আহিছিল বুজি পোৱা নাছিলোঁ। ওচৰতে আন এটা টিঙৰ চালিৰ ঘৰ। আমাৰ ঘৰলৈ আহোঁতে সেইটোৰ চোঁতালেৰে আহিব লাগে, আমাৰ নিজাকৈ ৰাস্তাটো তেতিয়াও ওলোৱা নাছিল। সেই ঘৰটোত এজন ল'ৰা থাকে। বয়সত মামাতকৈ অলপ সৰু। এদিন মাম

ল'ৰালিৰ বন্ধুলৈ লিখা এখন চিঠিঃ

 ল'ৰালিৰ বন্ধুলৈ লিখা এখন চিঠিঃ ধ্ৰুৱ, বহুদিন হ'ল, তোৰ খবৰ লোৱা নাই। আশাকৰোঁ য'তেই আছ, কুশলে আছ। কিমান বছৰ যে হ'ল তোক লগ নোপোৱা, নহয়নে?  আজি কিয় জানো হঠাতে পুৰণি কথা কিছুমান মনলৈ আহিল। ফেচবুক চাৱ নহয়! চিঠিখন পঢ়িবিচোন। মনত আছেনে আমি কেতিয়া প্ৰথম লগ হৈছিলোঁ? তহঁতৰ স্কুললৈ হিৰু আৰু মই ক্লাছ এইটত ট্ৰান্সফাৰ লৈ গৈছিলোঁ, মনত পৰিছে?  দুয়োটাকে তহঁতে খুব সুন্দৰকৈ আদৰি লৈছিলি। অতি সোনকালেই ক্লাছৰ হুলস্থুলীয়া বেক বেঞ্চাৰ হৈ পৰিছিলোঁ - হিৰু, সমুজ্জ্বল, কুলদ্বীপ, ধ্ৰুৱ আৰু ৰোহিত, আমি পাঁচজন। গ্ৰুপটো গোটেই স্কুলখনত বিখ্যাত হৈ পৰিছিল। HSKDR সদাই একেলগে থাকে, একেলগে বহে, একেলগে টিফিন খাই, একেলগে গান গাই, একেলগেই ফুৰিবলৈ যাই।  আমিযে HSKDR চিহ্ন এটা বনাই ডিঙিত একোটাকৈ লকেট পিন্ধিছিলোঁ, কি কৰিলি? হেৰুৱালি নেকি? মোৰটো এতিয়াও আছে দেই। মনত পৰেনে লাষ্ট বেঞ্চৰ অনৰ্থক আলোচনাবোৰ? আমাৰ বিভিন্ন অবান্তৰ কল্পনাবোৰ?... হয়তো পাহৰি গলি। আমিযে হোৱাই নোহোৱাই এসোপামান গানৰ দৰে কিবাকিবি লিখিছিলোঁ, সুৰ কৰিছিলোঁ, মনত পৰে? দুখনমান তেনেকুৱা খামখেয়ালি চিন্তাৰ বহি মোৰ তাত আছিল, এতিয়া বিচাৰি পোৱা নাই।

হাচিকো .....এ ডগচ টেল

ব্যক্তিগত নায়কৰ বিষয়ে বিদ্যালয়ত প্ৰেজেণ্টেচন দিবলৈ কোৱাত, ৰনীয়ে নিজৰ ককাক আৰু তেওঁৰ কুকুৰ হাচিকোৰ কাহিনী কয়। ৰ'ড আইলেণ্ডৰ ওচৰৰ প্ৰভিডেন্স কলেজত সংগীতৰ অধ্যাপক পাৰকাৰ উইলচনে বেডৰিজৰ ষ্টেচন প্লেটফৰ্মত এটা হেৰুওৱা কুকুৰৰ পোৱালী পাই ৰাতিটোৰ বাবে ঘৰলৈ লৈ আহে। এটা জাপানী মঠৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ এৰোপ্লেনেৰে লৈ যোৱা পোৱালীটো এয়াৰপ'ৰ্টৰ পৰা হেৰাইছিল। পোৱালীটো কোনেও দাবী নকৰা বাবে প্ৰফেছাৰৰ লগতেই থাকি যাই, আৰু তেওঁৰ সৈতে সকলোতে একেলগে অহা-যোৱা কৰে। এগৰাকী জাপানী অধ্যাপক বন্ধু কেনে পাৰকাৰক কৈছিল যে কুকুৰটো অকিতা নামৰ এটা বিশেষ প্ৰজাতিৰ আৰু সিহঁতে নিজৰ গৰাকী নিজেই চিনাক্ত কৰে। পাৰকাৰে পোৱালিটোৰ নাম দিয়ে হাচি। হাচি, লাহে লাহে ডাঙৰ হয়। এদিন পুৱা হাচিয়ে ঘৰৰ বেষ্টনীৰ তলত খনন কৰি ষ্টেচনলৈ পাৰকাৰক অনুসৰণ কৰে। সি ঘৰলৈ ঘূৰি যাবলৈ অস্বীকাৰ কৰে৷ তাৰ লগত খেলি থাকোঁতে পাৰকাৰেও ৰেলখন মিছ কৰে। তেওঁ হাচিক ঘৈনিয়েক কেটৰ সৈতে এৰি পৰৱৰ্তী ৰেলখনেৰে কলেজলৈ যায়। সন্ধিয়া ষ্টেচনত, হাচিক তেওঁৰ বাবে অপেক্ষা কৰি থকা দেখি পাৰকাৰ আচৰিত হয়। অধিক আচৰিত হয় যেতিয়া জানিব পাৰে যে সি দিনটো অপেক্ষা কৰা নাই

বেলুন

 এগৰাকী অধ্যাপকে এদিন শ্ৰেণীকোঠাত প্ৰতিজন শিক্ষাৰ্থীক একোটাকৈ বেলুন হাতত দিলে। সকলোকে বেলুনবোৰ ফুলাই প্ৰতিটো বেলুনৰ ওপৰত তেওঁলোকৰ নাম লিখি কোঠাৰ বাহিৰৰ কৰিড'ৰটোত পেলাই দিবলৈ কোৱা হ'ল। মুহুৰ্ততে তাত বেলুনেৰে ভৰি পৰিল। তাৰ পিছত তেওঁ সকলো বেলুন মিহলি কৰি পেলালে আৰু শিক্ষাৰ্থীসকলক প্ৰত্যেকৰে নিজৰ নিজৰ নাম লিখা বেলুনটো বিছাৰিবলৈ ৫ মিনিট সময় দিলে। কিন্তু কোনেও তেওঁলোকৰ নিৰ্দিষ্ট বেলুনটো বিছাৰি নাপালে। তাৰপিছত, অধ্যাপকজনে শিক্ষাৰ্থীসকলক সম্মুখতে পোৱা যিকোনো এটা বেলুন ল'বলৈ ক'লে আৰু যাৰ নাম লিখা আছিল, তেওঁৰ হাতলৈ পাছ কৰি দিবলৈ ক'লে। তেনেদৰে কৰাৰ মাত্ৰ পা‌ঁচ মিনিটৰ ভিতৰত, সকলোৰে হাতত নিজৰ নিজৰ নাম লিখা বেলুনবোৰ আহি পৰিল। অধ্যাপকজনে শিক্ষাৰ্থীসকলক বুজালে: এই বেলুনবোৰ আমাৰ সুখৰ দৰে। যদি সকলোৱে নিজৰ সুখ বিছাৰো তেন্তে আমি হয়তো কেতিয়াও নাপাম। কিন্তু যদি আনৰ বিষয়ে চিন্তা কৰোঁ, আমি আমাৰো সুখ অতি সহজতে বিছাৰি পাম।

এইট_বিল'

 ১৯৯৩ চনৰ জানুৱাৰীত, নেচনেল চাইনছ ফাউণ্ডেচনৰ অধীনৰ অণ্টাৰ্কটিকা গৱেষণা কেন্দ্ৰৰ গাইড জেৰী শ্বেপাৰ্ডক বুধ গ্ৰহৰ পৰা আহি পৃথিৱীত চিটিকি পৰা এটা বিৰল উল্কাপিণ্ড বিচাৰিবলৈ ইউচিএলএ অধ্যাপক ড০ ডেভিছ মেকক্লাৰেনক মাউন্ট মেলবৰ্ণলৈ লৈ যাবলৈ কোৱা হয়। যিহেতু বৰফৰ মাজেৰে ৰাস্তাটো অতি দুৰ্বল, সেই বৰফৰ পৰ্বতৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে কুকুৰ স্লেজৰ দ্বাৰা যোৱা। শ্বেপাৰ্ড আৰু মেকক্লাৰেনে এখন স্লেজ তৈয়াৰ কৰি নিৰ্দিষ্ট ঠাইটুকুৰাৰ সন্ধানত যাত্ৰা কৰে, কিন্তু একেবাৰে ওচৰ পাওঁতে আহিবলগীয়া এজাক ভয়ংকৰ বৰফৰ ধুমুহাৰ বাবে দুয়োকে বেচ কেম্পলৈ ঘূৰি আহিবলৈ কোৱা হয়। দুয়ো উল্কাপিণ্ড টুকুৰা সংগ্ৰহ কৰি বেচ কেম্পলৈ ঘূৰি যাওঁতে, মেকক্লাৰেন স্লেজখনৰ পৰা পিছলি হিমশীতল পানীত পৰি যায়। বৰফৰ টুকুৰাত খুন্দিয়াই তেওঁৰ ভৰিও ভাঙিছিল। শ্বেপাৰ্ডে কুকুৰ কেইটাৰ সহযোগত ৰচীৰে যেনেতেনে মেকক্লাৰেনৰ জীৱনটো বচাবলৈ সক্ষম হয়। এই অপাৰেশ্যনৰ নেতৃত্বত আছিল জেৰীৰ মৰমৰ লিড ডগ, মায়া। কুকুৰকেইটাই হাইপোথাৰ্মিয়া, হিমবাইট আৰু সাংঘাটিক  হোৱাইটআউট পৰিস্থিতিৰ সৈতে যুঁজ কৰি যেনেতেনে আলহিক বেচ কেম্প পোৱাইহি। চৰকাৰে বৰফৰ ধুমুহাজাকৰ ভয়াবহতাৰ প্ৰতি লক্ষ

শিৰোনাম

ঘৰৰ সম্মুখতে দুৰ্ঘটনাটো, ল'ৰাজন হেনো ঠাইতেই ঢুকাল। বাতৰিকাকত বিলাই ফুৰা ল'ৰাজন নিজেই বাতৰি হৈ গ'ল। তেজেৰে ৰাঙলী দেহাটোলৈ এপাহী ফুল দলিয়াই চকুৰ কোণৰ দুটোপাল পানী মচি ললো- 'যা বোপাই, বাতৰি কাকতৰ শিৰোনামা হোৱা তোৰ সপোন আজি পূৰণ হ'ল।'

বান্ধোন

 ২০১২ চনত মুক্তিপ্ৰাপ্ত ছৱিখনত বিষ্ণু খাৰঘৰিয়া আৰু বীনা পাটঙ্গিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। জাহ্নু বৰুৱাদেৱে পৰিচালনা কৰা ছৱিখন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) কৰ্পোৰেচন লিমিটেডৰ দ্বাৰা প্ৰযোজিত। ছবিখন প্ৰথমতে ২৬ অক্টোবৰ ২০১২ তাৰিখে অসমত আৰু পিছলৈ ৫ জুলাই ২০১৩ তাৰিখে সমগ্ৰ ভাৰতৰ কেইটিমান নিৰ্বাচিত পিভিআৰ থিয়েটাৰত মুক্তি লাভ কৰে। এযোৰ বৃদ্ধ দম্পতীয়ে, ২৬/১১/২০০৮ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁলোকৰ সন্ধানহীন নাতিক বিছাৰি মুম্বাইত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ জীৱন সংগ্ৰামৰ ওপৰত নিৰ্মিত এই ছবিখন। ছবিখনে ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা লাভ কৰে আৰু ২০১২ চনৰ বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটালাভ কৰে। বেছিভাগ গুৱাহাটীত ছুটিং কৰা ছৱিখনৰ ক্লাইমেক্স মুম্বাইলৈ স্থানান্তৰিত হয়। ছৱিখনত মূলতঃ এহাল ৭৩ বছৰীয়া দম্পতীৰ কাহিনী  দেখুওৱা হৈছে -  দণ্ডেশ্বৰ (বিষ্ণু খাৰঘৰিয়া) আৰু হকাৱনি (বীনা পাটঙ্গিয়া), গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চল এটাত বাস কৰে। সৰু সৰু কথাতে অনবৰতে খুটুং খাটাং লাগি থকা

Born_free

 বৰ্ণ ফ্ৰী হৈছে ১৯৬৬ চনৰ এখন ব্ৰিটিছ চলচ্চিত্ৰ য'ত বাস্তৱ জীৱনৰ দম্পতী ভাৰ্জিনিয়া মেককেনা আৰু বিল ট্ৰাভাৰ্ছে জয় আৰু জৰ্জ এডামছনৰ চৰিত্ৰত অভিনয় কৰিছে। জয় আৰু জৰ্জ বাস্তৱিক চৰিত্ৰ যিয়ে এলছা নামৰ এটা অনাথ সিংহৰ পোৱালীক প্ৰাপ্তবয়স্ক অৱস্থালৈ ডাঙৰ-দীঘল কৰি শেষত তাইক কেনিয়াৰ অৰণ্যলৈ মুকলি কৰি দিয়ে।   ছবিখন অপেন ৰোড ফিল্মছ লিমিটেড আৰু কলম্বিয়া পিকচাৰ্ছে প্ৰযোজনা কৰে। জয় এডামছনৰ ১৯৬০ চনৰ অ-কল্পকাহিনী গ্ৰন্থ 'বৰ্ণ্ ফ্ৰী'ৰ আধাৰত হলীউডৰ লেখক লেষ্টাৰ কোলৰে চিত্ৰনাট্যখন লিখি উলিয়াইছিল। জেমছ হিলৰ দ্বাৰা পৰিচালিত ছবিখনৰ প্ৰযোজক আছিল চেম জাফ আৰু পল ৰেডিন। জন বেৰীৰ দ্বাৰা পৰিচালিত ছৱিখনৰ সংগীতে অস্কাৰকে আদি কৰি অসংখ্য পুৰস্কাৰ লাভ কৰে। ডন ব্লেক আৰু মেট মনৰোৱে ছৱিখনত গীত গাইছিল। কাহিনীটো থুলমূলকৈ এনেকুৱা: - কেনিয়াৰ উত্তৰ প্ৰান্তত এগৰাকী মহিলাক এটা সিংহই হত্যা কৰি খাই পেলায়। ব্ৰিটিছ জ্যেষ্ঠ বন্যপ্ৰাণী বিশেষজ্ঞ আৰু চিকাৰী, জৰ্জ এডামচন (বিল ট্ৰাভাৰ্ছ)ক সেই ভয়ংকৰ সিংহটোক পৰিয়ালৰ সৈতে হত্যা কৰিবলৈ পঠোৱা হয়। কিন্তু তেওঁ তিনিটা পোৱালিক মাৰিব নোৱাৰে, সিহঁতলৈ ভীষণ মৰম ওপজে। পিতৃ মাতৃহ

জব_উই_মেট

 এটা তেনেই সাধাৰণ যেন লগা প্ৰেম কাহিনী। আমি সাধাৰণতে প্ৰায় সকলো ছৱিতেই এনেকুৱা ঘটনা দেখিবলৈ পাওঁ। কিন্তু এইখন যেন কিবা অলপ বেলেগ। কি বেলেগ হয়তো মই বুজাব নোৱাৰিম, ছৱিখন চোৱাসকলে নিশ্চয় জানিব। হয়তো কাহিনীৰ ট্ৰিটমেণ্ট বা পৰিচালকৰ দক্ষতাই এইখনক আন যিকোনো লাভষ্টৰি মূলক ছৱিৰপৰা পৃথক কৰিছে। তাৰোপৰি অভিনেতা সকলৰ অনবদ্য অভিনয় আৰু প্ৰীতম চক্ৰবৰ্তীৰ মন পৰশা সংগীতৰ সংযোজন ছৱিখনৰ সফলতাৰ অন্যতম কাৰণ। ছৱিখন এতিয়ালৈকে প্ৰায় এশবাৰতকৈ বেছি সম্পূৰ্ণকৈ চাইছো আৰু আজিও আমনি নাপাওঁ। তাৰোপৰি টিভিটো অন কৰিলে যদি কোনোবাটো চেনেলত চলি থাকে তেন্তে আকৌ চাবলৈ বহাটো আছেই।  কাহিনীটো থুলমূলকৈ এনেকুৱা: - এটা ধনী উদ্যোগপতি পৰিয়ালৰ উত্তৰাধিকাৰী আদিত্য কাশ্যপ।  খং, দুখেৰে জৰ্জৰিত, হতাশাগ্ৰস্ত অৱস্থাত আত্মহত্যা কৰিম বুলি নিজৰ কোম্পানীৰ এখন গুৰুত্বপূৰ্ণ সভাৰ পৰা ওলাই গৈ লক্ষ্যহীনভাৱে ঘূৰি ফুৰে। হঠাতে তেওঁ এখন ৰেলত উঠি দিয়ে য'ত এগৰাকী অত্যাধিক ফুৰ্তিবাজ আৰু বাকপটু যুৱতী গীত ধিলনক লগ পায়।  গীতৰ কথা বাৰ্তাত আদিত্য বিৰক্ত হৈ পৰৱৰ্তী ষ্টেচনত ৰেলখনৰ পৰা নামি যায়। ইফালে গীতে ভাৱে যে আদিত্যই ৰেলখন যাবলৈ ওলোৱা কথাটো গম

বি_পজিটিভ_টেষ্ট_নেগেটিভ

 কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, আমাৰ ল'ৰাটোৰ কথাবাৰ্তাবোৰ বৰ নেগেটিভ। মানে কথাই কথাই খালি ভয় খুৱাই থাকে বা আন নভৱা নকবলগীয়া কথা কৈ দিয়ে। বয়স তাৰ ৮ বছৰ হৈছে যোৱা নৱেম্বৰত।  কেইদিনমান আগৰ কথা। সেইদিনা তাৰ দ্বিতীয় শ্ৰেণীৰ ৰিজাল্ট ওলাব। মাকে ভাত খুৱাই থাকোতে ( ভাত নিজ হাতেৰে এতিয়াও নাখায়) কৈ আছে - মাক: তুমি যদি তেলূগুত জিৰ' পোৱা, কি হ'ব বাৰু?  পুত্ৰ: ওঁ.... কিজানি পাম জিৰ'। মাক: হয় নে? যদি পোৱা, আমি শেষ। কিমান যে লাজ পাম! পুত্ৰ: অ মা! মই জিৰ' পালে কি যে মজ্জা পাই যাব মেমে।  মাক: অই পোৱালি, জিৰ' পোৱাটো ভাল কথা বুলি ভাবিছ নেকি যে তোৰ মেমে মজ্জা পাব? উলিয়াই দিব বাপ্পেকে স্কুলৰ পৰা, গম পাবি। পুত্ৰ: জানো মা। কিন্তু উলিয়াই নিদিলেও ক্লাছ থ্ৰীত মই এদিনেই যাম। তাৰপিছত স্কুল কুইট্ কৰিম। এক্সুৱেলি এদিন নহয়, দুদিন যাম। মাক: হয়নে বোপাই? স্কুল এৰিলে কি কৰি খাবি? ল'ৰাৰ চকুত দুষ্টালি ভৰা হাহি। যি কি নহওঁক, ৰিজাল্ট বেয়া নহ'ল যেনিবা। পিছে সি কোৱাৰ দৰেই সঁচাকৈয়ে দুদিন পঠিয়াই আৰু পঠিওৱা নহ'ল। পৰিস্থিতিৰ বাবে মনটোৱে নকলে স্কুলত পঠিয়াবলৈ।  আন এদিনৰ কথা। তিনিওটা ভ

COVAXIN_আৰু_COVISHIELD

: কভিশ্বিল্ড আৰু কভাক্সিনৰ মাজৰ পাৰ্থক্য বুজো আহক কোভিড-১৯ৰ দ্বিতীয় ঢৌয়ে ভাৰতক ধুমুহাৰ দ্বৰে কোবাই গৈছে। ইয়াক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে অহা ১ মে, ২০২১-ৰ পৰা সকলো প্ৰাপ্তবয়স্কৰ বাবে টিকাকৰণ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসন সাজু হৈছে।  মূল প্ৰশ্নটো হৈছে "টিকাকৰণ কৰিব নে নাই আৰু যদি কৰে, তেন্তে কৰোনাভাইৰাছৰ চিকিৎসাৰ বাবে কোনটো ভেকছিন ল'ব?" বৰ্তমান ভাৰতত দুবিধ ভেকচিন উপলব্ধ। কভিশ্বিল্ড আৰু কভাক্সিন। : COVAXIN কভাক্সিনে (বিবিভি152) নিষ্ক্ৰিয় ভাইৰাছ পদ্ধতি ব্যৱহাৰ কৰে। যেতিয়া কাৰোবাক কভাক্সিন শ্বট এটা দিয়া হয়, তেওঁলোকক প্ৰকৃত এছএআৰএছ-চিঅ'ভি-2 ভাইৰাছ কণাৰ বেজী দিয়া হয়। সহজ ভাষাত কবলৈ গ'লে এটা নিষ্ক্ৰিয় কৰোনা ভাইৰাছৰ এজেণ্ট সুমুৱাই দিয়া হয় শৰীৰত। এই নিষ্ক্ৰিয় ভাইৰাছৰ ফলত আপোনাৰ শৰীৰত কোনো সংক্ৰমণ নহয়, ই শক্তিহীন। অৱশ্যে, ই এটা অতি গুৰুত্বপূৰ্ণ কাম কৰিব, ই আপোনাৰ শৰীৰক এছএআৰএছ-চিঅ'ভি-2 নিৰ্দিষ্ট এণ্টিবডী তৈয়াৰ কৰাত সহায় কৰিব। কভাক্সিনে কৰোনা ভাইৰাছৰ ওপৰত কেনেদৰে কাম কৰে? নিষ্ক্ৰিয় এজেণ্টৰ প্ৰণালীটো বুজিবলৈ অতি সহজ। যেতিয়া কোভাক্সিন প্ৰয়োগ কৰা হয়, টি-কোষ আৰু

C for কৰোনা

 এই কোভিড-১৯ যুগত কোনেও আশা কৰা নাছিল যে ইংৰাজী "চি" বৰ্ণমালাই আন যিকোনো বৰ্ণমালাৰ তুলনাত সম্পূৰ্ণৰূপে অপ্রতিৰোধ্য ভূমিকা পালন কৰিব... তলত, "চি" বৰ্ণমালাই অনা পৰিৱৰ্তনৰ সাগৰখন চাওঁ আহক! Cough Cold Corona virus Covid-19 Case Confirmed Confinement   Contamination  Containment Curfew এই সময়চোৱাৰ দুটা আটাইতকৈ গুৰুতৰ "চি" হৈছে: Cemetery Cremation   বেমাৰটোৰ সাম্ভাব্য প্ৰতিকাৰমূলক ঔষধকেইটো হৈছে Covaxin,   Covishield Chloroquine  আদি। আটাইতকৈ লেতেৰা সত্যটো হ'ল, কোভিড আৰম্ভ হোৱা দেশখন: China   (ইয়াতো 'চি')। এই দুৰ্যোগৰ সময়তেই, আমাৰ জীৱনত আগতে কেতিয়াও গুৰুত্ব নিদিয়া কেইটামান শব্দৰ মহত্ব বুজিবলৈ আৰম্ভ কৰিলোঁ। যেনে - Cleanliness Courage Compliance to the expert advice Contention to overcome the crisis Clarity of thought Co-operation with the fellow beings Caring for the needy চাওঁক.......সকলোতে 'চি' ! এতিয়া আমি সকলোৱে অপেক্ষা কৰিছোঁ... Clearance ৰ বাবে।  সোনকালেই এই ব্যাধি আমাৰ মাজৰপৰা আতঁৰি যাওঁক। আহক আমি সকলোৱে আশাবাদী হওঁ। সোনকালেই এই ক&#

জীৱন বৰ অনুপম

#জীৱন_বৰ_অনুপম (১) চকুৰ সম্মুখতে নিজৰ ঘৰটো তাচ পাতৰ দৰে খহি পৰা দেখি স্নেহাম্মাই চিঞৰিবলৈও পাহৰি গ’ল৷ ভাঙি পৰা জুপুৰিটোলৈ চাই মূৰে কঁপালে হাত থৈ মানুহজনী চোতালৰ মাজতে পৰি নোযোৱাকৈ কেনেবাকৈ বহিল৷ চোতালখন তেতিয়াও সাগৰৰ ঢৌৰ দৰে কঁপি আছিল৷ মাটিখিনি এবাৰ ওপৰলৈ উঠি আহি আকৌ তললৈ নামি যোৱা দৃশ্যটোৱে তেওঁৰ সৰ্বশৰীৰ কঁপাই তুলিলে৷ ঠায়ে ঠায়ে মাটিত ফাট মেলি পানী ওলাই আহিছিল৷ মুহূৰ্ত্ততে পুৱাৰ আকাশখন ক’লা, ঘন মেঘে আৱৰি ধৰিলে৷ ওপৰত বিজুলী ঢেৰেকনীৰ জোৰ দেখি স্নেহাম্মাৰ বৰ ভয় হ’ল৷ মানুহগৰাকীৰ চিন্তাৰ কাৰণ, একমাত্ৰ পুত্ৰ - ভেল্গা ৰাজন৷  এই বিপদৰ সময়ত সি ওচৰত থকা হ’লে! কঁপি কঁপি এটা সময়ত সকলো শান্ত হ’ল৷ ভূমিকম্পটোৱে সিহঁত থকা জুপুৰিটো সম্পূৰ্ণকৈ ভাঙি পেলালে৷ ভিতৰৰ সকলো বয় বস্তু ধ্বংস হ’ল৷ টকৌ পাতেৰে বনোৱা চালিখন পৰি গোটেইখন হেছি ধৰিছিল৷ ভাগ্য ভাল যে সেই সময়ত প্ৰাতঃকৰ্মৰ বাবে তেওঁ বাহিৰত আছিল৷  কাষতে কোনোবা এঘৰৰ পৰা কন্দা কটাৰ শব্দ ভাঁহি আহিছে৷ ওচৰে পাজৰে কাৰ কি ক্ষতি হৈছে একো উমান কৰিব নোৱাৰি৷ চিঞৰ-বাখৰবোৰ লহে লাহে চাৰিওফালৰ পৰা আহিবলৈ ধৰিলে। এটা হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ’ল৷ স্নেহাম্মাই বুজিলে - এইটো

দাগ

এহাল ল’ৰা ছোৱালীয়ে ইজনে সিজনক বহুত ভাল পাইছিল। কিন্তু ছোৱালীজনীৰ দেউতাকে সিহঁতৰ প্রেমক কোনোপধ্যেই গ্রহন নকৰে। দুৰন্ত প্রেমিক যুগলে এদিন পলাই যোৱাৰ কথা ভাবিলে। কথা মতেই কাম। দুয়ো মন্দিৰত বিয়া পাতি বেলেগকৈ থকাটো ঠিৰাং কৰিলে। কিন্তু ভাগ্যৰ বিড়ম্বনা! ছোৱালীজনীৰ দেউতাকে গম পালে কথাটো। সিহঁতে মন্দিৰলৈ গৈ থাকোতেই ল’ৰাটোক পিছফালৰ পৰা গাড়ী এখনে খুন্দিয়াই ওফৰাই দিলে। তেজেৰে ৰাঙলী হৈ সি আহি ছোৱালিজনীৰ গাৰ ওপৰতে পৰি গ’ল। হাতত খকা সেন্দুৰখিনি তাইৰ শুভ্র চুৰিদাৰত ছিটিকি পৰিল। তেজ আৰু সেন্দুৰে ৰাঙলী হৈ পৰিল তাই। সি নাবাচিল। ছোৱালীজনীক দেউতাকে টানি গাড়ীত উঠাই লৈ গুছি গ’ল। . চকুপানীয়ে বাট নেদেখা হল তাই। খাবলৈ, শুবলৈ এৰি দিলে। কিন্তু কোনে বুজিব তাইৰ দুখ। এদিনাখন ৰাতি তাই সপোনত এজনী বুঢ়ী মানুহ দেখিলে৷ তেওঁ কৈছিল - : "তোমাৰ চুৰিদাৰৰ তেজ আৰু সেন্দুৰৰ দাগ সোনকালে মচি পেলোৱা; নহলে অথন্তৰ হব"৷  দুখত থকা বেচেৰীয়ে ইমান গুৰুত্ব নিদিলে সপোনটোত। কিন্তু পিছদিনা আকৌ একেটা সপোন। এইবাৰ তাই অলপ ভয় খাই চুৰিদাৰযোৰ ধুলেগৈ। কিন্তু ভালদৰে দাগবোৰ নগ’ল। সেইদিনা ৰাতি তাই একেটা সপোন আকৌ দেখিলে। এইবাৰ বুঢ়ীগৰ

সৰস্বতী_পূজাৰ_কেইটামান_স্নেপছট্

(কোনেও যেন গাত পাতি নলয়, কেৱল মনোৰঞ্জনৰ বাবেহে লিখা হৈছে) চেনেলৰ গাড়ীখন লেহেমীয়া গতিৰে কলেজৰ চৌহদলৈ প্ৰবেশ কৰিছে। হাতত মাইকটো লৈ ধুনীয়াকৈ সাজি কাচি ছোৱালী এগৰাকী নামি আহিছে। লগত এজন ল'ৰা, তেওঁৰ হাতত এটা কেমেৰা। দুয়ো কিছুসময় কেমেৰা, মাইকৰ তাঁৰবোৰ বিভিন্ন সঁজুলিৰ লগত সংযোগ কৰি পূজা মণ্ডপৰ দিশে আগবাঢ়ি গৈছে। গাড়ীখন দেখি ছোৱালীজাকৰ মাজত ইতিমধ্যে গুণগুণ গানগান আৰম্ভ হৈছিল। ল'ৰা ছোৱালী দুজন সেইফালেই আগুৱাই অহা দেখি সকলো সন্ত্ৰষ্ট হৈ পৰিল। শাৰী, চাদৰ-মেখেলাবোৰ ঠিক কৰি সকলোৱে দৌৰা-দৌৰিকৈ হাতৰ মোবাইলৰ ফ্ৰণ্ট কেমেৰা অন কৰি নিজৰ অবয়বকেইটা চাই ল'লে।  কেইজনীমানে কাণৰ ওপৰেৰে পৰি থকা ষ্ট্ৰেইট কৰি লোৱা চুলি কেইডালমান তৰ্জনী আঙুলিৰে কাণৰ পিছলৈ ঠেলি পঠিয়ালে। কেইজনীমানে দুয়োটা ওঠ ইটোৰে সিটো চেপি ধৰি ৰংখিনি সমান্তৰালকৈ মিলাই ল'লে। দুই মিনিটমানৰ ভিতৰতে নিজকে কেমেৰাৰ বাবে সাজু কৰাৰ যুঁজত কাৰ ভৰিৰ হিলে কাৰ ভৰি ফুটাই তেজ উলিয়ালে কাৰো ভ্ৰূক্ষেপ নাই। বৰ্তমান সেইবোৰ থাকক, কেমেৰা ভৰিলৈ নোপোনাই নহয়। আমাৰ চেনেলৰ বাইদেউ জুমটোৰ ওচৰলৈ আগবাঢ়ি গ'ল। মুখত এটা মিচিকিয়া হাঁহি। কেমেৰা পাৰছন