বি_পজিটিভ_টেষ্ট_নেগেটিভ

 কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, আমাৰ ল'ৰাটোৰ কথাবাৰ্তাবোৰ বৰ নেগেটিভ। মানে কথাই কথাই খালি ভয় খুৱাই থাকে বা আন নভৱা নকবলগীয়া কথা কৈ দিয়ে। বয়স তাৰ ৮ বছৰ হৈছে যোৱা নৱেম্বৰত। 


কেইদিনমান আগৰ কথা। সেইদিনা তাৰ দ্বিতীয় শ্ৰেণীৰ ৰিজাল্ট ওলাব। মাকে ভাত খুৱাই থাকোতে ( ভাত নিজ হাতেৰে এতিয়াও নাখায়) কৈ আছে -


মাক: তুমি যদি তেলূগুত জিৰ' পোৱা, কি হ'ব বাৰু? 

পুত্ৰ: ওঁ.... কিজানি পাম জিৰ'।

মাক: হয় নে? যদি পোৱা, আমি শেষ। কিমান যে লাজ পাম!

পুত্ৰ: অ মা! মই জিৰ' পালে কি যে মজ্জা পাই যাব মেমে। 

মাক: অই পোৱালি, জিৰ' পোৱাটো ভাল কথা বুলি ভাবিছ নেকি যে তোৰ মেমে মজ্জা পাব? উলিয়াই দিব বাপ্পেকে স্কুলৰ পৰা, গম পাবি।

পুত্ৰ: জানো মা। কিন্তু উলিয়াই নিদিলেও ক্লাছ থ্ৰীত মই এদিনেই যাম। তাৰপিছত স্কুল কুইট্ কৰিম। এক্সুৱেলি এদিন নহয়, দুদিন যাম।

মাক: হয়নে বোপাই? স্কুল এৰিলে কি কৰি খাবি?


ল'ৰাৰ চকুত দুষ্টালি ভৰা হাহি। যি কি নহওঁক, ৰিজাল্ট বেয়া নহ'ল যেনিবা। পিছে সি কোৱাৰ দৰেই সঁচাকৈয়ে দুদিন পঠিয়াই আৰু পঠিওৱা নহ'ল। পৰিস্থিতিৰ বাবে মনটোৱে নকলে স্কুলত পঠিয়াবলৈ। 


আন এদিনৰ কথা। তিনিওটা ভাত খাই বিছনাত বাগৰিছোঁ। ল'ৰাই মঙ্গলযান, ফেল্কন হেভী, স্পেছ এক্স, এল্যন মাস্ক আদি বিভিন্ন কথাত ব্যস্ত। 

ৰাতিপুৱা খোৱা লোৱা কৰোঁতে দেৰি হোৱা বাবেই হয়তো গেছ হৈ, বুকুখন বিষাই আছিল। মাকক কথাটো কলোঁ। সিফালৰ পৰা ল'ৰাৰ টপৰাই উত্তৰ -


: তিতা! তোমাৰ বুকুত বিষ? তোমাৰ কিজানি কেন্সাৰ হৈছে।


ল'ৰাৰ কথাত মই নিৰ্বাক। সিফালে মাকৰ চিঞৰ - 


: ঐ পোৱালি, মনে মনে থাকিবিনে?


মাস্কখন পিন্ধি গাড়ী চলাবলৈ অসুবিধা পাওঁ কিয়নো নিশাহ এৰিলেই চচমাযোৰ বেয়াকৈ ঘামি সম্মুখলৈ দেখোতে অলপ দিকদাৰ হয়। সেয়ে মাস্কখন অলপ নমাই লওঁ; প্ৰয়োজন হ'লেই আকৌ ওপৰলৈ উঠাই লোৱা যায়। 

পুলিচৰ পৰা ফাইনো ভৰিছোঁ সেইবাবে।

তাৰ বিৰাট খং। 

মাস্কৰ ক্ষেত্ৰত সাংঘাটিক পজিটিভ সি। সেইখন পাৰিলে ঘৰৰ ভিতৰতো লগাই থাকিব। 

ভাল কথা, চৰকাৰেও নিৰ্দেশ দিছে ঘৰতো মাস্ক লগাই থাকিবলৈ। কিয়নো বতাহত বিয়পিব লৈছে হেনো ভাইৰাছবিধ।

বতৰ যঠেষ্ট গৰম হোৱা বাবে শৰীৰটো সিমান ভাল নহয়। চাৰিদিন মান আগত হঠাতে মোৰ কাহ উঠিল। লগে লগে ল'ৰাৰ সকিয়নি - 


: তিতা, তোমাৰ কৰোনা হৈছে। 

: হয়নে! আই ঔ, ই নহ'লেও মোৰ হোৱাই হে এৰিব!


আজি গাটো বৰ বিষাই আছিল। মানুহজনীৰ আগত কথাটো কওঁতে আমাৰ মহাপুৰুষে শুনিলে। আমি দুয়ো কিবা কথা ক'লে তাৰ কাণদুখন অনবৰতে সষ্টম, এনেই পঢ়া শুনাৰ কথা শুনিও নুশুনাৰ ভাও ধৰে। 

সি জানে দুদিনমানৰ পৰা মোৰ বাওঁ ভৰিখনৰ বিষ। 


: তিতা। তুমি ক্লিয়াৰলি কোৱা, ভৰিৰ বিষ নে গাৰ বিষ!

: আজি গোটেই গাটোৱেই বিষাইছে অ' সোণ। 

: অ'হ! তুমি তাৰমানে ডেড্ হৈ যাবা তিতা।


হে হৰি। ই মোক মাৰিহে এৰিব। পিছলৈ যেনিবা দুখ কৰিলে মোৰ গাটো বেয়া বুলি বুজিব পাৰি।

যি কি নহওঁক। নেগেটিভিটিয়েই এতিয়া ভাল। 'পজিটিভ' শব্দটোলৈকে আজিকালি ভয় লগা হ'ল।


সকলো কূশলে থাকক, সাৱধানে থাকক।


গা বেয়া হ'লে টেষ্ট কৰাই চাওঁক। আপুনি নজনাকৈয়ে হয়তো আক্ৰান্ত হৈ থাকিব পাৰে। পৰিয়ালৰ আন সদস্যসকলক বিপদৰ মাজলৈ আগবঢ়াই নিদিব।


Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ