Posts

Showing posts from September, 2021

চৈধ্যটা চকা এঘাৰটা মন আৰু এটা সপোন

চকা বুলিলেই হয়তো মনলৈ আহিব এখন গাড়ী বা ভ্ৰমণৰ কথা। আহক আজি আপোনালোকক এটা ভ্ৰমণ কাহিনী কওঁ৷ কিন্তু এইটো অকল ভ্ৰমণ কাহিনী বুলি ক’লে হয়তো ভুল হ’ব৷ দীৰ্ঘদিনীয়া সপোন এটাই বাস্তৱ ৰূপ পোৱাৰ দুই চাৰিটা কথাহে‌ কবলৈ চেষ্টা কৰিছো।  ভ্ৰমণ মোৰ চিৰদিনীয়া আবেগ। দুটা চকাৰ ওপৰত পৃথিৱীখন ঘূৰি ফুৰাৰ আৱেগটো কেনেকৈ জানো এক দুৰন্তৰ হেঁপাহ হৈ পৰিছিল, গমেই নাপালো৷ মালয়ালম ছবি ‘নীলাকাশম পাঁচকডাল সুৱন্না ভূমি” খন চাই সেই হেঁপাহটো গৈ সাংঘাতিক জেদলৈ পৰিণত হ’ল।  ”নীলাকাশম পাঁচকডাল সুৱন্না ভূমি” - যাৰ অৰ্থ হৈছে ‘নীলা আকাশ, সেউজীয়া সমুদ্ৰ আৰু ৰঙা পৃথিৱী’।  দুজন ল’ৰাই মটৰ চাইকেলেৰে প্ৰেয়সীৰ সন্ধানত ওলাই সুদীৰ্ঘ যাত্ৰাপথৰ বিভিন্ন বাধা বিঘিনি নেওচি কেৰেলাৰ পৰা তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, পশ্চিমবংগ আৰু অসমৰ মাজেৰে আহি শেষত নাগালেণ্ডত প্ৰেয়সীৰ সৈতে মিলিত হোৱাৰ কাহিনী এটা ছবিখনত দেখুওৱা হৈছে। বিভিন্ন নাটকীয় ঘটনাৰ অন্তত নায়ক নায়িকাই অৰুণাচল প্ৰদেশৰ টাৱাং জিলা অভিমুখে ৰাওনা হোৱা দৃশ্যাংশৰে ছবিখন শেষ হয়। যাত্ৰাপথত দুয়োজন নায়কে সম্মুখিন হোৱা বিভিন্ন ঘটনাৱলী, চৰিত্ৰাদিৰ আটকধুনীয়া আৰু মনোগ্ৰাহী উপস্থাপনেৰে এইখন

বৰষা যেতিয়া নামে.....

দুপৰীয়া ডেৰমান বাজিছে। বাহিৰত প্ৰখৰ ৰ'দ। আনদিনাৰ দৰে আজিও সি অফিচৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিল৷ উদ্দেশ্য, স্মিতাক লগ কৰা। : ছেঃ আজিও দেৰি হ'ল। পাঁচ মিনিটৰ বাট যদিও এইটো সময়ত যান-জঁটৰ বাবে পঁচিছ মিনিটমান লাগে। তাই প্ৰায়েই ৰৈ থাকিবলগীয়া হয়। কিবা এটা খোৱাৰ অজুহাত লৈ দুয়ো স্মিতাৰ অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত একেলগে অলপ সময় বহে। স্মিতাৰ মানসিক অৱস্থাটোৰ কথা ভাবি অন্যমনষ্ক হৈ থকা সিদ্ধাৰ্থৰ কাষেৰে কাৰ এখন সাউৎকৈ পাৰহৈ ঠিক তাৰ আগতে ৰৈ গ'ল। যেনে তেনে ব্ৰেকডাল টানিহে সি খুন্দা নলগাকৈ বাইকখন ৰখালে। মুখেৰে বেয়াকৈ ওলাই আহিছিল তাৰ যদিও নিজকে সংযত কৰি মনৰ ভিতৰতে ভোৰভোৰাই কিবা কৈ থ'লে। এনেকুৱা পৰিস্থিতিত স্মিতাৰ মুখখন মনলৈ আহে৷ এদিন তাই বুজাইছিল - : বাটত এইবোৰ সাধাৰণ কথা৷ লাইটতো সেউজীয়া হ'লেই সকলো সামান্য হৈ পৰিব। ইহঁতৰ লগত কোনোবাই লাগি লয় নেকি? হালধীয়া নাম্বাৰপ্লেটৰ গাড়ীবোৰৰ পৰা আঁতৰি থকাই মঙ্গল। বৰ উৎপাত, গোটেই ৰাস্তাটো যেন সিহঁতৰ নিজৰ সম্পত্তি। কেতিয়াবা 'বাপেৰৰ ৰাস্তা নেকি অ' বুলি চিঞৰি দিব মন যায়; পিছে আজিকালি সি নিজকে দমাই ৰাখিবলৈ শিকিছে। : বৰ আমনিদায়ক দাদা, ত

জোনবাইৰ দেশলৈ

সোণাপুৰ। ২০০৮! ডুমুনীচকিৰ পৰা ৮ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত গাঁওখন। ভুটানৰ পৰা বৈ অহা আন দুখন পাহাৰীয়া নৈ বৰনদীত লগ হোৱা অংশটো অলপ পশ্চিমে৷ তিনিখন নৈ একেলগ হোৱা বাবে বহুতেই ঠাইখনক তিনিসুঁতিমুখ বুলিও কয়৷  একমাত্ৰ বাছ আস্থানৰ পৰা চাৰি কিলোমিটাৰ আগুৱাই গ ' লে আঘোণাৰ ঘৰ। আচলতে ঘৰ বুলিবলৈ বাঁহৰ চাৰিবেৰৰ ওপৰত খেৰৰ চালিদুখনেৰে তেনেই সাধাৰণভাৱে বান্ধি থোৱা আকৃতি এটা। বৰনদীৰ পানীয়ে বাৰে বাৰে ভাঙি পেলোৱা পঁজাটোত পত্নী আৰু দুই সন্তানৰ সৈতে আঘোণাৰ সৰু পৰিয়ালটোৱে যেনেতেনে দিনবোৰ অতিবাহিত কৰি আছিল। সম্পত্তি বুলিবলৈ ঘৰৰ সম্মুখতে মাটি অলপ। তাতে বিভিন্ন শাক-পাচলিৰ খেতি কৰি পৰিয়ালটো যেনে তেনে চলে। ' পোনা ' আৰু ' কণ ' দুয়ো পঢ়াত ভাল৷ কিন্তু আৰ্থিক অৱস্থাটোৰ বাবে দুয়ো নিজেই স্কুললৈ যোৱা বাদ দিলে। কিন্তু সিহঁতৰ সেই অৱস্থা সদায় একে হৈ নাথাকিল৷ সকলোৰে সময় সলনি হ’বলৈ মাথোঁ একোটা সুযোগৰ প্ৰয়োজন৷ অঘোণাৰ জীৱনলৈও সুযোগ আহিল৷  এদিন বন্ধু এজনৰ কথামতে আঘোণাই বিভিন্ন শাক-পাচলি , ফল-মূল আদিৰ বীজ আনি খেতি আৰম্ভ কৰিলে। আগতকৈ অলপ বেলেগে ভাবি এইবাৰ বিজ্ঞানসন্মত ভাৱে বীজবোৰ অলপ পৃথকে তৈ