Posts

Showing posts from December, 2021

টু নয়না উইথ লাভ

: চুমু, তোক বিচাৰি ল’ৰা এজন আহিছে অ’৷ : কোন হয় মামা? : নাজানোঁ! ড্ৰয়িং ৰুমতে বহিছে, যাচোন৷ : ঠিক আছে৷ চুমু আগুৱাই গ’ল সিটো কোঠালৈ৷ সম্মুখত পছিশ ছাব্বিশ বছৰীয়া লʼৰা এজন৷ নমস্কাৰ জনাই চুমুৱে প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল তেওঁলৈ৷ চিনি পোৱা নাই সি৷ চকুলৈ চাই ল’ৰাজনেও বুজি উঠিল তাৰ উৎসুকতাৰ কথা৷ আথেবেথে মাত লগালে মানুহজনে - : তুমিয়েই নেকি চ......... : হয়, মইয়েই৷ কিন্তু আপোনাক চিনি পোৱা নাই..! : তোমাৰ স্কুললৈ গৈছিলোঁ, তেওঁলোকেই পঠিয়াইছে মোক৷ বুকুখন কঁপি উঠিল চুমুৰ৷ স্কুলৰ পৰা? কিয়? কি কৰিলে সি? এনেদৰে আগতে কেতিয়াও কাকো পঠিওৱা নাই ! তেন্তে আজি কিবা হ’ল? ক্লাচত কিবা দুষ্টালি কৰিছিলে নেকি মনত পেলাবলৈ চেষ্টা কৰিলে সি৷ তাৰ চিন্তাত যঁটি পেলাই মানুহজনে নিজেই মাত লগালে - : চিন্তা কৰিব নালাগে৷ মই সহায় এটা বিচাৰিহে আহিছোঁ তোমাৰ ওচৰলৈ৷ : মই? কিন্তু মই কেনেদৰে সহায় কৰিম আপোনাক? চুমুৱে বুজা নাছিল কথাবোৰ৷ তেনেই সৰু ল’ৰা সি৷ নিজতকৈ ইমান ডাঙৰ মানুহজনক কেনেদৰে সহায় কৰিব, তাকেই ভাবি থাকিল৷ : তুমি ক্লাচ নাইনত পঢ়া, নহয়নে? : হয়৷ : অহাবাৰলৈ মেট্ৰিক দিবা? : হয়৷ চুমুৰ উশাহবোৰ চুটি হৈ আহিল৷ মেট্ৰিকৰ নাম শুনিলেই তাৰ বুক