Posts

Showing posts from January, 2024

নেপচুনলৈ

নেপচুন ভৱনৰ পৰা ইন্টাৰপ্লেনেট ভিছাখন লৈ দৌৰা-দৌৰি ঘৰ পালোঁহি। খবৰটো মানুহজনীক সোনকালে জনাব লাগে। বৰ আগ্ৰহেৰে ৰৈ আছে তেওঁ! : অ’ ৰা শুনিছানে? টিকট পালোঁ হে। : হয় নেকি? মানে এইবাৰ যাব পাৰিম? ন ? : পাৰিম পাৰিম, টালি-টোপোলা বান্ধাহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰদিন পিছতে আমাৰ যোৱাৰ দিন পৰিছে। : ইয়ে হয়? ব’লা ব’লা লাগি যাওঁ! তিনিবছৰৰ পৰা দুয়ো নেপচুনলৈ যোৱাৰ চেষ্টা কৰি আছোঁ। নেপচুনত লগৰবোৰে ইতিমধ্যে মাটি-বাৰি কিনিলেগৈ হেনো! আমাৰহে 'ইন্টাৰপ্লেনেট ভিছা'খন হোৱা নাছিল। ভাষাটোৱেই শিকিব পৰা নাছিলোঁ। গৈ পোৱাৰ পিছত লাহে ধীৰে এডজাষ্ট হৈ যাব যদিও ভিছা-ইণ্টাৰভিউৰ সময়ত সিহঁতৰ ভাষাটো নাজানিলে অসুবিধা। Inter Planet Visa অফিচটোত ঘৰিয়াল আকৃতিৰ প্ৰাণী দুটামান চুট-টাই মাৰি বহি থাকে। সিহঁতৰ মূৰটো ঘৰিয়াল, তলৰ খণ্ড মানুহ। তাৰে এটাই ইন্টাৰভিউ লয়। তাৰ সম্মুখত সিহঁতৰ ভাষাটো কব নোৱাৰিলে পাৰমিটখন নিদিয়ে। আগতে দুবাৰো ফেইল মাৰিছোঁ। ইন্টাৰভিউ স্বামী-স্ত্ৰী দুয়োৰে ভিতৰত যিকোনো এজনে দিলেই হ’ল। এইবাৰো ফেল মাৰিলে তিনিমাহ পিছত মানুহজনীক ভালদৰে ভাষাটো শিকাই পঠিয়াম বুলি ভাবি আছিলোঁ। ইতিমধ্যে তেওঁ '৩০ দিনত নেপ