Posts

Showing posts from July, 2021

য়া আলী ৰহম

  ফোনৰ স্ক্ৰীনত তিনিটা মিচকলৰ নোটিফিকেচন৷ ফোনটো আনলক্ কৰি ডায়েল লিষ্টখন উলিয়াব লওতে পুনৰ একেটা নম্বৰৰ পৰা কল৷ স্ক্ৰীনত ফ্লাছ কৰি আছে চিনাকি নামটো৷ আচৰিত হ’লো , বহুদিনৰ মূৰত! উঠোৱাৰ লগে লগে সিফালৰ পৰা সি চিঞৰি উঠিল - : মই কৈছো। ইমানকৈ ফোন কৰো নুঠাৱ কিয় ? ডাঙৰ কাম এটা আছে! মাৰ্ছৰ ২৫ তাৰিখে গুৱাহাটীলৈ আহ। : মানে ? এনেদৰে হঠাতে কেনেকৈ যাম ? : সেইবোৰ নাজানো৷ তোৰ মোবাইলত টিকট পঠিয়াই আছে গৰিমাই। একো কথাই নুশুনো আৰু। কাট খাই গ’ল ফোনটো৷ তেনেকুৱাই কৰে সি৷ হয়! সেয়া জুবিন! সাংঘাটিক মেজাজী , সকলোৰে মৰমৰ জুবিন গাৰ্গ৷ এনেদৰে মাজে মাজে ফোন কৰি দম দি থাকে। তাৰ মতেই কৰিবলগীয়া হয় সকলো। সময়ত মোৰ একো কথাই শুনিবলৈ অপ্ৰস্তুত। বয়সত প্ৰায় দহবছৰৰ পাৰ্থক্য যদিও আমি ভাল বন্ধু। চানমাৰী ফ্লাইঅভাৰৰ তলত বুলেটখন বেঁকাকৈ পাৰ্ক কৰি চাওমিন খাই থাকোঁতে এদিন গালি দিছিলো৷ প্ৰথমতে অলপ কাজিয়া পেছাল আৰু পিছলৈ বন্ধুত্ব। তেতিয়া সি বি. বৰুৱাত আৰু মই কমাৰ্চত! সেয়াই আৰম্ভণি। দাগ , নায়ক , কন্যাদান , বাৰুদকে আদি কৰি তাৰ বহুকেইখন ছবিৰ সংগীতৰ কামত সহায় কৰি দিছো। তাৰ গীতবোৰৰ ইন্সট্ৰমেন্টেলখিনি সাধাৰণতে

আইতা

সিদিনা গৈছিলো আইতাক চাবলৈ , তেওঁ এতিয়া বিছনাত। হয়তো বেছিদিন নাথাকিব মৰমৰ আইতা। শাৰীৰিক ৰোগ তেনেকৈ নাই , মানসিক ৰোগত ভাগি পৰা এগৰাকী একানব্বৈ বছৰীয়া বৃদ্ধা। মামাৰ ল’ৰাজনে ধৰি মেলি বিছনাত বহুৱাই দিলে। সৰু সৰু মিঠাইৰ টুকুৰাকেইটা মুখত সুমুৱাই দি থকাৰ পৰাই লাহে লাহে তেওঁৰ খবৰ লবলৈ ধৰিলো৷ : বোপাটো ভালে আছেনে , আৰু মাটো ?  -  মোৰ কণমানি ল ' ৰা আৰু পত্নীৰ কথা সুধিছিল আইতাই। আচৰিত হৈছিলো , সকলো মনত আছে। চুলিবোৰ চুটিকে কাটি দিয়া হৈছে , মুখখনো দেখিবলৈ বেলেগ হ’ল৷ : দেউতাৰাই অসুখবোৰ ভাল পাইছেনে ?  -  পুনৰ মোক আচৰিত কৰি এইবাৰ দেউতাৰো খবৰ ললে! আইতাৰ সৈতে একঁপি ফটো উঠো বুলি ফোনটো উলিয়াই ললো৷ হয়তো আৰু সেই সৌভাগ্য় নহবও পাৰে। কৰ্মৰ খাতিৰত দুহাজাৰ কিলোমিটাৰ আঁতৰত থাকো। ফ্ৰন্ট কেমেৰাৰ এংগলটো মিলাই থাকোঁতে আইতাই সুধিলে - : সেয়া কোন ? : সেয়া মই , পাপু। - মইও সাধাৰণ ভাৱে উত্তৰ দি থলো৷ : তোমাক চিনি পাইছো৷ কাষত সেয়া কোন ? মোৰ মুখত বহুদেৰিলৈ একো মাত নাই , কি ক’ম ঠিক ভাবি নাপালো৷ আইতাই নিজকে চিনি পোৱা নাছিল। হয়তো নিজৰ জৰাজীৰ্ণ ৰূপটো কল্পনাও কৰিব পৰা নাছিল। : সেয়া তুমি আইতা। - শুনা নুশুনাকৈ

কঁঠাল খায়া?

 ইংৰাজৰ শাসন কাল। এটা বাংলোত এজন খাঁটি চাহাব আৰু তেওঁৰ প্রিয় সহকাৰী একেলগে থাকে। তেতিয়া গ্রীষ্মকাল। এদিন হঠাৎ সহকাৰীৰ পিতৃৰ বিয়োগৰ খবৰ আহিল। তেওঁ ততাতৈয়াকৈ গাঁৱৰ ঘৰলৈ যাব লাগে। চাহাবক বহুত বুজাই বঢ়াই অৱশেষত মান্তি কৰালে। যোৱাৰ আগতে চাহাবক খুশ কৰিবলৈ মলমলাই থকা গোন্ধযুক্ত সুন্দৰ পকা কঁঠাল এটা দি তেওঁ ঘৰলৈ ৰাওনা হ'ল।   কঁঠালটো বাংলোলৈ লৈ গৈ, নিশা চাহাব খোৱাৰ টেবুলত বহিল। কাকো কঁঠালটো চুবও নিদিলে। এখন ডাঙৰ কটাঁৰিৰে কঁঠালটো মাজতে কাটিলে। কিছু পকা কোঁহ ওলাই আহিল। মুখত দি খুব ভাল পালে। গুটি গুচাই আৰু কেইকোঁহ মান টপাটপ খাই পেলালে। তাৰ লগেলগে কঁঠালৰ আঠাও হাতত লাগি গ'ল। মছিব গৈছিল কিন্তু নোৱাৰিলে। বৰং আৰু দহ ঠাইত লাগি মহা পয়মাল হ'ল। অসাবধানতা বশতঃ কেইবাবাৰো হাতৰ আঙুলিৰ আঠা মূৰৰ চুলিটো লগালে। তাৰ পৰাই আৰম্ভ হৈ গ'ল যত মানে গণ্ডগোল। কঁঠাল খোৱা মূৰত উঠিল। গোটেই মুৰটোৱেই আঠাৰে চেপচেপ হৈ পৰিল। কিমানবাৰ চেম্পু কৰিলে। নানা তৰহৰ লোচন লগালে। একোৱেই ফল নিদিলে। অৱশেষত ক্ষুৰখন উলিয়াই মূৰৰ সকলো চুলি ক্ষুৰাই পেলালে। লগতে সহকাৰীজনৰ চৈধ্যগোস্থী উজাৰি প্ৰচণ্ড গালিও দিলে৷ কিছুদিন পিছত পিতৃৰ সক

বৰশীৰ টোপ

 এজন ভাৰতীয়ই ভাৰতত চাকৰি এৰি কানাডাৰ এখন ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰত চেলচ্ মেনৰ চাকৰিত যোগদান কৰিলে। প্ৰথম দিনটোত, ভাৰতীয়জনে সম্পূৰ্ণ উদ্যমেৰে কাম কৰিলে। সন্ধিয়া ৬ বজাত বছে দিনটোৰ কামৰ খাটিয়ান লয়। বছ :- প্ৰথম দিনটোত আপুনি কিমান চেল কৰিলে? ভাৰতীয় : ছাৰ, মই মাত্ৰ এটাহে চেল কৰিবলৈ সক্ষম হলো। বছ : গোটেই দিনটোত মাত্ৰ এটা চেল? কি কয়হে? সাধাৰণতে ইয়াত প্ৰতিজন বিক্ৰেতাই দিনে ২০ ৰ পৰা ৩০ টালৈকে লেনদেন কৰে। আচ্ছা, মোক কওঁকচোন আপোনাৰ আজিৰ চেলটোৰ পৰা আমি কিমান মূল্য পালো? ভাৰতীয় : ৯৩,৩০০ ডলাৰ। বছ : কি? অবিশ্বাস্য! কিন্তু সেয়া আপুনি কেনেকৈ কৰিলে? ভাৰতীয় : ছাৰ, এজন ব্যক্তি আহিছিল আৰু প্ৰথমতে মই তেওঁক দুটামান মাছ ধৰা সৰু ডাঙৰ বৰশী বিক্ৰী কৰোঁ। তাৰ পিছত মাছ থবলৈ এটা ডাঙৰ বাকচ, বৰশী লগাবলৈ কেইডালমান ৰড আৰু আন কিছু মাছ ধৰা সঁজুলি বিক্ৰী কৰোঁ। মই তেওঁক সুধিছিলো মাছ ধৰিবলৈ ক'লৈ যায় আৰু তেওঁ উপকূলীয় অঞ্চলৰ কথা কৈছিল৷ তেতিয়া মই কলো যে তাৰবাবে এখন নাওৰ প্ৰয়োজন নহ'ব জানো! তেওঁ ৰাজি হ'ল। মই তেওঁক নাও বিভাগলৈ লৈ গৈ ২০ ফুট ডাবল ইঞ্জিনৰ স্কুনাৰ নাও এখন বিক্ৰী কৰি দিলো। তেওঁ কৈছিল তেওঁৰ

ফেচবুকত_ডাইৰেক্ট_লিখাসকলৰ_বাবে

 যদি আপুনি মোবাইলত লিখে, ফোনৰ Google folder টোত Google Keep/ Keep Note নামেৰে এটা এপলিকেছন পাব৷ এইটো নোটপেড (টোকাবহী) ৰ দৰে। আপুনি ইয়াতে লিখিব পাৰে --------কেতিয়াও নেহেৰাই৷ আপোনাৰ ফোনত যিটো Google account আছে, তাতেই চিৰজীৱন লিংক হৈ থাকিব৷ লিখা সম্পূৰ্ণ হোৱাৰ পিছত, Google Keep ৰ পৰা কপি কৰি আনি ফেচবুকত পেষ্ট কৰি দিলেই হ’ল৷ ফেচবুকত ডাইৰেক্ট লিখোতে ভুলবশতঃ ডিলিট হৈ যাব পাৰে৷ পিছত যদি ফোন সলাবলগীয়াও হয়, নতুন ফোনত সেই একেটা Google account ব্যৱহাৰ কৰিলে আগৰ সকলোবোৰ টোকা আকৌ পাব৷