কঁঠাল খায়া?

 ইংৰাজৰ শাসন কাল। এটা বাংলোত এজন খাঁটি চাহাব আৰু তেওঁৰ প্রিয় সহকাৰী একেলগে থাকে।

তেতিয়া গ্রীষ্মকাল। এদিন হঠাৎ সহকাৰীৰ পিতৃৰ বিয়োগৰ খবৰ আহিল। তেওঁ ততাতৈয়াকৈ গাঁৱৰ ঘৰলৈ যাব লাগে। চাহাবক বহুত বুজাই বঢ়াই অৱশেষত মান্তি কৰালে। যোৱাৰ আগতে চাহাবক খুশ কৰিবলৈ মলমলাই থকা গোন্ধযুক্ত সুন্দৰ পকা কঁঠাল এটা দি তেওঁ ঘৰলৈ ৰাওনা হ'ল।  

কঁঠালটো বাংলোলৈ লৈ গৈ, নিশা চাহাব খোৱাৰ টেবুলত বহিল। কাকো কঁঠালটো চুবও নিদিলে। এখন ডাঙৰ কটাঁৰিৰে কঁঠালটো মাজতে কাটিলে। কিছু পকা কোঁহ ওলাই আহিল। মুখত দি খুব ভাল পালে। গুটি গুচাই আৰু কেইকোঁহ মান টপাটপ খাই পেলালে। তাৰ লগেলগে কঁঠালৰ আঠাও হাতত লাগি গ'ল। মছিব গৈছিল কিন্তু নোৱাৰিলে। বৰং আৰু দহ ঠাইত লাগি মহা পয়মাল হ'ল। অসাবধানতা বশতঃ কেইবাবাৰো হাতৰ আঙুলিৰ আঠা মূৰৰ চুলিটো লগালে। তাৰ পৰাই আৰম্ভ হৈ গ'ল যত মানে গণ্ডগোল। কঁঠাল খোৱা মূৰত উঠিল। গোটেই মুৰটোৱেই আঠাৰে চেপচেপ হৈ পৰিল। কিমানবাৰ চেম্পু কৰিলে। নানা তৰহৰ লোচন লগালে। একোৱেই ফল নিদিলে। অৱশেষত ক্ষুৰখন উলিয়াই মূৰৰ সকলো চুলি ক্ষুৰাই পেলালে। লগতে সহকাৰীজনৰ চৈধ্যগোস্থী উজাৰি প্ৰচণ্ড গালিও দিলে৷

কিছুদিন পিছত পিতৃৰ সকলো ক্ৰিয়া সমাপন কৰি চাহাবৰ সহকাৰী জন কামলৈ ঘূৰি আহিল। ইফালে চাহাবৰ খঙৰ প্ৰকোপ দেখি বাকী সকলোৱে ভাবিছিল যে এইবাৰ আৰু ৰক্ষা নাই, সহকাৰীৰ চাকৰিটো নাবাছে। 

কিন্তু কি আচৰিত! চাহাবে তেওঁৰ ফালে বিস্ফোৰিত নয়নৰে চাই লাহেকৈ কৈ থলে 

‘তুম  ভী কঁঠাল খায়া’? 🤔🙄😆

Comments

Post a Comment

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ