কৰোণাৰ_তিতা_মিঠা

 

সমগ্ৰ বিশ্ব বৰ্তমান কৰোণাৰ গ্ৰাসত। পিছফালে ঊনৈশৰ নেগুৰডাল লগাই অহা ভাইৰাছটোৱে ( COVID-19) গোটেই পৃথিৱীতে যেন টুৱেণ্টি টুৱেণ্টি (২০২০) হে খেলিছে। ইতিমধ্যে বহুটো ডাঙৰ ডাঙৰ উইকেট পৰিল, আন বহুতেই ৰিটায়াৰ্ড হাৰ্ট হৈ ইন্টেনছিভ্ কেয়াৰত শোৱাপাটি 'লে। বিভিন্ন দেশৰ বেটছমেন সকল এতিয়াও সফল ' পৰা নাই এইপালি বলাৰৰ বিৰুদ্ধে খেলিবলৈ। খেলখন কিমান দীঘলীয়া হয় সময়েহে '; 'লেও আমি আশাবাদী এজন ভাল বেটছমেন ওলাব আৰু হিমালয়ৰ সিপাৰৰ পৰা অহা এইগৰাকী বলাৰক অতি সোনকালেই প্ৰতিহত কৰিবলৈ সক্ষম 'ব। তেনে বেটছমেনৰ সন্ধানত জোৰদাৰ টেষ্ট মেটছ চলি আছে।

এই সময়চোৱাই আমাক বহুতো নতুন কথা শিকালে। এনেকুৱা মহামাৰী হেনো আগতেও হৈছিল, পিছে আমাৰ বাবে এয়াই প্ৰথম। 'Pandemic' শব্দটো আগতে শুনা মোৰ মনত নাই। এই সময়চোৱাত তিতা-মিঠা বহুতো অভিজ্ঞতাই আমাকো কঁপাই 'ল। সকলোবোৰ লিখা সম্ভৱ নহয় যদিও দুই এটা লিখিবলৈ চেষ্টা কৰিছোঁ। মিঠাৰ পৰাই আৰম্ভ কৰোঁ !

এই সময়চোৱাৰ আটাইতকৈ ভাল কথাটো ' অনবৰতে অলৌ টলৌকৈ ঘূৰি ফুৰা কেইজনেও গৃহবন্দীত্বৰ সোৱাদ পালোঁ। ধূলিৰ মাজত পোট খাই থাকিলেও কোনোদিনেই মাস্ক ব্যৱহাৰ নকৰা সকলেও এতিয়া ঘৰৰ ভিতৰতো মাস্কখন অনবৰতে লগাই থকা 'লো।

বিভিন্ন অফিচত চাকৰি কৰি থকা লগৰবোৰৰ পৰা শুনিহে আছিলোঁ work from home বিষয়ে। খুব মন আছিল আমিও যদি পালোঁহেতেন তেনে সুবিধাকণ! ঈশ্বৰে শুনিলে যেনিবা মনৰ কথা, মাৰ্চৰ পৰা একেবাৰে ঘৰতেই বন্দী কৰি পেলালে। ভালেই পালোঁ, নিজৰ লগতে পৰিয়ালৰ আনবোৰো সুৰক্ষিত থাকিব, যদিহে অফিচলৈ অহা-যোৱা কৰিবলগীয়া নহয়। ইয়াৰ বাবে কৰ্মৰত অফিচটোলৈ চিৰকৃতজ্ঞ হৈ ৰম।

পিছে সমস্যাবোৰ আৰম্ভ ' তাৰপৰাই। মানুজনীয়ে কথাটো অলপ বেছি গভীৰভাৱে 'লে নেকি!

"ইমান দিনে ঘৰৰ কামবোৰ অকলেই কেনেদৰে নিয়াৰিকৈ চলাই আহিছোঁ অলপ নিজেও পোৱাচোন এতিয়া। তোমালোক বাহিৰে বাহিৰে ঘূৰি ফূৰাবোৰে কেনেদৰে বুজিবা ঢলপুৱাতেই উঠি 'ৰা গিৰিয়েকক খুৱাই মেলি সজাই পৰাই দিনটোলৈ উলিয়াই পঠিওৱা কিমান কষ্টকৰ। দিনটো ঘৰতেই থাকিবা যেতিয়া এইবোৰতো লাগি দিয়া আৰু মই নিজৰ কথা ভাবিম দেই অলপ।"

ব্ৰহ্মাস্ত্ৰপাট নিক্ষেপ কৰি মানুহগৰাকী দিনৰ দিনটো মাক আৰু শাহুৱেকৰ লগত ফোনত ব্যস্ত হৈ পৰিল। আগতে ভালদৰে কথা পাতিবলৈও সময় নোহোৱা শাহুৱেকজনী হৈ পৰিল 'বেষ্ট বাডী'  তাৰমানে অৱশ্যে এইটো নহয় যে আমালৈ একেবাৰেই পিঠি দিলে, ঘৰখনৰ সকলোবোৰ কামৰ আৰম্ভণি তেওঁৱেই কৰে বাৰু। খালি ঘৰটো সৰা মচা কৰোঁতে, দাইলত সম্ভাৰ লগাওঁতে, ভাজিখন লৰাই দিবলৈ বা 'ৰাটোক গা-পা ধুৱাই অনলাইন ক্লাছৰ বাবে সাজু কৰোৱা আদিবোৰ দ্বায়িত্ব মোৰ কান্ধলৈও প্ৰসাৰিত 'ল। অফিচৰ কামৰ মাজতো এনেধৰণৰ দুই এটা কামত তেওঁৰ সহায়ক হৈ পৰিলোঁ।

এইবোৰত মোৰ অৱশ্যে বিশেষ সমস্যা নাই, সৰুৰেপৰাই মই ঘৰুৱা কাম কাজত ওস্তাদ। দাইল, ভাজি, ভাত আগতেও মাজে মাজে বনাও, নিমখ হালধিৰ পৰিমাণ ইফাল সিফাল হোৱাতো বাৰু 'বলগীয়া নহয়; নিজৰ গুণগান নিজেই নো গামনে!

এইখিনিতে 'ৰাৰ অনলাইন ক্লাছৰ কথা নকলেনো কেনেকৈ 'ব। সেইটো ক্লাছেই নে মাছৰ বজাৰেই নে আন কিবা যোৱা দহোটা মাহে ধৰিবই নোৱাৰিলোঁ। শুনিবলৈ বেয়া 'লেও দেৱশিশু বুলি আমাৰ নিজৰটোকো নকওঁ। ক্লাছৰ সেই দুঘণ্টা সময় আমাৰ দুয়োটাৰে অৱস্থাটো 'ফাট মেলা বসুমতী, পাতালে লুকাও' যেন হয়।

'ৰা ছোৱালীবোৰৰ মাজতে আকৌ কোনোবাজন অভিভাৱকে যেতিয়া 'আপোনাৰ স্ক্ৰীণখন দেখা নাই, আপোনাৰ মাতটো ভালদৰে অহা নাই মেডাম' জাতীয় কথাৰে চিঞৰি চিঞৰি শিক্ষয়িত্ৰী গৰাকীৰ ওপৰতে ফেৰ পাতি ধৰে, সেয়া আৰু বিৰক্তিকৰ। নেটৱৰ্ক চিগনেলৰ দৰে যে কিবা এটা বস্তু আছে আৰু সেইটোৱে সময়ত আমনিও কৰিব পাৰে, কথাটো সকলোৱে পাহৰি পেলায়। মুঠতে দ্বিতীয় শ্ৰেণীৰ 'ৰাটোৱে যেন আই আই টিৰ ছিটটোহে হেৰুৱাব, তেনেকুৱা পৰিবেশ এটা সৃষ্টি কৰি দিয়ে বহুতো অভিভাৱকে।

আটাইতকৈ বেয়া লাগে শিক্ষয়িত্ৰী কেইগৰাকীলৈ। ইমান চিঞৰ বাখৰৰ মাজতো কিমান ধৈৰ্য্যৰে ক্লাচটো চলাই নিয়ে সেয়া সঁচাকৈয়ে প্ৰসংসনীয়। ইমান সহনশীলতা হয়তো আমাৰ নাই। মই হোৱা 'লে মুখেৰে কিবা ওলাইয়েই 'লহেতেন।

অনলাইন ক্লাছত মোবাইলৰ মাইক্ৰ'ফোনটো মিউট কৰি টোপনিয়াই বহি থাকোঁতে 'ৰাই নতুনকৈ শিকিবলৈ ধৰা তেলুগু ভাষাটোও পাহৰিলে। স্কুললৈ গৈ থাকোঁতে সকলোৰে লগত খুব ভালদৰেই ' পৰা হৈছিল। '...'বলৈ পাহৰিছোঁ, ইয়াত তেলুগু ভাষাৰ কথা কৈছোঁ কাৰণ আমি অন্ধ্ৰপ্ৰদেশত থাকোঁ। সেয়ে 'ৰাই ইংৰাজী আৰু হিন্দীৰ লগতে ইয়াৰ স্থানীয় ভাষাটোও শিকিবলৈ বাধ্য।

এইখিনিতে এটা প্ৰশ্ন, 'আমাৰ অসমত এতিয়াও অসমীয়া বাধ্যতামূলক নে, স্কুলবোৰৰ পৰা সেইটো উঠি ' নেকি বাৰু?'

আটাইতকৈ ডাঙৰ তিতাটো ' কৰোণাৰ সময়চোৱাত অতি মৰমৰ আইতাক হেৰুৱালোঁ। বাৰ্ধক্যজনিত কাৰণত বহুদিনৰ পৰা তেওঁ বিছনাতেই আছিল। 'ৰালিৰ বেছিখিনি সময় একেলগে কটোৱা আইতাক শেষ সময়ত নেদেখাৰ দুখটোও চিৰদিনলৈ থাকিব।

মা-দেউতাক নেদেখা প্ৰায় দুবছৰেই 'ল। ভিডিঅ' কলত মাজে সময়ে দেখো যদিও নেটৱৰ্কৰ সমস্যাৰ বাবে কেতিয়াবা তেওঁলোকৰ মূৰদুটা স্ক্ৰীণখনৰ এটা কোণত আৰু শৰীৰটো আন এফালে দেখিবলৈ পাওঁ।

অসমলৈ যাত্ৰা কৰাটো নিৰাপদ নোহোৱা বাবেই, work from home দৰে সুবিধা এটা থকাৰ পিছতো তেওঁলোকৰ ওচৰলৈ যাব পৰা নাই। ইয়াৰ পৰা কিবা লৈয়েই যাওঁ নেকি শৰীৰত, নিজৰ লগতে আন সকলৰো নিৰাপত্তাৰ কথা ভাবিয়েই তেওঁলোকেও আজিলৈ জোৰদি মাতি পঠিওৱা নাই। কিন্তু যাবটো লাগিবই। মুখ ফুটাই নকলেও সকলোৱেই বিছাৰিছে এই সংকটৰ সময়চোৱাত আপোনবোৰ কাষতে থাকক।

অতি সোনকালেই অসমলৈ যাম। যদি গৈ পোৱাৰ লগেলগে ধৰি বান্ধি হস্পিটেলত সুমুৱাই নিদিয়ে কৰোণাৰ আৰু কিছুকথা আগলৈ লিখিম।

সকলো কূশলে থাকক। ভাল দিনবোৰ আকৌ ঘূৰি আহক। তাৰেই কামনাৰে আজিলৈ এৰিছোঁ।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ