ৰে'ল ঐ ৰে'ল

খবৰটো শুনি তাই এক মুহূৰ্ত্তও নৰ’ল। নৰিয়া গাটোৰেই অৰণ্যৰ পিছৰ ৰেল লাইনৰ দিশে দৌৰ দিলে। সেইখিনিলৈ পথাৰৰ মাজেৰে অলপ বাট। পেটৰ সন্তানটোৱে কষ্ট পাব বুলি যিমান পাৰে সযতনে খোজ দিছিল তাই। পথাৰৰ পৰা ছফুটমান ওখ ৰেলৰ লাইনটোত কেনেবাকৈ উঠি ৰাণী আগুৱাই গ'ল। ৰেলৰ আলিৰ তপত শিলৰ টুকুৰাবোৰে ভৰিৰ তলুৱাত কৰা আঘাতলৈ কাণসাৰ কৰিবলৈ তেতিয়া সময় নাই।

অলপ আগলৈ পথাৰৰ মাজত মানুহৰ জুম এটাই কিবা ঘেৰাও কৰি থকা দেখি মনটো দূৰু দূৰুকৈ কঁপি উঠিল। আগুৱাই গৈ জুমটোৰ মাজত ওপৰৰ পৰাই দেখিবলৈ পালে সিহঁত দুয়োটাকে। হয়, মানুহৰ মাজত সেয়া তাইৰ প্ৰীয়তম আৰু কাষতে শুই আছে সিহঁতৰ মৰমৰ প্ৰথম সন্তানটি। দুয়োৰে সৰ্বশৰীৰ তেজেৰে ৰাঙলী। বুকুখন চিৰিং কৈ গ'ল তাইৰ। দুচকুৰে তপত চকুলো ওলাই আহিল। পেটৰ সন্তানটোলৈ ভাবি বুকুখন বিষাবলৈ ধৰিলে, সিযে কেতিয়াও বাপেক আৰু ককায়েকৰ মুখেই দেখা নাপাব!

ৰাণীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তাইৰ গগনচুম্বী চিঞৰত সকলোৰে কাণ তাল মাৰি গ'ল। সেই চিঞৰত পিছফালৰ পৰা আহি থকা দৈত্যাকৃতিৰ বৃহৎ ৰেলৰ ইঞ্জিনটোলৈ তাই মনেই নকৰিলে। তলত পথাৰৰ মাজৰ মানুহ খিনিয়ে চিঞৰি বাখৰি তাইক ৰেলৰ আলিটোৰ পৰা নমাই আনিবলৈ বহু চেষ্টা কৰিছিল। কিন্তু ৰেলখনে আহি ৰাণীক খুন্দিয়াই দিলে। এটা বিকৎ চিঞৰ মাৰি নিমিষতে তাইৰ শৰীৰটো ৰেলৰ আলিৰ পৰা পথাৰৰ মাজলৈ বাগৰি পৰিল।

তেজেৰে লুটুৰী পুটুৰী হৈ পৰি থকাৰ পৰাই তাই মানুহৰ জুমটোলৈ চাই পঠিয়ালে। সহায়ৰ আশাত তেনেকৈয়ে কিছুসময় যন্ত্ৰণাত চটফটাই থাকিল। জুমটো এইবাৰ তাইৰ ওচৰলৈ আগুৱাই আহিল। লাহে লাহে তাইৰ চকুদুটা মুদ খাই গ'ল। দূৰত কোনোবা এজনে চিঞৰি উঠিল -

: কাটিলে ঔ কাটিলে! ৰেলে আৰু এজনী কাটিলে। আজি একেটা দিনতে তিনিটাকৈ হাতী কাটিলে!


×××

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ