অকলশৰীয়া

 

২০২৭ চন।

অকলশৰীয়াকৈ ১৩১৭ দিন :-

: হেল্ল' হেল্ল' হেল্ল'......মাইক টেষ্টিং। হেল্ল' হেল্ল'! কোনোবা আছে নেকি ক'ৰবাত? কোনোবাই শুনিছেনে মোৰ মাত? এয়া এফ এম বেণ্ড ৯১১ ৰ পৰা মোৰ ইমাৰজেঞ্চী ব্ৰডকাষ্ট নং ১৩১৭। যদিহে কোনোবা এতিয়াও জীয়াই আছে আৰু নিজকে ঘৰৰ ভিতৰত সুমুৱাই ৰাখিছে, অক্সিজেন মাস্ক নোলোৱাকৈ বাহিৰলৈ কোনেও নোলাব। কোনোবা যদি আছে মোৰ লগত সম্পৰ্ক কৰক।

বাহিৰৰ বতাহ এতিয়া সম্পূৰ্ণ বিষাক্ত। চৰকাৰী উপদেশ নামানি সাধাৰণ কাপোৰৰ টুকুৰা এটা নাকে মুখে নলগোৱাকৈ সকলো কাম বিনাদ্বিধাই কৰি ঘুৰি ফুৰোতে কৰোণা এতিয়া বতাহৰ প্ৰতিটো কণিকাত মিশ্ৰিত আৰু যোৱা ছটা বছৰত আমি প্ৰায় সকলোকে হেৰুৱালোঁ। সমগ্ৰ পৃথিৱী এতিয়া মানৱবিহীন।

মই বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিটালৰ ২০৮ নং কোঠাত। হস্পিটালৰ ওচৰৰ এই অঞ্চলটোত হয়তো এজনো মানুহ জীৱিত অৱস্থাত নাই। সমগ্ৰ গুৱাহাটীৰ ভিতৰত মই অকলশৰীয়া আৰু কিমান দিন বাছি থাকিব পাৰিম তাৰো কোনো ভৰষা নাই। মোৰ লগত প্ৰায় ৪৫ টা অক্সিজেন চিলিণ্ডাৰ আৰু কিছু পৰিমানৰ খাদ্য এতিয়াও মজুদ আছে। কোনোবা যদি জীয়াই আছে আৰু ইয়ালৈ আহিবলৈ সক্ষম, মই কিছুদিনৰ বাবে অক্সিজেন যোগান ধৰিব পাৰোঁ।

.

.

.

.

.

.

.

.

: ছেঃ আজিও কোনো নাহিল!

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ