য়ে দিল্লী হে মেৰে য়াৰ
জীৱনৰ প্ৰথম চাকৰি। তাতে আকৌ দিল্লীত। মনত এসোপামান হেপাহ লৈ , ৰাজধানী চহৰলৈ ওলালোঁ। নতুন ঠাই , নতুন মানুহৰ সান্নিধ্য। মুঠতে মনটো উগুল-থুগুল। সেয়া ২০০৫ চনৰ কথা। পোষ্ট গ্ৰেজুৱেচনৰ হেপাহ মনতে সামৰি চাকৰি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। - তেনেই সৰু মই ; পঢ়িবলৈ বয়স আছে , ইচ্ছাও আছে। পঢ়া-শুনা পিছে পৰেও হ ' ব কেতিয়াবা! দেউতাই দুয়োটাকে সমানে পঢ়া খৰছ ক ' ৰ পৰা দিব ? ভাইটীয়ে ভালদৰে পঢ়ক , মই কিজানিবা দুটা পইচা উপাৰ্জন কৰি নিজেই চলিবগৈ পাৰোঁ... ! পল্টনবজাৰত ৰত্ন কুবেৰৰ ওপৰৰ কনচাল্টেন্সি এখনত ইণ্টাৰভিউ দিলোঁ। সৌভাগ্যক্ৰমে দিল্লীৰ ডাঙৰ কোম্পানী এটাত চাকৰিটো হৈ গ ' ল। পিছে তিনিদিনৰ ভিতৰতে জইন কৰিবগৈ লাগে। আহি পৰিল দিল্লীলৈ যোৱাৰ সমস্যা। ৰে ' ল , উৰাজাহাজত কোনোদিনে উঠি নোপোৱা ল ' ৰাটো, কেনেকৈ যাম ? ডাঙৰ মাহীয়ে ক ' লে -- "তোৰ দিল্লীলৈ যোৱা টিকটটো মই কৰি দিম দে"। - মহাই উৰাজাহাজৰ টিকট বিচাৰিবলৈ ধৰিলে , - " ল ' ৰাটো ফ্লাইটতে যাওক , ৰে'লত বৰ কষ্ট পাব।" সেই সময়ত ' এয়াৰ ডেক্কান ' নামেৰে এটা কমদামী এয়াৰলাইঞ্চ আছিল। মহাই বহুতো ব