Posts

Showing posts from June, 2022

পাপুৰ কথাৰে

আকাশখন গোমা। সন্ধিয়াৰ আগতেই চৌদিশ অন্ধকাৰ হৈ আহিছে। হয়তো এজাক ডাঙৰকৈয়ে আহিব। গৌৰী মাষ্টৰ এতিয়াও স্কুলৰ পৰা অহা নাই৷ কণমানিটোক বুকুত বান্ধি মঞ্জুৰ মনত চিন্তা। পথাৰৰ মাজৰ অকলশৰীয়া টিঙৰ চালিৰ ঘৰটোত তেওঁৰ অকলে বৰ ভয় লাগে। তাতে আজি বতৰটো যেনেকৈহে আহিছে! : মাষ্টৰ বোপা এতিয়াও অহা নেকি আই?  : অ'...... আমৈ আহিছ! তেওঁচোন আহিয়েই পোৱা নাই৷ পাঁচ বাজিবৰ হ'ল। ইফালে পাপু স্কুলৰ পৰা আহিয়েই ওলাই যোৱা, এতিয়াও ঘৰ সোমোৱা নাই। মোৰ বৰ চিন্তা হৈছে। : তহঁতৰ গৰুদুটা আনি পিছফালে বান্ধি থৈছো৷ ক'লা আকাশখন দেখি ভালদৰে খোৱা লোৱা কৰা নাই, পথাৰত একেবাৰে চেপেটা লাগি ঠিয় হৈ আছিল। মাষ্টৰ আহিলে কিবা অলপ দানা-পানী দিবলৈ ক'বি। মই যাওঁ। মোৰ গৰুকেইটা ঘৰ পালেগৈ।  : আমৈ! বৰ ভয় লাগিছে। এওঁ নহালৈ মোৰ লগত থাকিব নোৱাৰিবিনে? বতাহৰ শব্দটোও বেছি হৈ আহিছে। : মই ঘৰলৈ যাব লাগিছিল অ' আই। সিহঁতহালে বা কি কৰিছে! চোতালত কিবাকিবি মেলি থোৱাও আছে, গৰুহালো গৈ ঘৰ পালেগৈ।  : বান্ধিব দে সিহঁতে গৰুহাল। চোতালৰ বস্তুও সামৰিব। ভিতৰলৈ আহচোন, নিপুটো বিছনাতে আছে। তাৰ ওচৰতে বহ, মই এবাতি চাহ বনাওঁ।  হঠাতে ধাৰাষাৰ বৰষুণজ

এখন নেদেখা নদীৰ সিপাৰে

. কঁপালৰ ফোটটো ঠিক কৰি ক্ষুদ্ৰ আইনাখনৰ পৰা চকুদুটা আঁতৰাই ঠাইতে এপাক মাৰি মিতালিয়ে নিজকে নিজে এবাৰ চাই ললে৷ কিনো আছে এই শৰীৰটোত? কিয় সকলোৰে লোভ তাইলৈ? তাই যেন এটা নোদোকা হৰিণীহে, ঢপলিয়াই ফুৰিছে বনৰ মাজে মাজে৷ ইফালে জোপোহাৰ আঁৰৰ পৰা চোপ লৈ থকা বাঘ, শিয়াল আৰু সিংহকেইটা, সকলোৱে যেন একেলগে জঁপিয়াই পৰিছে তাইক থপিয়াবলৈ৷ চাদৰৰ আঁচলটো বুকুত মেৰিয়াই ওলাই আহিল তাই জুপুৰীৰ বাহিৰলৈ৷ মহিধৰ সম্মুখতে আছিল৷ কামলৈ যাবলৈ সাজু হোৱা বাপেকক উদ্দেশ্যি তাই ক’লে - - পিতাই মই আৰু কামলৈ নাযাওঁ দেই?  - কিয় অ’ আইজনী?  - সকলোৱে বৰ বেয়াকৈ চাই৷ বেয়া কথা কয়৷ - কোনোবাই কিবা কৈছে নেকি? - অকল এটা নে? সকলোৰে চকুত বেয়া চাৱনি৷ - কি কৰিবি, আমাৰ ভাগ্যই তেনেকুৱা আই৷  - দুখীয়া মানুহ হ’লেই সকলোৱে তেনেকৈ চকু দিবনে? কথা শুনাবনে? তাইক কি বুজাব বাপেকে ঠিক ভাবি নাপালে৷ হাতৰ মোনাখন লৈ অকলেই ওলাই গ’ল৷ জীয়েকক লগত যাবলৈ আজি আৰু জোৰ নকৰিলে৷ ঘৈণীয়েকে ইতিমধ্যে নৰিয়াপাটী লৈছে৷ কাৰখানাত কাম কৰি থাকোঁতে তেওঁৰ কঁকালটো পৰিল৷ সেইদিনাৰ পৰা অনিচ্ছা স্বত্তেও মিতালিকে লগত লৈ গৈছিল৷ কামলৈ মানুহ বেছিকৈ গলেহে দুপইছা বেছিকৈ ওলায়, সন্ধিয়াৰ সাঁজ লগে ভাগে

ধোঁৱাময় এই জীৱন

 ধ্ৰুৱ, বহুদিন হ'ল, তোৰ খবৰ লোৱা নাই। আশাকৰোঁ কুশলে আছ। কিমান বছৰ হ'ল তোক লগ নোপোৱা, নহয়নে? আজি কিয় জানো হঠাতে পুৰণি কথা কিছুমান মনলৈ আহিল। ফেচবুক চাৱ নে! চিঠিখন পঢ়িবিচোন। আমি কেতিয়া প্ৰথম লগ হৈছিলোঁ বাৰু? স্কুলত? অ’ হয় চাগে! তহঁতৰ স্কুললৈ হিৰু আৰু মই ক্লাছ এইটত ট্ৰান্সফাৰ লৈ গৈছিলোঁ৷ তেতিয়া স্কুল সপ্তাহ নে কিবা চলি আছিল৷ তই তবলা বজাইছিলি আৰু ডিঙিত কিবা অসুবিধা হোৱা বাবে ৰোহিতে গাব নোৱাৰা হোৱাত, মই গাইছিলোঁ তহঁতৰ লগত৷  সেয়াই আৰম্ভণি৷ তাৰ পিছত আমি দুয়োকে খুব সুন্দৰকৈ আদৰি ললি তহঁতে। সোনকালেই ক্লাছৰ হুলস্থুলীয়া বেক বেঞ্চাৰ হৈ পৰিলোঁ পাঁচোজন - হিৰু, সমুজ্জ্বল, কুলদ্বীপ, ধ্ৰুৱ আৰু ৰোহিত। আমি গোটেই স্কুলখনতে বিখ্যাত হৈ পৰিছিলোঁ, নহয়নে? HSKDR সদাই একেলগে থাকে, একেলগে বহে, একেলগে টিফিন খাই, একেলগে গান গাই, একেলগে ফুৰিবলৈ যাই। আমাৰ বিষয়ে আৰু যে কিমান কি.....! আমি HSKDR চিহ্ন এটা বনাই ডিঙিত একোটাকৈ লকেট পিন্ধিছিলোঁ, কি কৰিলি? হেৰুৱালি নেকি? মোৰটো এতিয়াও আছে দেই ভাই। লাষ্ট বেঞ্চৰ অনৰ্থক গল্পবোৰ মনত পৰেনে? অবান্তৰ কল্পনাবোৰ? ...পাহৰি গলি ন। চানমাৰীৰ বৰষুণত প্ৰায়ে আমাৰ স্কুল বন্ধ থা

শিৱ মই জঁটাধাৰী

Image
  - পিতাই! পিতাই অ’, এইটো কি ৰূপ লৈছ? - কোন পিতাই? কোন অ’ তই? কিয় এনেদৰে মোক বাধা দিছহি বালক? - বালক? মোক চিনি পোৱা নাই? তোৰ ল’ৰা মই, গণেশ! - তই গণেশ? হা হা! তেনেহ’লে মই শিৱ৷ ভাল মিলিব দে আমি বাপেক পুতেক! - মিলিব মানে? আমি বাপেক পুতেকে হওঁ আকৌ! - কি ক’লি? মাৰৰ চৰিত্ৰত কলংক সানিবলৈ কোনে দিলে এই দু:সাহস? - কিনো বলকি আছ পিতাই? ভাওনাৰ চৰিত্ৰ নেকি? - চৰিত্ৰ? তাৰমানে তই চৰিত্ৰৰ সন্তান? তেনেহ’লে মোৰ পদূলিত কি তোৰ কাম? - ধেই এইডাল! ভাং খাই আহিছ হব’লা? আইয়ে আজিও পিটিব চাবি৷ - কোন তোৰ আই? তই চৰিত্ৰৰহে সন্তান! ইয়াত কি কৰিছ? চাওঁ মোক ভিতৰলৈ সোমাব দে! - এতিয়াই ভিতৰলৈ সোমাব নোৱাৰিবি নহয়! - কিয়? বাধা দিবলৈ তইনো কোন? - আই যে আছে শুই৷ - তবে? তই কি পহৰাদাৰ? - বাহিৰতে ৰবলৈ কৈছে আই নুঠালৈ৷ কোনেও সোমাব নোৱাৰিব ভিতৰলৈ৷ - মানে? আকৌ সেই একেই ঘটনাৰে পুনৰাবৃত্তি? - কি কৈছ? কি ঘটনাৰ পুনৰাবৃত্তি? - মানে তই নাজান? শুন বালক, পুনৰ মোক বাধ্য নকৰিবি ডিঙি কাটিবলৈ৷ আৰু এবাৰ নোৱাৰো পুত্ৰ হত্যাৰ বোজা ববলৈ! হস্তীও নহয় আজি সহজলভ্য! - সম্পূৰ্ণ পগলা হ’লি পিতাই! পিছে আজি তোৰ যিমানেই নিচা নালাগক, ইয়াতে পৰি থাক; ভিতৰলৈ নোসোমাবি৷

সাগৰ দেখিছানে

 (১) অই, ব’ল৷ সাগৰখনতে জঁপিয়াই দিওঁ! কিয়? আই বোপায়ে তোক বোৱাৰী হিচাপে গ্ৰহণ নকৰে বোলে, সেয়েহে..!  কাপুৰুষটো ক’ৰবাৰ! তোৰ আই বোপাইৰ লগত বিয়া হ’মনে তোৰ লগত? হওঁতে মোৰ লগতেই হ’বি, তথাপিও ঘৰখনে মানিবও লাগিব দেচোন! অকলেই জঁপিয়াই দে তেনেহ’লে, মই যাওঁগৈ৷  ৰবিচোন, অলপ শুন! ৰৈ কিবা লাভ আছে জানো? বিয়া কৰাব পৰাকৈ আন এজন বিচাৰি লওঁগৈ! (২) সেই কালধুমুহাৰ আবেলিটোলৈ, মনত পৰেনে তোমাৰ?  ওম! তৃণম হেৰাই যোৱা তিনিবছৰেই হ’ল৷  প্ৰতিবাৰেই ভাবো, এইবাৰ মইও জাঁপ দিম সাগৰত৷  কিবা লাভ হ’ব জানো? বিচাৰি পাবানে কণমানিটোক?  কিজানিবা সি জীয়াই আছেই....! ক’ৰবাত হয়তো অপেক্ষা কৰিছে আমালৈ..! হয়তোবা ভাবিছে দেউতাকে সাঁতুৰি নাদুৰি আহিব আৰু তাক ঘৰলৈ ঘূৰাই আনিব..! নহয়নে? ধুমুহাজাক কেতিয়ালৈ আহিব? দুদিনৰ পিছত৷ এইবাৰ দুয়ো একেলগে আহিম দিয়া! (৩) চোৱাচোন সাগৰখন কিমান ধুনীয়া, নহয়নে! ওম, তাকেই চাইছোঁ। কিয়নো ইমান মন মাৰি আছা তেনেহলে? এই সাগৰখনে প্ৰায়ে মোৰ আপোনজনক কাঢ়ি নিছে! তুমিচোন কৈছিলা মইয়েই হেনো তোমাৰ প্ৰথম প্ৰেম! একমাত্ৰ আপোন! কৈছিলোঁ, সকলোকে কওঁ! মানে? এদিন দেউতাৰ শেষকৃত্য কৰিবলৈ আহি পানীত ডুবি মা হেৰাই গৈছিল এইখিনিতে৷ তেতিয়াৰ পৰা

কঁঠাল

 এদিন মহীকান্ত নোহোৱা হ’ল৷ চোতালৰ এচুকত ৰৈ গ’ল মাথোঁ তাৰ ডাল-পাতহীন মৰমৰ কঁঠালজোপা৷   মালতীৰ সীমাহীন ভালপোৱা তাৰ দুচকুৱে সহ্য কৰিব নোৱাৰিলে৷ কেইবামাহলৈও সি বিশ্বাস অবিশ্বাসৰ পেণ্ডূলামদালত ইফালৰ পৰা সিফাললৈ ওলমি থাকিল৷ মালতীৰ মৰম ভালপোৱাৰ গৰাকী যে সি নহয়, বৰঞ্চ আন বহুতো - সেয়া তাৰবাবে অবোধ্য সাঁথৰ৷ মহীকান্তৰ পুৰুষত্বক দোহাই দি এদিন সিঁহতৰ পবিত্ৰ সম্বন্ধটো মলিয়ন কৰি পেলাইছিল তাই৷ চকুৰ সম্মুখতে দিন ৰাতি একাকাৰ কৰি আন কেইবাজনৰো সৈতে যেতিয়া তাই যৌৱনৰ বেহা পাতিছিল, কঁঠালজোপাৰ তলৰপৰা ঘৰটোলৈ নিৰৱে চাই থকাৰ বাহিৰে সি একোৱেই কৰিব নোৱাৰিলে৷ মালতীৰ আগ্ৰহত সিঁহতৰ ঘৰলৈ আহিবলৈ লোৱা তাৰেই ল’ৰালীৰ বান্ধৱবোৰ এদিন হৈ পৰিল চিৰবৈৰী৷ সকলোকে যেন কাটি কুটি কঁঠালৰ কোঁহবোৰৰ দৰে চিৰাচিৰ কৰিহে পেলাব৷ খঙতে একো নাই হৈ অলপ অলপ কৈ কঁঠালজোপাৰ আগটোকে কাটিবলৈ লৈছিল সি, প্ৰতিদিনে৷ মহীকান্ত নোহোৱা দিন ধৰি মালতীৰ অবাধ বিচৰণে আকাশ চুলে৷ চেগাচেৰেক কৈ কথাটো বাহিৰলৈ নোলোৱাকৈও নাথাকিল৷ বহুতেই কোৱা মেলা কৰিলে বোলে - ’মহীকান্তক হেনো মালতীয়ে ডিঙি কাটি কঁঠালজোপাৰ তলতে শৰাধ্ পাতিলে’৷ পিছে সেই ঘৰটোলৈ অহা মল্লযুঁজাৰু হেন ডেকাকেইটাৰ বা

ৰিক্সাৱালী

 মধুপুৰলৈ অহা এয়াই মোৰ প্ৰথম যদিও এইফালে যেন আগতেও কেতিয়াবা আহিছোঁ, তেনে ভাৱ এটাই আৰম্ভনিৰে পৰা মনটো খুন্দিয়াই আছে৷ ঘাইপথৰ পৰা নামি লুংলুঙীয়া বাটটোৰে দুমাইলমান খোজ কঢ়াৰ পিছত এখন সৰু নৈ৷ কল কল শব্দ কৰি বৈ থকা পৰিস্কাৰ পানীখিনিৰ ওচৰ পাওঁতে দিনটোৰ যাত্ৰাপথৰ দুখ কষ্ট সকলো পাহৰি গলোঁ৷ নৈখন পাৰ হ’বলৈ আকৌ বাঁহেৰে বনোৱা এখন সৰু দলং৷ আচলতে সাঁকো বুলিলেহে ভুল নহ’ব; মুঠেই সুবিধাজনক নহয়৷ ঠাইখন অতিক্ৰম কৰোঁমানে সন্ধ্যা লাগিবৰে হ’ল৷ নৈখনৰ পাৰতে মোৰ কৰ্মস্থলী বুলি শুনিছিলোঁ যদিও এঘণ্টাৰ পৰা খোজেই কাঢ়ি আছোঁ, মধুপুৰ গাঁওখনহে এতিয়াও পোৱা নাই৷ গাঁওখন বিচাৰি ওচৰৰে কোনোবা এঘৰত ৰাতিটো থকা মেলাৰ ব্যৱস্থা কৰিব লাগিব৷ জইন কৰিবলগীয়া স্কুলখন কাইলৈ দিনে পোহৰে বিচাৰিম৷ হঠাতে কাৰোবাৰ আগমনে চিন্তাত যতি পেলালে৷ সম্মুখতে আহি ৰোৱা ৰিক্সাখনৰ ওপৰৰ পৰা এগৰাকী মহিলাই মোলৈ চাই ইংগিতেৰে মাতিছে৷ গাঁওখনত পহুচাই দিব হেনো তেওঁ৷ আন্ধাৰ পোহৰৰ মাজতে মানুহজনীৰ মুখখন ভালদৰে চিনিব নোৱাৰিলেও কোলাত এটা কেচুৱা থকা যেন অনুমান হ’ল৷ কোনোবা শিশুৰ অবিৰাম উচুপনি ৰিক্সাখনৰ পৰা অহা গম পাইছিলোঁ৷ ভাগৰে জুগৰে একো নাভাবি মইও বহি পৰিলোঁ তাইৰ ৰিক্সাত৷

নিষিদ্ধ প্ৰেম

 প্ৰদীপ্তৰ নম্বৰটো ডিলিট কৰি মালবিকাই একমুহূৰ্তৰ বাবে ভাবিলে কথাটো বা কেনে হ’ল..! এনেদৰে তেওঁক হঠাতে উপেক্ষা কৰাৰ পিছত প্ৰদীপ্তই সহজভাৱে ল’ব জানো কথাবোৰ...! যদি তেওঁ আকৌ সেই স্কুলৰ দিনবোৰৰ দৰে হৈ পৰে? এজন অভং আৰু গৱাৰ ল'ৰা..৷ অপৰিচ্ছন্ন কাপোৰ কানিৰে সেই সাধাৰণ ল'ৰাজনৰ ছবিখনে মালবিকাৰ চকুত ধৰা দিলেহি৷ যদিও তেতিয়া ল’ৰাটোক তেওঁ তেনেকৈ মন কৰা নাছিল তথাপিও আন ছোৱালীবোৰৰপৰা ঘুনুক ঘানাককৈ শুনিছিল, লʼৰাজন হেনো সাংঘাটিক জেদি৷ কৰিম বুলি ভবা কামটো কৰিহে এৰিব৷ এইকেইদিন কথা বতঁৰা হওঁতেও মালবিকাৰ সেই কথাটো অলপ অনুভৱ নোহোৱা নহয়৷ যদি মানুহজন সঁচাকৈয়ে আহি ওলাইহি? যদি সকলোৰে আগত কৈ দিয়ে মালবিকাই সিদিনা এটা দুৰ্বল মুহূৰ্তত ভাল পাওঁ বুলি কৈ পেলোৱাৰ কথা..! যদিহে তেওঁৰ ফোনটো মানুহজনে ৰেকৰ্ড কৰি থৈছিল? আকৌ এবাৰ ভাবিলে - সঁচাকৈয়ে ইমানলৈ যাবনে তেওঁ? প্ৰদীপ্তৰ কথাবোৰ মালবিকাৰ দৃষ্টিত তেতিয়াও নুবুজা সাঁথৰ হৈ আছিল৷ এজন ভাল মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ কোৱা কথাষাৰ যদি প্ৰদীপ্তই বেলেগ দৃষ্টিৰে লৈছে? কোনদিনা ঘৰ ওলাবহি বাৰু তেওঁ? কোনদিনা ভাঙি পৰিব মালবিকা দুৱৰাৰ সুখৰ সংসাৰখন? এটা অব্যক্ত বেদনাই এক কৰুণ ভীতি