সাগৰ দেখিছানে

 (১)

অই, ব’ল৷ সাগৰখনতে জঁপিয়াই দিওঁ!

কিয়?

আই বোপায়ে তোক বোৱাৰী হিচাপে গ্ৰহণ নকৰে বোলে, সেয়েহে..! 

কাপুৰুষটো ক’ৰবাৰ! তোৰ আই বোপাইৰ লগত বিয়া হ’মনে তোৰ লগত?

হওঁতে মোৰ লগতেই হ’বি, তথাপিও ঘৰখনে মানিবও লাগিব দেচোন!

অকলেই জঁপিয়াই দে তেনেহ’লে, মই যাওঁগৈ৷ 

ৰবিচোন, অলপ শুন!

ৰৈ কিবা লাভ আছে জানো? বিয়া কৰাব পৰাকৈ আন এজন বিচাৰি লওঁগৈ!


(২)

সেই কালধুমুহাৰ আবেলিটোলৈ, মনত পৰেনে তোমাৰ? 

ওম! তৃণম হেৰাই যোৱা তিনিবছৰেই হ’ল৷ 

প্ৰতিবাৰেই ভাবো, এইবাৰ মইও জাঁপ দিম সাগৰত৷ 

কিবা লাভ হ’ব জানো? বিচাৰি পাবানে কণমানিটোক? 

কিজানিবা সি জীয়াই আছেই....! ক’ৰবাত হয়তো অপেক্ষা কৰিছে আমালৈ..! হয়তোবা ভাবিছে দেউতাকে সাঁতুৰি নাদুৰি আহিব আৰু তাক ঘৰলৈ ঘূৰাই আনিব..! নহয়নে?

ধুমুহাজাক কেতিয়ালৈ আহিব?

দুদিনৰ পিছত৷

এইবাৰ দুয়ো একেলগে আহিম দিয়া!


(৩)

চোৱাচোন সাগৰখন কিমান ধুনীয়া, নহয়নে!

ওম, তাকেই চাইছোঁ।

কিয়নো ইমান মন মাৰি আছা তেনেহলে?

এই সাগৰখনে প্ৰায়ে মোৰ আপোনজনক কাঢ়ি নিছে!

তুমিচোন কৈছিলা মইয়েই হেনো তোমাৰ প্ৰথম প্ৰেম! একমাত্ৰ আপোন!

কৈছিলোঁ, সকলোকে কওঁ!

মানে?

এদিন দেউতাৰ শেষকৃত্য কৰিবলৈ আহি পানীত ডুবি মা হেৰাই গৈছিল এইখিনিতে৷ তেতিয়াৰ পৰা প্ৰতি বছৰে একোজনী ছোৱালী ইয়াতে উটুৱাই দিওঁ! আই বোপাইৰ স্মৃতিত৷

কি? এইটো কেনেকুৱা কথা? 

বেয়া নাপাবা, আজি তোমাৰ পাল...!

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প: