Posts

Showing posts from June, 2026

গোঁসাইৰ বিলৈ

 বাগমতি! সুউচ্চ হিমালয় পৰ্বতৰ মাজত বৰফেৰে আবৃত এখনি তেনেই অকণমানি গাঁও৷ গাঁওখনৰ মনোমোহা পৰিবেশে অন্তৰ চুই যোৱা।নীলা-সেউজীয়া ভিন্ন ৰঙী পানীয়ে কল-কল শব্দ কৰি কেইবাখনো নৈ গাঁওখনৰ মাজেৰে বৈ গৈছে৷ আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ কেইটামান সৰু সৰু ঘৰে গাঁওখনৰ সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিছে৷  সময় ভৰ দুপৰীয়া৷ সূৰ্যদেৱতাৰ প্ৰখৰ প্ৰকোপে পাহাৰৰ শৃঙ্গবোৰক আৱৰি ৰখা বৰফৰ চাদৰখন সোণোৱালী কৰি তুলিছিল৷ যেন সোণালী টুপি এটা পিন্ধি পৰ্বতৰাজে মিছিকিয়াই হাঁহিছে৷ পাহাৰীয়া নৈৰ কুলু-কুলু শব্দৰ বাহিৰে সেই হিমচেঁচা পৰিবেশত আন একোৰে উপস্থিতি নাই৷ কেবল ক’লা-বগা নোমাল ভেড়া ছাগলী কেইটামানে মাজে মাজে সোণোৱালী পাহাৰখনলৈ চাই হেম্বেলিয়াই ফুৰিছে৷ সিহঁতৰ কাষে কাষে ঘূৰি পোৱালিবোৰে ফূৰ্তিতে চৌদিশে ঢপলীয়াই নাচিছে৷  গাঁওখনৰপৰা কিছু আঁতৰত এটা প্ৰকাণ্ড শিলাখণ্ডৰ ওপৰত ওখকৈ এটা ছায়ামূৰ্তী৷ মানুহজনক দেখিলেই অনুমান কৰিব পাৰি তেওঁৰ সুবিশাল ব্যক্তিত্ব দ্বাপৰ যুগৰ কোনোবা ঋষি মুনিতকৈ কোনোগুণে কম নহʼব৷ সবল-সুঠাম দুবাহুত ৰুদ্ৰাক্ষৰ মালা, মূৰত খোপাৰ দৰে বান্ধি লোৱা দীঘল চুলিকোচা কান্ধলৈ বৈ পৰা, সোঁহাতখন কাঠৰ যোগ-দণ্ডিকা এডা...