Posts

Showing posts from July, 2023

জেনিফাৰৰ ডায়েৰীৰ পৰা

 মধ্যপ্ৰদেশৰ পাঁচমাৰীত কলেজীয়া দলটোৰ পৰা বিদায় লৈ যথেষ্ট মুকলি অনুভৱ কৰিলোঁ৷ ইয়াৰপৰা মোৰ অকলশৰীয়া যাত্ৰা আৰম্ভ৷ সেইদিনা প্ৰায় ২৪ ঘন্টাৰ অন্তত আহি বাৰাণসীত নামিছিলোঁ। এয়া মোৰ ভাৰত ভ্ৰমণৰ দ্বিতীয়টো পৰ্যায়৷  প্ৰথম পৰ্যায়ত, আহি দিল্লীত অৱতৰণ আৰু তাৰপিছত ভূপালৰ ওচৰৰ পাঁচমাৰী ৰাষ্ট্ৰীয় বনাঞ্চলৰ মাজত দহ দিন কটাইছিলোঁ৷ চাৰিদিনৰ আগতে কলেজৰ সন্মিলনখনত অংশগ্ৰহণ কৰি বিভিন্ন চিন্তা ভাৱনাৰ অন্তত সিদ্ধান্ত লৈছিলো যে, - মই অকলেই ভাৰত ভ্ৰমণ কৰিম। আগতেও আহিছোঁ। পিছে মোৰ অজ্ঞাতে এই ভ্ৰমণটো হ’বলৈ গৈ আছিল বিভিন্ন ঘটনা-পৰিঘটনাৰে পূৰ্ণ এক স্মৰণীয় অভিজ্ঞতা।  বাছৰ সেই আঠ ঘণ্টীয়া যাত্ৰা আটাইতকৈ দূৰ্বিসহ আছিল৷ ড্ৰাইভাৰে নিয়মীয়াকৈ পাঁচ ছেকেণ্ডৰ ব্যৱধানত হৰ্ণ বজায়। কাণখন মাত্ৰ ফাটিবলৈ বাকী৷ পাঁচমাৰীৰ পৰা ভূপাললৈ ২০০ কিলোমিটাৰ (~১২৪ মাইল) বুলি জানিব পাৰিলোঁ, কিন্তু সেই সময়খিনি যেন নাযায় নুপুৱাই৷ তাৰ পিছত দিল্লীলৈ এখন বিমানেৰে যাত্ৰা আৰু আন এখন বিমানেৰে এয়া মই বাৰাণসীত। বাৰাণসীত অৱতৰণ কৰাৰ সময়লৈকে বিষত মূৰটো ফাটি যোৱাৰ উপক্ৰম হ'ল। ড্ৰাইভাৰ এজনে মোক লৈ গেষ্টহাউচলৈ যোৱাৰ কথা, কিন্তু বহু সময় এৰাইভেলছ টাৰ্মিনে