জেনিফাৰৰ ডায়েৰীৰ পৰা

 মধ্যপ্ৰদেশৰ পাঁচমাৰীত কলেজীয়া দলটোৰ পৰা বিদায় লৈ যথেষ্ট মুকলি অনুভৱ কৰিলোঁ৷ ইয়াৰপৰা মোৰ অকলশৰীয়া যাত্ৰা আৰম্ভ৷ সেইদিনা প্ৰায় ২৪ ঘন্টাৰ অন্তত আহি বাৰাণসীত নামিছিলোঁ। এয়া মোৰ ভাৰত ভ্ৰমণৰ দ্বিতীয়টো পৰ্যায়৷ 

প্ৰথম পৰ্যায়ত, আহি দিল্লীত অৱতৰণ আৰু তাৰপিছত ভূপালৰ ওচৰৰ পাঁচমাৰী ৰাষ্ট্ৰীয় বনাঞ্চলৰ মাজত দহ দিন কটাইছিলোঁ৷ চাৰিদিনৰ আগতে কলেজৰ সন্মিলনখনত অংশগ্ৰহণ কৰি বিভিন্ন চিন্তা ভাৱনাৰ অন্তত সিদ্ধান্ত লৈছিলো যে, - মই অকলেই ভাৰত ভ্ৰমণ কৰিম। আগতেও আহিছোঁ। পিছে মোৰ অজ্ঞাতে এই ভ্ৰমণটো হ’বলৈ গৈ আছিল বিভিন্ন ঘটনা-পৰিঘটনাৰে পূৰ্ণ এক স্মৰণীয় অভিজ্ঞতা। 

বাছৰ সেই আঠ ঘণ্টীয়া যাত্ৰা আটাইতকৈ দূৰ্বিসহ আছিল৷ ড্ৰাইভাৰে নিয়মীয়াকৈ পাঁচ ছেকেণ্ডৰ ব্যৱধানত হৰ্ণ বজায়। কাণখন মাত্ৰ ফাটিবলৈ বাকী৷ পাঁচমাৰীৰ পৰা ভূপাললৈ ২০০ কিলোমিটাৰ (~১২৪ মাইল) বুলি জানিব পাৰিলোঁ, কিন্তু সেই সময়খিনি যেন নাযায় নুপুৱাই৷ তাৰ পিছত দিল্লীলৈ এখন বিমানেৰে যাত্ৰা আৰু আন এখন বিমানেৰে এয়া মই বাৰাণসীত।

বাৰাণসীত অৱতৰণ কৰাৰ সময়লৈকে বিষত মূৰটো ফাটি যোৱাৰ উপক্ৰম হ'ল। ড্ৰাইভাৰ এজনে মোক লৈ গেষ্টহাউচলৈ যোৱাৰ কথা, কিন্তু বহু সময় এৰাইভেলছ টাৰ্মিনেলত অপেক্ষা কৰি বুজিলোঁ যে তেওঁ হয়তো ভিতৰলৈ আহিব পৰা নাই বা নাহে৷ চাৰিওফালে ভালদৰে এবাৰ চাই মই নিজেই খোজ কাঢ়ি টেক্সি ষ্টেণ্ডলৈ আগুৱাই গ’লোঁ৷ বাহিৰত ভবাৰ দৰেই মানুহজনক বিচাৰি পোৱা নগ’ল৷ ভাৰতীয় টকাৰ মূল্য ভালদৰে বুজি নাপাওঁ, পাঁচ ডলাৰ বচাবলৈ মই এয়াৰ কণ্ডিচনাৰ নথকা টেক্সি এখন ললোঁ।

বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে চাৰিওফালে এক বিশৃংখল জীৱনে ঘেৰি পেলালে। ধূলি, গৰু, কুকুৰ, মানুহ, গাড়ী, সকলো একেলগে; এইখন ভাৰত চিনি পাবলৈ মোৰ যে এতিয়াও বাকী। খুব ভয় খালোঁ৷ বাৰে বাৰে মনলৈ আহিল মই নিজৰ লগত কিয় এনে কৰিবলৈ ওলাইছোঁ। কেইমুহূৰ্তমানৰ ভিতৰতে সংকল্প লৈ পেলালোঁ - মই ৰুম পোৱাৰ লগে লগে ৰিটাৰ্ণ ফ্লাইট বুক কৰিম৷

টেক্সিখনে মোক বাৰাণসীৰ পুৰণি চহৰৰ বাহিৰত নমাই দিলে৷ টেক্সিৰপৰা নামি বেগটো লৈ মই অকলেই গেষ্ট হাউচলৈ ৰাওনা হ’বলগীয়া হ’ল৷ এইখিনিতে ধন্যবাদৰ পাত্ৰ মধ্যপ্ৰদেশৰ সন্মিলনত লগ পোৱা বন্ধুজন, অসমৰ পৰা আহিছিল তেওঁ৷ মোক নিজৰ অতিৰিক্ত চিম কাৰ্ড এখন দিছিল যাতে গেষ্টহাউচটো বিচাৰিবলৈ গুগল মেপ ব্যৱহাৰ কৰিব পাৰোঁ। 

পুৰণি চহৰখনৰ ভিতৰলৈ খোজ কাঢ়ি যোৱাৰ লগে লগে পৰিৱেশটো সলনি হৈ গ’ল৷ বেকাৰী এখনৰ বাহিৰত বেলজিয়ামৰ এজন ল’ৰাই মুখত এটা সুন্দৰ হাঁহিৰে সম্ভাষণ জনালে৷ মোক তেওঁৰ লগতে ব্ৰেকফাষ্ট কৰিবলৈ ভিতৰলৈ মাতিলে। তেওঁৰ অমায়িক আচৰণত মুগ্ধ হৈ পিছে পিছে ভিতৰলৈ সোমাই গলোঁ৷ আনকি পিছদিনা উভতি অহাৰ সংকল্প যে লৈছিলোঁ, সেয়াও মুহূৰ্ত্তৰ বাবে পাহৰি পেলালোঁ৷ মোৰ বাহিৰেও ইয়াত আন বহুতো অনা-ভাৰতীয় লোক আছে যিয়ে অকলে চহৰখন ভ্ৰমণ কৰি ফুৰিছে - এই কথাটোৱে সাহস দিছিল৷ 

অতিথিশালাত উপস্থিত হওঁ মানে এটা টোপনীৰ খুবেই প্ৰয়োজন অনুভৱ হৈছিল৷ কোঠাত উপস্থিত হোৱাৰ লগে লগে বিছনাখনত জপিয়াই দিলোঁ৷ আবেলি অতিথিশালাৰ মালিকজনক লগ পাওঁ৷ তেওঁৰ মিঠা হাঁহিটোৱে মোক ওভটনী যাত্ৰাৰ টিকট কাটিবলৈ কৰা সিদ্ধান্তটো পিছুৱাবলৈ পতিয়ন নিয়ালে। থাকি গ’লোঁ৷

সেই যে থাকিলোঁ, থাকিয়েই গ’লোঁ৷ ইতিমধ্যে বাৰাণসীত বহুতো ঠাই ফুৰা হ’ল৷ এই ঠাইখন মোৰ ভাৰত ভ্ৰমণৰ সময়চোৱাৰ মূখ্য আকৰ্ষণ হৈ পৰিল৷ সেয়েহে হয়তো আজিলৈকে উভতি যোৱাৰ ইচ্ছা কৰা নাই৷

***

ভাৰতত মোৰ দুমাহৰ ভিছা শেষ হোৱাৰ সময় আহি পৰিল৷ ধাৰাবাহিকভাৱে বিভিন্ন সৰু সুৰা দুৰ্যোগৰ সম্মুখিন হৈছিলোঁ, যাৰ ফলত মোৰ বিভিন্ন পৰিকল্পনাবোৰ সলাবলৈ বাধ্য হলোঁ। ভ্ৰমণ কৰি মুহূৰ্তৰ উল্লাসত জীয়াই থকাৰ দূৰ্বাৰ বাসনাৰ অন্ত পৰিল৷ পবিত্ৰ নগৰী হৰিদ্বাৰত মহান গংগা পাৰৰ পৰা দুখোঁজ পিছুৱাই দিল্লীলৈ উভতি আহি ভাৰতৰ পৰা ওলাই অহাৰ পথ বিচাৰিবলৈ ধৰিলোঁ।

দুপৰীয়া দিল্লীত উপস্থিত হৈ ভোকত ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ৷ থাকিবলৈ ঠিক কৰা হোষ্টেলখনৰ ওচৰতে সৰুকৈ এখন ৰেষ্টুৰেণ্ট আছে৷ কিন্তু পচা সোৱাদযুক্ত চিকেনৰ টুকুৰা কেইটামান কামোৰাৰ পিছত মুখখন বেয়া লাগিবলৈ ধৰিলে আৰু খোৱা আধৰুৱা কৰি ওলাই আহিবলৈ বাধ্য হলোঁ৷ হয়তো আগদিনাৰে ৰৈ যোৱা চিকেনৰ টুকুৰাবোৰ ব্যৱহাৰ হৈছিল৷ ভাগৰে হেচি ধৰিছিল, এখন বিছনাৰ খুবেই প্ৰয়োজন অনুভৱ কৰি হোষ্টেললৈ উভতি আহিলোঁ।

পিছদিনা ৰাতিপুৱা সোনকালে উঠি সূৰ্য্য উদয় হোৱাৰ আগতেই বাছ ষ্টপলৈ ৰাওনা হ’লোঁ৷ কাঠমাণ্ডূলৈ যোৱা এখন বাছত যেনেতেনে টিকট এটা লৈ কন্ডাক্টৰজনক ধন্যবাদ জনাই চিটত বহি ললোঁ। লেতেৰা, পুৰণি বাছখন ধূলিময় আণ্ডাৰপাছটোৰ পৰা লাহে লাহে ওলাই আহিল৷ এই বাছ ষ্টপটো কোনো ৱেবচাইটত উপলব্ধ নহয়, হোষ্টেলৰ মালিকজনেহে মোৰ টিকটটো পাৱনী কৰি দিছিল৷ বাছখন সুবিধাজনক নহয়, আগন্তুক ২৬ ঘণ্টাৰ বিশাল যাত্ৰাটোৰ বাবে যে মুঠেই নহয়৷ চিটটো হেলনীয়া কৰি জিৰণি ল’ব পৰাকৈও কোনো ব্যৱস্থা নাই, সকলোবোৰ চিট থিয়।

জংঘলৰ মাজেৰে আঠ ঘণ্টা ধৰি বতাহজাকৰ মাজে মাজে দীঘলীয়া যাত্ৰা কৰি থাকোঁতে পেটত খাদ্যৰ বিষক্ৰিয়া আৰম্ভ হ’ল। এবাৰ কোনো সতৰ্কবাণী নিদিয়াকৈ যধেমধে বমি ওলাই আহিল — সেইবোৰ মোৰ হাতত থকা বেগ, কাপোৰ আৰু কাষৰ আসনৰ ওপৰত সিচঁৰতি হৈ পৰিল৷ বহুত লাজ পালোঁ৷ এইটো মোৰ বাবে অত্যাধিক লজ্জাজনক ভ্ৰমণ কাহিনী হোৱাৰ পথত৷ ইতিমধ্যে বেছিভাগ যাত্ৰীয়ে মোৰ ওপৰত উন্মাদ হৈ পৰিছে৷ বেয়া গোন্ধৰ বাবে তেওঁলোকে খিৰিকীবোৰ খুলি ৰাখিবলগীয়া হৈছে, ফলত গাড়ীৰ এয়াৰ কণ্ডিচনাৰ বন্ধ ৰাখিবলগীয়া হ’ল। বাছখনত যাত্ৰীৰ বমি আদি হ’লে ব্যৱহাৰ কৰিব পৰাকৈ কোনো বাল্টি, আৱৰ্জনা পেলনীয়া টেমা বা বেগ জাতীয় একো নাছিল। কিন্তু লাহে লাহে আন যাত্ৰীসকলৰ মনবোৰ হয়তো কোমলিবলৈ আৰম্ভ কৰিছিল৷ সকলোৱে মোলৈ সহায়ৰ হাত আগবঢ়ালে৷  

বাছখনত আন দুজন বিদেশী নাগৰিক আছিল; তাৰে মহিলাগৰাকীয়ে মোক পানী আৰু ঔষধ আগবঢ়াই দিলে। নেপালৰ কোনো এখন চিকিৎসালয়লৈ যাব নোৱাৰালৈকে সেই ১৮ ঘণ্টা ধৰি মই অসুস্থ, আঠাযুক্ত চিটটোৰ ওপৰত, জ্বৰত কঁপি কঁপি বহি থাকিলোঁ৷ আমি হিমালয়ৰ মাজৰ ভয়ংকৰ উপত্যকাবোৰৰ মাজেৰে পাৰ হৈ গ’লোঁ, প্ৰথমবাৰৰ বাবে হিমালয় দেখিলোঁ, বিচিত্ৰময় চহৰবোৰ আৰু বাঘ্ৰ অভয়াৰণ্যবোৰ পাৰ হৈ গৈ থাকিলোঁ৷ ইমান অসুস্থতাৰ মাজত, সেইসময়ত পৃথিৱীৰ আটাইতকৈ অসুবিধাজনক স্থানত, ভাৰতৰ সৌন্দৰ্য্য, আৰু বাটত লগ পোৱা অচিনাকি মানুহবোৰৰ দয়া দেখি মই আচৰিত হৈ পৰিছিলোঁ।

***

যোৱা তিনিদিন নৰকীয় যাতনাত ভুগিছোঁ৷ মোৰ লগৰী হৈ পৰিছে হোটেলৰ টয়লেটটো৷ কেবল বমি কৰিছোঁ আৰু ফ্লাছ কৰিছোঁ৷ একো খাব পৰা নাই, অকণ শক্তি গোটাই নিজকে ওচৰৰ চিকিৎসালয়খনলৈ টানি চোচৰাই নিবলৈও টান হৈছিল৷ নেপালত মাত্ৰ এসপ্তাহ যেনেতেনে কটাই এতিয়া মই পুনৰ ভাৰতত।

ইতিমধ্যে কৰ'ণা ভাইৰাছৰ বিষয়ে বিভিন্ন কথা ওলাইছে৷ মই সমগ্ৰ এছিয়া ভ্ৰমণ কৰিলো, কিন্তু মাৰ্চ মাহৰ আৰম্ভণিতে যেতিয়া মই ভাৰতত উপস্থিত হৈছিলো তেতিয়াও চৰকাৰে কোনো ৰোগীৰ ৰিপৰ্ট দিয়া নাছিল।

মই ভাবিলোঁ যে এইটো ভাৰত অন্বেষণৰ বাবে ভাল সময় হ’ব যিহেতু আমেৰিকা আৰু অন্যান্য ঠাইলৈ উভতি যাবলগীয়া আন বহু ভ্ৰমণকাৰী ভাৰততে বন্দী হৈ পৰিছিল।

লক ডাউন!!!

গোটেই দেশখন মোৰ চাৰিওফালে বন্ধ হৈ পৰিল৷ এইবাৰ মই খাদ্যৰ বিষক্ৰিয়াৰ পৰা আতংকৰ বিষক্ৰিয়ালৈ গ’লোঁ৷

আমি তেতিয়া উদয়পুৰত। মোৰ লগতে আন কেইবাজনো আমেৰিকান আছো গেষ্টহাউচ এটাত। খবৰ আহিল যে ১৪ ঘণ্টা পিছত দিল্লীৰ পৰা এখন বিমান যাব আমেৰিকান সকলক লৈ। কিন্তু মই বিমানবন্দৰলৈ যাব নোৱাৰিলোঁ৷ ভাৰত এৰি যাবলৈ মাত্ৰ ১৪ ঘন্টা বাকী থকাৰ সময়তে উদয়পুৰৰ পৰা দিল্লীলৈ ১০ ঘণ্টীয়া ড্ৰাইভটো অসম্ভৱ যেন লাগিল।

থাকিবলৈ সিদ্ধান্তটো লোৱা হ'ল, মোৰ লগতে আন কেইবাজনো। মোৰ বাবেই?!

গোটেই মাহটোৰ বাবে সেই মৰমলগা অতিথিশালাটোত বন্দী হৈ পৰিলোঁ। সকলো মোৰ পৰিকল্পনাৰ বিপৰীতে হ'বলৈ ধৰিছিল, মাত্ৰ এটা কথাতেই সুখি হৈছিলো যে অসুস্থ হৈ ভাৰতত সময় কটোৱা ঠাইখন আছিল - উদয়পুৰ।

ভাৰতৰ ৰাজপথবোৰ নিস্তব্ধ হৈ পৰিছিল।

এয়া আমেৰিকা ষ্টাইলৰ লকডাউন নহয়। গেলামালৰ বস্তু বা আন অত্যাৱশ্যকীয় সামগ্ৰী ল’বলৈও বাহিৰলৈ যাব নোৱাৰি।

বৰঞ্চ আপুনি আপোনাৰ ঘৰতে থাকিব লাগিব — একোডাল কাঠৰ লাঠিৰ সৈতে মোটা অংকৰ আৰক্ষী বলবৎ কৰা হৈছিল অলিয়ে গলিয়ে। — কেইদিনমানৰ মূৰে মূৰে স্থানীয় বজাৰখন খোলা হ'ল এক নিৰ্ধাৰিত ঘণ্টাৰ বাবে।

লাহে লাহে ভাৰতৰ পৰা ওলোৱাৰ সকলো আশা ম্লান হ’বলৈ ধৰিলে। ক’ভিড-১৯ ক্ষিপ্ৰতাৰে বাঢ়ি গৈছিল। দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও, আমি বাৰে বাৰে ব্যৰ্থ হলোঁ।

গেষ্টহাউচৰ ছাদত বহি, ভাৰতীয় উষ্ণ ৰ’দত শুই, আগতে নেদেখা কিছুমান আটাইতকৈ দৰ্শনীয় সূৰ্যাস্ত চাই সন্ধিয়াবোৰ কটাবলৈ ধৰিলোঁ৷ ইতিমধ্যে লাহে লাহে সুস্থ হৈ উঠিছিলোঁ।

প্ৰতিদিনে সন্ধিয়া ৬ বজাত স্থানীয় লোকসকলে সকলোৱে নিজৰ নিজৰ ছাদলৈ উঠি গৈ পাত্ৰ, কেৰাহী আদিত হাতত পৰা যিকোনো বস্তুৰে খুন্দা মাৰিছিল। এয়া সংহতিৰ চিন, আমি সকলোৱে একেলগে এই কামত সহযোগ কৰিবলৈ ধৰিলোঁ।

অৱশেষত আমেৰিকাই আমাৰ প্ৰত্যাৱৰ্তনৰ বাবে বিমানৰ ব্যবস্থা কৰিলে। উদয়পুৰৰ পৰা দিল্লীলৈ যোৱাৰ পথ বিচাৰিব লগা হ’ল৷ সৌভাগ্যক্ৰমে চালক বিচাৰি উলিওৱাটো কঠিন নাছিল; যোৱা ছয় সপ্তাহ ধৰি বেছিভাগেই কাম কৰিব পৰা নাছিল।

অগণন চৰকাৰী বিষয়াৰ লগত কথা পতাৰ পিছত দূতাবাসে আমালৈ পঠোৱা কাগজ-পত্ৰবোৰ আমাৰ টেক্সিখনৰ উইণ্ডশ্বিল্ডত টেপ কৰি লগাই নিশা দিল্লীলৈ বুলি ৰাওনা হ’লোঁ৷

চাৰিওফালে সান্ধ্য আইন বলবৎ কৰা আছিল। আৰক্ষীৰ বেৰিকেডে আমাক ২৬ বাৰকৈ ৰখালে। কোনোবা ঠাইত যুক্তিতৰ্কৰ সৃষ্টি হ’ল। কিন্তু শেষত আমাক বিমানবন্দৰলৈ যাবলৈ দিয়া হ'ল।

দীঘল কাণৰ গৰু আৰু ঘূৰি ফুৰা বনৰীয়া গাহৰিৰ বাহিৰে ভাৰতৰ সুখ্যাত ১০ লেনযুক্ত ঘাইপথবোৰ তেতিয়া খালী হৈ পৰি আছিল।

ভাৰতত হোৱা লকডাউনৰ বাবে দেশখন চাব বিচৰা ধৰণে সহাৰি নাপালোঁ। তথাপিও উদয়পুৰত মোৰ গেষ্টহাউচৰ ছাদত বৰষুণত নাচি সূৰ্যাস্ত চাই বিশৃংখলতাৰ মাজত কটোৱা সেই মুহূৰ্তবোৰৰ সদায় সোৱাদ ল’ম।

***

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ