প্ৰতিশোধ

 পূজনীয়া মা,

মৰম আৰু সেৱা জনালোঁ।


আশাকৰোঁ দাদা-বৌ আৰু তই কুশলে আছ। বহুদিনৰ পৰা চিঠি এখন লিখিম বুলিও সময় মিলাব নোৱাৰিলোঁ। মনৰ কথাবোৰ খুলি ক'বলৈ কোনোদিনে সাহস নহ'ল। কিমান যে কথা আছিল পাতিবলৈ...!


তহঁতে মোক চাগে কিমান অভিশাপ দিছিলি নহয়নে, এদিন সম্পৰ্কও শেষ কৰি পেলালি। ঠিকেই, মই হয়তো তাৰেই যোগ্য। কিন্তু জাননে মা, এনেকুৱা বহুটো কথা আছে, যিবোৰ তহঁতক কোৱা নহ'ল। আজি এই চিঠিখনৰ অচিলা লৈ কিছু কথা কম বুলি ভাবিছোঁ; কিমান উচিত অনুচিত মই নাজানো। কথাবোৰ তেনেই সহজ যেন লাগিলেও এইখিনি পঢ়ি মোৰ জীৱনৰ জটিলতা সৃষ্টি কৰাৰ আঁৰত প্ৰকৃততে দায়ী কোন এবাৰলৈ বিবেচনা কৰি চাবিচোন।


তহঁতক অমান্য কৰি ৰতনৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত মই আচলতে কেতিয়াবাই ত্যাগ কৰিছিলোঁ। দেউতাক শ্ৰদ্ধা কৰোঁ, তেওঁক অমান্য কৰাৰ সাহস মোৰ নাছিল। আচৰিত হৈছ নহয়নে, হয়তো হাঁহি উঠিছে। সেয়াই স্বাভাৱিক। জাননে - ৰতনেও মোৰ এই সিদ্ধান্তত অকনো আপত্তি নকৰিলেহেঁতেন। 


পিছে কিনো হ'ল? কিয় তেওঁৰ লগত বিয়া হলো, নহয় জানো? 


কৈ আছোঁ ....


তোৰ মনত আছেনে, ৰতনৰ মানসিক ভাৱে দুৰ্বল এগৰাকী ভনীয়েক আছিল; তাইৰ নাম ৰিতু। আমাৰ ঘৰলৈও আহিছিল, তোৰ মনত পৰিবনে নাই নাজানো। বহুতেই তাইৰ কথা ভালদৰে নাজানে কাৰণ সৰুৰে পৰা তাইৰ ওলোৱা সোমোৱা কম। 


দাদাই নিশ্চয় জানিব। তাক শুধিবিচোন-  কোন হয় ৰিতু। 


ৰতনৰ লগত সম্পৰ্ক শেষ কৰিম বুলি সেইদিনা সিহঁতৰ ঘৰলৈ গৈছিলোঁ, তেওঁক অন্তিমবাৰৰ বাবে লগ কৰি মোৰ সিদ্ধান্তৰ বিষয়ে খুলি কম বুলি। 


কিন্তু তালৈ গৈ কি দেখিলোঁ জান? 


গৰ্ভৱতী ৰিতু বিছনাত চটফটাই আছিল! সেই সৰু ছোৱালীজনীৰ পেটত ছমহীয়া কেঁচুৱা; মাক-কেচুৱাৰ অৱস্থা জটিল। ৰতনৰ সৈতে ততাতৈয়াকৈ তাইক হস্পিটেললৈ লৈ যাওঁ যদিও দুটা যঁজা সন্তান জন্ম দি ৰিতুৱে সংসাৰৰ পৰা বিদায় ললে। ৰতনে খঙতে একো নাই হৈ তাইৰ সেই অৱস্থাৰ বাবে দায়ী মানুহজনক বিচাৰি ফুৰিবলৈ ধৰিলে। 

জাননে সেই বদমাছটো কোন আছিল? 


ভাবিব পাৰিবিনে?


সেয়া আন কোনো নহয়, তোৰ মৰমৰ বৰপুত্ৰ, মানে মোৰ দাদা।


অ - সিয়েই কৰিছিল ৰিতুৰ সেই অৱস্থা। এদিন দাদাই বিভীষিকা নমাই আনিলে ছোৱালীজনীৰ জীৱনলৈ। ৰতনে কথাটো ভনীয়েকৰ মুখত গম পাইছিল। বহুত বুজাই বঢ়াই ৰতনক শান্ত কৰি ৰাখিছিল তেওঁৰ পিতৃ-মাতৃয়ে। সকলোবোৰ জানিও মাথোঁ মোৰ এটা কথাতে কোনোদিনে পুলিচৰ ওচৰলৈ নগ'ল ৰতন।

কণমানি দুটাৰ মুখলৈ চাই তেওঁক এৰি তহঁতৰ পচন্দৰ মানুহৰ লগত বিয়াত বহিম বুলি লোৱা সিদ্ধান্ত সলাবলৈ বাধ্য হৈছিলোঁ মই। সেইদিন ধৰি বিতু আৰু ৰিংকিক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰি আহিছোঁ।


ঘটনাটোৱে সকলো সলনি কৰি পেলালে, মা। 


আমি দুয়ো বিয়াত বহিলো যদিও ইজনে সিজনৰ সম্মুখত কোনোদিনে সহজ হ'ব নোৱাৰিলোঁ। বিতু আৰু ৰিংকিৰ মাক-দেউতাকৰ অভিনয় কৰি গলোঁ মাথোঁ। মনৰ মানুহজনৰ মৰমৰ স্পৰ্শৰ বাবে বছৰৰ পিছত বছৰ অপেক্ষা কৰিও বাৰে বাৰে নিৰাশ হৈ পৰিলোঁ। লাহে লাহে মোৰ অৰ্ধমৃত দেহ-মন আৰু ভাগি আহিল।


মোৰ পৰা আতঁৰি থাকি তেওঁ মোক শাস্তি দিছিল, দাদাৰ প্ৰতি মনতে জ্বলি থকা প্ৰতিশোধৰ জুইকুৰা হয়তো তেওঁ তেনেদৰেই নুমুৱাবলৈ চেষ্টা কৰিছিল। 

কিন্তু লাহে লাহে সেই জুইকুৰা বেছি হৈ আহিল, লগতে বাঢ়ি আহিল মোৰ মানসিক শাস্তিৰ পৰিমাণ। বিভিন্ন সময়ত আমাৰ শোৱনীকোঠাৰ বিছনাত মোৰ নিৰ্দিষ্ট ঠাইকণ অধিকাৰ কৰিবলৈ ধৰিলে বিভিন্ন ভাড়াতীয়া মহিলাবোৰে। সকলোবোৰ নিজ চকুৰে দেখি-শুনি সহ্য কৰি শহুৰ-শাহুৰ কোঠাতে সোমাই থকা হলোঁ। তেওঁলোকেও চকু কাণ মুদি সকলো সহ্য কৰি গ'ল। কেতিয়াবা শাহুমায়ে মোক নিজৰ বুকুৰ মাজলৈ টানি ভাগ্যক ধিয়ালে। 


বহুদিন নিজকে শেষ কৰিবলৈ ওলাইও নোৱাৰিলোঁ, কিন্তু আজিকালি তেওঁ বিতু আৰু ৰিংকিৰ গাত হাত দিবলৈ লৈছে। সিহঁতৰ ওপৰত অত্যাচাৰ সহিব নোৱাৰা হৈ আহিছোঁ - লগতে সহিব নোৱাৰা হৈ পৰিছোঁ মোৰ শোৱনীকোঠাত আন নাৰীৰ হাঁহি-খিকিন্দালিবোৰ। 


আজি তোক বহুকথা কলো। দেউতা জীয়াই থাকোঁতে এইখিনি কথা খুলি ক'ব নোৱাৰিলোঁহেতেন। চিঠিখন তোৰ হাতত পৰা সময়লৈ হয়তো এই পৃথিৱীৰ পৰা বহু দূৰলৈকে আতঁৰি যাম। 

মা, আহিবিনে মোক এবাৰ চাবলৈ? 


মোৰ মুখ নাচালেও বিতু আৰু ৰিংকিক এবাৰ সাবটি ল'বলৈ আহিবিনে?


বাৰু বহু দীঘলীয়া হ'ল। তহঁত আটাইৰে মঙ্গল কামনা কৰিছোঁ, কুশলে থাকিবি। মূল্যবান সময়বোৰ অপচয় কৰাৰ বাবে আকৌ এবাৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ।



ইতি-

তোৰ দুৰ্ভগীয়া সন্তান


Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ