বন্ধু
কেইদিনমানৰ পৰা শৰীৰটো সিমান ভাল নহয়। মনটোও বেয়া। সকলোৰে পৰা আতঁৰি ফুৰিছোঁ। কিয়, নাজানো! ভূত-ভবিষ্যতৰ ভিন্ন চিন্তা-পৰিকল্পনাৰ মাজত সীমাবদ্ধ হৈ নিজৰেই অনিষ্ট মাতি আনিছা। ইমান ষ্ট্ৰেছ্ কিয় লোৱাহে ডেকাল'ৰা? এক্সাৰচাইজ কৰা, ব্লাড প্ৰেচাৰটো তেনেকৈয়ে ঠিক হ'ব। - ডা° ৰঙ্গাৰাওৰ শেষ কথা। মোৰ হেনো বেলেগ একো বেমাৰ নাই! সচাকৈয়ে চিন্তা বেছিকৈ কৰিছোঁ নেকি! আজিকালি কথাবোৰ সহজভাৱে কিয় ল'ব নোৱাৰা হলো? আচলতে সহজভাৱে লোৱাৰ কথাও নহয়। অন্ততঃ মোৰ বাবে নহয়। - অহংকাৰী হৈ পৰিছোঁ নেকি? কিন্তু অহংকাৰ কৰিবলৈ আছেনো কি মোৰ! লগৰবোৰে আজিকালি খবৰ এটা ল'বলৈও এৰিলে। কোনো কথা নাই - মইও দেখোন সিহঁতৰ খবৰ লোৱা নাই! কিন্তু ঘৰৰ মানুহে? তেওঁলোকেও পাহৰিলে নে? আজিকালি মায়ে একেবাৰে ফোন নকৰে। দেউতা ঢুকুৱাৰ পৰা সকলোবোৰ কিবা যেন সলনি হ'ল। জ্যোতিদাৰ জিমলৈ গৈছিলোঁ সিদিনা, এসোপামান গালি দিলে। - এই বয়সত এইবোৰ কৰিব নালাগে দে, অলপ বেগাই খোজকেই কাঢ়। - পুৰণি চাইকেল এখন আছে, সেইখনকে ঠিক কৰি লওঁ নেকি জ্যোতিদা? আগ্ৰহেৰে সোধা কথাটোত মানুহজনে আপত্তি নকৰিলে। চহৰৰ বিখ্যাত শৰীৰচৰ্চাবিদ গৰাকীৰ পৰা গ্ৰীণ চিগনেল প