Posts

Showing posts from February, 2021

ৰে'ল ঐ ৰে'ল

খবৰটো শুনি তাই এক মুহূৰ্ত্তও নৰ’ল। নৰিয়া গাটোৰেই অৰণ্যৰ পিছৰ ৰেল লাইনৰ দিশে দৌৰ দিলে। সেইখিনিলৈ পথাৰৰ মাজেৰে অলপ বাট। পেটৰ সন্তানটোৱে কষ্ট পাব বুলি যিমান পাৰে সযতনে খোজ দিছিল তাই। পথাৰৰ পৰা ছফুটমান ওখ ৰেলৰ লাইনটোত কেনেবাকৈ উঠি ৰাণী আগুৱাই গ'ল। ৰেলৰ আলিৰ তপত শিলৰ টুকুৰাবোৰে ভৰিৰ তলুৱাত কৰা আঘাতলৈ কাণসাৰ কৰিবলৈ তেতিয়া সময় নাই। অলপ আগলৈ পথাৰৰ মাজত মানুহৰ জুম এটাই কিবা ঘেৰাও কৰি থকা দেখি মনটো দূৰু দূৰুকৈ কঁপি উঠিল। আগুৱাই গৈ জুমটোৰ মাজত ওপৰৰ পৰাই দেখিবলৈ পালে সিহঁত দুয়োটাকে। হয়, মানুহৰ মাজত সেয়া তাইৰ প্ৰীয়তম আৰু কাষতে শুই আছে সিহঁতৰ মৰমৰ প্ৰথম সন্তানটি। দুয়োৰে সৰ্বশৰীৰ তেজেৰে ৰাঙলী। বুকুখন চিৰিং কৈ গ'ল তাইৰ। দুচকুৰে তপত চকুলো ওলাই আহিল। পেটৰ সন্তানটোলৈ ভাবি বুকুখন বিষাবলৈ ধৰিলে, সিযে কেতিয়াও বাপেক আৰু ককায়েকৰ মুখেই দেখা নাপাব! ৰাণীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তাইৰ গগনচুম্বী চিঞৰত সকলোৰে কাণ তাল মাৰি গ'ল। সেই চিঞৰত পিছফালৰ পৰা আহি থকা দৈত্যাকৃতিৰ বৃহৎ ৰেলৰ ইঞ্জিনটোলৈ তাই মনেই নকৰিলে। তলত পথাৰৰ মাজৰ মানুহ খিনিয়ে চিঞৰি বাখৰি তাইক ৰেলৰ আলিটোৰ পৰা নমাই আনিবলৈ বহু চেষ

পাংচাৰ

#পাংচাৰ বহল চাৰিআলিটো এৰি এইখিনি অলপ ঠেক বাট। পাহাৰৰ মাজৰ শিল কাটি বনোৱা অঞ্চলটোত মানুহৰ বসতি নাই বুলিবই পাৰি। পথৰ দুয়োকাষে যিফালেই চকু যাই কেৱল খালি পথাৰ। কোনোবাখিনিত দুই একোটা সৰু ডাঙৰ টিলাৰ দৰে। আশে পাশে দোকান-পোহাৰ এখনো নাই। মাজে মাজে দুই একোখন ট্ৰাকে বৃহৎ শব্দ কৰি পাৰ হৈ যোৱাৰ বাহিৰে গোটেই পথটোতে মৰিশালীৰ নিস্তব্ধতা। আকাশত কেইটামান শগুনে চিঞৰি আছে। পৰিবেশটো জয়াল। এফালে অচিনাকি ঠাই, তাতে এই ভৰ দুপৰীয়াখন জিৰণি ল'বলৈ ওচৰে পাজৰে গছ এজোপাও নাই। সিফালে আকৌ পাঁচবজাৰ আগতে গন্তব্যস্থল পাবগৈ লাগিব। ইতিমধ্যে তিনিটা বাজিল। সম্মুখত এতিয়াও ৬০-৭০ মাইল। ঘৰৰ পৰা দেৰিকৈ ওলোৱা বাবে নিজৰ ওপৰতে খঙটো উঠি আহিল। পিছে খং উঠাৰ প্ৰকৃত কাৰণটো বেলেগ। অলপ আগতে মটৰ চাইকেলখনৰ সম্মুখৰ চকাটো ফুটি থাকিল। সেইখন টানি টানি এই মৰিশালী যেন ঠাইডোখৰৰ মাজেৰে আহি আছোঁ অকলে। পাংচাৰ ভাল কৰা দোকান বাদেই, এটা কুকুৰো লগপোৱা নাই বাটত। জনপ্ৰাণী শূণ্য পথটোৰে ৰ'দত ঘামি জামি ডেৰ কুইণ্টল ওজনৰ বৃহৎ মটৰ চাইকেলখন ঠেলি নিয়াটো ধেমালি কথানে। মাত্ৰ এক কিলোমিটাৰ ঠেলোতেই অণ্ঠ-কণ্ঠ শুকাই জীৱটো উৰি যোৱা যেন লাগিছে। ভৰিদুখনো অচল হৈ আ

অকলশৰীয়া

  ২০২৭ চন। অকলশৰীয়াকৈ ১৩১৭ দিন :- : হেল্ল' হেল্ল' হেল্ল'......মাইক টেষ্টিং। হেল্ল' হেল্ল'! কোনোবা আছে নেকি ক'ৰবাত? কোনোবাই শুনিছেনে মোৰ মাত? এয়া এফ এম বেণ্ড ৯১১ ৰ পৰা মোৰ ইমাৰজেঞ্চী ব্ৰডকাষ্ট নং ১৩১৭। যদিহে কোনোবা এতিয়াও জীয়াই আছে আৰু নিজকে ঘৰৰ ভিতৰত সুমুৱাই ৰাখিছে, অক্সিজেন মাস্ক নোলোৱাকৈ বাহিৰলৈ কোনেও নোলাব। কোনোবা যদি আছে মোৰ লগত সম্পৰ্ক কৰক। বাহিৰৰ বতাহ এতিয়া সম্পূৰ্ণ বিষাক্ত। চৰকাৰী উপদেশ নামানি সাধাৰণ কাপোৰৰ টুকুৰা এটা নাকে মুখে নলগোৱাকৈ সকলো কাম বিনাদ্বিধাই কৰি ঘুৰি ফুৰোতে কৰোণা এতিয়া বতাহৰ প্ৰতিটো কণিকাত মিশ্ৰিত আৰু যোৱা ছটা বছৰত আমি প্ৰায় সকলোকে হেৰুৱালোঁ। সমগ্ৰ পৃথিৱী এতিয়া মানৱবিহীন। মই বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিটালৰ ২০৮ নং কোঠাত। হস্পিটালৰ ওচৰৰ এই অঞ্চলটোত হয়তো এজনো মানুহ জীৱিত অৱস্থাত নাই। সমগ্ৰ গুৱাহাটীৰ ভিতৰত মই অকলশৰীয়া আৰু কিমান দিন বাছি থাকিব পাৰিম তাৰো কোনো ভৰষা নাই। মোৰ লগত প্ৰায় ৪৫ টা অক্সিজেন চিলিণ্ডাৰ আৰু কিছু পৰিমানৰ খাদ্য এতিয়াও মজুদ আছে। কোনোবা যদি জীয়াই আছে আৰু ইয়ালৈ আহিবলৈ সক্ষম, মই কিছুদিনৰ বাবে অক্সিজে

প্ৰেৰণা

Image
  নিশা ১০ : ৪৫ বাজিছে। দিনটোৰ কামখিনি যেনেতেনে সামৰি ঘৰলৈ ওলাইছোঁ। এইকেইদিন প্ৰায় দেৰি হয়। যদিও শিক্ষক নহ ' লো , শিক্ষাৰ লগত অলপ আওহতীয়াকৈ জড়িত মোৰ কামটো। ল ' ৰা ছোৱালীখিনিক চেমিষ্টাৰটোৰ আৰম্ভণিতে অলপ গাইড কৰি দিব লাগে। গেৰেজটো অফিচৰ ঠিক তলতে। নামি আহি স্কুটাৰখন উলিয়াবলৈ লৈ   কিছু সময় ঠমকি ৰলো। মোৰ দৃষ্টি তেতিয়া সম্মুখৰ পথত। এজন দিন হাজিৰা কৰা ব্যক্তি , হয়তো ঘৰলৈ ওভতিছে। এখন হাতত এটা টোপোলা আৰু আনখন হাত ভঙা চাইকেলখনৰ হেণ্ডেলত। চাইকেলখন পথৰ মাজতে ৰখাই তেওঁ দাঁতিত শুবলৈ লোৱা গাইজনীৰ ওচৰলৈ আগবাঢ়িছে। তাই সেইখিনিতে শুৱে , ঠিক আমাৰ গেৰেজটোৰ সম্মুখত। মই ওলাই আহোঁতে ডিঙিটো জোকাৰি মোকো মাত এসাৰ লগায়। টোপোলাটোৰ পৰা এআশি কল উলিয়াই মানুহজনে গাইজনীলৈ আগুৱাই দিছে। তাইও শুই থকাৰ পৰাই আত্মতৃপ্তীৰে কলকেইটা খাইছে। মানুহজনৰ চকুদুটা জিলিকি উঠিছে , হয়তো আন এক আত্মতৃপ্তী তেওঁৰ চকুত। লাহেকৈ মোবাইলটো উলিয়াই দৃশ্যটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মোৰ চকুদুটা এবাৰ স

হুড়হুড়

  কৰ্মসূত্ৰে   বিশাখাপট্টনমত থাকোঁ। সাগৰীয় উপকূল হোৱাৰ লগতে এইখন চহৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাত অৱস্থিত এটা বিশেষ বন্দৰ। ইয়াতেই আছে ভাৰতীয় নৌ সেনাৰ দক্ষিণ পূৱ ৱিঙৰ মূখ্য কাৰ্যালয়। বৰষুণ তেনেকৈ নহয় , ঠাইডোখৰ অত্যন্ত গৰম। যিকোনো সময়তে উপকূলীয় এলেকাবোৰত জলবায়ু পৰিবৰ্তন হয়। ২০১৪ চনৰ অক্টোবৰ মাহ। হঠাতে ভাৰতীয় বতৰ নিয়ন্ত্ৰণ শাখাই খবৰ দিলে এটা সাগৰীয় ধুমুহা চহৰখনৰ দিশে আগবাঢ়ি আহিছে। যিকোনো সময়তে ঘূৰ্ণিবায়ুজাকে   চহৰখনত কোবাই থৈ যাব পাৰে। পিছে কথাটোত কোনেও গুৰুত্ব নিদিলে। উপকূলীয় ঠাইত এয়া তেনেই সাধাৰণ ‌ কথা। বতৰ বিজ্ঞানীসকলে হ ' ব পৰা ভয়াবহতাৰ কথা বাৰে বাৰে সকিয়াই দিছিল। তেওঁলোকৰ মতে এই ধুমুহাজাকৰ গতিবেগ ঘণ্টাত প্ৰায় ২৪০ মাইল , মানে প্ৰায় ৩০০ কিলোমিটাৰ প্ৰতিঘণ্টালৈ হোৱাৰ সম্ভাৱনা । চহৰখনৰ মানুহখিনিয়ে এনেকুৱা কিবা হ ' ব বুলি সপোনতো ভবা নাছিল আৰু এটা সাধাৰণ সাগৰীয় ঘূৰ্ণিবায়ু বুলিয়েই ধৰি থাকিল।  কিন্তু  চৰকাৰী ভাৱে তৎপৰতা লোৱা হ’ল। এন ডি আৰ

কৰোণাৰ_তিতা_মিঠা

  সমগ্ৰ বিশ্ব বৰ্তমান কৰোণাৰ গ্ৰাসত। পিছফালে ঊনৈশৰ নেগুৰডাল লগাই অহা ভাইৰাছটোৱে ( COVID-19) গোটেই পৃথিৱীতে যেন টুৱেণ্টি টুৱেণ্টি ( ২০২০ ) হে খেলিছে। ইতিমধ্যে বহুটো ডাঙৰ ডাঙৰ উইকেট পৰিল , আন বহুতেই ৰিটায়াৰ্ড হাৰ্ট হৈ ইন্টেনছিভ্ কেয়াৰত শোৱাপাটি ল ' লে। বিভিন্ন দেশৰ বেটছমেন সকল এতিয়াও সফল হ ' ব পৰা নাই এইপালি বলাৰৰ বিৰুদ্ধে খেলিবলৈ। খেলখন কিমান দীঘলীয়া হয় সময়েহে ক ' ব ; হ ' লেও আমি আশাবাদী এজন ভাল বেটছমেন ওলাব আৰু হিমালয়ৰ সিপাৰৰ পৰা অহা এইগৰাকী বলাৰক অতি সোনকালেই প্ৰতিহত কৰিবলৈ সক্ষম হ ' ব। তেনে বেটছমেনৰ সন্ধানত জোৰদাৰ টেষ্ট মেটছ চলি আছে। এই সময়চোৱাই আমাক বহুতো নতুন কথা শিকালে। এনেকুৱা মহামাৰী হেনো আগতেও হৈছিল , পিছে আমাৰ বাবে এয়াই প্ৰথম। 'Pandemic' শব্দটো আগতে শুনা মোৰ মনত নাই। এই সময়চোৱাত তিতা - মিঠা বহুতো অভিজ্ঞতাই আমাকো কঁপাই গ ' ল। সকলোবোৰ লিখা সম্ভৱ নহয় যদিও দুই এটা লিখিবলৈ চেষ্টা কৰিছোঁ। মিঠাৰ পৰাই আৰম্ভ কৰোঁ ন ! এই