Posts

Showing posts from July, 2022

পুনঃ বিক্ৰম বেতাল

মঙ্গলবাৰে পুৱাৰ পৰা অৰবিন্দ গোসাঁইৰ ঘৰখন উখল মাখল। ঘৰত মন্দিৰৰ প্ৰতিমা পুনঃ স্থাপন কৰা হ'ব। যুদ্ধকালীন ব্যস্ততাৰ মাজতো বাৰে বাৰে নঙলাৰ মুখলৈ চাব এৰা নাই তেওঁ। সময়বোৰ বাগৰি গৈ আছে। এসময়ত পুৱাৰ বেলিটো গৈ ঘৰৰ মুধচ পালে। মানসদেউ অহা কথা আছিল পুৱাতেই, পিছে এতিয়ালৈকে খবৰ নাই। : কি বা হ'ল, দেউৱে পাহৰিলে নেকি পূজাভাগৰ কথা? যোৱা দুদিন পুনৰাই খবৰ কৰাও নহ'ল, যিহেতু তেওঁ সেইদিনা আহিম বুলি কথা দিছিল৷ ইফালে আলহিৰে ঘৰখন ভৰি পৰিছে৷ আজি কেনেবাকৈ কেনচেল হ’লে আকৌ একেখিনি মানুহৰে পুনৰ এদিন খোৱা-মেলাৰ ব্যৱস্থা…! চেহ! কথাবোৰ ভাবি ভাবি অৰবিন্দ গোসাঁইৰ মূৰটো ঘূৰাবলৈ ধৰিলে। পানী এগিলাছ ডিঙিত লৈ গোসাঁই চকীখনতে বহি পৰিল৷ দেউলৈ দুবাৰমান ফোনটো লগালে, পিছে তেওঁৰ নম্বৰটো ৰিঙেই নহয়। কিবা এটা ভাবি অৰবিন্দই এইবাৰ চাইকেলখন লৈ বাটলৈ ওলাল। উত্তেজনাতে টিলিঙাটো দুবাৰমান এনেই বজাই হেণ্ডেলডাল পোনালে দেউৰ ঘৰ অভিমুখে। বাটত বাৰে বাৰে মানসদেউৰ কথাই ভাবি গৈ থাকিল। দেবজিতৰ ঘৰত দুপৰীয়া শিৱপূজাভাগ কৰাৰ কথা মানসদেউৱে। কʼৰবাত সেইফালেই …….! মানস দেউৰ চোতালত উঠি গম পালে দেউ হেনো পুৱাই ওলাই গৈছে, অৰবিন্দৰ ঘৰলৈকে বুলি। তেন

ভিক্ষাৰী

মোৰ নাম সীমান্ত বৰুৱা৷ আপোনালোকে হয়তো এই নামটো পাহৰি গৈছে৷ এসময়ত বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিলোঁ মই৷ চিনাকি যেন লাগিছেনে বাৰু? কোনোবাই হয়তো ভাবিছে - ই আকৌ হঠাতে ক’ৰপৰা ওলাল, নহয়নে? সেই যে গছজোপা দেখিছে সম্মুখত, তাতেই সোমাই আছোঁ মই৷ এতিয়া হয়তো আপোনাৰো মনত পৰিব মোৰ কথা৷ বাতৰি কাকত পঢ়ে নহয়? আমাৰ, মানে সীমান্ত আৰু পৰীনিতাৰ বিয়া হোৱা প্ৰায় আঠমাহ মান হৈছিল। কিন্তু বিয়াৰ পিছৰ পৰাই দুয়োটাৰ মাজত সৰু সুৰাকৈ খুটুং খাটাং লাগি থকা হ’ল। মনৰ অশান্তিতে আবেলি সময়ত কাৰখন লৈ ওলাই যাওঁ, একেবাৰে মাজনিশা হে ঘৰ সোমাওঁ। বন্ধু বান্ধৱৰ লগত আড্ডা দি ফুৰোঁ। আড্ডাত মদ, জুৱাও চলে। কেইদিনমান মাৰিজুৱানাও ধৰিলোঁ৷ মোৰ কাম-বন বিশেষ নাই, কেতিয়াবা মন গলে দেউতাৰ ব্যৱসায়ত অলপ সহায় কৰি দিওঁ। তাৰমাজতো আমি দুয়ো ভালে থাকিবলৈ যত্ন কৰোঁ, ইজনে সিজনক অলপ সময় দিয়াৰ চেষ্টা চলি থাকে দুয়োফালৰ পৰা৷ সেইদিনা পৰীৰ অনিচ্ছা স্বত্তেও তাইক লৈ ওলাই আহিছিলোঁ। হাইৱেৰে ১০০ ৰ ওপৰত নগলে কিবা গাড়ী চলোৱা যেনেই নালাগে চোন। পৰীয়ে বাৰে বাৰে বেছি বেগত চলাবলৈ মানা কৰি আছিল। কিন্তু তাইৰ কথাত গুৰুত্ব নিদিলোঁ। "কোনোদিনে গাড়ী চলাই পোৱা নাই, কা