ভিক্ষাৰী

মোৰ নাম সীমান্ত বৰুৱা৷

আপোনালোকে হয়তো এই নামটো পাহৰি গৈছে৷ এসময়ত বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিলোঁ মই৷ চিনাকি যেন লাগিছেনে বাৰু? কোনোবাই হয়তো ভাবিছে - ই আকৌ হঠাতে ক’ৰপৰা ওলাল, নহয়নে?

সেই যে গছজোপা দেখিছে সম্মুখত, তাতেই সোমাই আছোঁ মই৷ এতিয়া হয়তো আপোনাৰো মনত পৰিব মোৰ কথা৷ বাতৰি কাকত পঢ়ে নহয়?

আমাৰ, মানে সীমান্ত আৰু পৰীনিতাৰ বিয়া হোৱা প্ৰায় আঠমাহ মান হৈছিল। কিন্তু বিয়াৰ পিছৰ পৰাই দুয়োটাৰ মাজত সৰু সুৰাকৈ খুটুং খাটাং লাগি থকা হ’ল। মনৰ অশান্তিতে আবেলি সময়ত কাৰখন লৈ ওলাই যাওঁ, একেবাৰে মাজনিশা হে ঘৰ সোমাওঁ। বন্ধু বান্ধৱৰ লগত আড্ডা দি ফুৰোঁ। আড্ডাত মদ, জুৱাও চলে। কেইদিনমান মাৰিজুৱানাও ধৰিলোঁ৷ মোৰ কাম-বন বিশেষ নাই, কেতিয়াবা মন গলে দেউতাৰ ব্যৱসায়ত অলপ সহায় কৰি দিওঁ।

তাৰমাজতো আমি দুয়ো ভালে থাকিবলৈ যত্ন কৰোঁ, ইজনে সিজনক অলপ সময় দিয়াৰ চেষ্টা চলি থাকে দুয়োফালৰ পৰা৷ সেইদিনা পৰীৰ অনিচ্ছা স্বত্তেও তাইক লৈ ওলাই আহিছিলোঁ। হাইৱেৰে ১০০ ৰ ওপৰত নগলে কিবা গাড়ী চলোৱা যেনেই নালাগে চোন। পৰীয়ে বাৰে বাৰে বেছি বেগত চলাবলৈ মানা কৰি আছিল। কিন্তু তাইৰ কথাত গুৰুত্ব নিদিলোঁ।

"কোনোদিনে গাড়ী চলাই পোৱা নাই, কাৰো গাড়ীত বহি পোৱা নাই, তাই আকৌ মোক শিকাবলৈ আহিছে গাড়ী কেনেকৈ চলাব লাগে?!"

: হা হা! বাদ দিয়াহে, একো নহয় দিয়া৷ — বুলি এক্সেলেটৰ ডালত আৰু জোৰেৰে হেছি ধৰিলোঁ।

কিছুদূৰ যোৱাৰ পিছত হঠাতে ভিক্ষাৰী এজন পাৰ হৈ গ’ল। ইমাৰজেঞ্চি ব্ৰেকডাল ধৰি কেনেবাকৈহে গাড়ী খন ৰাস্তাৰ কাষত ৰখালোঁ। নামি গৈ বুঢ়া মানুহজনক ভাল ধমক এটা দিলোঁ। এই বোৰে জানি-শুনি মানুহৰ গাড়ীৰ আগত পৰিবলৈ আহে। মুখেৰে ভোৰভোৰাই আহি গাড়ীত উঠিলোঁ।

তেনেতে পৰী গাড়ীখনৰ পৰা নামি গ’ল। বুঢ়া মানুহজনক হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলে। হাতত এশটকীয়া নোট এখনো গুজি দিয়া দেখিলোঁ৷

: আমি দুয়ো কথাত ব্যস্ত থাকোঁতে আপোনাক নেদেখিলোঁ খুড়া, ক্ষমা কৰি দিব দেই।

: হ’ব যা আই। তেওঁৰ কথাত মই বেয়া পোৱা নাই৷

: নতুনকৈ বিয়া হৈছোঁ আমি, আশিৰ্বাদ কৰিবচোন।

বৃদ্ধজনে সোঁহাতখন তাইৰ কঁপালৰ আগত ৰাখি হাঁহি এটা মাৰি মুখলৈ চাই ৰ’ল। অলপ পিছত তাই আঁতৰি আহি গাড়ীত বহিল।

: কি দৰকাৰ? এই ভিক্ষাৰীবোৰৰ প্ৰতি ইমান দৰদ দেখুৱাব নালাগে দিয়া! ইচ্ছা কৰি কৰে ইহঁতে এইবোৰ৷ গাড়ীৰ সম্মুখত আহি পৰিব আৰু পইচা দাবি কৰিব৷ - অলপ ধমক দি ক’লো তাইক৷

: এওঁলোক কেওকিছু নোহোৱা বুঢ়া মানুহ। কিবা এটা কৰি খোৱাৰ শক্তি নাই দেহত, সেয়ে ভিক্ষা বিচাৰি ফুৰিছে। এওঁলোকৰ ওপৰত দাদাগিৰি দেখুৱাই কি পাবা তুমি? কিছুমান যে আছে, সম্পূৰ্ণ কৰ্মক্ষম হৈও আনৰ ওপৰত নিৰ্ভৰ কৰি খোৱাৰ কথা ভাবে, সেইবোৰক তুমি কি কবা? কোন প্ৰকৃততে ভিক্ষাৰী, কোৱাচোন?

: এই এই এই পৰী….কাৰ কথা কৈছা? তুমি মোকেই কোৱা নাইতো?.......খঙে চুলিৰ আগ পাইছিল মোৰ।

: তোমাৰ দৰে কিছুমান মানুহৰ কথাই কৈছোঁ সীমান্ত। দেউতাই কিমান কষ্ট কৰি আমাক পঢ়ুৱাইছিল, সেয়া আমি জানো। সামান্য পোষ্টমাষ্টৰৰ চাকৰিটোৰে কেনেকৈ বিয়াখন পাতিছে, ভাবিলেও দূখ লাগে। তোমাৰ মায়ে বিচৰা আটাইখিনি টকা ক'ৰ পৰা যোগাৰ কৰিছিল, সেয়া গমেই নাপাওঁ। তাৰ ওপৰতে আকৌ তুমি বিচৰা এই মাৰুটী ছিয়াজখন। উফ্, মোৰ ভাবিবই ভয় লাগে। তুমিয়েই কোৱাছোন, কোন প্ৰকৃততে ভিক্ষাৰী। সেই বুঢ়া মানুহজন নে……!!

তাইৰ কথাখিনি সম্পূৰ্ণ হ’বলৈ নিদিলোঁ। ঠাছ্ কৈ এটা শব্দ হ'ল! ৰঙা গালখন হাতেৰে ঢাকি উচুপিব ধৰিলে তাই।

'এই মিডলক্লাছ মেন্টেলিটীবোৰ। নোৱাৰি আৰু সহ্য কৰিব'। 
মনতে ভোৰভৰাই ঘৰৰ পিনে গাড়ীখন পোনাই দিলোঁ। মূৰটো বিষাই আহিছিল, সোনকালেই এপেগ লাগে মোক৷

তাৰ পিছত কি হ’ল একেবাৰে গম নাপালোঁ৷ দুদিনৰ পিছত নিজকে এই ভঙা গছজোঁপাৰ ভিতৰত আবিস্কাৰ কৰিছিলোঁ৷ পৰী আশে পাশে নাছিল৷ চাৰিওফালে তেজৰ চেকুৰাবোৰ তেতিয়াও পৰি আছিল৷ সেইবোৰ আমাৰ দুয়োৰে তেজ৷ গছজোপাৰ ভিতৰলৈ আমাৰ গাড়ীখন তেতিয়াও সোমাই আছিল৷ সম্মুখৰ ভাগটো সম্পূৰ্ণকৈ ঠেতেঁলি যোৱা৷ হয়তো সেইখন সহজতে টানি উলিয়াব পৰাত নাছিল৷

মোৰ মৃত্যু হ’ল ইয়াতে৷ পৰী হেনো জীয়াই আছে৷ কিন্তু তাই কথা ক’ব নোৱাৰে৷ চলা ফুৰাও একেবাৰে নাই৷ আজিকালি হূইল চেয়াৰখনেই সাৰথি৷ মই যাব পৰা নাই তাইক চাবলৈ৷ এই গছজোপাৰ মাজতে সোমাই আছোঁ৷ এতিয়া নতুনকৈ এজোপা গছ ওলাইছে মোৰ বুকুত৷ সিওঁ আমাৰেই সন্তান৷ পৰীৰ গৰ্ভত থিতাপি লোৱা, সেইদিনা মই হত্যা কৰা ল’ৰাটো৷ তাৰ শৰীৰত হাড়, মাংস হয়তো বিকশিত হ’বলৈকে নাপালে৷ আজি সি মোক ছাঁ দিব পৰা হ’ল৷

বাতৰি কাকতত ওলাইছিল ঘটনাটো, আপোনাৰ বাৰু মনত আছেনে?

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ