Posts

Showing posts from November, 2019

শিৱৰ হাৰ্ট

ছবছৰীয়া ল ' ৰাটোক ব্ৰাছ কৰাই থাকোঁতে ৰাতিপুৱা : পুতেক : দেউতা , মই dream অত শিৱ নমো মৰি যোৱা দেখিছোঁ । বাপেক : মানে ? পুতেক : মানে সপোন । সপোনত শিৱ নমোৰ death হৈ গৈছে । বাপেক : অ ' হয় নেকি ? পিছে শিৱ নমো নমৰে নহয় , তেওঁ ভগৱান । পুতেক : ভগৱানৰ হাৰ্ট নাথাকে নেকি , দেউতা ? বাপেক : হমম্ এইটো ভাবিব লাগিব । শিৱ নমোৰ হাৰ্ট বা আছে নে নায় ! তেনেতে পাকঘৰৰ পৰা বাচন ধুই থকাৰ মাজতে মাকে মাত দিছে - মাক : শিৱ নমোৰ হাৰ্ট নাই অ ' বোপাই ! থকা হলে পুৱাৰ কামখিনিত মোক অলপ সহায় কৰি দিব বাপেৰক নকলে হয়নে ? পুতেক : মা ! তুমিযে কি কৈ থাকা নহয় ..... দেউতাই মোক ব্ৰাছ কৰাই দিছে , তোমাক ৰাইছ বনাই দিছে .... নমোৰ হাৰ্ট আছে । বাপেক : নাই অ ' বোপাই নাই , নমোৰ পাক্কা হাৰ্ট নায় ! :) :) :) ********************

লাইকহলিক

Image
লাইক লাগে , লা ...... ই ........ ক ? কমেণ্ট লাগে , ক ..... মে ....... ণ্ট ? টেগ্ কৰিম নেকি ...... কাৰোবাক ? ১০০  টকা ......১০০  টকা ......... এবটল লাইক মাত্ৰ  ১০ ০ টকা ...... দুবটল কিনিলে ..... এবটল ফ্ৰি ....... আহক , আহক ....... লাইক কিনক ..... .কমেণ্ট কিনক...... . শ্বেয়াৰ কিনক ....... ।। ঘৰৰ কাষৰ ৰাস্তাটোৰে কোনোবাই চাইকেল এখন লৈ চিঞৰি পাৰ হৈ  গ'ল । খিৰিকীৰ পৰ্দাখন আঁতৰাই তাক মাতিলোঁ ....... : অই লাইকৱালা এইফালে   আহ । পিছে মোৰ কণমানি মাতটো তাৰ কাণত সোমাল নে নাই গম নাপালোঁ । ভাত পানী খাব নোৱাৰা হৈছোঁ , সৰ্বশৰীৰত বিষ , যন্ত্ৰণা । খোঁজ পাতিবও  পৰা নাই , কিছুদিন হ ’ ল বিছনাত পৰি আছোঁ । লাইক , কমেণ্ট , শ্বেয়াৰ , টেগ , এইবোৰেই খাওঁ আজিকালি ।  পিছে  বহুদিন হ ’ ল , এইবোৰৰ চাপ্লাই কমি ছে ।  ডাক্তৰৰ মতে আনক হানি খুচি কথা ক'ব নজনাৰ বাবেই এই অৱস্থা। দেহত ভীষণ জ্বৰ। শৰীৰত অকণো লাইক বাচি থকা নাই, ফলস্বৰূপে দুৰ্বল হৈ বিছনাতে পৰি আছোঁ। লাইকৱালা জনে হয়তো মোৰ মাতটো শুনিছিল । সি আহি কম্পিউটাৰটোত

স্বামিয়ে শৰণম্ আয়াপ্পা

দক্ষিণ ভাৰতৰ সাবৰিমলা মন্দিৰৰ বিষয়ে হয়তো সকলোৱেই জানে । ভগৱান ' আয়াপ্পা স্বামী ' ৰ দৰ্শনৰ বাবে প্ৰসিদ্ধ এই মন্দিৰ কেৰেলাত অৱস্থিত । পট্টনমটিট্টা জিলাৰ ' পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ ' ৰ ভিতৰত ১৮ খন পাহাৰ আৰু ঘন জংঘলেৰে আৱৰা সুউচ্চ সাবৰিমলা পৰ্বতৰ ওপৰত ভগৱান পৰশুৰামে এই মন্দিৰ নিৰ্মাণ কৰিছিল বুলি কোৱা হয় । মন্দিৰত ভগৱান ' আয়াপ্পা ' ৰ উপাসনা কৰা হয় । দক্ষিণ ভাৰতীয় আখ্যানমতে আয়াপ্পা  হৈছে  শিৱ আৰু বিষ্ণুৰ পুত্ৰ । আজিৰ পৰা কিছুদিন আগলৈ এই মন্দিৰত ১০ ৰ পৰা ৫০ বছৰীয়া মহিলাৰ প্ৰবেশ বৰ্জিত আছিল । লোকবিশ্বাস মতে ৰজঃস্বলা মহিলাসকলে মন্দিৰ দৰ্শনৰ পৰা আতঁৰি থাকিছিল । কিন্তু যোৱা  ২০১৮  বৰ্ষত   মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সকলো পূৰুষ - মহিলাকে জাতি , বৰ্ণ , ধৰ্ম নিৰ্বিশেষে মন্দিৰ দৰ্শনৰ অনুমতি দিয়া হৈছে । প্ৰতিবছৰে ১ কোটি ৭০ লাখৰ পৰা ৫ কোটি ভক্তৰ সমাবেশ ঘটা এই মন্দিৰ দৰ্শনৰ মূলসময় নবেম্বৰৰ পৰা জানুৱাৰী আৰু এপ্ৰিলৰ পৰা চেপ্টেম্বৰৰ

অণুগল্প

( ১ ) বাছখনত সকলোৰে উপেক্ষিতা বৃদ্ধাগৰাকীক নিজৰ চিটটো এৰি ল ' ৰাজন কাষতে ওলোমাই থোৱা পেংদুডাল নমাই ড্ৰাইভাৰৰ পিছফালে পাৰি থোৱা কাঠটুকুৰাৰ ওচৰলৈ আগুৱাই গ ' ল । ( ২ ) কণমানি জীয়েকৰ দেহাটো ' ৰহিলা বাঈজী ' ৰ কুকুৰনেছীয়া কেইটাৰ হাতত দলিয়াই , ভিক্ষাৰীজনে , এহাতে টকাৰ মুঠিটো লৈ আনখন হাতেৰে কেন্সাৰত আক্ৰান্ত পুতেকৰ চকু - মুখ ঢাকি হস্পিটালৰ কাউণ্টাৰৰ ফালে আঁতৰি আহিল । ( ৩ ) দুবছৰীয়া শিশুটিক শোৱাপাটীত এৰি ঘৰৰ সম্মুখৰ ম ' ৱাইল দোকানীজনৰ লগত ৰাজধানীলৈ আতঁৰি যোৱা চন্দনাৰ গিৰিয়েকে দোকানীজনৰ পত্নীৰ লগত সংসাৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে । ( ৪ ) শহুৰৰ ঘৰলৈ যাওঁতে , কলিকতাত ফ্লাইট মিছ কৰা গীতা বৰুৱাক ঘূৰি অহাৰ সময়ত শাহুৱেকে কলে - ' দেউতাৰাই কলিকতাৰ পৰা ঘৰলৈ কৰি দিয়া টিকটটোৰ পইচাকেইটা তাক সোনকালে ওভতাই দিব ক ' বা । ' ( ৫ ) বিৰহ বেদনাত নৱজিতৰ ছৱিখন মনৰ পৰা মছি পেলাবলৈ বাৰখনত সোমাই দুপেগ গিলোতেই পাষণ্ড কেইটামানৰ হাতত সৰ্বশ্ৰ হেৰুওৱা অ