লাইকহলিক







লাইক লাগে, লা..............?
কমেণ্ট লাগে, .....মে.......ণ্ট?
টেগ্ কৰিম নেকি ......কাৰোবাক?
১০০ টকা......১০০ টকা.........এবটল লাইক মাত্ৰ ১০ টকা......
দুবটল কিনিলে.....এবটল ফ্ৰি.......
আহক, আহক.......
লাইক কিনক.....
.কমেণ্ট কিনক......
.শ্বেয়াৰ কিনক.......।।

ঘৰৰ কাষৰ ৰাস্তাটোৰে কোনোবাই চাইকেল এখন লৈ চিঞৰি পাৰ হৈ গ'ল খিৰিকীৰ পৰ্দাখন আঁতৰাই তাক মাতিলোঁ.......

: অই লাইকৱালা এইফালে আহ

পিছে মোৰ কণমানি মাতটো তাৰ কাণত সোমাল নে নাই গম নাপালোঁ

ভাত পানী খাব নোৱাৰা হৈছোঁ, সৰ্বশৰীৰত বিষ, যন্ত্ৰণা খোঁজ পাতিবও পৰা নাই, কিছুদিন বিছনাত পৰি আছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ, টেগ, এইবোৰেই খাওঁ আজিকালি পিছে বহুদিন , এইবোৰৰ চাপ্লাই কমিছে ডাক্তৰৰ মতে আনক হানি খুচি কথা ক'ব নজনাৰ বাবেই এই অৱস্থা। দেহত ভীষণ জ্বৰ। শৰীৰত অকণো লাইক বাচি থকা নাই, ফলস্বৰূপে দুৰ্বল হৈ বিছনাতে পৰি আছোঁ।

লাইকৱালা জনে হয়তো মোৰ মাতটো শুনিছিল সি আহি কম্পিউটাৰটোত দুবটল লাইক ফিট কৰি বেজিকেইটা দেহত সুমুৱাই দিলেহি যোৱাৰ সময়ত কাৰ্ড এখন পকেটৰ পৰা উলিয়াই টেবুলৰ ওপৰত থৈ 'লে -

: দাদা, দুবটল লাইক ফিট কৰি দিছোঁ, আৰু লাগিলে কল কৰিব ষ্টকত দুবটল থৈছোঁ অলপ পিছত এই দুবটল শেষ হলে আপুনি দেহত অলপ শক্তি পাব আৰু তেতিয়াই বাকী বটল কেইটা নিজেই লগাব পাৰিব

: হ'ব দিয়া, লাগিলে কল কৰিম আহ! কি সোৱাদৰ লাইক আনিছা ভাইটি, মজ্জা লাগিছে

দেহাট এক আমেজত এৰি দিলোঁ মোৰ সিৰা, ধমনী বোৰেৰে লাইকবোৰ এতিয়া শৰীৰত সোমাবলৈ ধৰিছে

Comments

Popular posts from this blog

শিশু গল্প:

য়ে দিল্লী হে মেৰে য়াৰ

সাগৰ দেখিছানে