সোণপাহীৰ হাঁহি
ভোগপুৰ গাঁৱৰ পথাৰৰ সীমনাত থকা বৰডিমৰু জোপাৰ পৰা ওলমি অহা ডালবোৰে মাটি চুই গৈছে। দুখোজ আগুৱাই সেইখিনিতে হৰিহৰ পণ্ডিতৰ ঘৰ। মানুহজন বৰ সন্ত , তেওঁৰ এজনীয়ে জীয়েক—নাম তাইৰ সোণপাহী । পিছে লেখা নামটোহে সোণপাহী , গাঁৱৰ চেমনীয়াৰ পৰা বুঢ়ালৈকে সকলোৰে মুখত তাইৰ নাম ‘ভোল’ , ' পাহাৰ ', ‘ ভীমকল’ আৰু যে কত। কাৰণটো জটিল নহয়—সোণপাহী গালে-মুখে মঙহ লগা , বাহুৰ দৰে পুষ্ট তাইৰ আঙুলিবোৰ। খোজ দিলে ধৰণী কঁপি যোৱা এজনী নোদোকা ছোৱালী তাই। যেতিয়া তামোলৰ বাকলি পেলাবলৈ চোতাললৈ ওলাই আহে , ওচৰৰ পেহীয়েক পদ্মপ্ৰিয়াই পানীৰ কলহটো কাষলতিত লৈ ক’বই ,-- -“ হেৰ’ সোণপাহী , তোৰ খোজৰ ভৰত দেখোন মোৰ চোতালৰ ভেটিটোৱেই এৰাই যাব এতিয়া! অলপ পাতলকৈ খোজ কাঢ়িবিচোন আই , মাটিৰ তলৰ কেঁচু-কুমতি বোৰো উশাহ বন্ধ হৈ মৰিব!” সোণপাহীক দেখিলেই ওচৰৰ ভবেনে গান জুৰি দিয়ে— “ আমাৰ গাঁৱৰ সোণপাহী , নালাগে তাইক জোনৰ হাঁহি , কেৰাহীখন ডাঙি আনি তাই খালে তিনি কাঁহী!” সোণপাহীয়ে কিন্তু এইবোৰলৈ কাণ নিদিয়ে। তাই মিচিকিয়াই হাঁহে , হাঁহিলে তাইৰ মেদভৰা গাল দুখন একেবাৰে পকা ডালিমৰ দৰে ৰঙা পৰি পোটোকা খাই পৰে। তাই কয় , -- -“ হেৰা ভ...