কুৰুক্ষেত্ৰত ৰাৱণ
লংকাৰ ৰজা মহাবলী ৰাৱণ - শক্তি, জ্ঞান, আৰু অহংকাৰৰ প্ৰতীক। ৰামৰ সৈতে হোৱা যুদ্ধত পৰাজিত হৈ মৃত্যুবৰণ কৰিলে যদিও মৃত্যুৰ পিছত তেওঁৰ আত্মা এক অদ্ভুত শূন্যতাত ভাহি আছিল। সময় আৰু স্থানৰ সীমা নথকা সেই অৱস্থাত, এদিন তেওঁৰ আত্মা স্বৰ্গলৈ আগবাঢ়িল। কিন্তু অপাৰ শক্তিৰ অধিকাৰী হোৱা স্বত্তেও তেওঁৰ আত্মা, মৃত্যুৰ পিছতো শুদ্ধ নোহোৱাত স্বৰ্গলৈ প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল।
স্বৰ্গদ্বাৰত, ইন্দ্ৰ আৰু অন্যান্য দেবতাসকলে তেওঁৰ পথ অৱৰোধ কৰিলে। তেওঁলোকৰ মতে, ৰাৱণে জীৱনত কৰা অলেখ পাপৰ লেখাই তেওঁক স্বৰ্গলোকৰ বাবে অযোগ্য প্ৰমাণ কৰে।
ইন্দ্ৰই ক’লে:
"ৰাৱণ! তুমি অতিশয় শক্তিশালী আছিলা, কিন্তু তোমাৰ অহংকাৰ, সীতা-অপহৰণৰ দৰে জঘণ্য কাৰ্য , বিভিন্ন হত্যাকাণ্ড আদি পাপকৰ্মই তোমাক স্বৰ্গত প্ৰবেশ কৰাত বাধা দিছে।"
এই কথা শুনি ৰাৱণৰ অন্তৰত গভীৰ চিন্তা হ’ল। নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত পুনৰ স্মৰণ কৰিবলৈ ধৰিলে—সীতাৰ অপহৰণ, ৰামৰ সৈতে যুদ্ধ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ মৃত্যু, লংকাৰ ধ্বংস৷
"মই জানো সঁচাই ইমান বেয়া আছিলোঁ? মই মোৰ পৰিয়াল, ৰাজ্য, সকলো হেৰুৱাইছোঁ। মোৰ অহংকাৰেই মোৰ পতন ঘটালে। মই মুক্তি বিচাৰো ইন্দ্ৰদেৱ। কিন্তু কেনেকৈ?
“তপস্যা কৰা ৰাৱণ, তোমাৰ পূজ্য মহাদেৱৰ শৰণ লোৱা৷“
ইন্দ্ৰৰ কথা মতে বিষাদগ্ৰস্ত ৰাৱণৰ আত্মাটোৱে এখন গভীৰ আৰণ্যৰ মাজত থকা এটা গুহাৰ ভিতৰত ধ্যানমগ্ন হ’ল। ৰাৱণ শিৱৰ একনিষ্ঠ ভক্ত আছিল৷ মনত একমাত্ৰ মুক্তিৰ প্ৰাৰ্থনা লৈ ৰাৱণ ধ্যানত বহিল।
ৰাৱণে বিভিন্ন মন্ত্রৰে শিৱক আহ্বান কৰিবলৈ ধৰিলে। তেনেদৰে বছৰৰ পিছত বছৰ বাগৰি যোৱাত এদিন শিৱ প্ৰসন্ন হ’ল৷ গুহাৰ ভিতৰত এক অলৌকিক দীপ্তিৰ প্ৰকাশ হ’ল। ধোঁৱাৰ মাজৰপৰা জটাধাৰী শিৱ ওলাই আহি ৰাৱণক দেখা দিলেহি৷
শিৱৰ উপস্থিতিত গুহাটো কঁপি উঠিছিল, কিন্তু মহাদেৱৰ মুখত আছিল ৰাবণৰ প্ৰতি দয়াৰ ভাৱ। তেওঁ ৰাৱণৰ মনৰ অৱস্থাটো ঠিকেই বুজি পাইছিল৷
শিৱই ক’বলৈ ধৰিলে:-
"ৰাৱণ, তুমি মোৰ পৰম ভক্ত। তোমাৰ শক্তি, জ্ঞান, আৰু সাহসক মই সন্মান কৰোঁ। কিন্তু তোমাৰ অহংকাৰে তোমাক অন্ধ কৰিলে। তুমি যি পথত গৈছিলা, সেই পথ ধ্বংসৰ। স্বৰ্গৰ পথ কেবল শুদ্ধ আত্মাৰ বাবেহে। যদি তুমি মুক্তি বিচাৰা, তেন্তে সময়ৰ সোঁতত গৈ কল্যাণমূলক কৰ্ম কৰা।"
ৰাৱণে অন্তৰতে ভাবিবলৈ ধৰিলে:-
"ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ মহাদেৱে মোক সুযোগ দিছে। যদি মই ভবিষ্যতৰ ধ্বংস ৰোধ কৰিব পাৰোঁ, তেন্তে হয়তো মোৰ আত্মাৰ শুদ্ধিকৰণ হ’ব।"
ৰাৱণে শিৱক উদ্দেশ্যি কলে:
"হে মহাদেৱ, মই এতিয়া কি কৰোঁ? ক’ত যাওঁ?"
শিৱই ক’লে:-
"ভৱিষ্যতলৈ যোৱা। দ্বাপৰ যুগত কুৰুক্ষেত্ৰ নামৰ ঠাই এখনত এখন মহাযুদ্ধ হ’বলৈ গৈ আছে। তুমি গৈ তেওঁলোকক সতর্ক কৰা যে যুদ্ধৰ ফল কেতিয়াও শুভ নহয়। যদি তুমি এই মহাধ্বংস ৰোধ কৰিব পাৰা, তেন্তে তোমাৰ পাপ হ্ৰাস পাব আৰু লগতে কেনেকৈ স্বৰ্গলৈ যাব পাৰিবা তাৰো পথ মুকলি হ’ব। এই কৰ্মই তোমাৰ মুক্তিৰ পথ সুচল কৰিব।"
শিৱই হাঁহিলে। তেওঁৰ চকুত যেন এক গোপন সংকেত। তেওঁ ৰাৱণক "কাল-চক্র" নামৰ এটা অলৌকিক যন্ত্র প্ৰদান কৰি কলে—
“এয়া লোৱা, এটা ঘড়ী৷ ইয়াৰ দ্বাৰা সময়ৰ সীমা পাৰ কৰি যিকোনো যুগলৈ যোৱা সম্ভৱ।"
কাল-চক্র নামৰ ঘড়ীটো ৰাৱণৰ হাতত দি মহাদেৱ অন্তৰ্ধাান হ’ল৷
ৰাৱণে ধীৰে ধীৰে দুহাতৰ মাজত ঘড়ীটো লৈ শিৱই শিকাই দিয়া মন্ত্র উচ্চাৰণ কৰিবলৈ ধৰিলে। কাল-চক্রৰ শক্তিৰে গুহাৰ ভিতৰত প্ৰচণ্ড দীপ্তি, বজ্ৰপাত, আৰু সময়ৰ সোঁতত এক গম্ভীৰ শব্দৰ সৃষ্টি হ’ল। মুহূৰ্ত্ততে ৰাৱণৰ আত্মা সময়ৰ সোঁতত ভাহি গৈ দ্বাপৰ যুগত প্ৰৱেশ কৰিলেগৈ৷
এই সময়-ভ্ৰমণ আছিল ৰাৱণৰ আত্ম-উদ্ধাৰৰ যাত্ৰা। তেওঁৰ উদ্দেশ্য —যুদ্ধৰ ভয়ংকৰ ফলাফলৰ বিষয়ে সতর্কতা দিয়াৰ মাধ্যমেৰে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰা।
সুৰ্যোদয়ৰ আগতে, কুৰুক্ষেত্ৰৰ ভূমি যেন এক অলৌকিক উত্তেজনাৰে কঁপি উঠিছিল। আকাশত গাঢ় ধূসৰ মেঘ, যেন সময় নিজেই যুদ্ধৰ ভয়াবহতা অনুভৱ কৰি বিষাদগ্ৰস্ত। এজাক চেঁচা বতাহে ধূলি-বালিবোৰ উৰুৱাই লৈ গৈছিল৷ লোহা-লক্কৰ, সৈনিকসকলৰ দেহৰ ঘাম আৰু বতাহত ওপঙি ফুৰা মৃত্যুৰ গোন্ধে পৰিবেশটো ভয়াবহ কৰি পেলাইছিল।
কুৰুক্ষেত্ৰৰ বিশাল যুদ্ধভূমিত দুয়ো পক্ষ সম্মুখা-সম্মুখি৷ পাণ্ডৱ আৰু কৌৰৱ—তেওঁলোকৰ সৈন্যবাহিনীৰ সৈতে ৰণশিঙা লৈ যুঁজৰ বাবে সাজু। ঘোঁৰা, হাতী, ৰথ, আৰু অসংখ্য যোদ্ধা—সকলোৰে চকুত একে উত্তেজনা, একে দ্বন্দ্ব, একে প্ৰতিশোধৰ আগ্ৰহ।
ধনুৰ্বাণৰ শব্দ, ৰথৰ চকা, আৰু যুদ্ধ-ঘোষণাৰ হুংকাৰে ভূমি কঁপাই তুলিছিল। কেতিয়াবা, দূৰত থকা কোনো যোদ্ধাই যুদ্ধৰ জয়ধ্বনি দিছিল, আৰু তাৰ প্ৰতিধ্বনি বতাহৰ মাজে-মাজে ঘূৰি ফুৰিছিল।
শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথত, শান্তভাৱে ৰণক্ষেত্ৰ পৰ্যবেক্ষণ কৰি আছে। তেওঁৰ চকুত গভীৰতা—তেওঁ যুদ্ধৰ অন্তৰ্নিহিত সত্য বুজি পায়। ভীষ্ম, দ্ৰোণ, কৰ্ণ, আৰু অন্যান্য মহাবীৰসকল নিজৰ অস্ত্ৰৰ সৈতে প্রস্তুত, কিন্তু সকলোৰে অন্তৰত এক অজান আশংকা।
এনে সময়তে আকাশত এক দীপ্তি প্ৰজ্বলিত হ’ল। বজ্ৰপাতৰ শব্দ, ধূলিৰ ধুমুহাই চাৰিওদিশ একাকাৰ কৰি পেলালে৷ হঠাৎ আকাশৰ মাজৰ পৰা এক অলৌকিক ৰূপত ৰাৱণে অৱতৰণ কৰিলে। তেওঁৰ উপস্থিতিত সকলো স্তব্ধ হৈ পৰিল। সৈন্যসকল থমকি ৰ’ল, ধনুৰ্বাণ আঁতৰায়, চকু বিস্ফোৰিত কৰি সকলোৱে আকাশৰ ফালে চাবলৈ ধৰিলে, কিন্তু কোনেও একো বুজি নাপালে৷ সময় যেন থমকি ৰৈছিল।
কাল-চক্রৰ শক্তিৰে সময়ৰ সীমা পাৰ কৰি ৰাৱণ কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগত উপস্থিত হ’ল। যুদ্ধভূমিৰ উত্তেজনা, ৰণৰ বাবে সাজু সৈন্যসকল, সকলো যেন ৰৈ গৈছিল। আকাশত বজ্ৰপাত, ধূলিৰ ধুমুহা আৰু ৰণৰ হুংকাৰো নোহোৱা হ’ল।
শ্ৰীকৃষ্ণই ৰাৱণক চিনি পালে। মুখত এক শান্ত হাঁহি লৈ শ্ৰীকৃষ্ণই ক’লে:-
"স্বাগতম, ৰাৱণ। তুমি সময়ৰ সীমা পাৰ কৰি আহিছা। তোমাৰ অভিপ্ৰায়ৰ বিষয়ে ক’বানে, কি উদ্দেশ্য লৈ আহিছা?"
ৰাৱণ (গম্ভীৰ স্বৰে):-
"হে প্ৰভু! আপোনাৰ ৰাম অৱতাৰৰ সৈতে যুদ্ধ কৰি মই মোৰ পুত্ৰ, ভাতৃ, ৰাজ্য, সকলো হেৰুৱালো। মোৰ অহংকাৰেই মোৰ পতন ঘটালে। এতিয়া মই মুক্তি বিচাৰো। মহাদেৱে মোক এই সুযোগ দিছে—ভৱিষ্যতৰ ধ্বংস ৰোধ কৰিবলৈ। এই যুদ্ধৰ ফল কেতিয়াও শুভ নহয়, সেয়া আপুনিও জানে। যি পক্ষেই জিকক, ক্ষতি সকলোৰে হব। অনুগ্ৰহ কৰি এই ভাতৃঘাটি যুদ্ধখন বাতিল কৰক ভগবান৷"
অৰ্জুনে ইতিমধ্যে ধৰ্ম আৰু কৰ্তব্যৰ অন্তৰ্দ্বন্দ্বত ভুগি আছিল, ৰাৱণৰ কথা শুনি চকু তৰল কৰিলে।
অৰ্জুন (চিন্তিত):-
"যদি ৰাৱণৰ দৰে শক্তিশালী ৰজাৰো পতন অহংকাৰৰ বাবে হ'ল, তেন্তে মই কি বিচাৰো? মই ধৰ্মৰ বাবে যুদ্ধ কৰিছোঁ, কিন্তু যদি এই ধৰ্মই ধ্বংসৰ পথ দেখুৱায়, তেন্তে প্ৰকৃত সত্য কি?"
ধৰ্মৰ প্ৰতীক ভীষ্ম, কৰ্মৰ পথত অটল দ্ৰোণও গভীৰ চিন্তাত পৰিল। ৰাৱণৰ কথা শুনি স্তব্ধ হৈ পৰিল দুয়ো।
কৰ্ণই ৰাৱণৰ কথা প্ৰত্যাখ্যান কৰিলে।
কৰ্ণ (উত্তেজিত হৈ):-
"মই ন্যায় বিচাৰো! যুদ্ধই মোৰ একমাত্র পথ!"
ৰাৱণ (শান্ত স্বৰে):-
"হে মহাৰথী! ন্যায়ৰ পথত অহংকাৰ, প্ৰতিশোধ আৰু হিংসা থাকিলে সেই ন্যায়ো অন্ধ হৈ পৰে। মই সেই অন্ধ ন্যায়ৰ পথত গৈছিলোঁ। ফলত, সকলো হেৰুৱাইছোঁ। মই মোৰ ভুলৰ পৰা শিকিছোঁ। যদি সময়ৰ কথা শুনা, তেন্তে শিঘ্ৰে যুদ্ধ বন্ধ কৰা। নহ'লে ইতিহাসে নিজকে পুনৰাবৃত্তি কৰিব।"
(কৰ্ণ চুপ হৈ পৰে)
তেনেতে শ্ৰীকৃষ্ণই মাত দিলে:-
"তোমাৰ কথা সত্য, ৰাৱণ। কিন্তু এই যুদ্ধ সময়ৰ বিধান। ই পূৰ্ব নিৰ্ধাৰিত৷ কেতিয়াবা ধ্বংসৰ মাজতেই পুনৰ নিৰ্মাণৰ বীজ থাকে। তুমি তোমাৰ কৰ্ম পূৰ্ণ কৰিলা। এতিয়া তুমি ত্ৰেতালৈ ওভটি যোৱা৷ তোমাৰ সতর্কতা মোৰ মনত ৰ’ব। কিন্তু আন সকলোৱে দ্বাপৰত তোমাৰ আগমন পাহৰি যাব৷
ৰাৱণ (শ্ৰীকৃষ্ণলৈ চাই): -
“প্ৰভু, মই মুক্তিৰ সন্ধানত আহিছোঁ৷ এই যুদ্ধ বন্ধ হ’লেই মই মুক্তি পাম৷“
এইবাৰ শ্ৰীকৃষ্ণই ৰাৱণক কাণে কাণে বুজাবলৈ ধৰিলে-
"প্ৰকৃততে তোমাৰ মুক্তিৰ পথ কিছু জটিল ৰাৱণ৷ মোৰ হাতত তিনিবাৰ মৃত্যবৰণ কৰাৰ পিছতহে তোমাৰ মুক্তি হ’ব৷ ত্ৰেতাযুগত তোমাৰ ইতিমধ্যে এবাৰ মৃত্যু হ’ল৷ এতিয়া তুমি পুনৰ ত্ৰেতালৈ ঘূৰি যাব লাগিব৷ তুমি পুনৰ জন্ম ল’বা দ্বাপৰ যুগত৷ “শিশুপাল“ আৰু “দন্তবক্ৰ“ ৰ ৰূপত মোৰ হাততেই তোমাৰ পুনৰ মৃত্যু হ’ব৷ তেনেদৰে তোমাৰ স্বৰ্গৰ দ্বাৰ খোল খাব আৰু তুমি এই শাপিত জীৱনৰ পৰা মুক্ত হৈ পুনৰ জয়-বিজয়ৰ ৰূপলৈ ওভটি যাব পাৰিবা৷
ৰাৱণৰ চকুত বিস্ময়৷
“এয়া কি কৈছে প্ৰভু, মই একো বুজা নাই৷“
শ্ৰীকৃষ্ণ : -
“এতিয়া তোমাৰ এইবোৰ বুজিবলৈ কঠিন লাগিব, কিন্তু সময়ত সকলো বুজি পাবা৷ এদিন বুজি পাবা যে প্ৰকৃততে তুমি মোৰ বৈকুণ্ঠৰ দ্বাৰপাল “জয়“ ৷ কিয় মৰ্তলৈ নামি আহি ৰাৱণৰ ৰূপ পাব লগা হ’ল, সেয়া তোমাক পিছত ক’ম৷ ৷ এতিয়া যোৱা, কাল-চক্ৰৰ আহ্বান কৰা আৰু ত্ৰেতালৈ ওভটি যোৱা৷“
ৰাৱণে একো বুজি পোৱাৰ আগতেই হাতৰ মুঠিত মহাদেৱ প্ৰদত্ত “কাল-চক্ৰ“ যন্ত্ৰটো নিজে-নিজে প্ৰজ্বল্বিত হৈ উঠিল৷ সেইখিনিতে আকাশলৈ এটা প্ৰচণ্ড দীপ্তি প্ৰবাহিত হ’ল আৰ মুহূৰ্ত্ততে ৰাৱণ কুৰুক্ষেত্ৰৰ পৰা অন্তৰ্ধান হৈ পৰিল৷
ৰাৱণ আতৰি যোৱাৰ লগতে সৈনিকসকল সাধাৰণ অৱস্থালৈ ঘূৰি আহিল৷ শ্ৰীকৃষ্ণৰ মায়াত ৰাৱণৰ আগমন,অন্তৰ্ধান আদি পৰিঘটনাবোৰ সকলোৰে মস্তিস্কৰ পৰা আতঁৰি গ’ল৷ দুয়ো পক্ষৰ সেনাবাহিনী সাজু হৈ আছিল। শঙ্খ-ধ্বনিয়ে যুদ্ধ আৰম্ভ হোৱাৰ শংকেত দিলে ৷ নিজৰ আত্মীয়, বন্ধু-বান্ধৱ, গুৰুজন আৰু ভ্ৰাতৃসকলক যুদ্ধক্ষেত্ৰত দেখি মানসিকভাবে বিপৰ্যস্ত হৈ পৰা অৰ্জুনক, ধৰ্ম, কৰ্তব্য আৰু আত্ম-জ্ঞানৰ বিষয়ে উপদেশ দিবলৈ শ্ৰীকৃষ্ণ ৰথৰ ওচৰলৈ আগুৱাই গ’ল৷
Comments
Post a Comment