Posts

Showing posts from May, 2021

পেচা প্ৰলোভন প্ৰয়োজন আদি

 (১) লেইলা৷ নামেই যাৰ পৰিচয়৷  ৰঙা পাৰীৰ ক’লা শাৰীখন বেপেৰোৱা ভঙ্গীমাৰে কান্ধত ওলোমাই, আচঁলটো কেতিয়াবা দাঁতেৰে কামুৰি, কেতিয়াবা দুহাতেৰে লিৰিকি বিদাৰি, আকৌ কেতিয়াবা এখন হাতেৰে সুদৰ্শন চক্ৰটোৰ দৰে মূৰৰ কাষত ঘূৰাই থকা অৱস্থাত তাইক প্ৰায়েই ৰেলষ্টেচনৰ বাহিৰৰ টিকট ঘৰটোৰ কাষতে দেখা যায়৷ পেচাত এগৰাকী দেহোপজীৱিনী। লগতে ষ্টেচনৰ বাহিৰৰ গুমটিবোৰত গাঞ্জা আৰু পুৰীয়া বড়িৰ যোগানো ধৰে৷  পুৰীয়া বড়ি বোলা বস্তুতো আজিকালি সম্ৰাট ডেকাৰ আওহতীয়া ফাৰ্মহাউচটোৰ পৰা আহে৷ তাৰ বিনিময়ত মাত্ৰ তেওঁৰ বিছনাখন উমাল কৰি দিব লাগে।....তাইৰ বাবে এটা সাধাৰণ কথা। আজিও ব্যতিক্ৰম নাই। শাৰীখনেৰে নিজৰ নিটোল দেহাটো মেৰিয়াই, নোটৰ বাণ্ডিলটো বাওঁহাতেৰে খামুচি সোঁহাতৰ বড়িকেইটাত এটা দীঘলীয়া চুমা আকি তাই বিছনাখনৰ পৰা উঠি আহিল। পিছফালে বিছনা চাদৰখনৰ তলত শুই থকা সম্ৰাট ডেকাৰ পিনে চাই এটা বেঁকা হাঁহি মাৰি তাই কোঠাটোৰ পৰা ওলাই গ'ল। ****** (২) ললিতা। তেনেই সৰল, শান্ত প্ৰবৃত্তিৰ ছোৱালীজনী। স্বামী অৰিন্দম হাজৰিকাৰ লগত এখন সুখৰ সংসাৰৰ সপোনত মতলীয়া হৈ ঘৰৰপৰা আতঁৰি আহিছিল। উচ্চাকাংক্ষী অৰিন্দমৰ চাকৰিটোৱে পিছে সিহঁতক জ্বলা-কলা দেখুৱালে। মাহ