দহন
কোঠাটোৰ ভিতৰত অকলশৰীয়া ছোৱালীজনী। হাতদুখন পিছফাললৈ বান্ধি থোৱা। চকু দুটা ভয়ত কঁপিছে। কণমানি দেহাটো অৱশ। বগা ফ্ৰকটোৰ কেইবা ঠাইতো বোকা-পানীৰে ভিজি গৈছে। মাটিত পাৰি থোৱা চাদৰখনত বহি আছে তাই। কাষৰ টেবুলত জ্বলি থকা মমডাল গলি-গলি শেষ হৈ আহিছে। মমৰ শিখাৰ ধিমিক-ধামাক পোহৰত নিজৰ ছাঁটোও অস্পষ্ট। বাহিৰত কোনোবাই কথা পাতিছে - মন দি শুনিলে তাই। মনটো জিকাৰ খাই উঠিল। কণমানি বুকুখনে ধপধপাবলৈ ধৰিলে। দুচকুৰে বাগৰি অহা নিমখীয়া টোপালবোৰ কান্ধত মছি ভয় ভয়কৈ দুৱাৰখনলৈ চালে। হয়! বাহিৰত কোনোবাই তাইৰ কথাই পাতিছে। কাণখন পোনাই শুনিবলৈ চেষ্টা কৰিলে, কথাবোৰ অস্পষ্ট। : এওঁলোক কোন? মোক কিয় লৈ আহিছে? এয়া কাৰ ঘৰ? ভয়ত অণ্ঠ-কণ্ঠ শুকাই গৈছে, ভোকো লাগি আহিছিল। পেটটোও বিষাইছে। : মা ক'ত? - তাইৰ চিন্তা হ'ল। মাককো কোনোবাই বান্ধি থৈছে নেকি ইয়াত? তাইৰ চিঞৰিবলৈ মন গ'ল - 'মা..আ..আ...আ'.......!! কিন্তু মুখেৰে 'টু' শব্দ এটাও ওলাই নাহিল। লাহে লাহে মমডাল নুমাই কোঠাটো আন্ধাৰ হৈ পৰিল। বাহিৰৰ কথাবোৰো নুশুনা হ'ল। পেটৰ মাজলৈ দুহাতেৰে আঠুদুটা চপাই কাপোৰখনতে বাগৰি দিলে তাই। ভাগৰতে চকুদুটাও জাপ খা...