দহন
কোঠাটোৰ ভিতৰত অকলশৰীয়া ছোৱালীজনী। হাতদুখন পিছফাললৈ বান্ধি থোৱা। চকু দুটা ভয়ত কঁপিছে। কণমানি দেহাটো অৱশ। বগা ফ্ৰকটোৰ কেইবা ঠাইতো বোকা-পানীৰে ভিজি গৈছে। মাটিত পাৰি থোৱা চাদৰখনত বহি আছে তাই।
কাষৰ টেবুলত জ্বলি থকা মমডাল গলি-গলি শেষ হৈ আহিছে। মমৰ শিখাৰ ধিমিক-ধামাক পোহৰত নিজৰ ছাঁটোও অস্পষ্ট।
বাহিৰত কোনোবাই কথা পাতিছে - মন দি শুনিলে তাই।
মনটো জিকাৰ খাই উঠিল। কণমানি বুকুখনে ধপধপাবলৈ ধৰিলে। দুচকুৰে বাগৰি অহা নিমখীয়া টোপালবোৰ কান্ধত মছি ভয় ভয়কৈ দুৱাৰখনলৈ চালে।
হয়! বাহিৰত কোনোবাই তাইৰ কথাই পাতিছে। কাণখন পোনাই শুনিবলৈ চেষ্টা কৰিলে, কথাবোৰ অস্পষ্ট।
: এওঁলোক কোন? মোক কিয় লৈ আহিছে? এয়া কাৰ ঘৰ?
ভয়ত অণ্ঠ-কণ্ঠ শুকাই গৈছে, ভোকো লাগি আহিছিল। পেটটোও বিষাইছে।
: মা ক'ত?
- তাইৰ চিন্তা হ'ল।
মাককো কোনোবাই বান্ধি থৈছে নেকি ইয়াত?
তাইৰ চিঞৰিবলৈ মন গ'ল - 'মা..আ..আ...আ'.......!!
কিন্তু মুখেৰে 'টু' শব্দ এটাও ওলাই নাহিল।
লাহে লাহে মমডাল নুমাই কোঠাটো আন্ধাৰ হৈ পৰিল। বাহিৰৰ কথাবোৰো নুশুনা হ'ল। পেটৰ মাজলৈ দুহাতেৰে আঠুদুটা চপাই কাপোৰখনতে বাগৰি দিলে তাই। ভাগৰতে চকুদুটাও জাপ খাই আহিছিল।
তেনেতে, দুৱাৰখন ভিতৰলৈ ঠেলি চুচুক-চামাককৈ 'ৰঙ্গাʼ কোঠাটোত সোমাল। আন্ধাৰৰ মাজেৰে খুপি-খুপি আগুৱাই গ'ল সি। কিবা এটা ভাবি জেপৰ পৰা লাইটাৰটো উলিয়াই ছোৱালীজনীৰ কাষতে মাটিত আঠু কাঢ়ি বহি ল'লে। কিছুসময় তাইলৈ একেথৰে চাই আঙুলি দুটাৰে সাৱধানে গালত পৰি থকা চুলিখিনি আঁতৰাই দিলে। এইবাৰ তাইৰ কণমানি ডিঙিটোৰ ফালে তাৰ বলিষ্ঠ হাতখন আগুৱাই গ'ল। কিন্তু মুহূৰ্ততে হাতখন পিছুৱাই আনিলে। লাইটাৰটোৰ পোহৰত ছোৱালীজনীৰ মুখখন স্পষ্ট হৈ পৰিছিল। মৰমলগা মুখখনলৈ চাই মনৰ ক্ষোভবোৰ উৰি গ'ল।
এয়া কি কৰিবলৈ ওলাইছে সি?
এই ছোৱালীজনীৰ কিবা জানো অপকাৰ কৰিব পাৰি?
- নিজকে বাৰে বাৰে সুধি চালে সি।
ইমান নিষ্পাপ মুখখন - প্ৰতিশোধ ল'ব পাৰিব জানো?
ছোৱালীজনীৰ মুখখনে বাৰে বাৰে তাক আমনি কৰিবলৈ ধৰিলে। আন্ধাৰৰ মাজতো তাৰ চকুদুটা তিৰবিৰাই জ্বলি আছিল।
এটা হুমুনিয়াহ কাঢ়ি ছোৱালীজনীৰ কাষতে মাটিত বাগৰি দিলে - ৰঙ্গা।
****
গোদাবৰীৰ পাৰৰ সৰু গাঁৱ এখনত তাৰ জন্ম। বাপেকে নাম দিছিল ৰঙ্গাস্বামী ভেংকায়া মোহন। মাক-দেউতাকৰ মুখবোৰ মনত নাই। গোদাবৰীৰ বানত এদিন সিহঁতৰ গাঁওখন উটি গৈছিল। তাৰ পিছত পৰিয়াল বুলিবলৈ অকল 'চিদ্দা'। চিদ্দাৰ দেউতাকৰ গেৰেজতে সি ডাঙৰ হৈছে। তেওঁ হেনো নৈৰ বালিৰ মাজৰ পৰা তাক টানি উলিয়াই আনিছিল। ৰঙ্গা নামটোৰ বাহিৰে তাৰ একোৱেই মনত নাই। ক'ত ঘৰ, পৰিয়ালত কোন আছে, সি একো নাজানে।
চিদ্দাৰ দেউতাকৰ মৃত্যুৰ পিছত দুয়ো মিলি গেৰেজটো চোৱা-চিতা কৰিবলৈ ধৰিলে। দুয়ো গাড়ীৰ কামো শিকিলে। কেতিয়াবা চিদ্দাৰ লগত নৈৰ বালিচৰত ভাঙৰ চিলিমত সোহা মাৰা, আকৌ কেতিয়াবা চিদ্দাৰ দেউতাকৰ হালধীয়া কোটটো পিন্ধি গেৰেজলৈ আহা গাড়ীৰ ডেলিভাৰী দিবলৈ যোৱা, এই দুটাই তাৰ প্ৰধান কাম হৈ পৰিল।
তেনেকৈয়ে সিহঁত ডাঙৰ হৈ আহিল। চিদ্দাৰ গেৰেজত ৰিপেয়াৰলৈ আহা গাড়ীৰ পাৰ্টছবোৰ ক'লা বজাৰত বিক্ৰী কৰি দুয়ো এখন ৰমৰমীয়া বজাৰ চলাবলৈ ধৰিলে। লাহে লাহে দুয়োৰে টকা-পইছা হ'ল, নাম হ'ল। কিছুমান মানুহে সিহঁতক ভয় কৰিবলৈ ধৰিলে। গোদাবৰী, কৃষ্ণা, কাবেৰী, সকলো উপত্যকাতে সিহঁতৰ ব্যৱসায় বাঢ়ি গ'ল।
এদিন সিহঁতৰ গেৰেজৰ সম্মুখত আহি ৰোৱা ধুনীয়া হালধীয়া গাড়ীখনৰ পৰা নামি অহা বৎসলাৰ সান্নিধ্য পাবলৈ সি ব্যাকুল হৈ পৰিছিল। তাইও ৰঙ্গাৰ গভীৰ দুচকুত যেন উটি-ভাহি যাব। লাহে লাহে দুয়ো সঘনাই লগ হ'বলৈ ধৰিলে। কেতিয়াবা গোদাবৰীৰ ঘাটত, কেতিয়াবা কৃষ্ণাৰ পাৰত - সিহঁতৰ প্ৰেমে পূৰ্ণতা পাবলৈ আগবাঢ়িল। বৎসলাৰ দেউতাকৰ আপত্তি সত্ত্বেও ইজনে সিজনক আপোন কৰি লোৱাৰ প্ৰবল হাবিয়াসেৰে এদিন দুয়ো মেজিষ্ট্ৰেটৰ ওচৰত শপত ল'লে। সেইদিনা তাইৰ পৰিয়ালৰ কোনো নাহিল।
বৎসলাৰ দেউতাকৰ গাড়ীখনৰ অৰিজিনেল ৰেডিয়েটৰটো ক'লা বজাৰত বিক্ৰী কৰি সেইখনত এটা ডুপ্লিকেট লগাবলৈ অমান্তি হোৱাত ৰঙ্গা আৰু চিদ্দাৰ মাজত সৰুকৈ মতানৈক্য আৰম্ভ হৈছিল, সেয়া ৰঙ্গা আৰু বৎসলাৰ বিয়াৰ আগৰ কথা। কিন্তু সেই সৰু কথাৰ কটা-কটি পিছলৈ গৈ যে এখন তয়াময়া ৰণ হ'ব, হয়তো এজনেও ভবা নাছিল। লাহে লাহে সিহঁতৰ ভাগ্যই দুয়োকে বিপৰীতে বাট দেখুৱাই লৈ গ'ল। চিদ্দা আৰু ৰঙ্গা এসময়ত শত্ৰু হৈ পৰিল - ইজনে সিজনক দেখিব নোৱাৰা, মুখেৰে ইজনে সিজনৰ নাম নোলোৱা শত্ৰু।
*****
: তুমি কোন? মোক ইয়ালৈ কিয় লৈ আহিছা?
হঠাতে ছোৱালীজনীৰ মাতত সি খপজপাই উঠিল। কাষতে বাগৰি বাগৰি চকুদুটা কেতিয়ানো লাগি আহিছিল গমেই নাপালে। বুকুৰ ওচৰত বহি ছোৱালীজনীয়ে কিবা কৈ আছে।
: এয়া কাৰ ঘৰ? তুমি কোন? মোক কিডনেপ কৰিছা নেকি? মোৰ মা ক'ত?
বহুত প্ৰশ্ন তাইৰ। চকুদুটা ভয়ত সেমেকি আছে। গালৰ ওপৰত মাটি অলপ লাগিছিল। পিন্ধি থকা ফ্ৰকটোও লেতেৰা হৈ গৈছে।
: মোৰ বৰ ভোক লাগিছে, কিবা খাবলৈ দিয়া।
কোঠাটোত এতিয়া পোহৰ হৈছে, হয়তো ৰাতিপুৱা হ'ল। ভোক তাৰো নলগা নহয়।
খপজপাই উঠি বহিল ৰঙ্গা।
ছোৱালীজনীৰ হাতদুখন তেতিয়াওঁ পিছলৈ বান্ধি থোৱা আছে। সি নিশ্চিত যে এই জংঘলৰ মাজত তাইৰ চিঞঁৰ কোনেও নুশুনে। কিন্তু কিবা এটা খোৱাৰ ব্যৱস্থা কৰিব লাগিব।
: কিবা এটা খোৱা বস্তু লৈ আহো, চুপচাপ বহি থাক। চিঞৰিলে বাঘে খাব। কাষত বহুত বাঘ-শিয়াল ঘূৰি থাকে।
ছোৱালীজনীৰ চকুলৈ নোচোৱাকৈ সি কোঠাটোৰ পৰা ওলাই আহিল। বাঘৰ ভয় দেখুৱালে তাই মনে মনে থাকিব।
সি ভবাৰ দৰে সচাকৈয়ে চুপ হ'ল ছোৱালীজনী। ৰঙ্গা ওলাই যোৱা দৰজাখনলৈ চাই তাই ফেকুৰি থাকিল। মাকলৈ বৰকৈ মনত পৰিছিল।
তাই ভাবিছে - মাকক বা ইহঁতে ক'ত বান্ধি থৈছে!
- কণমানি পেটটোৱে কলমলাই উঠিছিল, সোনকালে কিবা এটা খাবলৈ পালেহে দেহাত অলপ বল আহিব।
*****
চিদ্দাৰ গেৰেজত সোমাবলৈ দিয়া নাছিল তাক। সিহঁতৰ সা-সম্পত্তিবোৰো ভাগ হৈছিল। চিদ্দাই আটাইকেইটা গেৰেজ নিজৰ নামত ৰাখি বাকী বে-আইনীভাৱে গঢ়ি লোৱা সৰু-সুৰা কোম্পানীদুটামান ৰঙ্গাক দিছিল। এদিন সেই বে-আইনী কোম্পানীবোৰৰ মালিক ৰঙ্গাক ড্ৰাগছ সৰবৰাহকাৰী সজাই পুলিচে লৈ গৈছিল।
বৎসলাৰ দেউতাকৰ প্ৰভাৱশালী হাত তেতিয়া চিদ্দাৰ মূৰত। সকলো গম পাইও ৰঙ্গাই বিৰোধিতা নকৰিলে - একমাত্ৰ বৎসলাই মনত কষ্ট পাব বুলি।
ৰঙ্গাৰ ৭ বছৰ জেল হ'ল। আৰাম্ভণিতে বৎসলা সঘনাই লগ কৰিবলৈ আহিছিল, কিন্তু লাহে লাহে তাই জেললৈ আহা কমাই দিলে। এবছৰৰ পিছত তাই একেবাৰে নাহা হ'ল। তাই আহিবলৈ এৰি দিওঁতে ৰঙ্গাই বহুত কষ্ট পাইছিল।
'চিন্তাপল্লী কৃষ্ণা'ক জেলত লগ পাইছিল ৰঙ্গাই। সি এটা দাগী অপৰাধী। ড্ৰাগছ, মাৰ-পিত, আৰু বিভিন্ন বৈধ-অবৈধ ব্যৱসায়ৰ লগতো জড়িত। তাৰ লগত বন্ধুত্ব কৰিছিল ৰঙ্গাই। তাৰ অন্তৰখন ভাল, বন্ধুৰ বাবে হেনো হেলাৰঙে নিজৰ ডিঙিটো আগবঢ়াই দিবলৈও দ্বিধাবোধ নকৰে।
পিছে তেনে এজন লগৰীয়াৰ আগলৈ কোনোদিন প্ৰয়োজন নহওক বুলিয়েই সি সদায় ভাবি থাকে। জেলৰ বাহিৰ ওলাই তাৰ কৰিবলগীয়া বহুত কাম আছে। প্ৰথমতে বৎসলাক বিচাৰিব, তাৰ পিছত চিদ্দাৰ পৰা দূৰত সিহঁতৰ সংসাৰখন আকৌ গঢ়ি তুলিব।
সময়বোৰ পাৰ হৈ গৈ থাকিল।
৭ বছৰৰ পিছত ৰঙ্গা জেলৰ পৰা ওলাল- তাৰে কিছুদিনৰ পিছত চিন্তাপল্লীও ওলাই আহিল। ইফালে বৎসলাক ক'তো বিচাৰি নাপাই ৰঙ্গা একপ্ৰকাৰ বলিয়াৰ দৰে হৈ পৰিল। অনাই-বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। য'ত যি কাম পাই তাতেই সন্তুষ্ট হয়। কোনোবা নিশা পদপথৰ কুকুৰকেইটা লগৰী হৈ পৰে, আন কোনোবাদিনা এল্লুড়ু ষ্টেচনৰ প্লেটফৰ্মত থকা খালি বেঞ্চখনত জীৰণি লয়। কেতিয়াবা কিবা খাবলৈ পাই, আন কোনোবাদিনা পানী এগিলাচে পেট পূৰায়।
চিন্তাপল্লীয়ে এদিন বৎসলাৰ খবৰ দিলেহি। সেইদিনা সি মুখেৰে এটা শব্দও উলিয়াব পাৰা নাছিল। ডিঙিটোৰ ভিতৰত কোনোবাই এসোপামান শিলগুটিহে যেন সোমাই দিছিল। চকুদুটা ডাঙৰকৈ মেলি সি চিন্তাপল্লীৰ ডিঙিটোত খামোচি ধৰিছিল।
কিন্তু চিন্তাপল্লীয়ে শান্ত মগজুৰে তাক বুজাইছিল - বৎসলাৰ কথা নাভাবিবলৈ। তাই যদিও ওচৰতে আছে, তথাপিও আঁতৰি গৈছে তাৰ জীৱনৰ পৰা। বৎসলা হেনো তেতিয়া চিদ্দাৰ পত্নী।
*******
: হো এইখিনি খাই ল। পানীও আনিছোঁ। বটলটো ল...
খোৱা বস্তুৰ টোপোলাটো ছোৱালীজনীৰ হাতত দি ৰঙ্গা ওচৰতে বহি ল'লে। ৰঙ্গাৰ হাতৰপৰা টোপোলাটো লৈ গোগ্ৰাসে তাই ইড্লি কেইটা গিলিবলৈ ধৰিলে। আগদিনা স্কুললৈ ওলাওতে পুৱাই খোৱা, তাৰ পিছত এতিয়ালৈকে পেটত একো পৰা নাই। পানীৰ বটলটো ওঠত লগাই ঢোকে-ঢোকে পানী খাইছে তাই।
কণমানি হাত দুখনেৰে সাম্বৰ আৰু ইড্লি মোহাৰি থকা দৃশ্যটো চাই ৰঙ্গাই বেচ মজা পালে। ঠিক যেনেদৰে বৎসলাৰ কৈফিয়ৎ বিচাৰি চিদ্দাৰ ঘৰলৈ যাওঁতে সিহঁতৰ ভৃত্যবোৰে গেটৰ বাহিৰতে তাৰ হাত-ভৰিবোৰ ভাঙি মজা লৈছিল। নিজকে ছোৱালীজনীৰ হাতৰ মুঠিত গুড়ি হৈ যোৱা ইড্লিটোৰ দৰেই লাগিল তাৰ।
হাহি থকা চকুদুটা লাহে-লাহে ৰঙা হৈ আহিল। হাতৰ মুঠি কটকটীয়া হৈ পৰিল। কপালখন কোঁচ খাই আহিল।
চিন্তাপল্লীৰ মানুহৰ সহযোগত কালি ছোৱালীজনীক স্কুলৰ বাহিৰৰ পৰা উঠাই আনিছে।
তাই চিদ্দাৰ ছোৱালী। চিদ্দা আৰু বৎসলাৰ ছোৱালী।
তাৰ জীৱনটো ধ্বংস কৰি এখন সুখৰ সংসাৰ গঢ়াৰ অধিকাৰ সিহঁতে ক'ত পালে?
কিয় অপেক্ষা নকৰিলে বৎসলাই তাৰ বাবে?
চিদ্দাৰ লগত তাই কিয় বিয়া হ'ল?
হাজাৰটা প্ৰশ্নই ৰঙ্গাৰ মূৰটো জুৰুলা কৰি ৰাখিছিল।
: তোমাক বহুত থেংক ইউ দেই - মোক যে খাবলৈ দিছা। ইড্লি-সাম্বৰ মোৰ ফেভাৰিট হয়, জানা!
ছোৱালীজনী তাৰ কাষ চাপি আহিল। হাতদুখন আগতেই খুলি দিছিল। হাত ধুই ওচৰতে বহিছে তাই।
: মোৰ নাম বসু। তোমাৰ নাম কি?
সি একো উত্তৰ নিদিলে।
তাইৰ অনৰ্গল কথা চলি থাকিল। স্কুলৰ লগৰীয়াবোৰৰ কথা ক'বলৈ ধৰিলে। মাকে বেছি ওলাব-সোমাব নিদিয়ে। স্কুলৰ বাহিৰে আন কোনো লগৰীয়া নাই। এফালৰ পৰা বহু কথা কৈ গ'ল কণমানিজনীয়ে। ৰঙ্গাৰ ওচৰত তাই নিজকে সুৰক্ষিত অনুভৱ কৰিছিল। ক'ত আছে হয়তো পাহৰি গৈছে।
ছোৱালীজনীৰ কথাবোৰ শুনি আছে যদিও তাৰ মূৰত প্ৰশ্নবোৰ ঘূৰিয়েই থাকিল।
তাইক মাক-দেউতাকৰ পৰা আতঁৰাই ৰাখিব।
তেনেকৈয়ে সিহঁতক কষ্ট দিব!
কিন্তু ছোৱালীজনীক কিমান দিন চম্ভালি ৰাখিব?
তাইক কেনেদৰে ডাঙৰ কৰিব?
ইয়াৰপৰা তাইক লৈ ক'লৈ যাব?
নে .......তাইক মাৰি পেলাব??
মুখলৈ চাব পাৰা নাই সি। যেন সাইলাখ বৎসলা ঠিয় হৈ আছে সম্মুখত। একেই চকু, একেই ওঠ, একেই গাল। ডিঙিৰ ওচৰৰ বগা দাগটোও হুবহু মিলি গৈছে।
নাই! এইজনী ছোৱালীৰ সি একো অনিষ্ট কৰিব নোৱাৰে।
তাইক ওভটাই নিব।
তাইক বৎসলাৰ ওচৰলৈ ঘূৰাই লৈ যাব।
আৰু চিদ্দা....
তাৰ ওচৰতো ক্ষমা খুজিব।
ছোৱালীজনীক সিহঁতেই ডাঙৰ কৰক।
সি অক্ষম, তাৰ একো নাই।
প্ৰতিশোধত অন্ধ হৈ ফুলকোমলীয়া ছোৱালীজনীৰ জীৱনটো নিঃশেষ কৰি দিয়াৰ অধিকাৰ তাৰ নাই।
সি বেয়া মানুহ, বেয়া হৈ থাকি যাব।
বাহিৰত সন্ধিয়া নামিছে। কোঠাটো আন্ধাৰ হৈ পৰিছে। কাপোৰখন পাৰি ছোৱালীজনী মাটিতে শুই গৈছে। ৰঙ্গাৰ জেকেটটো তাই পিন্ধি লৈছে।
মম এডাল জ্বলাই দিলে ৰঙ্গাই।
ইতিমধ্যে সি সিদ্ধান্ত লৈ পেলাইছে - পুৱাই তাইক চিদ্দা আৰু বৎসলাৰ ওচৰত থৈ আহিব; পিছত আত্মসমৰ্পণ কৰিব।
: তুমি মোৰ দেউতাক চিনি পোৱা নেকি?
- তাইৰ চকুদুটা জিলিকি উঠিছিল। কেতিয়া তাই টোপনিৰ পৰা উঠি আহিল মনেই নকৰিলে।
ৰঙ্গাই তাইৰ কণমানি হাতদুখন হাতত তুলি ল'লে। ছোৱালীজনী ওচৰ চাপি আহি তাৰ কোলাতে বহিল।
তাইৰ প্ৰশ্নৰ কি উত্তৰ দিব ভাবি নাপালে। ভেবা লাগি মাথোঁ তাইৰ মুখলৈ চাই ৰ'ল।
: মায়ে কৈছে মোৰ দেউতা হেনো মৰিল, সকলোৱে কয় তেওঁ মৰিল বুলি। কিন্তু মই জানো তেওঁ জীয়াই আছে; এদিন আহি মোক কোলাত তুলি ল'ব।
ৰঙ্গাৰ হাতৰ মুঠিটো কটকটীয়া হৈ গ'ল। ছোৱালীজনীৰ দুবাহুত অজানিতে সজোৰে খামোচি ধৰিলে।
এইবাৰ সি মুখ খুলিলে -
: চিদ্দা ৰেড্ডী কেতিয়া মৰিল? মই তোৰ মা-দেউতাৰক ভালদৰে জানোঁ।
: ইহ্ চিদ্দা ৰেড্ডী মোৰ দেউতা নহয়, আমি তেওঁৰ ঘৰতহে থাকোঁ। -
তাই ৰঙ্গাৰ কাণৰ ওচৰলৈ মুখখন আনি ফুচফুচাই কৈছিল।
: তেন্তে তোৰ দেউতা কোন?
- ৰঙ্গাৰ দুচকুত জুই। সি ৰ'ব পাৰা নাই। কপালত ঘামৰ টোপাল বিৰিঙি উঠিছে।
: মায়ে কৈছে মোৰ দেউতাৰ নাম হেনো ৰঙ্গাস্বামী ভেংকায়া মোহন। তুমি চিনি পোৱা নেকি?
সি আৰু একো ক'ব নোৱাৰিলে। হাত-ভৰিবোৰ কঁপিব ধৰিছে। পেটৰ ভিতৰত কিবা এটা জোৰেৰে ঘূৰি গৈছে; গোটেই শৰীৰটো অৱশ কৰি পেলাইছে। কাণদুখন গধূৰ হৈছে। চুলিবোৰ বতাহত ওপঙি ফুৰিছে। ছোৱালীজনীৰ হাতদুখন হঠাতে ডাঙৰ হৈ, যেন তাৰ ডিঙিটোৰ ফালে আগুৱাই আহিছে।
এক মুহূৰ্তও ৰ'ব নোৱাৰিলে সি। ছোৱালীজনীক কোলাৰ পৰা নমাই কোঠাটোৰ পৰা বাহিৰলৈ দৌৰি ওলাই আহিল। বাহিৰত ঠিয় হৈ কঁকালত হাত দুখন থৈ ঘনে-ঘনে উশাহ ল'ব ধৰিলে।
বাহিৰখন ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিছিল। বাদুলি কেইটামানে শব্দ কৰি ঘৰটোৰ ওপৰেদি উৰি গ'ল। দূৰত শিয়াল দুটামানে ৰাউচি জুৰিছে। ঝিলিৰ মাতে তাৰ কাণ তাল মাৰি ধৰিছে। নিশা গভীৰৰ পৰা গভীৰ হৈ গৈ আছে, ৰাতি পুৱাবলৈ এতিয়াও বহু সময় বাকী।
****
ধন্যবাদ 🙏
©সমুজ্জ্বল।
Comments
Post a Comment