Posts

Showing posts from August, 2021

কলৰ বাগিচা তুমি জানো দেখিছা

Image
  সমুদ্ৰ পৃষ্ঠৰপৰা ৩০০০ ফুট ওপৰত এখন সৰু উৰাজাহাজ। পাইলটৰ আসনত ৰাজীৱ দত্ত। তলত গভীৰ অৰণ্য। সৰু প্ৰ'পেলাৰ প্লেনখন উৰুৱাই বৰ্ষাৰণ্যখন পাৰ হোৱাৰ কামটো হাতত লওঁতে এক মুহূৰ্ত্তৰ বাবেও আহিবলগীয়া বিপদৰ কথা নভৱা পাইলটজনৰ মনোভাৱ সলনি হবলৈ পিছে বেছি পৰ নালাগিল। বিমানখনৰ ইঞ্জিনটো হঠাতে বিকল হৈ পৰিল! এটা দীঘলীয়া উশাহ লৈ তেওঁ তলৰ বিশাল সেউজীয়া বননীখন স্কেন কৰিবলৈ ধৰিলে। বিমানখনৰ লগতে তাত মজুদ অত্যাধিক জ্বলনশীল ১৬০ গেলন ডিজেল নিৰাপদে নমাই আনিবলৈ হাতত সময় মাত্ৰ পাঁচমিনিট। মৃত্যুৰ কাউণ্ট ডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছিল। ৩০০ - ২৯৯ - ২৯৮ - ২৯৭ ...... তেওঁ এটা পোৰ্টেবল ৰেডিঅ'ৰ যোগেদি আসন্ন দুৰ্ঘটনাৰ বিষয়ে বাৰে বাৰে সংকেট পঠিয়ালে। পিছে কোনো ব্যক্তিয়ে শুনিব পৰাকৈ সেই সংকেটৰ তৰংগদৈৰ্ঘ্য আছিল তেনেই সামান্য। তথাপিও বজাই ৰাখিছিল ৰেডিঅ'টো আৰু উল্লেখ কৰিছিল যে গন্তব্যস্থলৰ প্ৰায় আধা পথত যিকোনো মুহূৰ্ত্ততে বিমানখন ধ্বংস হ'ব পাৰে। বিমানখন তললৈ নামি অহাৰ লগে লগে, পাইলটজনে তলত খেজুৰ গছেৰে ভৰা এটা সৰু উপত্যকা দেখিবলৈ পালে। তেওঁৰ মগজুটোৱে ক্ষিপ্ৰ গতিৰে চিন্তা কৰিবলৈ ধৰিলে - "খেজুৰ গছৰ অৰ্থ ও

কনটেক্ট আৰু কানেকচন

 নিউয়র্কত এদিন এজন সাংবাদিকে ৰামকৃষ্ণ মিছনৰ এজন সন্যাসীৰ সাক্ষাৎকাৰ ল’বলৈ গ’ল। সাংবাদিক: ----- কালি আপোনাৰ বক্তৃতাত কৈছিল যে  "কনটেক্ট আৰু কানেকচন" দুবিধ বেলেগ বস্তু৷ এই প্ৰসংগত মোৰ কিছু খোকোজা আছে ৷ অনুগ্ৰহ কৰি বুজাই ক’বনে? সন্যাসীজনে মিচিকিয়াই হাঁহিলে আৰু প্ৰশ্নটো প্ৰায় এফলীয়া কৰি ওলোটাই সুধিলে:  - আপুনি নিউয়ৰ্কতে থাকে নেকি? - হয়। - ঘৰত কোন কোন আছে? সাংবাদিকজনে ভাবিলে - সন্যাসীজনে হয়তো প্ৰশ্নটো এৰাই চলিবলৈ বিচাৰিছে৷ সেয়েহে ছাগে এনেকুৱা ব্যক্তিগত প্ৰশ্নবোৰ কৰিছে!  তেওঁ ক’লে: ----- মা ঢুকাল, দেউতা আছে। তিনিজন ভাই আৰু এজনী ভনী আছে৷ সকলোৱেই বিবাহিত৷ সামান্য হাঁহি সন্যাসীজনে সুধিলে: ----- দেউতাৰ লগত দেখা-সাক্ষাৎ হয়নে বাৰু?  সাংবাদিক বিভ্রান্ত! সন্যাসীজনে পুনৰ সুধিলে;----- দেউতাৰ লগত শেষ দেখা কেতিয়া হৈছিল? নিজৰ  বিৰক্তি লুকুৱাই সাংবাদিকজনে ক’লে: -----কেইমাহমান হ’ল ৷ সন্যাসী: ----- ভাই-ভনীবোৰৰ লগত আপোনাৰ মাজে-সময়ে দেখা-দেখি হয়নে? শেষবাৰৰ বাবে কেতিয়া আপোনালোকৰ পৰিয়ালটো একত্ৰিত হৈছিল? সাংবাদিকজন ইতিমধ্যে ঘামিবলৈ লৈছিল৷ দৰাচলতে সন্যাসীজনেহে সাক্ষাৎকাৰ লোৱা যেন তেওঁৰ অনুভৱ হ’ল৷ লজ্জ্

কিমান চিৰিয়াছ হৈ থাকিব? অলপ হাঁহো আহক

 কালি ৰাতি শ্ৰীমতীয়ে ভাতৰ সলনি ৰুটি আৰু লগতে গাখীৰ খাবলৈ দিলে। আপত্তি নৰজে বুলি জানি গাখীৰতে ৰুটি কেইখন টুকুৰা টুকুৰকৈ ভাঙি তাৰ এখন ফটো তুলি ফেচবুকত দি তলত লিখিলো  ' Yammy milky roti '. মই সপোনটো ভাবিব পৰা নাছিলো যে ইয়াৰো ৰেচিপি বিচাৰি কমেন্ট আহিব। কমেন্টবোৰ পঢ়ি মই চকুৰে ধুঁৱলি কুঁৱলি দেখিছো। 👇👇👇👇👇 ১. গৰুৰ গাখীৰ নে মহৰ হলেও হ'ব? ২.  ৰুটিখন হাতেৰে ভাঙি দিছে নে মিক্সাৰত গুড়ি কৰি দিছে? ৩.  এখন ৰুটিৰ কাৰণে কিমান গাখীৰ লাগিব? ৪.  গাখীৰত চেনী দিলে য়াম্মী হয় নে গুড় দিব লাগিব? দুয়োটা দিলে বেছি ভাল হ'ব নেকি জনাব। ৫.  চেনী কেইচামুচ দিব লাগিব? ৬.  ৰুটি শুকান হ'ব লাগিব নে ঘিউ দিয়া হ'লেও হ'ব? ৭.  ৰুটিখন কিমান সৰুকৈ ভাঙিলে য়াম্মী হ'ব? ৮.  ৰুটি টাটকা মানে এতিয়াই সেকা ল'ব লাগিব নে বাহি ৰুটিও চলিব? ৯.  গাখীৰখিনি ঠাণ্ডা হোৱা ভাল নে গৰম গাখীৰ হ'লে ভাল? ১০.  চেনীৰ সলনি মিচিৰি দিব পাৰি নে? মানে মোৰ  অলপ চুগাৰ আছেতো। ১১. ৰুটিখন ৰুমালী হ'লে ভাল নে ফুলকা হ'ব লাগিব? কিছু উচ্ছ শিক্ষিত, পি এইছ ডি ডিগ্ৰীধাৰী প্ৰশ্নই চকু কপালত তুলিলে। 👇👇 ১২.  ৰুটিৰ কাৰণে পেকেট

কেশৰী

প্ৰিয় ছবি শিতানত আলোচনা কৰিবলৈ ওলাইছো হিন্দীছবি “কেশৰী“ ৰ বিষয়ে৷ আমি সকলোৱে জানো কেশৰী শব্দটোৰ অৰ্থ হৈছে গেৰুৱা ৰং। ই সাহস আৰু বীৰত্বৰ প্ৰতীক। আমাৰ জাতীয় পতাকাখনৰ একেবাৰে ওপৰত থকা এই ৰঙটোৱে সাহসিকতা বা বীৰত্বৰ কথাকেই সূচায় আহিছে। ছবিখনত দেখুওৱা হৈছে ভাৰতৰ উত্তৰ-পশ্চিম কোণত থকা ’চাৰাগড়ী’ নামৰ ঠাই এখনত হোৱা কম বেছি পৰিমাণে অখ্যাত এখন যুদ্ধৰ বিষয়ে৷ আপুনি জানেনে চাৰাগড়ী নামৰ ঠাইখন ক’ত, কিয় আৰু কাৰ মাজত হৈছিল এই যুদ্ধখন? মোৰ দূৰ্ভাগ্য যে মই জনা নাছিলো!  ১৮৯৭ চনত, বৃটিছ অধিকৃত ভাৰতীয় শিখ সৈন্যৰ ২১ জন জোৱানে, ১০,০০০ মানুহৰ এটা আফগান সৈন্যবাহিনীৰ বিৰুদ্ধে যুঁজ দি চাৰাগড়ী নামেৰে ঠাইখনত দেশৰ বাবে, নিজ কৰ্ত্তব্যৰ বাবে শ্বহীদ হৈছিল৷ শেহতীয়াকৈ এই ঘটনাটো কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে বীৰত্ব আৰু সাহসিকতাৰ আটাইতকৈ প্ৰেৰণাদায়ক কাহিনী হিচাপে গণ্য কৰা হৈছে। পৰিচালক অনুৰাগ সিঙৰ ছবি কেশৰীয়ে শিখ সৈনিকসকলৰ সেই কৰুণ কাহিনীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা গ'ল। কেশৰী এখন আকৰ্ষণীয় যুদ্ধ বিষয়ক ছবি, যিয়ে কিছুপৰিমাণে অখ্যাত কিন্তু ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিষয়ে সোঁৱৰাই থৈ

দ্য লিজেণ্ড অৱ ভগত সিং

 আমি বিদ্যালয়ত যি পঢ়িছো, ইতিহাসৰ পাতত যি শিকিছো সেয়া শ্বহীদ ভগত সিঙৰ ব্যক্তিত্বৰ ১%ও নহয়। মই নাভাবো যে আমি ভাৰতীয়সকলে তেওঁৰ বলিদানৰ উচিত প্ৰাপ্য প্ৰদান কৰিবলৈ সক্ষম৷ কেতিয়াবা আচৰিত হওঁ এই ব্যক্তিজনৰ মহানতাৰ বিষয়ে ভাবি৷ আমাৰ বাবে যি কৰিছে সেয়া সলাগ লবই লাগিব৷ তেওঁৰ উদ্দেশ্য কেৱল ভাৰতৰ স্বাধীনতাই নাছিল। আজি আমি নিজৰ দেশতেই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভৱিষ্যতবাণী কৰিছিল তেওঁ। দঙ্গাৰ পৰা দুৰ্নীতিলৈকে, সকলো ভৱিষ্যতবাণী কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে যুঁজিব বিচাৰিছিল৷ হয়! আজি আলোচনা কৰিবলৈ লৈছো, স্বনামধন্য পৰিচালক ৰাজকুমাৰ সন্তোষীৰ দ্বাৰা পৰিচালিত আত্মজীৱনীমূলক চলচ্চিত্ৰ ’দ্য লিজেণ্ড অৱ ভগত সিং’ ৰ বিষয়ে দুই এটা কথা।  ১৯৯৮ চনত চলচ্চিত্ৰ পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে সমাজতান্ত্ৰিক বিপ্লৱী ভগত সিঙৰ ওপৰত কেইবাখনো কিতাপ পঢ়ে আৰু অনুভৱ কৰে যে এখন জীৱনীমূলক ছবিয়ে তেওঁৰ প্ৰতি আগ্ৰহ পুনৰুজ্জীৱিত কৰাত সহায় কৰিব। মনোজ কুমাৰে ১৯৬৫ চনত ’শ্বহীদ’ শীৰ্ষৰে ভগত সিঙক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল৷ কিন্তু সন্তোষীয়ে অনুভৱ কৰে যে গীত আৰু সংগীতৰ ক্ষেত্ৰত এক মহান অনুপ্ৰেৰণাৰ উৎস হোৱা স্বত্বেও এই ছবিখনে ভগত সিঙ

ছবিৰ কথা ছবিৰ ব্যথা

Image
  # ভোক : আইতা! বৰ ভোক লাগিছে! : আৰু অলপ সময় ধৈৰ্য্য ধৰ আইজনী৷ সেইয়া তোৰ ইচকুল পালোহিয়েই নহয়৷ : পেটটো বৰকৈ বিষাইছে আইতা৷ দুপৰীয়ালৈ কেনেকৈ থাকিম ? : বুজিছো মাজনী৷ অহা শনিবাৰ আৰু দেওবাৰলৈ কিবা যোগাৰ কৰিম দেই ; আজি সোমবাৰহে৷ এইকেইদিন ইচকুলতে দুপৰীয়াৰ সাঁজ ভালদৰে খাই লবি৷ : আৰু তুমি ? তুমিওটো একো খোৱা নাই দুদিন! : মোৰ কথা চিন্তা নকৰিবিচোন! চাহ বিস্কূট দিয়ে নহয় সিঁহতে৷ ৰাতিৰ ভাতসাঁজ খালেহে খোৱানে ? মই এতিয়া ডাঙৰ হৈছো যে  - মোৰ আকৌ ৰাতি নাখালেও হৈ যায় নহয়৷ হে! হে! : তোমাৰ টোপোলাটোত আজি কাপোৰ বেছিকৈ লৈছা নেকি ? : অ’ মোৰ দুযোৰ ডেৰেচ লৈছো৷ আঁতৰলৈ যাম নহয় কাম বিচাৰি৷ : আজি আহিবানে ? : যদি নাহো , তই ভালদৰে থাকিবি দেই! : হ’ব আইতা! মা-পিতাই নোহোৱা বাবে মোক লৈ তোমাৰ যে কিমান কষ্ট হৈছে নহয়নে ? ×××× # দৃষ্টি : অই বুঢ়ি! সেইফালে কিয় গৈছ ? : উৱা ? আৰুনো কোনফালে যাম তেনেহলে ? : সেইটো নলা , দেখা নাই ? এতিয়াই পৰিলিহেঁতেন মই নধৰাহলে! : তই আছ যে মোৰ লগত , মোকনো আৰু বেলেগে দেখিব লাগেনে ? : সেয়ে হ’বলা এক্সিডেণ্টত আই-বোপাইৰ লগতে চকুদুটাও হেৰুওৱা নাতীয়েৰক নিজৰ চকুদুটাকে দি দিলি

বুঢ়ী আৰু বিড়ি

Image
  বজাৰত মানুহৰ ভিৰ কমি আহিছে। ভৰ দুপৰীয়া , বেপাৰীবোৰেও লাহে লাহে ঘৰাঘৰি হোৱাৰ প্ৰস্তুতি চলাইছে। মূল বজাৰখনৰপৰা অলপ আঁতৰত ৰাস্তাৰ কাষতে এগৰাকী বৃদ্ধাই আঠিয়াকল কেইটামান , কলৰফুল এটা আৰু নৰসিংহ পাত অলপ আগত লৈ বহিছেহি।   : ভীমকল কেইটা কেনেকৈ দিছা অ ' আইতা ? : আইতা কাক ক ' লি বোপাই ? মাৰৰ বয়সৰ হ ' ম মই। : ঠিক আছে আই , কিমানকৈ দিছা নো ? : এটা লবি নে আটাইকেইটা ? : তুমি বা কেনেকৈ দিয়া! : এক হালিত দুই কুৰি। : এই হালি নে চিধা মই নুবুজো। এটাত কিমান দাম কোৱা! : ঠাট্টা কৰিবলৈ আহিছ ? : নাই অ '! সুধিছোহে! : হালি মানে কি নাজান ? : কথাৰ মোখনি মাৰি থাকিবলৈ সময় নাই অ ' আই! নিদিলে নিদিও বুলি কোৱা। : অ , নিদিওঁ যা। : ধেই বুঢ়ী। তাকে নকৈ ইমান সময়ৰপৰা কিনো হালা-কুজাখন কৰি আছিল ?   বাইকৰ ষ্টেণ্ডডাল তুলি ল ' ৰাজন আগুৱাই গ ' ল। মানুহগৰাকীয়ে মুখৰ ভিতৰতে কিবাকিবি ভোৰভোৰাই বহি ৰ ' ল। এইকেইদিন ইমান গৰম পৰিছে , তাতে বিচনীখনো অনা নহ ' ল। সন্ধিয়ালৈকে মহৰ কামোৰ খাই ঘামত ভিজি বুৰি এতিয়া এনেকৈয়ে বহি থাকিব লাগিব। সোনকালে সামগ্ৰীখিনি বিক্ৰী কৰিব পাৰি