দ্য লিজেণ্ড অৱ ভগত সিং

 আমি বিদ্যালয়ত যি পঢ়িছো, ইতিহাসৰ পাতত যি শিকিছো সেয়া শ্বহীদ ভগত সিঙৰ ব্যক্তিত্বৰ ১%ও নহয়। মই নাভাবো যে আমি ভাৰতীয়সকলে তেওঁৰ বলিদানৰ উচিত প্ৰাপ্য প্ৰদান কৰিবলৈ সক্ষম৷ কেতিয়াবা আচৰিত হওঁ এই ব্যক্তিজনৰ মহানতাৰ বিষয়ে ভাবি৷ আমাৰ বাবে যি কৰিছে সেয়া সলাগ লবই লাগিব৷ তেওঁৰ উদ্দেশ্য কেৱল ভাৰতৰ স্বাধীনতাই নাছিল। আজি আমি নিজৰ দেশতেই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভৱিষ্যতবাণী কৰিছিল তেওঁ। দঙ্গাৰ পৰা দুৰ্নীতিলৈকে, সকলো ভৱিষ্যতবাণী কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে যুঁজিব বিচাৰিছিল৷


হয়! আজি আলোচনা কৰিবলৈ লৈছো, স্বনামধন্য পৰিচালক ৰাজকুমাৰ সন্তোষীৰ দ্বাৰা পৰিচালিত আত্মজীৱনীমূলক চলচ্চিত্ৰ ’দ্য লিজেণ্ড অৱ ভগত সিং’ ৰ বিষয়ে দুই এটা কথা। 


১৯৯৮ চনত চলচ্চিত্ৰ পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে সমাজতান্ত্ৰিক বিপ্লৱী ভগত সিঙৰ ওপৰত কেইবাখনো কিতাপ পঢ়ে আৰু অনুভৱ কৰে যে এখন জীৱনীমূলক ছবিয়ে তেওঁৰ প্ৰতি আগ্ৰহ পুনৰুজ্জীৱিত কৰাত সহায় কৰিব। মনোজ কুমাৰে ১৯৬৫ চনত ’শ্বহীদ’ শীৰ্ষৰে ভগত সিঙক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল৷ কিন্তু সন্তোষীয়ে অনুভৱ কৰে যে গীত আৰু সংগীতৰ ক্ষেত্ৰত এক মহান অনুপ্ৰেৰণাৰ উৎস হোৱা স্বত্বেও এই ছবিখনে ভগত সিঙৰ প্ৰকৃত আদৰ্শ আৰু দৃষ্টিভঙ্গীক দেখুৱাবলৈ যেন অপাৰগ৷


এই ভাবৰ ফপস্বৰূপে সৃষ্টি হ’ল, দি লিজেণ্ড অৱ ভগত সিঙৰ৷ ছবিখনৰ কাহিনী আৰু সংলাপ ক্ৰমে সন্তোষী আৰু পীয়ুষ মিশ্ৰাই লিখা৷ আনহাতে অঞ্জম ৰাজাবালিয়ে চিত্ৰনাট্যৰ খচৰা প্ৰস্তুত কৰিছিল। ভগত সিঙে বাস কৰা পৃথিৱীখন পুনৰ সৃষ্টি কৰিব বিচাৰিছিল ৰাজাবালীয়ে৷ তেওঁৰ মতে "কেৱল মানুহজনক বুজি পোৱাই নহয়, তেওঁৰ সমাজজীৱনৰ ওপৰত থকা প্ৰভাৱ, সেই যুগৰ ৰাজনীতিকো বুজিপোৱাৰ প্ৰয়োজন"৷ 


২০০০ চনত ৰেডিফ ডট কমৰ শৰ্মিলা টালিকুলামৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজাবালিয়ে কয় যে ছবিখনত "স্বাধীনতা সংগ্ৰামী ভগতৰ বিপৰিতে ভগত সিং নামৰ প্ৰকৃত ব্যক্তিজনৰ জীৱনটোহে উন্মোচিত কৰিবলৈ বিচৰা হৈছে"। ভগতৰ জীৱনৰ বহুতো দিশ, যেনে প্ৰেমিকা মন্নেৱালীৰ সৈতে সম্পৰ্ক, জালিয়ানৱালা বাগৰ নিষ্ঠূৰ হত্যাকাণ্ডৰ সৈতে সম্পৰ্ক আদিবোৰ দেখুওৱা হৈছে ছবিখনত৷


ছানী দেওলক প্ৰথমতে ভগতৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচন কৰা হৈছিল, যদিও সময়সূচীৰ বিবাদ আৰু পাৰিশ্ৰমিককলৈ সন্তোষীৰ সৈতে মতভেদৰ বাবে তেওঁ ছবিখন এৰি দিয়ে। সন্তোষীয়ে তেতিয়া প্ৰতিষ্ঠিত অভিনেতাৰ সলনি নতুন মুখ কাষ্ট কৰাৰ কথা ভাবে৷ কিন্তু কাৰোৱেই অডিচনত সন্তুষ্ট হ’ব নোৱাৰি অৱশেষত অজয় দেৱগনক মুখ্য চৰিত্ৰৰ বাবে বাছনি কৰা হয়৷ 


সন্তোষীয়ে অনুভৱ কৰিছিল যে দেৱগণৰ আছে এগৰাকী বিপ্লৱীৰ চকু। তেওঁৰ অন্তৰ্মুখী প্ৰকৃতিয়েও সন্তোষীক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল৷ অজয় দেৱগণে ভগতৰ পোছাক পিন্ধি স্ক্ৰীন টেষ্ট দিয়াৰ পিছত, দেৱগণৰ মুখখন ভগত সিঙৰ সৈতে ঘনিষ্ঠভাৱে সাদৃশ্য থকা দেখি সন্তোষী আচৰিত হৈ পৰিছিল আৰু নিজৰ চয়নক লৈ নিজেই আনন্দিত হৈছিল।  


চলচ্চিত্ৰখনত দেখুওৱা হৈছে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন (HRA) ৰ সহযোগী সদস্যসকলৰ সৈতে ভাৰতীয় স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ বিষয়ে। মূখ্য চৰিত্ৰত অভিনেতা অজয় দেৱগনৰ লগতে সুশান্ত সিং (ৰাজপুত নহয়), ডি সন্তোষ আৰু অখিলেন্দ্ৰ মিশ্ৰাক আন চৰিত্ৰসমূহত দেখিবলৈ পোৱা যায়। ৰাজ বব্বৰ, ফৰিদা জালাল আৰু অমৃতা ৰাৱে ক্ৰমে পিতৃ, মাতৃ আৰু ভগতৰ প্ৰেমিকাৰ ভূমিকা পালন কৰা চলচ্চিত্ৰখনত ভগতৰ শৈশৱৰ পৰা মৃত্যুলৈকে (তেওঁক ফাঁচী দিয়া হৈছিল - ১৯৩১ চনৰ ২৩ মাৰ্চ।) দেখুওৱা হৈছে য'ত তেওঁ জালিয়ানৱালা বাগ গণহত্যাৰো সাক্ষী আছিল৷ 


সন্তোষীয়ে আজাদৰ চৰিত্ৰত অভিনয় কৰিবলৈ অখিলেন্দ্ৰ মিশ্ৰক বাছনি কৰে৷ তেওঁৰ মতে দুয়োৰে প্ৰকৃত চৰিত্ৰৰো সাদৃশ্য আছে। আজাদৰ চৰিত্ৰটো ফুটাই তুলিবলৈ অখিলেন্দ্ৰ মিশ্ৰাই অশেষ কষ্ট কৰিছিল৷ ৰেডিফ ডট কমৰ লতা খুবচন্দানিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিশ্ৰাই উল্লেখ কৰে যে তেওঁলোক মূলতঃ কানপুৰৰ বাসিন্দা, যিঠাইত আজাদৰ পূৰ্বপুৰুষে বসবাস কৰিছিল। এই তথ্যই মিশ্ৰাক আজাদৰ চৰিত্ৰত অভিনয় কৰিবলৈকো উৎসাহিত কৰে৷


সুশান্ত সিং আৰু ডি সন্তোষে (চলচ্চিত্ৰত প্ৰথম আত্মপ্ৰকাশ কৰা) ভগতৰ বন্ধু আৰু  সহযোগী সুখদেৱ থাপা আৰু শিৱৰাম ৰাজগুৰু আৰু হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনৰ সদস্য হিচাপে অভিনয় কৰে। সন্তোষীয়ে বিশ্বাস কৰিছিল যে তেওঁলোকৰ মুখমণ্ডল দুয়োজন বিপ্লৱীৰ মুখৰ সৈতে সাদৃশ্যপূৰ্ণ। তেওঁলোকৰ চৰিত্ৰসমূহৰ বিষয়ে জানিবলৈ অখিলেন্দ্ৰ মিশ্ৰাৰ দৰে সুশান্তেও বিভিন্ন কিতাপ পঢ়িছিল আৰু ডি সন্তোষে ৰাজগুৰুৰ পৰিয়ালৰ সদস্যসকলকো সাক্ষাৎ কৰিছিল। 


অভিনেতাসকলক তেওঁলোকৰ চৰিত্ৰৰ পৃষ্ঠভূমি অনুসৰিও বাছনি কৰা হৈছিল। অমিতাভ ভট্টাচাৰ্যই ভগত আৰু বটুকেশ্বৰ দত্তৰ বাবে বোমা তৈয়াৰ কৰা ব্যক্তি যতীন দাসৰ চৰিত্ৰত অভিনয় কৰিছিল। সন্তোষ আৰু ভট্টাচাৰ্য ৰাজগুৰু আৰু দাসৰ দৰেই মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ পৰা অহা। ৰাজ বব্বৰ আৰু ফৰিদা জালালক ভগতৰ পিতৃ-মাতৃ কিষেণ সিং আৰু বিদ্যাৱতী কৌৰৰ চৰিত্ৰত অভিনয় কৰোৱা হয়, আনহাতে অমৃতা ৰাৱে ভগতৰ প্ৰেয়সী মন্নেৱালীৰ চৰিত্ৰত অভিনয় কৰে।


ছবিখন কুমাৰ ৰমেশ তৌৰাণীৰ টিপছ ইণ্ডাষ্ট্ৰিজৰ দ্বাৰা প্ৰযোজিত। কে ভি আনন্দ, ভি এন মায়েকাৰ আৰু নিতিন চন্দ্ৰকান্ত দেশাই ক্ৰমে চিনেমাটোগ্ৰাফী, সম্পাদনা আৰু প্ৰযোজনা ডিজাইনৰ দায়িত্বত আছিল। মুখ্য ফটোগ্ৰাফী জানুৱাৰীৰ পৰা মে ২০০২ লৈ আগ্ৰা, মানালী, মুম্বাই আৰু পুনেত হৈছিল। এ. আৰ. ৰহমানৰ দ্বাৰা ৰচিত চাউণ্ডট্ৰেককেইটা ৪ মে ২০০২ তাৰিখে মুকলি কৰি দিয়া হয়৷ "মেৰা ৰং দে বসন্তী চোলা" আৰু "চৰফৰোশী কি তামান্না" শীৰ্ষক গীতদুটি বহুলভাবে প্ৰচলিত হৈছিল।


৭ জুন ২০০২ তাৰিখে মুক্তি লাভ কৰা ছবিখন পৰিচালনা, কাহিনী, চিত্ৰনাট্য, কাৰিকৰী দিশৰ লগতে দেৱগন আৰু সুশান্তৰ দুৰ্দান্ত প্ৰদৰ্শনে বেছ আকৰ্ষণীয় কৰি তোলে। কিন্তু বক্স অফিচত ছবিখনে খুব এটা ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে, যিটো সাধাৰণতে ভাল ছবি এখনৰ ক্ষেত্ৰত প্ৰায় দেখা যায়৷


এই ছবিখনে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে – হিন্দীত শ্ৰেষ্ঠ ফিচাৰ ফিল্ম আৰু দেৱগনৰ বাবে শ্ৰেষ্ঠ অভিনেতা৷ – লগতে আঠটা মনোনয়নৰ পৰা তিনিটা ফিল্মফেয়াৰ বঁটা - শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক'ৰ (ৰহমান), শ্ৰেষ্ঠ চলচ্চিত্ৰ (কুমাৰ তৌৰানী, ৰমেশ তৌৰাণী) আৰু শ্ৰেষ্ঠ অভিনেতা (দেৱগন)।


শ্বহীদ ভগত সিঙৰ ওপৰত আধাৰিত আন এখন চলচ্চিত্ৰ, “২৩ মাৰ্চ ১৯৩১: শ্বহীদ“ প্ৰায় একে সময়তে মুক্তি লাভ কৰে৷ এইখনত ববি দেউলক বিপ্লৱী ভগত হিচাপে দেখুওৱা হৈছিল।

দুয়োখন ছবিৰ তুলনামূলক বিশ্লেষণত দ্য হিন্দু কাকতৰ সম্পাদক তথা ছবি সমালোচক, জিয়া-উছ-ছালামে অজয় দেৱগন অভিনিতখনক আনখনতকৈ শ্ৰেষ্ঠ আখ্যা দিয়ে৷ কাৰণ হিচাপে তেওঁ কৈছিল ভগতৰ লগতে আন সহযোগী চৰিত্ৰসমূহৰ উচিত মূল্যায়ন৷ লগতে দেৱগনক ববি দেউলতকৈ অধিক "সংযত আৰু বিশ্বাসযোগ্য" বুলিও তেওঁ মত প্ৰকাশ কৰে। ’দ্য লিজেণ্ড অৱ ভগত সিং’ ছবিত সুখদেৱৰ চৰিত্ৰত অভিনয় কৰা সুশান্ত সিঙৰ প্ৰদৰ্শনক প্ৰশংসা কৰি ছালামে কয়, "এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হোৱাৰ লগতে সুন্দৰ অভিনয় আৰু অধিক প্ৰসিদ্ধ অভিনেতাৰ সন্মুখত নিজকে ধৰি ৰখাৰ সামৰ্থ্য আছে সুশান্ত সিঙৰ"। 


ছবিখনৰ বিষয়ে ভালৰ লগতে বেয়া সমালোচনাও যঠেষ্ট দেখা যায়৷ 


২০০২ চনৰ ২৯ মে তাৰিখে ভগতৰ কনিষ্ঠ ভাতৃ ৰাজিন্দৰ সিঙৰ জীয়ৰী পৰমজিৎ কৌৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত “দ্য লিজেণ্ড অৱ ভগত সিং“ আৰু “১৯৩১ চনৰ ২৩ মাৰ্চ: শ্বহীদ“ নামৰ দুয়োখন ছবিৰ মুক্তিৰ ওপৰত স্থগিতাদেশ দিবলৈ ১৪ পৃষ্ঠাৰ এখন আবেদন দাখিল কৰে। কৌৰৰ অধিবক্তা সন্দীপ ভাঞ্চালে যুক্তি দিছিল যে ভগতে মন্নেৱালীৰ সৈতে গীত গোৱা আৰু মালা পিন্ধোৱা দৃশ্যকেইটা অসত্য আৰু ছবিখনত ঐতিহাসিক তথ্য বিকৃত কৰা হৈছে। দুদিনৰ পিছত, ন্যায়াধীশ জে এল গুপ্তা আৰু ন্যায়াধীশ নৰিন্দৰ কুমাৰ সুদৰ সন্মুখত শুনানিৰ বাবে আবেদনখন আহিছিল৷ কিন্তু ’আৱেদনখন বহু পলমকৈ দাখিল কৰা আৰু চলচ্চিত্ৰদুখনৰ প্ৰদৰ্শন বন্ধ কৰাটো উচিত নহ'ব’ বুলি দুয়োজন ন্যায়াধীশে চলচ্চিত্ৰদুখনৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে৷ টিপছ ইণ্ডাষ্ট্ৰিজৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে: "মানাৱালী গাঁৱৰ এই ছোৱালীজনীয়ে ভগত সিঙক ইমানেই ভাল পাইছিল যে তেওঁ ভগত সিঙৰ বিধৱা হিচাপে চিৰপৰিচিতা হয় আৰু আমৃত্যু অবিবাহিত হৈয়ে ৰয়৷


কম সময়ৰ বাবে দেখুওৱা মহাত্মা গান্ধীৰ চৰিত্ৰটোৰ বাবেও কিছু সমালোচনা হৈছিল। ছবিখনত গান্ধীক অনুজ্জ্বল পোহৰত দেখুওৱাৰ লগতে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ ফাঁচিৰ আদেশ নাকচ কৰিব পৰা ক্ষমতা থাকিও তেনে কোনো আগ্ৰহ নেদেখুৱা বা তেনেই "সামান্য প্ৰচেষ্টা" কৰা বুলি দেখুওৱা হৈছে। এই কথাটোত বহুতো চলচিত্ৰ সমালোচক একমত আৰু লগতে ইয়াকো কয় যে চলচ্চিত্ৰখনত দেখুওৱাৰ দৰে গান্ধী-আৰউইন চুক্তিয়ে দৰ্শকসকলক ভাবিবলৈ বাধ্য কৰিব যে গান্ধীয়ে "চুক্তিখন তৈয়াৰ কৰি তিনিওজনৰ ফাঁচীত অৰিহনাহে যোগালে৷ গান্ধীজীয়ে ইচ্ছা কৰিলে তিনিওকে ফাঁচীকাঠত ওলমাৰপৰা সহজতে ৰক্ষা কৰিব পাৰিলেহেঁতেন"৷ 


এই চুক্তিখনৰ প্ৰসংগ আচলতে "এখন পৃথক ইতিহাস"। সেই বিষয়ে ইয়াত ক’বলৈ নাযাওঁ৷


এগৰাকী সমালোচক কেহৰে বিশ্বাস কৰিছিল যে চলচ্চিত্ৰখনত গান্ধীজীৰ চিত্ৰায়ণেই ইয়াৰ "আটাইতকৈ আকৰ্ষণীয় দিশ"। আন এগৰাকীয়ে আকৌ সুৰেন্দ্ৰ ৰাজন অভিনীত গান্ধীৰ চৰিত্ৰটোক "এক অস্পষ্ট হাস্যকৰ" বুলি বৰ্ণনা কৰে, যাৰ নীতিবোৰ পোনপটীয়াকৈ ব্ৰিটিছৰ সমৰ্থনৰ দিশে যোৱা চকুত পৰে৷ এই চৰিত্ৰটো আৰু ৰিচাৰ্ড এটেনবৰোৰ দ্বাৰা পৰিচালিত ’গান্ধী (1982)’ত বেন কিংছলে অভিনীত গান্ধীজীৰ "শান্ত ঋষি" চৰিত্ৰটোৰ মাজত আকাশ পাতাল পাৰ্থক্য থকা বুলিও উল্লেখ কৰে৷ 


মুক্তিৰ পাছৰে পৰা, দ্য লিজেণ্ড অফ ভগত সিঙক সন্তোষীৰ অন্যতম শ্ৰেষ্ঠ ৰচনা হিচাপে গণ্য কৰা হৈছে। প্ৰথমতে ব্যঙ্গ ছবি (অন্দাজ অপনা অপনা)ৰে আৰম্ভ কৰা ৰাজকুমাৰ সন্তোষীয়ে পিছলৈ ডামিনী, লজ্জা, ঘায়ল, ঘাটক,বৰষাত, খাকী, চাইনা গেট, অজব প্ৰেম কী গজব কহানী (ব্যঙ্গ) আদি আন কেইবাখনো সুন্দৰ সুন্দৰ ছবি আমাক উপহাৰ দিছে৷ তেওঁৰ ছবিবোৰত সঁচৰাচৰ সমাজৰ ফোপোলা স্বৰূপবোৰ দাঙি ধৰা দেখা যায়৷ 


অজয় দেৱগনে ২০১৪ চনৰ ডিচেম্বৰত কৈছিল যে জখমৰ (১৯৯৮) সৈতে ’দ্য লিজেণ্ড অৱ ভগত সিং’ হৈছে তেওঁৰ কেৰিয়াৰৰ এতিয়ালৈকে শ্ৰেষ্ঠ চলচ্চিত্ৰ। তেওঁ লগতে এইটোও প্ৰকাশ কৰে যে লিজেণ্ড অৱ ভগত সিংৰ দৰে ইমান ভাল স্ক্ৰিপ্ট আগতে দেখাই নাই। 


২০১৬ চনত এই ছবিখন হিন্দুস্তান টাইমছে "বলিউডৰ শীৰ্ষ ৫ খন বায়োপিক"ৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ২০১৮ চনত বলীউডৰ চলচ্চিত্ৰ আলোচনীৰ স্পটবয় আৰু ফ্ৰী প্ৰেছ জাৰ্নেল দুয়োখনে ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ চাব পৰা ছবিৰ তালিকাত লিজেণ্ড অৱ ভগত সিঙক যোগ কৰে। পৰৱৰ্তী বছৰত ডেইলী নিউজ এণ্ড এনালাইচিছ আৰু জি নিউজেও গণতন্ত্ৰ দিৱসত চাবলগীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত ইয়াক তালিকাভুক্ত কৰে।


নোচোৱাসকলে এইখন চাব পাৰে। লেখাটোৰ জৰিয়তে শ্বহীদ ভগত সিঙলৈ মোৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। 🙏🙏🙏

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ