Posts

Showing posts from May, 2022

দেউতাৰ বিয়া

            সময় ভৰদুপৰীয়া৷ তিনিআলিটোত মানুহৰ সমাগম তেনেই তাকৰ। সৰু হোটেলখনৰ সম্মুখৰ বাঁহৰ বেঞ্চখনত বহি বসন্ত খুড়াই তামোল চোবাইছে। সেইখিনিতে মাত্ৰ চাৰি পাঁচখন দোকান , পবিত্ৰৰখন এৰি আটাইকেইখন বন্ধ। এই সময়ত মানুহৰ বিশেষ অহা-যোৱা নোহোৱা বাবে দোকানীকেইজন ঘৰা-ঘৰি যায়গৈ। পবিত্ৰৰো দোকান বন্ধ কৰা সময় , পিছে বসন্ত খুড়াৰ বাবে যাব পৰা নাই। এই দুপৰীয়াখন তেওঁক হেনো পুৰি বনাই দিব লাগে৷ পবিত্ৰৰ দোকানৰ পুৰি গোটেই অঞ্চলটোতে বিখ্যাত৷ পুৱাবেলা অসংখ্য মানুহে ভিৰ কৰেহি তাৰ দোকানত৷ বসন্ত খুড়াই কেইখনমান সৰহকৈয়ে বনাবলৈ দিছে , ঘৰলৈকে লৈ যাব হেনো৷ : কিন্তু এই ভৰ দুপৰীয়া পুৰি ? ঘৰত ভাত নাখাব নেকি মানুহজনে ? আচৰিত হৈছিল সি৷ এইখিনি সময়ত মানুহে সাধাৰণতে ক’ল্ড ড্ৰিংকচ্ , তামোল-পাণ আদিহে বিচাৰি আহে৷ পুৱাৰে অলপ ময়দা ৰৈ যোৱা বাবে সি নোৱাৰো বুলিও নকলে৷ গ্ৰাহকক না কব নোৱাৰি৷ ইতিমধ্যে বাচন-বৰ্তন ধুই সহায় কৰি দিয়া মানুহগৰাকীও গ’ল৷ সোনকালে পুৰিকেইখন বনোৱা হ’লেই মানুহজনক বিদায় দিব পৰা যাব৷ তামোল বুলিলে তেওঁক একো নালাগে৷ তাতে আকৌ বুঢ়া তামোল৷ তিনিখন ললেই ইতিমধ্যে৷ পুৰিখিনি টোপোলা বান্ধি বসন্ত খুড়াৰ হাতত তুলি প

স্বাৰ্থপৰ

: নীলু! ইয়াত কিয় বাগৰি আছ ? : দাদা , মালিকে বাহিৰতে শুবলৈ কৈছে। : কিবা খালিনে ? : নাই! ৰিক্সাখনত কুচি-মুচি শুবলৈ চেষ্টা কৰা ৯-১০ বছৰীয়া ল’ৰাজনলৈ অলপ সময় চাই থাকিলোঁ। দেখি দুখ লাগিল। ৰামবিলাসৰ হোটেলত দুদিন আগতে মইয়ে থৈ যোৱা। এমাহ আগতে নীলুক লগ পাইছিলোঁ ৰাস্তাত অকলে অকলে ঘূৰি থকা অৱস্থাত৷ দেখিয়েই কিবা এটা মৰম লাগিল। নামটোৰ বাহিৰে আৰু একো ক’ব নোৱাৰে সি। ক’ৰ পৰা আহিছে , ঘৰত কোন আছে একো নাজানে ,  মনত নাই। ৰাস্তাৰ পৰা আনি বন্ধু এজনৰ দোকানত চমজাই দিলোঁ তাক। কিন্তু তাৰপৰা সি এসপ্তাহৰ পিছত গুছি আহিল। পিছত আৰু এখন দোকানত থৈছিলোঁ , কিন্তু তাৰপৰাও ওলাল  সি৷ কেইদিনমান আগতে ৰামবিলাসে হোটেলত কাম কৰা ল’ৰা এজন লাগে বুলি কৈছিল। ৰামবিলাসৰ এখন সৰু চাহৰ হোটেল আছে , তাত সদায় আবেলি চাহ খাবলৈ বহো। নীলুক এইবাৰ আনি ৰামবিলাসক গটাই দিলোঁ। ৰাতি তেতিয়া ১১ টা মান বাজিছে। দোকানখন বন্ধ কৰি ঘৰলৈ আহি থাকোঁতে দেখিলোঁ ৰামবিলাসৰ হোটেলৰ সন্মুখতে ৰখাই থোৱা ৰিক্সা এখনৰ ওপৰত শুবলৈ চেষ্টা কৰিছে  সি। : ভাত খাবি ? : খাম। বাইকত বহুৱাই ল’লো তাক। ক’ৰবাত কিবা এখনমান হোটেল খোলা পাওঁৱেই নেকি ইফালে সিফালে বিচাৰিবলৈ