স্বাৰ্থপৰ

: নীলু! ইয়াত কিয় বাগৰি আছ?

: দাদা, মালিকে বাহিৰতে শুবলৈ কৈছে।

: কিবা খালিনে?

: নাই!

ৰিক্সাখনত কুচি-মুচি শুবলৈ চেষ্টা কৰা ৯-১০ বছৰীয়া ল’ৰাজনলৈ অলপ সময় চাই থাকিলোঁ। দেখি দুখ লাগিল। ৰামবিলাসৰ হোটেলত দুদিন আগতে মইয়ে থৈ যোৱা।

এমাহ আগতে নীলুক লগ পাইছিলোঁ ৰাস্তাত অকলে অকলে ঘূৰি থকা অৱস্থাত৷ দেখিয়েই কিবা এটা মৰম লাগিল। নামটোৰ বাহিৰে আৰু একো ক’ব নোৱাৰে সি। ক’ৰ পৰা আহিছে, ঘৰত কোন আছে একো নাজানে, মনত নাই। ৰাস্তাৰ পৰা আনি বন্ধু এজনৰ দোকানত চমজাই দিলোঁ তাক। কিন্তু তাৰপৰা সি এসপ্তাহৰ পিছত গুছি আহিল। পিছত আৰু এখন দোকানত থৈছিলোঁ, কিন্তু তাৰপৰাও ওলাল সি৷

কেইদিনমান আগতে ৰামবিলাসে হোটেলত কাম কৰা ল’ৰা এজন লাগে বুলি কৈছিল। ৰামবিলাসৰ এখন সৰু চাহৰ হোটেল আছে, তাত সদায় আবেলি চাহ খাবলৈ বহো। নীলুক এইবাৰ আনি ৰামবিলাসক গটাই দিলোঁ।

ৰাতি তেতিয়া ১১ টা মান বাজিছে। দোকানখন বন্ধ কৰি ঘৰলৈ আহি থাকোঁতে দেখিলোঁ ৰামবিলাসৰ হোটেলৰ সন্মুখতে ৰখাই থোৱা ৰিক্সা এখনৰ ওপৰত শুবলৈ চেষ্টা কৰিছে সি।

: ভাত খাবি?

: খাম।

বাইকত বহুৱাই ল’লো তাক। ক’ৰবাত কিবা এখনমান হোটেল খোলা পাওঁৱেই নেকি ইফালে সিফালে বিচাৰিবলৈ ধৰিলোঁ। ৰামবিলাসে কৈছিল তাক হেনো হোটেলত শুবলৈ দিব, খোৱাৰো ব্যবস্থা কৰি দিব! কি বা হ’ল! ৰাতিপুৱা সুধিবগৈ লাগিব! পিছে মাজনিশা এই সৰু চহৰখনত ভাতৰ হোটেল এখন পোৱাহে মস্কিল।

***

কাঁহীত সজাই থোৱা ভাত কেইটা আগুৱাই দিলোঁ তালৈ৷ সি এবাৰ মোৰ মুখলৈ আৰু এবাৰ ভাতকেইটালৈ চালে। পিছমুহূৰ্ত্ততে কণমানি হাতখনেৰে কাঁহীখন নিজৰ কাষলৈ টানি ভাতকেইটা গো-গ্ৰাসে গিলিবলৈ ধৰিলে।

: এই মাজ ৰাতিখন ল’ৰাটো ক’ৰপৰা আনিলি অ’? কিবা যদি বিপদত পৰ? -  আইৰ চাৱনিত অপাৰ কৌতুহল।

: সিদিনা ৰাস্তাত পোৱা বুলি কৈছিলোঁ যে, সিয়েই। - সংক্ষেপতে আইক বৰ্ণনাটো দি শুই থাকিবলৈ কলো।

ৰাতি মই অহালৈ বাট চাই থকা আইৰ অভ্যাস। বহুতো বুজনিৰ পিছত আজিকালি ভাতকেইটা অৱশ্যে খায়।

: কালিলৈৰ পৰা তই ৰামবিলাসৰ হোটেলত থাকিব নালাগে। ইয়াতে থাকিবি। মোৰ লগত দোকানলৈ যাবি। আমাৰ ঘৰতে ভাত দুমুঠি খাবি। মই মালিকৰ পৰা যি পাওঁ, তাৰে কিবা এটা তোকো দিম। হ'ব নে?

একো নকলে সি, মাঁথো মূৰটো তল-ওপৰ কৰি দেখুৱালে। বুজিলোঁ, আপত্তি নাই।

লাহে লাহে নীলু আমাৰ জীৱনৰ এটা অভিন্ন অংগ হৈ পৰিল। আইয়ে তাক নিজৰ ল’ৰাৰ দৰে আকোৱালি ললে। মোৰ দোকানত দুই এটা কাম কৰি দিয়ে। কাম মানে কোনোবা গ্ৰাহক আহিলে চাহ আনি দিয়াটোৱেই তাৰ কাম। আমাৰ দোকানৰ মালিকে তাক মাহেকত এহেজাৰ টকাকৈ দিবলৈ মান্তি হ’ল।

*****

কিছুবছৰৰ পিছত:

*****

টকা লাগে তাক৷ একেবাৰে অলপো নহয়, প্ৰায় ৮৫ হাজাৰ টকা। আঠুকাঢ়ি মোৰ সম্মুখত বহি কান্দিছে। যেনেতেনে তাক টকাকেইটা যোগাৰ কৰি দিব লাগে মই।

নীলু আমাৰ ঘৰত কেইবছৰমান আছিল। ডেকা হৈ অহাৰ লগে লগে আমাৰ ঘৰ এৰি ৰেড্ডী নামৰ বিল্ডাৰ এজনৰ লগত থাকিবলৈ ললে। ৰেড্ডী মোৰ চিনাকি। তেওঁ ব্যবসায়ত সহায় কৰি দিব পৰা বিশ্বাসী ল'ৰা এজন বিচাৰিছিল। নীলুৰ কিবা এটা ভাল হ'ব বুলি ভাবি তাক ৰেড্ডীৰ হাতত গতাই দিছিলোঁ নিজে। ৰেড্ডীয়ে মাহেকত ৮০০০ টকাকৈ তাক দিয়াৰ কথা আছিল। তাৰ উপৰিও থকা খোৱা সকলো বন্দোবস্ত কৰি দিছিল।

: তোৰ জমা টকাবোৰ কি কৰিলি? ৰেড্ডীয়ে ৮০০০ কৈ দিয়া নাছিলে জানো?

: নাই দাদা! ২০০০ কৈ দিছিল মাত্ৰ আৰু বাকীখিনি ঘৰটো বনাই দিয়াৰ বাবে কাটি ৰাখিছিল।

: ইমান দিনে মোক কিয় কোৱা নাছিলি কথাটো?

: মই ৰেড্ডীক আপোনাৰ দৰে ভাল মানুহ বুলি ভাবিছিলোঁ, কিজানি এদিন টকাকেইটা ওভটাই দিয়ে। পিছে...!

গোদাবৰী নদীৰ পাৰৰ এলুড়ু নামৰ গাঁও এখনত নীলুৰ ঘৰ। আইয়ে কেনেবাকৈ তাৰ পৰা কথাটো জানিব পাৰিছিল। এদিন এলুড়ুলৈ তাৰ ঘৰটো বিচাৰিও গৈছিলোঁ। আমাৰ চহৰৰ পৰা বেছি দূৰ নহয়। এবিধ অচিন ৰোগত গাঁওখনৰ বহু মানুহৰ মৃত্যু হৈছিল। তাৰ মাজতে নীলুৰ মাক-দেউতাকো আছিল। মহামাৰীৰ পিছত গোদাবৰী নদীত অহা প্ৰচণ্ড বানত গাঁৱৰ বহুতো লোক নিখোজ হৈছিল। সি হয়তো সেই বানতেই উটি আহি ওচৰতে থকা আমাৰ সৰু চহৰখন পায়। ঘৰলৈ অনাৰ পিছত আইয়ে তাক নিজৰ ল’ৰাৰ দৰেই মৰমত ৰাখিছিল। মোৰ সৰু ভাইৰ দৰে হৈ পৰিছিল সি।

: টকাখিনি দুমাহৰ ভিতৰত দিব নোৱাৰিলে মোৰ ওপৰত কেছ দিব হেনো। মই ক’ৰ পৰা দিও!     -  সি অলপ ভয় খোৱাৰ দৰে কলে।

: মই বাৰু ৰেড্ডীৰ লগত কথা পাতি কিবা এটা কৰিম। ভয় নাখাবি, একো নহয়।  -  তাক অলপ আশ্বাস দিয়াৰ চেষ্টা কৰিলোঁ।

: মণিমা ক’ত?

: ঘৰত আছে, তাইক এইবোৰ কথা কোৱা নাই।

: ঠিক আছে। ক’ব নালাগে। এনেকুৱা সময়ত এইবোৰ কথা গম পালে  তাইৰ কষ্ট হ'ব। পেটত থকা কণমানিটোৰ অসুবিধা হ'ব পাৰে।

মণিমা তাৰ পত্নী। চাৰিবছৰ আগতে সিহঁতৰ বিয়াখন পাতি দিলোঁ। বৰ ভাল ছোৱালী তাই। মোক বিয়াৰ কাৰণে বকি বকি ভাগৰি আইয়ে অৱশেষত তাৰখনেই পাতি দিলে। বিয়াৰ পিছত কিছুদিন তাই আমাৰ ঘৰতেই আছিল। আইক দুই এটা ঘৰুৱা কামত সহায় কৰি দিছিল।

এলুড়ুৰ মাটিখিনিত ৰেড্ডীয়ে তাক সৰুকৈ এটা ঘৰ বনাই দিলে। পিছত ঘৰটো সম্পূৰ্ণ হওঁতে মণিমা আৰু নীলু গৈ তাতে থাকিবলৈ লয়। তাৰ পৰাই সি ৰেড্ডীৰ অফিচলৈ অহা-যোৱা কৰে।

: তই এতিয়া কামলৈ যাগৈ৷ ভয় নকৰিবি, মই সন্ধিয়া ৰেড্ডীৰ লগত কথা হ’ম।

: যেনে তেনে মোক সহায় কৰক দাদা।

: 'ব। কি কৰিব পাৰো চাওঁ দেচোন।

**************

ৰেড্ডীক এক লাখ টকা দি নীলুক তেওঁৰ ওচৰৰ পৰা একেবাৰে লৈ আহিলোঁ। গাঁৱৰ ঘৰটোৰ সন্মুখতেই গুমটি এখন খুলি দিছোঁ। মণিমা দোকানখনত বহে আৰু নীলুৱে আজিকালি গাঁৱৰ পথাৰত আধি খেতি কৰে। দুয়ো সুখি হ’বলৈ চেষ্টা কৰিছে। সিহঁতৰ সংসাৰত কণমানি এটি আহিব বুলি বহু আশা কৰিছিলোঁ। পিছে ঈশ্বৰৰ ইচ্ছা বেলেগ আছিল। মণিমাই মৃত সন্তান এটি জন্ম দিছিল।

সন্ধিয়া লাগিছে৷ বাৰান্দাতে বহি আছোঁ অকলে। আজিকালি মোৰো গাটো ভালে নাথাকে। অকলশৰীয়া মানুহ। গালত হাতখন ফুৰাই মনতে ভাবিলোঁ  - 

'দাড়িখিনি কাটিবই নহ'ল আজি! চুলিতো ৰং সানিব ৰৈ গ’ল। সব বগা হৈ পৰিছে'

কেইদিনমানৰ পৰা নীলুৰ কথাবোৰেই মনলৈ আহি আছে। এগ্ৰিগল্ড নামৰ এটা চৰকাৰী আঁচনি আছে। আইয়ে তাত নীলুৰ নামত মাহে ১০০০ টকাকৈ জমা থৈছিল। বেলেগে মোৰ পৰা কোনো দৰমহা দিয়া নাছিলোঁ তাক। তাত কিছু সৰহকৈয়ে টকা জমা আছিল। নীলুৱে কথাটো একেবাৰে নাজানে। আনকি তাৰ বিয়াৰ সময়তো আইয়ে সেইখিনি খৰছ নকৰিলে।

এগ্ৰিগল্ডৰ টকাকেইটা উলিয়াই ৰেড্ডীৰ হাতৰ পৰা তাক মুকলি কৰি আনিলোঁ। ৰেড্ডীক মই দোষ দিব নোৱাৰোঁ৷ তেওঁ ব্যবসায়ী মানুহ। নীলুক দিবলগীয়া টকাকেইটাৰে অন্ততঃ তাক এটা ঘৰ সাঁজি দিছে তেওঁ; যিটো মই কোনোদিনে কৰিব নোৱাৰিলোঁ।

মনতে ভাৱ হ', আচলতে কোন স্বাৰ্থপৰ! ৰেড্ডী নে মই?

মইওচোন তাৰ টকাৰেই তাক সহায় কৰিছোঁ.....!

কথাবোৰ ভাবি মনটো গধূৰ হৈ আহিল৷ মূৰটো বেঁকা কৰি ভিতৰলৈ চাওঁ মানে ব’গা পৰ্দাখন বতাহত কঁপি উঠিছে। পৰ্দাৰ মাজেৰে ভিতৰৰ দেৱালত ওলমি থকা আইৰ ফ'টোখনত চকু পৰিল। বকুলৰ মালাডাল পুৰণি হৈছে, সলাব লাগিব। কিছুদেৰি আগতে জ্বলাই থৈ অহা ধূপডালো শেষ হ’ল। দূৰৈৰ পৰা ৰেলখনৰ উকিটো ৰিণিকি-ৰিণিকি ভাহি আহিছে। সন্ধিয়াৰ চাদৰখনে কেতিয়ানো এন্ধাৰকণ সিঁচি থৈ গ’ল গমকে নাপালোঁ৷ 


×××××সমাপ্ত×××××

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ