এখন নেদেখা নদীৰ সিপাৰে


.

কঁপালৰ ফোটটো ঠিক কৰি ক্ষুদ্ৰ আইনাখনৰ পৰা চকুদুটা আঁতৰাই ঠাইতে এপাক মাৰি মিতালিয়ে নিজকে নিজে এবাৰ চাই ললে৷ কিনো আছে এই শৰীৰটোত? কিয় সকলোৰে লোভ তাইলৈ? তাই যেন এটা নোদোকা হৰিণীহে, ঢপলিয়াই ফুৰিছে বনৰ মাজে মাজে৷ ইফালে জোপোহাৰ আঁৰৰ পৰা চোপ লৈ থকা বাঘ, শিয়াল আৰু সিংহকেইটা, সকলোৱে যেন একেলগে জঁপিয়াই পৰিছে তাইক থপিয়াবলৈ৷

চাদৰৰ আঁচলটো বুকুত মেৰিয়াই ওলাই আহিল তাই জুপুৰীৰ বাহিৰলৈ৷ মহিধৰ সম্মুখতে আছিল৷ কামলৈ যাবলৈ সাজু হোৱা বাপেকক উদ্দেশ্যি তাই ক’লে -

- পিতাই মই আৰু কামলৈ নাযাওঁ দেই? 

- কিয় অ’ আইজনী? 

- সকলোৱে বৰ বেয়াকৈ চাই৷ বেয়া কথা কয়৷

- কোনোবাই কিবা কৈছে নেকি?

- অকল এটা নে? সকলোৰে চকুত বেয়া চাৱনি৷

- কি কৰিবি, আমাৰ ভাগ্যই তেনেকুৱা আই৷ 

- দুখীয়া মানুহ হ’লেই সকলোৱে তেনেকৈ চকু দিবনে? কথা শুনাবনে?

তাইক কি বুজাব বাপেকে ঠিক ভাবি নাপালে৷ হাতৰ মোনাখন লৈ অকলেই ওলাই গ’ল৷ জীয়েকক লগত যাবলৈ আজি আৰু জোৰ নকৰিলে৷ ঘৈণীয়েকে ইতিমধ্যে নৰিয়াপাটী লৈছে৷ কাৰখানাত কাম কৰি থাকোঁতে তেওঁৰ কঁকালটো পৰিল৷ সেইদিনাৰ পৰা অনিচ্ছা স্বত্তেও মিতালিকে লগত লৈ গৈছিল৷ কামলৈ মানুহ বেছিকৈ গলেহে দুপইছা বেছিকৈ ওলায়, সন্ধিয়াৰ সাঁজ লগে ভাগে পেটপূৰাই খাব পাৰে সকলোৱে৷ পিচে মিতালিয়ে নাযাওঁ বুলিছে যেতিয়া তাই থাকক, আজি নালাগে যাব৷ কাৰখানাৰ বৰবাবুৰ তাইৰ ওপৰত নজৰ বুলি ইতিমধ্যে তেওঁ ইকাণ সিকাণকৈ গম নোপোৱাও নহয়৷

সেইদিনা বৰবাবুৰ লগত মহিধৰৰ কাজিয়া লাগিছিল৷ মিতালিৰ মাকৰ চাদৰত হাত দিছিল মানুহজনে৷ কাম এৰি দিনটো তেওঁৰ লগত কটালে হেনো দুগুণ মজুৰি দিব৷ ভাগ্য ভাল মহিধৰ গৈ পালে, নহ’লে মিতালিৰ মাকৰ চাদৰখন হয়তো ফালি পেলালে হয় অসুৰটোৱে৷ চিঞৰ বাখৰ কৰি হুলস্থুল কৰা মহিধৰক বৰবাবুৱে কামৰ পৰা উলিয়াই দিব ওলাইছিল৷ পিচে, কাৰখানাৰ মালিক সমিৰণ বৰুৱা হঠাতে আহি ওলোৱাত ঘটনাটো সিমানতে সমাপ্ত হ’ল৷

তাৰ পিছত কেইদিনমানলৈ সকলো ঠিকে চলি আছিল৷ মাত্ৰ কেতিয়াবা কামৰ মাজতে বৰবাবুৱে চকু পকাই ধৰে মহিধৰক -

- মালিকক লগাই চুইচ গেটৰ পানী এৰাই দিয়াম৷ তহঁতৰ অকণমানী গাঁওখনৰ চিন চাবেই নাথাকিব তেতিয়া৷ 

- কিয় কৈছে এইবোৰ, বৰবাবু? কি দোষ লগালোঁ আমি?

- কি দোষ লগাইছ নিজেই ভাবি চাবি৷

- জানো! দুখীয়া হোৱাটোৱেই আমাৰ দোষ৷ নহয়নে?

- তাতোকৈ ডাঙৰ দোষ গাভৰু ছোৱালীৰ বাপেক হোৱা৷ সোনকালেই বুজি উঠিবি ৰ!

মহিধৰে সকলো কথাই বুজে, কিন্তু কি কৰিব৷ ঘৈণীয়েক আহিব নোৱাৰা হোৱাৰ পৰা মিতালিকে লৈ আহে কাৰখানালৈ৷ বৰবাবুৰ চকু এইবাৰ তাইৰ ওপৰত৷ কেইবাদিনো লক্ষ্য কৰিছে মানুহটোৱে জীয়েকলৈ লোলুপ দৃষ্টিৰে চাই থকা, কথা পাতিবলৈ চেষ্টা কৰা৷ গোটেই দিনটো মহিধৰে সেইবোৰকে চিন্তা কৰি থাকিল৷ 

- কালি বৰবাবুৱে কিবা বেয়াকৈ কৈছিলে নেকি ছোৱালীজনীক? কিয় আজি পুৱাই তাই তেনেদৰে ক’লে? নে কোনোবা সময়ত তাইৰ গাত হাত দিছিল বুঢ়াই?

মহিধৰক চিন্তাত থকা দেখি লগৰে মূৰালী আগুৱাই আহি ওচৰতে বহিল৷ শিল এটাৰ ওপৰত বহি দুয়ো কামৰ মাজতে অলপ জিৰণি লৈছে৷ হাতৰ বালিবোৰ ধুই থকাৰ পৰা মূৰালীয়ে মাত দিলে -

- বৌ আৰু মিতালিৰ কথা ভাবিছ, নহয়নে?

- ওঁ, সেইবোৰেই কথা!

- আমাৰ দৰে মানুহ গাভৰু ছোৱালীৰ বাপেক হোৱাতো কিমান বেদনাদায়ক, বুজি পাওঁ অ’ মহি৷

- কালি মই নাথাকোঁতে কি হৈছিলনো ইয়াত? বৌৱেৰক লৈ চহৰৰ হস্পিতাললৈ যোৱা বাবে মিতালিক অকলেই পঠাইছিলোঁ, কালিৰে পৰা তাইৰ মনটো বেয়া৷ আজি কামলৈও নাহিল৷

- তই একো নাজান তাৰমানে! তোক একো কোৱা নাইনে তাই?

- ক’তা, নাইতো? কি হৈছে তইয়ে কচোন৷

- কালি তাইৰ গাত হাত দিছে ইহঁতে৷ 

- ইহঁত মানে? বৰবাবু? আৰু কোন?

- এ থাকক দে এইবোৰ৷ আমি সকলোৱে এনেদৰেই জীয়াই থাকিব লাগিব!

- হ’লেও কচোন আৰু কোন আছিল?

- অকল বৰবাবুহে নে? আমাৰ মাইকীবোৰৰ ওপৰত কাৰনো নজৰ নাই?

- মানে?

- মানে আৰু কি, খোদ মালিকৰে নজৰ বেয়া৷ বৰবাবু তেওঁৰ দালালহে!

মহিধৰে আৰু ৰ’ব নোৱাৰিলে৷ হাতৰ মুঠিবোৰ টান হৈ আহিল৷ দাঁত মুখ কৰচি নদীৰ বালি উঠোৱা বেলচা ডালকে কটকটিয়াকৈ খামুচি ধৰিলে৷ সেইডাল কান্ধত লৈ টিলাটোৰ ওপৰৰ অফিচটোৰ ফালে চোঁচা ললে সি৷ পিছফালে মুৰালীয়ে তেতিয়াও কৈ আছিল -

- তিনিগুণ হাজিৰা দিম বুলি কৈছিল মিতালিক, দিনটো মালিকৰ লগত অফিচৰ ভিতৰত কটাব লাগিব হেনো, অকলে৷ কি কৰিবি, এইবোৰ আমাৰ ভাগ্য অ’৷ কেনেদৰে নো সলাবি?

মহিধৰ এক মুহূৰ্তও তাত নৰ’ল৷ নিজকে থিৰে ৰাখিব নোৱাৰিলে৷ বেলচাডালেৰে কোবাই কোবাই অফিচটো ভাঙি লণ্ডভণ্ড কৰি পেলালে সি৷ ফোপাই জোপাই ওলাই অহা মহিধৰক ৰখাবলৈ কাৰো সাহস নাছিল৷ তাৰ চকুৰে যেন জুইহে বৰষিছে৷ সকলোৱে ঠিয় হৈ তালৈকে চাই থাকিল৷ বৰবাবুৱে কঁপা কঁপা হাতখনেৰে জেপৰ পৰা ফোনটো উলিয়াই মালিকলৈ ফোন লগালে৷

হাতৰ বেলচাখন নৈৰ পানীৰ মাজলৈ দলিয়াই মহিধৰ ওলাই আহিল কাৰখানাৰ পৰা৷ কাষতে ভূটানৰপৰা বৈ অহা বৃহৎ নৈখনৰ লেতেৰা পানীখিনিয়ে তেতিয়া আট্টহাস্য কৰি উঠিছিল৷ সেয়া যেন বিপদৰ আগজাননীহে৷ মহিধৰ আঁতৰি আহিল৷ বৰবাবুৰ কথামতে মৃত্যৰ আহ্বানক নেওচি তাত উপস্থিত থকা আন সকলোৱে নদীৰ বালি খণ্ডা কামত পুনৰ লাগি পৰিল৷ সকলোৰে চকুত ভয়, ৰাতিলৈ বা কি হয়....! মালিকে আহি কালিলৈ বা কি শাস্তি দিয়ে মহিধৰ আৰু জীয়েকক৷ 

....আৰু পুৱাৰাতি সঁচাকৈয়ে সিহঁতৰ জীৱনলৈ নামি আহিল সেই প্ৰচণ্ড বিভীষিকা৷ খঙত বলিয়া হৈ বালি সংগ্ৰহ কৰা কাৰখানাৰ আঁৰত থকা নদীবান্ধটোৰ মালিকে খুলি দিবলৈ নিৰ্দেশ দিলে প্ৰকাণ্ড চুইচ গেটকেইখন৷ তাৰপিছত ভূটানৰ পৰা নামি অহা নৈখনক ৰখোৱাতো অসম্ভৱ আছিল৷ হিলদল ভাঙি পাহাৰৰ ওপৰৰ পৰা নামি আহিল ৰৌদ্ৰৰূপ লৈ৷ এফালৰপৰা গছ বন সকলো মষিমূৰ কৰি মহতিয়াই নিলে - তলত মহিধৰহঁতৰ গাঁওখনো নাবাচিল৷ 

যিয়ে যেনেদৰে পাৰে টালি টোপোলা বান্ধি ওলাই আহিল নিজৰ নিজৰ পঁজাৰ পৰা৷ বোকোচাত শিশুৰ ক্ৰন্দন, মূৰৰ ওপৰত লজ্জা নিবাৰণৰ এটুকুৰা কাপোৰৰ টোপোলাটোৰ বাহিৰে আৰু একোৱেই বাকি নাথাকিল সিহঁতৰ৷ গৰু, ম’হবোৰে পানীৰ মাজতে হেম্বেলিয়াই থাকিল৷ অৰণ্যৰ মাজৰপৰা আহি মিতালিৰ লগ লোৱা কণমানি হৰিণৰ পোৱালীটো মূৰৰ ওপৰত লৈ মহিধৰ মানুহজাকৰ মাজে মাজে পানীৰ বুকু ফালি আগুৱাই গ’ল, পিছে পিছে মিতালি আৰু বেমাৰি ঘৈণীয়েক৷ কোনো অজান ঠাইলৈ - জীৱনৰ সন্ধানত, খাদ্যৰ সন্ধানত আগুৱাই গৈ থাকিল দলটো৷ সমগ্ৰ ঘটনাটোৰ বাবে কোনোৱে মিতালিক দোষ দিলে, আন কোনোৱে মহিধৰক৷ কিন্তু মহিধৰে জানিছিল, এই অন্যায়ৰ প্ৰতিবাদ কৰিবই লাগিব৷ চকু মুদি থাকিলে আজি মিতালিৰ দৰে, কালিলৈ হয়তো আন কোনোবাই দাষত্বৰ জ্বৰত জৰ্জৰিত হৈ আত্মসমৰ্পণ কৰিব লাগিব, পণ্য সামগ্ৰী হৈ ধৰা দিব লাগিব সিহঁতৰ আগত৷

ঠিক সেই সময়তে তলৰ নদীখনৰ তাণ্ডৱ চাই দূৰৈৰ পাহাৰৰ ওপৰৰপৰা দুটা ছায়ামূৰ্তিয়ে একেলগে ওঁঠ চেপি হাঁহি উঠা কোনেও মন নকৰিলে৷ অতি সহজতে সিহঁতৰ স্বাৰ্থ সিদ্ধি হ’ল৷ যিয়েই নহওঁক, পাহাৰৰ তলৰপৰা গাঁওখন আঁতৰ হ’ল৷ একেবাৰে নি:চিহ্ন হৈ পৰিল নিমিষতে৷ কামটো ভবাৰ দৰে ইমানো কঠিন নাছিল৷ এতিয়া কোনো বাধা বিঘিনি অবিহনে তাত বিভিন্ন কাৰখানা পাতিব পৰা যাব, লগে লগে সেই বৃহৎ অঞ্চলযুৰি তৈয়াৰ কৰা হ’ব এখন কৃত্তিম নগৰ৷ তাত নাথাকিব মহিধৰ, মিতালি, মূৰালীহঁতৰ দৰে লেতেৰা-দূখীয়া মানুহবোৰ৷ অতি সোনকালে পূৰা হোৱাৰ পথত - ’জাংগল টাউনশ্বিপ’- সমিৰণ বৰুৱাৰ ল’ৰালিৰ সপোন৷

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ