আইনা
আইনাখনত চকু ফুৰাই আচৰিত হ'ল ডেইৰী প্ৰীয়া। একান্তমনে নিজকে নিজে চাবলৈ ধৰিলে।
“এ..ই...য়া কোন?
ই...মা...ন ধুনীয়াকৈ সজাইছে নিজকে?
এয়া মইনে আন কোনোবা?“
দেহৰ ভাজে ভাজে খাপ খাই পৰা মখমলি কাপোৰযোৰে ঠিক আগৰ দৰেই চকুত লগা কৰি তুলিছে তেওঁক। প্ৰয়াত স্বামী হৰ্ষিল বৰুৱাই আজিৰ পৰা বহুবছৰ আগতে উপহাৰ দিছিল জন্মদিনত। হৃদয়ৰ কোনোবাটো কোণত সযতনে সামৰি ৰখা স্মৃতিবোৰে উজ্জ্বলাই তুলিছে মুখমণ্ডল। পুৰণি বাকচ এটা পৰিষ্কাৰ কৰিবলৈ লওঁতে কঁপা কঁপা হাতখনে নজনাকৈয়ে কাপোৰযোৰ উলিয়াই আনিছিল।
আইনাখনলৈ চাই ক'ৰবাত হেৰাই গ'ল বৃদ্ধাগৰাকী।
তেওঁ যেন আকৌ বিশ বছৰীয়াজনী হৈ উৰি ফুৰিছে আকাশৰ মাজে মাজে। ডাৱৰৰ টুকুৰাবোৰত এখনৰ পিছত আনখন ভৰি থৈ আগুৱাই গৈছে দিগন্তলৈ। হাতেৰে তৰাবোৰ চুই গৈছে৷ মাজতে এচাটি বতাহে ঠেলি আনি পেলাই দিছে তলত৷ আকৌ উঠিছে তেওঁ। এইবাৰ আগুৱাই গৈছে আন এচপৰা মেঘত ভৰিখন থবলৈ।
হঠাতে গহীন হৈ পৰিল মানুহজনী৷ এটুকুৰা মেঘৰ আঁৰৰ পৰা সেয়া হৰ্ষিলে হাত বাউল দি মাতিছে নেকি! উৰি আহি এতিয়াই যেন সাবটি ধৰিবহি।
“নাই! তেওঁ হ’ব নোৱাৰে!“
স্বামী হৰ্ষিল আঁতৰি যোৱাৰ পিছতো নিজকে অকলশৰীয়া অনুভৱ কৰা নাছিল নেকি তেওঁ? নে সুখিহে হৈছিল?
আইনাখনত নিজৰে যৌৱনাদ্বিপ্ত ৰূপটোলৈ চাই অতীতৰ তিতা-মিঠা স্মৃতিবোৰৰ মাজত লাহে লাহে হেৰাই যাবলৈ ধৰিলে মানুহ গৰাকী।
সঁচাকৈয়ে ইমান ধুনীয়া আছিল নে তেওঁ? তিনিজনীকৈ ভনীয়েকৰ মাজৰ পৰা তেওঁকহে কিয় পচন্দ কৰিছিল মানুহজনে। অগাধ সম্পত্তিৰ মালিক বুলি সকলোতে জনাজাত হৰ্ষিল বৰুৱাই ইচ্ছা কৰা হ'লে অন্য যিকোনো এগৰাকী মহিলাকে নিজৰ কৰি ল'ব পাৰিলেহেতেন। কিন্তু তেওঁক কিয়? ডেইৰী প্ৰীয়াই কিন্তু সঁচাকৈয়ে ভয় খাইছিল মানুহজনক প্ৰথম লগ পাওঁতে। সেই ভয় যে থাকি গ'ল হৰ্ষিলৰ মৃত্যুলৈকে।
দুচকুত কোনোদিনে কাজল লগোৱা মনত নপৰে। ওঁঠত ৰং সনাও নহ'ল। চুলিখিনিও অবিন্যস্ত হৈ পৰি থাকিছিল ককাললৈকে৷ তথাপিও তেওঁ ইৰ্ষনীয় ভাবে ধুনীয়া৷ গাঁৱৰ কেইবাজনৰো প্ৰেম প্ৰত্যাখ্যান কৰি শেষত হৰ্ষিল বৰুৱাৰ অগাধ সম্পত্তিৰ মালিকনী হৈ এদিন ভৰি দিছিল এই প্ৰাসাদোপম চৌহদত৷
পিছে কেৱল পত্নী হৈয়ে থাকি গ’ল ওৰেটো জীৱন৷ ইফালে তেওঁৰ বাহিৰে স্বামীৰ মৰমৰ ভাগ ল’বলৈ ধৰিলে অন্য প্ৰদেশৰ পৰা ব্যৱসায়ৰ আচিলা লৈ অহা আলহি সকলে - তাৰে কোনোগৰাকী আন ৰাজ্যৰ ৰাজকুমাৰী আৰু কোনোবা গৰাকী হেনো বৃটিছ মহিলা৷ ৰাতি নিজৰ স্বামীৰ সৈতে অতিথিশালাত সেই মহিলাসকলৰ হাহি-খিকিন্দালিৰ শব্দই ধুমুহাৰ সৃষ্টি কৰিছিল তেওঁৰ মনত৷ প্ৰতিশোধৰ জুইকুৰাই দেই-পুৰি মাৰিছিল অন্তৰখন৷ চকুপানীৰে বাট নেদেখা হৈ স্বামীৰ ওচৰত প্ৰতিবাদ কৰিবলৈ যাওঁতে কেইবাদিনো খোৱা চাবুকৰ কোববোৰে পিঠিখনতকৈও মনতহে দাগ বহুৱাইছিল৷
চুলিখিনি চাৰিটা আঙুলীৰে আলফুলে আঁতৰাই কেৰাহিকৈ পিঠিখনত চকু ফুৰালে বৃদ্ধাই৷
"নাই! পিঠিৰ দাগবোৰ এতিয়া নাইকিয়া হ’বলৈ ধৰিছে৷ শৰীৰৰ চালবোৰো কোচ খাই আহিছে৷"
বৃটিছৰ পৰা উপহাৰ পোৱা চাৰিখনকৈ চাহবাগিচাৰ মালিকিস্বত্ব বিচাৰিছিল তেওঁ - ক্ষতিপূৰণ হিচাপে! কিন্তু হৰ্ষিল বৰুৱা মান্তি নহ’ল৷ দিনে দিনে তেওঁৰ অত্যাচাৰে সীমা চেৰাই যাবলৈ ধৰিলে৷ ইফালে নিতৌ বেলেগ বেলেগ মহিলাই তেওঁলোকৰ অতিথিশালা শুৱনি কৰিবলৈ ধৰিলে৷ প্ৰতিবাদৰ চিন স্বৰূপে তেওঁৰ পিঠিত চাবুকৰ কোবৰ চিনো বাঢ়ি গৈ থাকিল৷
....আৰু তেনেকৈয়ে এদিন, তেওঁৰ শোৱনী কোঠালৈ সুৰাৰ ৰাগীত মাতাল কেইজনমান বৃটিছ সোমাই আহিল৷ ডেইৰী প্ৰীয়াৰ হেজাৰ বাধা নেওচি সিহঁতে চেদেলী-ভেদেলী কৰি পেলালে তেওঁৰ গৰিমা৷ তেজেৰে লুতুৰী-পুতুৰী হৈ পৰি থকা মানুহজনীক কোনে কেতিয়া হস্পিতাললৈ নিছিল মনত নাই৷ এদিন তেওঁ সুস্থ হৈ ঘৰলৈ ওভটি আহিল যদিও সময়ে সময়ে সেই একেবোৰ ঘটনাৰে কেইবাবাৰো পুনৰাবৃত্তি হৈ থাকিল৷
দিনৰ পিছত সপ্তাহ, মাহৰ পিছত বছৰ বাগৰি গ’ল৷ তেওঁৰ অৱস্থাৰ অকনো উন্নতি নহ’ল৷ হৰ্ষিল বৰুৱাৰ ওপৰত প্ৰতিশোধৰ তাড়নাই তেওঁক অসুস্থ কৰি আনিলে৷ শৰিৰটো ইতিমধ্যে ভাগি পৰিছিল৷ নিতৌ বিভিন্ন কৌশলেৰে কেনেদৰে মানুহজনক হেয় মনাব পাৰি, তাৰেই চিন্তাত দিনবোৰ পাৰ কৰিবলৈ ধৰিলে৷ কিন্তু মানুহজন যেন অদম্য।
এদিন সাহসেৰে চাবুকডাল হাতৰপৰা কাঢ়ি আনি ওলোটাই স্বামীৰ ডিঙিত মেৰিয়াই ধৰিলে তেওঁ৷ বৰুৱাই কিছুসময় চটফটাই আছিল যদিও দুয়োৰে টনা আজোৰাত এবাৰ চিটিকি গৈ মানুহজনৰ মূৰটো বিশালকায় আইনাখনত খুন্দা মাৰি দিলে৷ কঁপালখন সেইখিনিতে ফাটি ধাৰাসাৰে তেজ ওলাবলৈ ধৰিলে৷ এসময়ত চটফটাই তেওঁ বাগৰি পৰিল।
ডেইৰী প্ৰীয়াৰ চকুদুটা কিবা এটা অজান উন্মাদনাত তিৰবিৰাই উঠিছিল৷ কোঠাৰ দুৱাৰখন ভিতৰৰপৰা বন্ধ কৰি লৈ তেওঁ চটফটাই থকা বৰুৱাৰ মুখখনলৈ ভেবা লাগি চাই থাকিল৷ দুয়োখন হাতেৰে বৰুৱাৰ নাকে মুখে সজোৰে হেচা মাৰি ধৰিলে৷ শৰীৰৰ অৱশিষ্ট আটাইখিনি শক্তি গোটাই লৈ অলপ সহায়ৰ আশাত ডাঙৰকৈ মেলি থকা বৰুৱাৰ চকুদুটালৈ চাই তেওঁ মাত্ৰ এষাৰেই ক’লে -
“শুই যা কাপুৰুষ !! বহুত হ’ল!!“
বৰুৱা হেৰাই গ’ল৷ ব্যৱসায়ৰ কামত বিদেশলৈ যোৱা হৰ্ষিল বৰুৱা আৰু কোনোদিনে ঘৰলৈ ঘূৰি নাহিল৷ বৃটিছে উপহাৰ দিয়া চাৰিখনকৈ চাহ বাগিচাৰ লগতে তেওঁৰ অগাধ সম্পত্তিৰ মালিকনি হৈ থাকি গ’ল ডেইৰী প্ৰিয়া বৰুৱা৷ এওঁৰ মৃত্যুৰ পিছত এই সকলোবোৰ হেনো চৰকাৰৰ হাতলৈ যাব৷
তেওঁলোকৰ কোনো সন্তান নথকাৰ অজুহাতত কেইবাটাও বিদেশী কোম্পানীয়ে ইতিমধ্যে বহুবাৰ চেষ্টা চলাইছে এইবোৰ আত্মসাৎ কৰিবলৈ৷ কিন্তু মানুহজনীয়ে সকলোবোৰ নিজৰ হাতৰ মুঠিত সযতনে ধৰি ৰাখিছে৷ স্বামীৰপৰা তেওঁ অন্তত: ব্যৱসায়ৰ অ-আ-ক-খ ভালদৰেই আয়ত্ব কৰি লৈছিল৷
আজি ইমান বছৰৰ পিছত উলিওৱা সেই পুৰণি কাপোৰযোৰে বহু কথাই মনত পেলাই দিলে৷ মনটো আকৌ এবাৰ আজুৰি লৈ গ’ল৷ আইনাখনত নিজৰেই গাভৰুকালটো দেখি এক মুহূৰ্তৰ বাবে সিহঁৰিত হৈ উঠিছিল মানুহজনী৷ লাহে লাহে তেওঁ আইনাখনৰ সেই কোণটোলৈ চাবলৈ ধৰিলে য’ত স্বামী হৰ্ষিল বৰুৱাৰ তেজৰ চেকুৰাৰ গোন্ধ হয়তো এতিয়াও লাগি আছে৷
সেইফালে তেওঁ আগুৱাই গ’ল৷ আইনাখনত এবাৰ নাকটো লগাই চকু দুটা মুদি এইবাৰ মূৰটো ওপৰলৈ কৰি দীঘলকৈ উশাহ দুটামান ললে৷
“নাই ! তেওঁৰ কোনো অৱশিষ্ট এতিয়ালৈ বাকী নাই৷"
তেওঁৰ হাতৰ সেই চাবুকডালে আৰু বহুৱাব নোৱাৰে কোনো দাগ৷ নোৱাৰে আন কাৰো অন্তৰত আঘাট সানিবলৈ৷ সেইডালৰ অস্তিত্ব এতিয়া বেৰৰ ইটা চিমেণ্টবোৰৰ দৰেই৷ তাৰ দপদপনী কেতিয়াবাই মোহাৰি পেলোৱা হৈছে৷
আইনাখন দুহাতেৰে অলপ আঁতৰাই মানুহজনীয়ে এইবাৰ পিছফালৰ বেৰখনলৈ একেথৰে চাবলৈ ধৰিলে৷ ওঁঠৰ কাষৰে কোনেও নেদেখাকৈ এটা বেকা হাঁহি নিগৰি আহিল৷
কোনোবাই বুজিবনে সেই হাঁহিৰ আঁৰত লুকাই থকা তেওঁৰ বেদনাখিনি?
কোনোবাই জানিবনে সেই হাঁহিৰ আঁৰত লুকাই থকা তেওঁৰ আনন্দখিনি?
কোনোবাই বুজিবনে সেই হাঁহিৰ আঁৰত লুকাই থকা তেওঁৰ চকুপানীবোৰ?
কোনোবাই জানিবনে সেই হাঁহিৰ বিনিময়ত হেৰুওৱা তেওঁৰ গৰিমাৰ কথা?
কোনে জানিব সেই বেৰখনৰ আঁৰতেই হয়তো এটা কংকালৰ ৰূপত লুকাই আছে তেওঁৰ স্বামী?
কোনে বুজিব সেই কংকালৰ ডিঙিতেই হয়তো মেৰিয়াই থোৱা আছে তেওঁৰ চাবুকডাল?
“নাই! কোনেও নাজানে!"
"কোনেও বুজিব নোৱাৰে!"
আইনাখন আগৰ ঠাইত সজাই নিজকে আকৌ এবাৰ ভালদৰে চাই ললে তেওঁ৷ আজি যেন নিজকে আগতকৈও ধুনীয়া দেখা গৈছে। মনটো বৰ পাতল পাতল লাগিছে। সঁচাকৈয়ে মেঘৰ আৰে আৰে উৰি ফুৰিবলৈ মন গৈছে। নিজকে আকাশৰ মাজেৰে উৰি ফুৰা এগৰাকী অপেস্বৰী যেন লাগিছে।
"ৱাহ্ ! সঁচাকৈয়ে ইমান ধুনীয়া তেওঁ!!"
ধন্যবাদেৰে
~সমুজ্জ্বল
Comments
Post a Comment