মুকুতাৰ মালা

দৌৰি ঢপলীয়াই ফুৰা পখিলাজনীয়ে চিঞৰি-বাখৰি গোটেই ঘৰখন মূৰৰ ওপৰত তুলি মজিয়াত সিঁচৰতি কৰি পেলাই থোৱা নিজৰেই খেলা সামগ্ৰীবোৰ পুনৰ সামৰি আইনাখনৰ সম্মুখত ক্ষন্তেক ৰৈ কপালৰ কণমানি ফোটটো দুটি আঙুলিৰে ঠিক-ঠাক কৰি ৰঙ-বিৰঙী পোচাকযোৰ গাত মেৰিয়াই দেউতাকে পুৱাতে মেজৰ ওপৰত ঢাকি থৈ যোৱা আহাৰৰ ঠালিখন যেনে-তেনে লিৰিকি-বিদাৰি পৃথিৱীৰ সবাতোকৈ সুখী ছোৱালীজনী হৈ কণ-কণ দুহাতেৰে ৰঙা গাল দুখনৰ ওপৰত বিৰিঙি উঠা মুকুতাৰ মালাধাৰি মোহাৰি সম্মুখত এমোকোৰা হাঁহিৰে দুবাহু সম্প্ৰসাৰিত কৰি ৰৈ থকা মাকৰ বুকুলৈ জপিয়াই উঠি ওৰে দিনটো কণমানি পঁজাটোৰ ভিতৰত নাচি-বাগি গীত গাই কটোৱা দৃশ্যবোৰ চাবলৈ প্ৰতিবেশী মহন্তই প্ৰতিদিনে প্ৰভাততে নিদ্ৰাত্যাগ কৰি খিৰিকীৰ সম্মুখত বহা অভ্যাসত পৰিণত হোৱাত আনন্দতে মতলীয়া মৰমী পত্নী মালতীয়ে চুবুৰীয়াৰ সম্মুখত গৰ্ব কৰে নিজৰ পঁচাশী বছৰীয়া স্বামীৰ দিনক দিনে উন্নত হ'বলৈ ধৰা স্বাস্থ্যৰ কথা কৈ আৰু তাকে দেখি সকলোৱে সেই উৰুঙা পঁজাটোলৈ চাই ৰয় দিনৰ পিছত দিন ধৰি যদিও অকলে অকলে সময় কটোৱা কণমানি ছোৱালীজনীৰ বাহিৰে আন কাৰোৱেই অৱস্থিতি দৃষ্টিগোচৰ নোহোৱা পঁজাটোৰ ভিতৰত কিন্তু নাচি-বাগি জপিয়াই ফুৰা ছোৱালীজনীৰ অন্তৰত ধুমুহাৰ সৃষ্টি কৰি লাহে লাহে তাইৰ কণ-কণ দুবাহুৰ পৰা নিজকে আঁতৰাই চাদৰৰ আচলেৰে দুচকু মোহাৰি মৰমৰ মাকজনীয়ে পুনৰ দেৱালৰ মাজত ওলমি থকা শুকান মালাধাৰি নিঃশব্দে আঁতৰাই নিজৰেই উৱলি যাবলৈ ধৰা ছবিখনৰ ভিতৰলৈ সোমাই পৰাত বেদনা জৰ্জৰিত কণমানিজনীয়ে অপেক্ষা কৰি ৰয় সন্ধিয়া দেউতাক উভতি অহালৈ, তেওঁৰ বুকুত সোমাই হিয়াভৰি কান্দিবলৈ, পুনৰ আন এটা দিনলৈ অপেক্ষা কৰি ৰʼবলৈ যেতিয়া মৰমৰ মাকৰ এবুকু স্পৰ্শই জীপাল কৰি তুলিব তাইৰ অন্য এটা দিন।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ