উত্তৰাধিকাৰী

 ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত প্ৰাগজ্যোতিষপুৰ। সেই সময়ৰ এখন বৃহৎ আৰু শক্তিশালী ৰাজ্য বুলি চৌদিশে জনাজাত এই প্ৰাগজ্যোতিষপুৰেই পিছলৈ "অসম" নাম পায়। পিছে কেইবাশ বছৰযোৰা তিতা-মিঠা অভিজ্ঞতাৰে পুষ্ঠ এই ৰাজ্যখনৰ ইতিহাসৰ মাজৰ কেইটামান বছৰৰ বিষয়ে তেনেকুৱা বিশেষ কোনো আলোচনা দেখিবলৈ পোৱা নাযায়। যদি ক'ৰবাত লিপিবদ্ধ আছে, সেয়া হেৰাই যাবলৈ ধৰিছে চৰ্চা ও সংৰক্ষণৰ অভাৱত। এক কথাত ক'বলৈ গ'লে প্ৰায় ১১০০ চনৰ পৰা ১২২৮ চন মানলৈ বুৰঞ্জীৰ পাতত নিজৰ অস্তিত্ব বিচাৰি প্ৰাগজ্যোতিষপুৰে এতিয়াও কান্দে।

হয়তো সেয়া ১১১৯ চনৰ কথা। শুনামতে সেইসময়ত ৰাজ্যখনৰ ৰজা বজ্ৰসেন অতি সাহসী, বুদ্ধিমত্ত আৰু শক্তিশালী ব্যক্তি আছিল। বজ্ৰসেন, মহাবীৰ ভগদত্তৰ বংশধৰ। ভগদত্তৰ কথা মহাভাৰতৰ যুদ্ধত উল্লেখ আছে। মহাবীৰ ভগদত্তই কৌৰৱৰ হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দি মহাবলী অৰ্জুনৰ হাতত প্ৰাণ ত্যাগ কৰিছিল।

বজ্ৰসেনৰ শাসনকালত প্ৰজাসকল অতি সুখে সন্তোষে বস-বাস কৰিছিল। খেতি-বাতি, বেপাৰ-বাণিজ্য আদিয়েই জীৱিকাৰ মূল উৎস। ৰজাই প্ৰজাসকলক অত্যন্ত মৰম কৰে আৰু উচ্চ-নীচ, ধনী-দুখীয়া ভেদভাৱৰ পৰা মুক্ত কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা চলায়। যিকোনো অসুবিধা হলে প্ৰজাসকলে ৰাজ-দৰবাৰলৈ আহি তেওঁলোকৰ সমস্যাবোৰ প্ৰত্যক্ষ ভাৱে ৰজাৰ সম্মুখত ব্যক্ত কৰিব পাৰে আৰু ৰজাই সকলো গোচৰ নিজেই বিচাৰ কৰে।

চুবুৰীয়া ৰাজ্যসমূহে ধনে ধানে সমৃদ্ধ প্ৰাগজ্যোতিষপুৰ অধিকাৰ কৰিবলৈ বহুবাৰ চেষ্টা চলাই যদিও বজ্ৰসেনৰ পৰাক্ৰমৰ আগত অতি সহজতে সকলো পৰাভূত হয়।

ৰজা বজ্ৰসেন ভগৱান শ্ৰীবিষ্ণুৰ অৱতাৰ 'নৰসিংহৰ' উপাসক। ৰাজমহলৰ ভিতৰত ভগৱান নৰসিংহৰ এটা বিগ্ৰহ আছে, ৰজা ৰাণীয়ে নিতৌ তাত পূজা অৰ্চনা আগবঢ়ায়। তেওঁলোকৰ এটাই দুখ - ৰজা-ৰাণীৰ কোনো সন্তান নাই।

মল্লযুদ্ধ আৰু শৰীৰচৰ্চা ৰজাৰ প্ৰিয় খেল। ৰাজ দৰবাৰৰ এক বিশেষ স্থানত প্ৰতিদিনে মল্লযুদ্ধ অনুষ্ঠিত হয় আৰু ৰজাই নিজেও তাত অংশগ্ৰহণ কৰে। খেলৰ মূল উদ্দেশ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মল্লযুঁজাৰুসকলৰ পৰা বাচি লোৱা যোদ্ধাসকলক ৰজাৰ বিশেষ সেনাদলত অন্তৰ্ভুক্ত কৰা।

"বজ্ৰসেনা" নামেৰে খ্যাত এই সেনাদলটোৱে দিনে নিশাই ৰাজ্যৰ চৌদিশে পহৰা দিয়ে আৰু যিকোনো অবাঞ্চিত পৰিস্থিতিৰ পৰা প্ৰজাসকলক ৰক্ষা কৰে।

বজ্ৰসেনৰ শক্তিশালী দুবাহুৰ দৰে তৰোৱালখনো যঠেষ্ট গধূৰ। সূৰ্য্যৰ আভাৰ দৰে চিকমিকাই থকা সেই মুষ্টিমেয় তৰোৱালখন সৰ্বসাধাৰণ লোকে হাতেৰে ডাঙি লোৱা অসম্ভৱ। কিন্তু ৰজা বজ্ৰসেনে সেই তৰোৱালখন অনায়াসে নিয়ন্ত্ৰণ কৰিব পাৰে। একোটা ঘাপত চাৰি-পাঁচজন সৈনিকৰ ডিঙি কাটি পেলোৱা তেওঁৰ বাবে তেনেই সাধাৰণ কথা।

সেই সময়ত ভাৰতবৰ্ষৰ দক্ষিণ-পশ্চিম প্ৰান্তত 'চন্দ্ৰাক্ষ' নামৰ এটা ৰাক্ষসৰ ৰাজত্ব চলিছিল। বিভিন্ন ৰাজ্য আক্ৰমণ কৰি সৰ্বসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা চন্দ্ৰাক্ষ আছিল ক'লা যাদু আৰু পৈশাচিক শক্তিৰ অধিকাৰী। 

ৰাক্ষসটোৱে সমস্ত ভাৰতবৰ্ষকে পৈশাচিক শক্তিৰ আধীন কৰিব বিচাৰিলে। সেই উদ্দেশ্যেৰে সি ভাৰতবৰ্ষৰ ২৮ খন বিভিন্ন স্থানত ২৮ টা যজ্ঞ কৰাৰ মানস কৰিলে। ৰাক্ষসটোৱে প্ৰতিটো যজ্ঞৰ অন্তত যজ্ঞস্থানত তাৰ আৰাধ্যা দেৱী 'কালিকা ৰাক্ষসী'ৰ প্ৰতিমূৰ্তি স্থাপন কৰে। নানা ঠাইৰ পৰা বন্দী কৰি অনা সাধু-সন্ত, ঋষি-মুনিসকলক যজ্ঞস্থলীত বলি দিয়া হয়। ঋষিসকলৰ তেজেৰে কালিকা ৰাক্ষসীৰ প্ৰতিমূৰ্তি স্নান কৰোৱাই যজ্ঞৰ বেদীত মূৰ্তি স্থাপন কৰে।

এনেদৰে ভাৰতবৰ্ষৰ ২৭ খন ঠাইত কালিকা ৰাক্ষসীৰ প্ৰতিমূৰ্তি স্থাপন কৰি অন্তিম যজ্ঞটো সম্পন্ন কৰাৰ মানসেৰে চন্দ্ৰাক্ষ ৰাক্ষস প্ৰাগজ্যোতিষপুৰ অভিমূখে ৰাওনা হ'ল। ইয়াত অষ্টবিংশতম যজ্ঞটো নিৰ্বিঘ্নে সমাপন কৰিব পাৰিলেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ শক্তিশালী ৰাক্ষস হৈ পৰিব চন্দ্ৰাক্ষ।

প্ৰাগজ্যোতিষপুৰৰ সীমান্তত ভৰি থোৱাৰ লগে লগে বজ্ৰসেনাৰ লগত ৰাক্ষসবাহিনীৰ তয়াময়া যুদ্ধ আৰম্ভ হ'ল আৰু যুদ্ধত ৰাক্ষসসেনা পৰাজিত হ'ল। বজ্ৰসেনাৰ হাতত এটা এটাকৈ বহুকেইটা ৰাক্ষসৰ মৃত্যু হোৱা দেখি চন্দ্ৰাক্ষই পৈশাচিক শক্তিক আহ্বান কৰিলে। সেই শক্তিৰ আগত বজ্ৰসেনাৰ সৈনিকসকল বেছি সময় ঠিয় দিব নোৱাৰি পৰাজয় স্বীকাৰ কৰিলে। সকলোকে বন্দী কৰি ৰাক্ষসে যুদ্ধস্থলৰ পৰা কিছু নিলগত যজ্ঞৰ আয়োজন কৰিলে। 

যজ্ঞত সৈনিক সকলক বলি দিয়া তেজেৰে কালিকা ৰাক্ষসীৰ প্ৰতিমূৰ্তিৰ অভিষেক কৰা হ'ব।

খবৰটো ইতিমধ্যে ৰজা বজ্ৰসেনৰ কৰ্ণগোচৰ হ'ল। বজ্ৰসেনাৰ পৰাজয়ত মৰ্মাহত ৰজা অকলে ৰাজমহলৰ পৰা হাতত তৰোৱালখন লৈ ওলাই আহিল। চন্দ্ৰাক্ষৰ ৰাক্ষসসেনাৰ সৈতে তেওঁ মুখামুখি যুদ্ধত লিপ্ত হ'ল। চন্দ্ৰাক্ষক দেখা কৰাৰ উদ্দেশ্যে বজ্ৰসেনে ৰাক্ষসসেনাৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু বন্দী হৈ যজ্ঞস্থলীলৈ ৰাওনা হ'ল।

ইফালে খবৰটো ৰাণী ৰোহিনীয়ে গম পালে। ৰাণী ভগবান নৰসিংহৰ শৰণাপন্ন হ'ল। নৰসিংহৰ বিগ্ৰহটো বুকুৰ মাজত সাৱটি ৰাণীয়ে কেইগৰাকীমান দাসীক লগত লৈ চন্দ্ৰাক্ষৰ যজ্ঞস্থলীলৈ প্ৰস্থান কৰিলে। যজ্ঞস্থলীত ৰজাক বন্দী অৱস্থাত দেখি ৰাণী ৰোহিনী কান্দোনত ভাঙি পৰিল। 

যজ্ঞত ব্যস্ত থকা চন্দ্ৰাক্ষই দূৰৰ পৰা মনে মনে ৰজা-ৰাণী আৰু আন সকলো বন্দীৰ ওপৰত দৃষ্টি দি আছিল।

তেনেতে সকলোকে আচৰিত কৰি ৰজা বজ্ৰসেনে হাতত বান্ধি থোৱা শিকলিবোৰ চিঙি নিজকে বান্ধোনৰ পৰা মুক্ত কৰিলে আৰু ৰাক্ষসবোৰে মাটিত পেলাই থোৱা তেওঁৰ গধূৰ তৰোৱালখন হাতত তুলি ললে। সূৰ্য্যৰ পোহৰত তৰোৱালখন চিকমিকাই উঠিল। তৰোৱালৰ পৰা ওলোৱা আভাই কাষতে যজ্ঞত ব্যস্ত হৈ থকা চন্দ্ৰাক্ষৰ চকুত চাট মাৰি ধৰিছিল। ৰাক্ষসসেনাই কিবা বুজি পোৱাৰ আগতেই বজ্ৰসেন সিহঁতৰ ওপৰত জঁপিয়াই এফালৰ পৰা ৰাক্ষসবোৰক এটা এটাকৈ কাটিবলৈ আৰম্ভ কৰিলে। ঘটনা দেখি চন্দ্ৰাক্ষই যজ্ঞ এৰি উঠি আহি ৰজাৰ আগত ঠিয় দিবলৈ বাধ্য হ'ল।

ৰজা বজ্ৰসেনে চন্দ্ৰাক্ষক তৎক্ষণাৎ যজ্ঞ বন্ধ কৰিবলৈ সকিয়নি দিলে। প্ৰাগজ্যোতিষপুৰত ক'লা যাদু আৰু তন্ত্ৰ-মন্ত্ৰৰ সাধনা বৰ্জিত। চন্দ্ৰাক্ষই ৰজাৰ আদেশ মানিবলৈ অমান্তি হ'ল আৰু হাতত ৰাক্ষস দণ্ডিকা তুলি ললে। দুয়োৰে মাজত ভীষণ যুদ্ধ আৰম্ভ হ'ল। দুই পৰাক্ৰমি বীৰৰ যুঁজত গোটেইখন ঠাই তহিলং হৈ পৰিল আৰু যজ্ঞৰ সামগ্ৰীবোৰো ধ্বংস হ'ল।

বজ্ৰসেনক সহজতে পৰাজিত কৰিব নোৱাৰি চন্দ্ৰাক্ষই পৈশাচিক শক্তিক আহ্বান কৰিবলৈ ধৰিলে। আকাশৰপৰা কেইবাশ পিশাচ একেলগে ধৰাৰ বুকুলৈ নামি আহিল। চৌদিশ অন্ধকাৰে গ্ৰাস কৰিবলৈ ধৰিলে। গছ-বিৰিখ, চৰাই-চিৰিকতি জীৱ-জন্তুৰ আৰ্তনাদত প্ৰকৃতিয়ে চকুলো টুকিলে। চন্দ্ৰাক্ষই পিশাচবোৰৰ সহায়ত ৰজা বজ্ৰসেনক আক্ৰমণ কৰিছিল। লাহে লাহে অকলশৰীয়া বজ্ৰসেন ভাগৰি আহিল আৰু এসময়ত তেজেৰে লুটুৰি পুটুৰি ৰজা মাটিত ঢলি পৰিল। ৰাক্ষসৰ দলটো বিজয়ী হ'ল।

তেনেতে কোনোবা নাৰীৰ কাণ তালমৰা চিঞৰে আকাশ কঁপাই তুলিলে। শব্দৰ উৎস বিচাৰি সকলোৱে ওপৰলৈ চাই পঠিয়ালে। আকাশৰ মাজত স্বচক্ষে দেখা গ'ল ৰাক্ষসৰ আৰাধ্যা দেৱী 'কালিকা ৰাক্ষসী। তেওঁ ভৱিষ্যত বাণী কৰিলে যে ৰাণী ৰোহিনীৰ গৰ্ভস্থ সন্তানৰ হাতত চন্দ্ৰাক্ষৰ বংশ ধ্বংস হ'ব।

চন্দ্ৰাক্ষই আসুৰিক শক্তিৰ বলত ৰাণী ৰোহিনীৰ গৰ্ভত তেতিয়াও স্থাপন নোহোৱা সন্তানটি দেখিবলৈ পাইছিল আৰু তাকে দেখি ৰাক্ষসে ৰাণীক হত্যা কৰিবলৈ চোঁচা ললে। কিন্তু ৰজা বজ্ৰসেন পুনৰ ৰাক্ষসৰ ওপৰত জঁপিয়াই পৰিল আৰু দুয়োৰে মাজত যুদ্ধ হ'ল।

যুঁজি যুঁজি ভাগৰি কেতিয়াবা দুয়ো মাটিত ঢলি পৰে, আকৌ উঠি ইটোৱে সিটোৰ ফালে খেদি আহে। তেনকৈয়ে এবাৰ মাটিৰ পৰা উঠিব লওঁতে কোনোবা এটা দুৰ্বল মুহূৰ্ত্তত ৰাক্ষসে আহি তাৰ নৰমুণ্ডৰ দণ্ডিকাদাল ৰজা বজ্ৰসেনৰ বুকুত সুমুৱাই দিলে। ৰজাই চিৎকাৰ কৰি উঠিল যদিও পিছমুহূৰ্ত্ততে বায়ুবেগেৰে চন্দ্ৰাক্ষৰ ওপৰত জঁপিয়াই পৰিল। এইবাৰ তেওঁ নিজৰ বৃহদাকাৰ তৰোৱালখন চন্দ্ৰাক্ষৰ বুকুত সুমুৱাই দিলে। লগে লগে বিকট চিঞৰ মাৰি ৰাক্ষসৰ পৈশাচিক শক্তিবোৰ অন্তৰ্ধান হ'ল। আকাশখন চানি ধৰা ক'লা মেঘবোৰো আঁতৰিবলৈ ধৰিলে। এটা এটাকৈ আটাইবোৰ ৰাক্ষস মাটিত ঢলি পৰিল।

ৰজা বজ্ৰসেনে তৎমুহূৰ্ততে ৰাণীক সেই স্থান পৰিত্যাগ কৰিবলৈ অনুৰোধ কৰিলে। প্ৰথমতে স্বামীক এৰি যাবলৈ মান্তি নহ'লেও প্ৰজাৰ কথা চিন্তা কৰি ৰাণী ৰোহিনী তাৰপৰা আতঁৰি গ'ল।

চন্দ্ৰাক্ষই শৰীৰত বাচি থকা শক্তিখিনি যোঁটাই উঠি বহিল আৰু পুনৰ ৰাণীক অনুসৰণ কৰিবলৈ ধৰিলে। তাকে দেখি ৰজা বজ্ৰসেনে ৰাণীৰ হাতৰ পৰা পৰি যোৱা ভগৱান নৰসিংহৰ শিলৰ বিগ্ৰহটো তুলি লৈ চন্দ্ৰাক্ষক আগভেটি ধৰিলে। কিন্তু মায়াবী চন্দ্ৰাক্ষ হঠাতে তাৰ পৰা নোহোৱা হ'ল। কিছুসময় চৌদিশে বিচাৰিলে যদিও ৰজাৰ শৰীৰটো লাহে লাহে দুৰ্বল হৈ আহিছিল। বেছি সময় ঠিয় হৈ থকাৰ ক্ষমতা তেওঁ হেৰুৱাই পেলাইছিল। এসময়ত শিলটুকুৰাৰ কাষতে ৰজাৰ নিঠৰ দেহটো যুদ্ধপথাৰৰ মাজত পৰি ৰʼল।

ইফালে বনৰ মাজে মাজে ৰাজমহললৈ ৰাওনা হোৱা ৰাণী ৰোহিনীয়ে ৰজাৰ মৃত্যুৰ খবৰ বহু দেৰীকৈ পালে। দুখে বেজাৰে ৰাণীয়ে লাহে লাহে শৰ্য্যা ললে আৰু কেইমাহমানৰ পিছত উত্তৰাধিকাৰী বিহীন প্ৰাগজ্যোতিষপুৰৰ মহাৰাণী ৰোহিনীয়ে সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে।

কাহিনীটো ইমানতে এৰি মালবিকাই কণমানি পুতেকৰ উজ্বলি উঠা চকুদুটালৈ চালে। সন্ধিয়া শুৱাৰ আগতে প্ৰতিদিনে পুতেকক তাই এই কাহিনীটো শুনাই। অবুজ কণমানিটোৱেও তাইৰ কথাবোৰ মনে মনে শুনি ৰয়। কিন্তু আজি শিশুটোৰ তিৰবিৰাই উঠা অকণি অকণি চকুহালে যেন কিবা ক'বলৈ বিচাৰিছে। আজি কেইবাশ বছৰৰ মূৰত প্ৰাগজ্যোতিষপুৰৰ উত্তৰাধিকাৰীয়ে এয়া যেন তেওঁৰ দুবাহুত খেলিবলৈ লৈছে। এৰি অহা প্ৰতিটো জনমতে তেওঁ সপোন দেখিছে প্ৰাগজ্যোতিষপুৰৰ পুনৰোত্থানৰ। প্ৰতিশোধৰ জুইকুৰা বুকুত সাবটি বাৰে বাৰে হতাশ হৈছে চন্দ্ৰাক্ষৰ ঠিকনা বিচাৰি। কিন্তু এতিয়া সময় সমাগত - হয়তো ৰাজকুমাৰে নিজকে চিনি পাইছে। ইতিহাসৰ পাতত হেৰাই যোৱা বজ্ৰসেন আৰু চন্দ্ৰাক্ষৰ সেই আধৰুৱা কাহিনীটোৱে আকৌ নতুন দিশ পাবলৈ গৈ আছে। হয়তো পৈশাচিক অন্ধকাৰ আতঁৰি, এটা নতুন যুগৰ, নতুন দিগন্তৰ উদয় হ'বলৈ আৰু বেছি সময় নাই। 

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ