প্ৰতিচ্ছবি
পৃথিৱীৰ সকলো সৌন্দৰ্য, সংস্কৃতি আৰু অনুভৱৰ সাক্ষী হৈ ৰোৱা একমাত্ৰ কেমেৰাটো — প্ৰতিচ্ছবি৷ এতিয়া সময়ৰ সোঁতত অকলশৰীয়া৷ বহু বছৰ পাৰ হ’ল, পৃথিৱীখন সলনি হ’ল। গাঁওবোৰ নিঃশব্দ, নদীবোৰ শুকান, আৰু মানুহৰ হাঁহিৰ শব্দবোৰ ইতিহাস হৈ পৰিল। এই কেমেৰাটো এতিয়া একমাত্ৰ জীৱন্ত যন্ত্ৰ, যি অতীতৰ প্ৰতিটো মুহূর্ত সংৰক্ষণ কৰি ৰাখিছে। এদিন, এই কেমেৰাটোৱে বন্দী কৰিলে এটা দৃশ্য৷ এখন মহানগৰ - য’ত ধোঁৱা, ধ্বংসস্তূপ আৰু নীৰৱতাই খেলা কৰিছে। মানুহে লোভ আৰু প্ৰযুক্তিৰ অপব্যৱহাৰত নিজৰ মাজতেই যুদ্ব কৰিছে৷ পৃথিৱী ধ্বংসৰ গৰাহত৷ গছবোৰ জ্বলি গৈছে, নদীবোৰ বিষাক্ত আৰু আকাশত সূৰ্যৰ পোহৰ নাই। কেমেৰাৰ লেন্সত ধৰা পৰিল— এটা সৰু ল’ৰা৷ ধূলিৰ মাজত এখন পুৰণি গামোচা ডিঙিত লৈ অকলে বহি আছে। তাৰ চকুত বিস্ময়, মুখত প্ৰশ্ন — “পৃথিৱীখনৰ এই অৱস্থা কেনেকৈ হ’ল?” কেমেৰাই সেই মুহূর্ত সংৰক্ষণ কৰিলে, যেন ভবিষ্যতৰ বাবে এক সতর্ক। কিন্তু ভবিষ্যত কি? কিবা বাকী আছেনে? প্ৰতিচ্ছবি এক যন্ত্ৰ নহয়, ই সাক্ষী। ই জানে — মানৱজাতিৰ ধ্বংস কেতিয়াও হঠাৎ নহয়৷ ই সময়ৰ সোঁতত, সিদ্ধান্তৰ ভুলত আৰু অনুভৱৰ অভাৱত হোৱা এক পৰিঘটনা। এই কাহিনীয়ে আগজাননী দিয়...