প্ৰতিচ্ছবি

 পৃথিৱীৰ সকলো সৌন্দৰ্য, সংস্কৃতি আৰু অনুভৱৰ সাক্ষী হৈ ৰোৱা একমাত্ৰ কেমেৰাটো — প্ৰতিচ্ছবি৷ 

এতিয়া সময়ৰ সোঁতত অকলশৰীয়া৷ 

বহু বছৰ পাৰ হ’ল, পৃথিৱীখন সলনি হ’ল। গাঁওবোৰ নিঃশব্দ, নদীবোৰ শুকান, আৰু মানুহৰ হাঁহিৰ শব্দবোৰ ইতিহাস হৈ পৰিল।

এই কেমেৰাটো এতিয়া একমাত্ৰ জীৱন্ত যন্ত্ৰ, যি অতীতৰ প্ৰতিটো মুহূর্ত সংৰক্ষণ কৰি ৰাখিছে।

এদিন, এই কেমেৰাটোৱে বন্দী কৰিলে এটা দৃশ্য৷

এখন মহানগৰ - য’ত ধোঁৱা, ধ্বংসস্তূপ আৰু নীৰৱতাই খেলা কৰিছে।

মানুহে লোভ আৰু প্ৰযুক্তিৰ অপব্যৱহাৰত নিজৰ মাজতেই যুদ্ব কৰিছে৷ পৃথিৱী ধ্বংসৰ গৰাহত৷ গছবোৰ জ্বলি গৈছে, নদীবোৰ বিষাক্ত আৰু আকাশত সূৰ্যৰ পোহৰ নাই।

কেমেৰাৰ লেন্সত ধৰা পৰিল— এটা সৰু ল’ৰা৷ ধূলিৰ মাজত এখন পুৰণি গামোচা ডিঙিত লৈ অকলে বহি আছে। তাৰ চকুত বিস্ময়, মুখত প্ৰশ্ন — “পৃথিৱীখনৰ এই অৱস্থা কেনেকৈ হ’ল?” 

কেমেৰাই সেই মুহূর্ত সংৰক্ষণ কৰিলে, যেন ভবিষ্যতৰ বাবে এক সতর্ক।

কিন্তু ভবিষ্যত কি? কিবা বাকী আছেনে?

প্ৰতিচ্ছবি এক যন্ত্ৰ নহয়, ই সাক্ষী। ই জানে — মানৱজাতিৰ ধ্বংস কেতিয়াও হঠাৎ নহয়৷ ই সময়ৰ সোঁতত, সিদ্ধান্তৰ ভুলত আৰু অনুভৱৰ অভাৱত হোৱা এক পৰিঘটনা। এই কাহিনীয়ে আগজাননী দিয়ে—যদি আমি সময়ত সাৱধান নহওঁ, তেন্তে প্ৰতিচ্ছবি কেমেৰাই কেৱল সৌন্দৰ্য নহয়, ধ্বংসৰ ইতিহাসো বন্দী কৰিব।

ল’ৰাটো ধূলি, ধ্বংসস্তূপ আৰু নীৰৱতাৰ মাজত অকলে ৰৈ থকা অদ্ভুত যন্ত্ৰটোৰ কাষ চাপি আহিল। কেমেৰাটো ডাঙৰ, ধূলিৰে আবৃত৷ কিন্তু তাৰ লেন্সখনে একেঠৰে সম্মুখলৈ চাই আছিল। যেন বহু বছৰ ধৰি কেমেৰাটোৱে অপেক্ষা কৰি আছে — এই ল’ৰাজনৰ বাবে।

ল’ৰাজনে আগবাঢ়ি গৈ কেমেৰাৰ লেন্সত নিজৰ মুখখন চাবলৈ ধৰিলে। তেওঁ নিজৰ প্ৰতিচ্ছবি দেখি আচৰিত হ’ল—কাৰণ এই পৃথিৱীত আয়নাৰ দৰে কিবা দেখা তাৰ মনত নাই। চকুত বিস্ময় আৰু ওঠত এটা হাঁহি লৈ এইবাৰ সি কেমেৰাটোৰ কাষতে বহি ললে। ডিঙিৰ গামোচাখন মাটিত থৈ কেমেৰাৰ বাটনবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে।

কেমেৰাটো সন্ত্ৰষ্ট হৈ কিবা এটা  শব্দ কৰি উঠিল—যেন বহু বছৰ পিছত, কোনোবাই তাৰ হৃদয়ত হাত দিছিল।

ল’ৰাজনে ভয় নাখালে। সি কেমেৰাটোৰ সৈতে কথা পাতিবলৈ ধৰিলে:-

"তুমি কি দেখিছা?"

"তুমি মোৰ মা-দেউতাক দেখিছা?"

"এই পৃথিৱীখন কেতিয়াবা সেউজীয়া আছিল নে?" 

কেমেৰাটো নীৰৱ! কিন্তু তাৰ লেন্সখনৰ মাজেৰে বিজুলীৰ দৰে এডাল  ৰেখা পাৰ হৈ ল’ৰাজনৰ মুখখন পোহৰাই তুলিলে। যন্ত্ৰটোৱে যেন শিশুটোৰ প্ৰশ্নবোৰ শুনি আছিল।

তেনেতে কেমেৰাৰ স্ক্ৰীনত এটা দৃশ্য দেখা গ’ল —এখন সেউজীয়া গাঁও, এজাক মানুহে হাঁহি-মাতি ফুৰিছে, শিশুবোৰে খেলি আছে, আৰু গছবোৰে বতাহত নাচিছে। কেউফালে মাথোঁ সেউজীয়া৷

শিশুটোৱে চকু মেলি তাকে চাই থাকিল। তাৰ মুখত হাঁহি বিৰিঙি উঠিছিল৷ 

"এই দৃশ্যটো মোৰ বাবে?" "বাৰু! তোমাৰ বিষয়ে কোৱাচোন৷"

কেমেৰাটোৱে তাৰ কাহিনী কৈ গ’ল — 

বহু বছৰ আগতে পৃথিৱীখন এনেকুৱা নাছিল। মানুহে সদায় ছবি তোলাৰ বাবে কেমেৰা ব্যৱহাৰ কৰিছিল৷ কিন্তু সেই কেমেৰাবোৰে কেৱল দৃশ্যহে বন্দী কৰিব পাৰিছিল—অনুভৱ নহয়। তেনে সময়তে, কোনো এখন গোপন পৰ্বতৰ মাজত, এখন সাধুৰ আশ্ৰমত থকা লেবৰেটৰী এটাত জন্ম হৈছিল এই বিশেষ যন্ত্ৰবিধৰ— নাম "প্ৰতিচ্ছবি"। পিছে ই কোনো সাধাৰণ কেমেৰা নহয়। বিভিন্ন গৱেষণাৰ অন্তত ইয়াক তৈয়াৰ কৰি উলিয়াইছিল পাঁচজন গুণী ব্যক্তিয়ে  — এগৰাকী বিজ্ঞানী, এজন দৰ্শনশাস্ত্ৰবিদ, এজন শিল্পী, এজন কবি, আৰু এজন সাধু। তেওঁলোকে নিজৰ জ্ঞান, অনুভৱ, আৰু আশাৰ শক্তিৰে এই কেমেৰাটো গঢ়ি তুলিছিল। কেমেৰাৰ লেন্সখন তৈয়াৰ হৈছিল হিমালয়ৰ সেউজীয়া কাঁচৰ পৰা, আৰু তাৰ মেমৰি চিপটো তৈয়াৰ হৈছিল এটা পুৰণি নামঘৰৰ পবিত্ৰ গামোচাৰ সূতাৰে - য’ত সোমাই আছিল এটা জাতীৰ, এখন দেশৰ সংস্কৃতিৰ আৰু অলেখ লোক অনুভৱৰ বৃহৎ ডেটাবেছ৷

বিশ্ব মানচিত্ৰত এটা ডাঙৰ কেমেৰা। কেমেৰাটো সাধাৰণ নহয়—পৃথিৱীৰ সকলো মুহূর্ত বন্দী কৰাৰ ক্ষমতা থকা ই এক জাদুকৰী যন্ত্ৰ। সেই পাঁচগৰাকী ব্যক্তিৰ লক্ষ্য আছিল—পৃথিৱীৰ সৌন্দৰ্য, বেদনা, আৰু আশাৰ প্ৰতিচ্ছবি সংগ্ৰহ কৰি ৰখা।

প্ৰতিচ্ছবিৰ লেন্সখন বিশেষভাবে তৈয়াৰ কৰা। যেতিয়া কোনোবাই ইয়াৰ মাজেৰে চায় - তেওঁ কেৱল দৃশ্যই নহয়, সেই দৃশ্যৰ অনুভৱ, ইতিহাস, আৰু ভবিষ্যৎ ও দেখিব পাৰিব। পৃথিৱীৰ হৃদয়ৰ স্পন্দন প্ৰতিখন ছবিত বন্দী কৰিব পৰা ক্ষমতা আছিল এই লেন্সখনৰ।

প্ৰতিচ্ছবি কেমেৰাৰ প্ৰথম ছবি আছিল—এজন সন্ন্যাসীৰ ধ্যানৰত অৱস্থা। সেই ছবিখনত কেৱল তেওঁৰ মুখ নহয়, তেওঁৰ শান্তি, তেওঁৰ চিন্তা, আৰু তেওঁৰ আশাৰ প্ৰতিচ্ছবি বন্দী হৈছিল। তাৰ পিছত কেমেৰাটোৱে পৃথিৱীৰ বিভিন্ন ঠাইত গৈ মানুহৰ জীৱন, সংস্কৃতি, আৰু সময়ৰ সোঁতত হোৱা পৰিৱর্তন সংৰক্ষণ কৰি আহিছে।

এদিন, কেমেৰাই এটা অদ্ভুত দৃশ্য ধৰা পেলালে—এজন ব্যক্তি, আফ্ৰিকাৰ এখন গাঁওত৷ পানীৰ বাবে তেওঁ বহু দূৰলৈ খোজ কাঢ়ি গৈছে। চকুত আশা আৰু লগত এটা সৰু বাঁহৰ বাচন। এই দৃশ্যই প্ৰতিচ্ছবিৰ স্ৰষ্টাক স্পৰ্শ কৰিলে। তেওঁলোকে সিদ্ধান্ত ল’লে—এই কেমেৰাটোৰ সহায়ত কেৱল ছবি নহয়, পৃথিৱীৰ সমস্যাবোৰো বিশ্ববাসীৰ আগত উলিয়াই দিব।

প্ৰতিচ্ছবি কেমেৰাৰ পৰৱৰ্তী অভিযান আছিল—জাপান। এইবাৰ, কেমেৰাৰ টীমে নিৰ্বাচন কৰিলে হোক্কাইডোৰ এখন সৰু গাঁও - য'ত প্ৰকৃতি আৰু প্ৰযুক্তিৰ এক অপূৰ্ব সংমিশ্ৰণ দেখা যায়। কেমেৰাটো স্থাপন কৰা হৈছিল এখন পাহাৰৰ ওপৰত, তাৰ পৰা গাঁওখনৰ সকলো দৃশ্য স্পষ্টকৈ দেখা গৈছিল। এই গাঁওখনৰ বিশেষত্ব —ইয়াত প্রযুক্তি আৰু পৰম্পৰা একেলগে বাস কৰে। কেমেৰাই ধৰা পেলালে—এগৰাকী বৃদ্ধা, কিমোনো পিন্ধি, বাঁহৰ গছ এজোপাৰ তলত বহি ছাঁ আৰু বতাহ লৈছে। কাষতে এজন সৰু ল’ৰা, হয়তো নাতীয়েক, সি ড্ৰোন উৰাইছে। এই দৃশ্যই প্ৰতিচ্ছবিৰ টীমক অভিভূত কৰিলে৷ সময়ৰ সোঁতত এই দৃশ্য কেতিয়াবালৈ সজীৱ হৈ থাকিব। তেওঁলোকে এই দৃশ্য আৰ্কাইভত সংৰক্ষণ কৰিলে। প্ৰতিচ্ছবি কেমেৰাৰ জৰিয়তে, জাপানৰ সেই সৰু গাঁওখনৰ সৌন্দৰ্য, শান্তি আৰু জীৱনৰ গল্প বিশ্ববাসীৰ আগত উলিয়াবলৈ।

প্ৰতিচ্ছবি কেমেৰাৰ পৰৱৰ্তী অভিযান আছিল—ভাৰতৰ পবিত্ৰ নগৰী বৰাণসী। গঙ্গাৰ পাৰত অৱস্থিত এই নগৰখন, সময়ৰ সোঁতত পৰম্পৰা আৰু আধ্যাত্মিকতাৰ এক অপূৰ্ব সংগম। এইবাৰ কেমেৰাটো স্থাপন কৰা হ’ল গঙ্গা ঘাটৰ ওচৰত, য'ৰ পৰা সূৰ্যোদয়ৰ সময়ত সাধু-সন্ত, পূজাৰী আৰু সাধাৰণ মানুহে গঙ্গাত স্নান কৰি ধৰ্মীয় আচাৰ পালন কৰা দৃশ্য লব পৰা যাব। কেমেৰাৰ ওপৰত এজন ব্যক্তি বহি সূৰ্যৰ প্ৰথম ৰশ্মি বন্দী কৰিবলৈ সাজু হৈছিল। আন এজনে ডায়েলখন সজাই আছিল, যেন ঠিক মুহূর্তটো ধৰি ৰাখিব পাৰে। তৃতীয়জনজনে লেন্সখনৰ কাম কৰি আছিল, আৰু চতুৰ্থজনজনে তথ্যবোৰ সংগ্ৰহ কৰিছিল। কেমেৰাই ধৰা পেলালে—এজন বৃদ্ধ, গঙ্গাৰ পানীত স্নান কৰি, চকুত শান্তিৰ দীপ্তি লৈ প্ৰাৰ্থনা কৰি আছে। তেওঁৰ পিছফালে এজাক সৰু ল’ৰাই ঘাটৰ কাষত পখিলা উৰুৱাই ফুৰিছে। এই দৃশ্যই প্ৰতিচ্ছবিৰ টীমক স্পৰ্শ কৰিলে— সময়ৰ সোঁতত ধৰ্ম, সংস্কৃতি, আৰু শিশুৰ নিষ্কলুষতা কেতিয়াবা যে হেৰাই যাব, তেওঁলোকে ঠিকেই অনুমান কৰিছিল৷ তেওঁলোকে বৰাণসীৰ এই দৃশ্য সংৰক্ষণ কৰিলে। প্ৰতিচ্ছবি কেমেৰাৰ জৰিয়তে ভাৰতৰ এই পবিত্ৰ নগৰখনৰ সৌন্দৰ্য, ধৰ্মীয় বিশ্বাস আৰু জীৱনৰ গভীৰতা বিশ্ববাসীৰ আগত উলিয়াই দিবলৈ।

প্ৰতিচ্ছবি কেমেৰাৰ পৰৱৰ্তী অভিযান—লাডাখ। উত্তৰ ভাৰতৰ এই অঞ্চলত পাহাৰ, নীলা আকাশ আৰু নীৰৱতা সকলোকে হাতবাউল দি মাতে৷ প্ৰতিচ্ছবিৰ বাবে আন এটা আদৰ্শ স্থান। কেমেৰাটো স্থাপন কৰা হ’ল পাংগং হ্ৰদৰ কাষত। হ্ৰদখনৰ পানী নীলা, যেন আকাশে নিজৰ প্ৰতিচ্ছবিহে বিয়পাই দিছে। কেমেৰাই ধৰা পেলালে এটা দৃশ্য —এটা যাত্ৰীৰ দলে চাইকেল লৈ হ্ৰদৰ কাষ চাপি আহিছে। তেওঁলোকৰ চকুত বিস্ময় আৰু মুখত গৌৰৱোজ্জল হাঁহি। তেওঁলোকৰ লগতে কেমেৰাই বন্দী কৰিলে এগৰাকী স্থানীয় লাডাখী বৃদ্ধ, এটা গোম্পাৰ ওচৰত একাত্ম হৈ বহি আছে। তেওঁৰ চকুত চিৰশান্তি, যেন সময়ৰ সোঁতত স্থিৰ হৈ ৰৈছে। প্ৰতিচ্ছবিৰ টীমে এই দৃশ্যবোৰ সংৰক্ষণ কৰিলে। লাডাখৰ নীৰৱতা, সৌন্দৰ্য, আৰু আধ্যাত্মিকতা— বিশ্ব মানচিত্ৰত এক নতুন ৰঙেৰে স্থান লাভ কৰিব।

প্ৰতিচ্ছবি কেমেৰাৰ পৰৱৰ্তী অভিযান—অসম। এইবাৰ, তেওঁলোকে যাত্ৰা কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত এখন সৰু গাঁওলৈ । "চন্দ্ৰপুৰ" — শান্ত, সেউজীয়া, আৰু সংস্কৃতিৰে ভৰপূৰ এখন মনোৰম ঠাই। কেমেৰাটো স্থাপন কৰা হৈছিল এডৰা ধানখেতিৰ মাজত। এই গাঁওখনৰ বিশেষত্ব— আধুনিকতাৰ স্পৰ্শ পাইও, পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে এক গভীৰ সংযোগ বজাই ৰাখিছে। কেমেৰাই ধৰা পেলালে— তেনেই সাধাৰণ পোচাক পৰিহিতা এগৰাকী মহিলা, পথাৰৰ মাজত এজাক হাঁহৰ সৈতে কথা পাতিছে। পিছফালে এজন বৃদ্ধ কৃষক, তেওঁ ধানখেতিত কাম কৰি আছে৷ তেওঁৰ কাষতে বহি এজন ল’ৰাই বাঁহীত কিবা এটা সুৰ বজাইছে। দৃশ্যবোৰে প্ৰতিচ্ছবিৰ টীমক অভিভূত কৰিলে। তেওঁলোকে গাঁওখনৰ জীৱন, সৌন্দৰ্য আৰু সাংস্কৃতিক ছবিখন আৰ্কাইভত সংৰক্ষণ কৰিলে। অসমৰ এই সৰু গাঁওখনৰ কাহিনী এদিন বিশ্ববাসীয়ে জানিব —য'ত সময়ৰ গতি হয়তো ধীৰ, কিন্তু জীৱন চিৰ-সেউজীয়া।

প্ৰতিচ্ছবি কেমেৰাৰ পৰৱৰ্তী অভিযান আছিল—বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ, মাজুলী। ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এই দ্বীপটো, সংস্কৃতি, ধৰ্ম আৰু প্ৰকৃতিৰ এক অপূৰ্ব মিলনস্থলী। কেমেৰাটো স্থাপন কৰা হ’ল এখন সত্ৰৰ কাষত, ইয়াত বৈষ্ণৱ ধৰ্মৰ সাধনা হয়। মাজুলীৰ গাঁওখনত কেমেৰাই ধৰা পেলালে—এজন ভকত৷ তেওঁ নামঘৰত খোল বজাইছে। এজন ল’ৰাই পাটৰ কাপোৰত ছবি আঁকিছিল। আন এজনে নদীৰ কাষত মাছ ধৰিছিল। প্ৰতিচ্ছবিৰ টিমে মাজুলীৰ বিভিন্ন দৃশ্যবোৰ সংৰক্ষণ কৰিলে। মাজুলীৰ মাটিত বন্দী হোৱা প্ৰতিটো মুহূর্তই যেন এক সুৰ - চিৰদিন পৃথিৱীৰ হৃদয়ত বাজি থাকিব।

পৃথিৱীৰ সৌন্দৰ্য, সংস্কৃতি, আৰু অনুভৱৰ সাক্ষী হৈ ৰোৱা কেমেৰাটো এনেদৰে সময়ৰ সোঁতত আগুৱাই গৈ থাকিল। বহু বছৰ পাৰ হ’ল, পৃথিৱীখন সলনি হ’ল। গাঁওবোৰ নিঃশব্দ, নদীবোৰ শুকান আৰু মানুহৰ হাঁহিৰ শব্দবোৰ ইতিহাস হৈ আহিল।

কেমেৰাটোৰ এটা গুপ্ত শক্তি আছিল — ই কেৱল ছবি নহয়, স্মৃতিও সংৰক্ষণ কৰে। যি মুহূর্ত ই বন্দী কৰে, সেই মুহূর্তৰ অনুভৱ, শব্দ, আৰু মনোভাৱো ই নিজৰ  মেমৰি চিপখনত সযতনে সোমাই থয়৷ যেন এক জীৱন্ত আর্কাইভ।

প্ৰতিচ্ছবি কেমেৰাৰ উৎপত্তি আছিল আশাৰ পৰা। ই সৃষ্টি হৈছিল মানুহক নিজৰ সৌন্দৰ্য, সম্ভাৱনা আৰু ভুলৰ কথা মনত পেলাই দিবলৈ। .......আৰু এতিয়া, ই সময়ৰ সোঁতত আগবাঢ়ি গৈ, ধ্বংসৰ মাজতো আশাৰ পোহৰ বিচাৰি ফুৰিছে।

কেমেৰাটোৱে যেন ল’ৰাজনৰ বাবেই সেই দৃশ্যবোৰ দেখুৱাইছিল। লাহে-লাহে, ল’ৰাজন আৰু কেমেৰাটোৰ মাজত এক গভীৰ বান্ধোন গঢ়ি উঠিল। প্ৰতিচ্ছবি এতিয়া কেৱল যন্ত্ৰ নহয়—ই বন্ধু, শিক্ষক আৰু হয়তো তাৰ আশাৰ উৎস।

আশা — তাৰ মাক-দেউতাকক লগ পোৱাৰ৷ 

সি সপোন দেখিবলৈ ধৰিলে! 

ল’ৰাজনে সিদ্ধান্ত ল’লে— এই যন্ত্ৰটোৰ সহায়ত সি পৃথিৱীৰ নতুন গল্প লিখিব। ধ্বংসৰ মাজত, আশাৰ প্ৰতিচ্ছবি বন্দী কৰিব।

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ