পাংচাৰ

#পাংচাৰ


বহল চাৰিআলিটো এৰি এইখিনি অলপ ঠেক বাট। পাহাৰৰ মাজৰ শিল কাটি বনোৱা অঞ্চলটোত মানুহৰ বসতি নাই বুলিবই পাৰি। পথৰ দুয়োকাষে যিফালেই চকু যাই কেৱল খালি পথাৰ। কোনোবাখিনিত দুই একোটা সৰু ডাঙৰ টিলাৰ দৰে। আশে পাশে দোকান-পোহাৰ এখনো নাই। মাজে মাজে দুই একোখন ট্ৰাকে বৃহৎ শব্দ কৰি পাৰ হৈ যোৱাৰ বাহিৰে গোটেই পথটোতে মৰিশালীৰ নিস্তব্ধতা। আকাশত কেইটামান শগুনে চিঞৰি আছে।


পৰিবেশটো জয়াল। এফালে অচিনাকি ঠাই, তাতে এই ভৰ দুপৰীয়াখন জিৰণি ল'বলৈ ওচৰে পাজৰে গছ এজোপাও নাই। সিফালে আকৌ পাঁচবজাৰ আগতে গন্তব্যস্থল পাবগৈ লাগিব। ইতিমধ্যে তিনিটা বাজিল। সম্মুখত এতিয়াও ৬০-৭০ মাইল। ঘৰৰ পৰা দেৰিকৈ ওলোৱা বাবে নিজৰ ওপৰতে খঙটো উঠি আহিল।


পিছে খং উঠাৰ প্ৰকৃত কাৰণটো বেলেগ। অলপ আগতে মটৰ চাইকেলখনৰ সম্মুখৰ চকাটো ফুটি থাকিল। সেইখন টানি টানি এই মৰিশালী যেন ঠাইডোখৰৰ মাজেৰে আহি আছোঁ অকলে। পাংচাৰ ভাল কৰা দোকান বাদেই, এটা কুকুৰো লগপোৱা নাই বাটত। জনপ্ৰাণী শূণ্য পথটোৰে ৰ'দত ঘামি জামি ডেৰ কুইণ্টল ওজনৰ বৃহৎ মটৰ চাইকেলখন ঠেলি নিয়াটো ধেমালি কথানে। মাত্ৰ এক কিলোমিটাৰ ঠেলোতেই অণ্ঠ-কণ্ঠ শুকাই জীৱটো উৰি যোৱা যেন লাগিছে। ভৰিদুখনো অচল হৈ আহিছে।


: দাদা চকা ফুটিলে নেকি?


হঠাতে কাৰোবাৰ মাতত উচপ খাই পিছলৈ ঘূৰি চালোঁ। এজন পঞ্চল্লিছ বছৰমান বয়সীয়া ব্যক্তি ঠিক পিছফালে থিয় হৈ আছে। হঠাতে ক'ৰপৰা আহি ওলাল বুলি ভৰিৰ পৰা মূৰলৈ চাবলৈ ধৰিলোঁ। মানুহজনৰ শৰীৰত ঠায়ে ঠায়ে ফাটি যোৱা হাতকঁটা চোলা এটা আৰু তলৰফালে জিন্সৰ উৱলা হাফপেণ্ট। মূৰত চুলি বুলিবলৈ মাত্ৰ কেইডালমান। বিড়িডালৰ পৰা এমুখ ধোঁৱা আহি মোৰ চকুৱে মুখে কোবাব ধৰিছে। সোঁহাতেৰে ধোঁৱাবোৰ আঁতৰাই মই কিবা কোৱাৰ আগতেই তেওঁ মটৰ চাইকেলখন ঠেলিবলৈ লাগিল।


: আৰু দুখোজ গলেই পাংচাৰ ভাল কৰা দোকান পাব, ব'লক মই দুহাত লগাই দিছোঁ।


আহ! কি কয় এওঁ! যেন বিড়িৰ গোন্ধ নহয় অমৃতহে বৰষিছে মুখেৰে। ওঠেৰে নজনাকৈয়ে এটা সন্তুষ্টিৰ হাঁহি বাগৰি আহিল।


: আপুনি ঈশ্বৰৰ দূত হৈ আহিছে দেই। এই সহায়কণ যে কেতিয়াও পাহৰিব নোৱাৰিম। আপোনাৰ নিজৰ দোকান নে?


হাঁহি এটাৰে সহাৰি জনাই এইবাৰ তেওঁ হেণ্ডেলডাল নিজৰ হাতলৈ ললে আৰু মোক পিছৰপৰা ঠেলিবলৈ কলে। দুয়োজনে মটৰখন ঠেলি ঠেলি কিছুদূৰ আগুৱাই আহি শেষত তেওঁৰ দোকানখনত সোমালোঁ। দোকান বুলিবলৈ পথৰ কাষতে সৰু কাপোৰৰ চালি এখন চাৰিটা খুটাৰ ওপৰত বান্ধি থোৱা। কাপোৰখন বহুঠাইত ফাটি ওপৰেৰে প্ৰখৰ ৰ'দ সোমাই আহিছে।


দোকানত ১২ - ১৩ বছৰীয়া ল'ৰা এজন। হাতদুখন বেছ কঠিন। নিমিষতে গাড়ীৰ চকাটো খুলি পেলালে সি। কামৰ মাজতে মোলৈ চুচুক-চামাককৈ চাই আছে। মইও তাৰ কাম কৰা চাই থাকিলোঁ। কিলাকুটিৰ কাষতে জুইয়ে পুৰি সংকুচিত হোৱা চাল এটুকুৰা৷ সেইফালে চাই থকা দেখি পিন্ধি থকা চোলাটো কোচাই ঠাইডোখৰ সি ঢাকিবলৈ চেষ্টা কৰিলে।


মুখখন বৰ মৰমলগা, চকুদুটাত এতিয়াও শিশু সুলভ আৱেদন। টিউব টায়াৰৰ কামবোৰ কৰি হাতদুখন টান হৈ পৰিছে যদিও কোমল বয়সৰ চাপ মুখৰ পৰা আঁতৰা নাই।


প্ৰায় চল্লিশ মিনিটমানৰ ভিতৰত দুয়োজনে মিলি কামখিনি সম্পূৰ্ণ কৰি পেলালে। সম্মুখৰ চকাটোৰ পৰা উলিওৱা বৃহৎ গজালটো চকুৰ সম্মুখত ডাঙি ধৰি ল'ৰাজনে বুজাবলৈ চেষ্টা কৰিছিল এই দুপৰীয়া মোৰ অৱস্থা কাহিল কৰি পেলোৱা শত্ৰুটো দেখিবলৈ আচলতে কেনেকুৱা।


চকাটোৰ মেৰামতি সম্পূৰ্ণ হোৱাত দৌৰাদৌৰিকৈ যাবলৈ সাজু হ'লো। পইছা কিমান দিব লাগিব সুধিবলৈ ইফালে সিফালে চাই দেখোঁ মানুহজন নোহোৱা হ'ল।


: হঠাতে এওঁনো কোনফালে সোমাল!


অলপ আচৰিত নোহোৱা নহয়। যেনেদৰে মোৰ পিছফালে আহি ওলাইছিল ঠিক তেনেদৰেই কোনোবাফালে হেৰাই গ'ল মানুহজন।


: কিমান দিম ভাইটি?


: এশ টকা।


এশটকীয়া নোটখনৰ লগতে জেপত থকা চকলেট এটাও তাৰ হাতত গুজি দিলোঁ। ল'ৰাটোৱে বৰ আগ্ৰহেৰে হাত পাতি ললে। সেইখিনি সময়ত তাৰ চকুদুটালৈ চাইয়েই থাকিবলৈ মন গৈছিল। চকলেটটো হাতত লৈ সিও যেন কিবা এটা আপোনত্ব বিচাৰি পালে। চকুৱে মুখে হাঁহি বিৰিঙি উঠিল।


বাইকত ষ্টাৰ্ট দি আকৌ এবাৰ তালৈ চালোঁ। একান্তমনে চকলেট খোৱাত ব্যস্ত। আঙুলিবোৰ চেলেকি চেলেকি হাতত লাগি থকা অৱশিষ্টখিনি শেষ কৰিবলৈ চেষ্টা কৰিছে। মই চাই থকা দেখি ওচৰলৈ আগুৱাই আহিল -


: বহুদিন খাবলৈ পোৱা নাই, বস্তুটো আৰু আছে নেকি?


: নাই নহয় আৰু...! পইছা দিছোঁ যে কিনি খাবি। ক'ত গ'ল তোৰ দেউতাৰ?


: ৰাস্তাত আকৌ গজাল পুতিবলৈ গৈছে। তেতিয়াহে আপোনাৰ দৰে কাষ্টমাৰ পাম। এইফালে মানুহ বেছি নাহেই নহয়।


কঁপালখন কোচ খাই আহিল। গাৰ জোৰেৰে এক্সেলেটৰডাল পকাই ধৰিলোঁ। সন্ধিয়া লাগিবৰেই হ'ল। মোৰ সম্মুখত এতিয়াও প্ৰায় ৬০ মাইল বাট। বতাহৰ হোঁ হোঁ শব্দৰ লগতে কাণত ল'ৰাজনৰ কথাকেইটা বহুদেৰিলৈ বাজি থাকিল।


: সি মোৰ দেউতা নহয়, মোক উঠাইহে আনিছে। ঘৰ ক'ত নাজানোঁ। সৰুৰ পৰা তাৰ লগতেই আছোঁ।


××××××

Comments

Post a Comment

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ