দেউতাৰ বিয়া
সময় ভৰদুপৰীয়া৷
তিনিআলিটোত
মানুহৰ সমাগম তেনেই তাকৰ। সৰু হোটেলখনৰ সম্মুখৰ বাঁহৰ বেঞ্চখনত বহি বসন্ত খুড়াই
তামোল চোবাইছে। সেইখিনিতে মাত্ৰ চাৰি পাঁচখন দোকান, পবিত্ৰৰখন এৰি আটাইকেইখন বন্ধ। এই সময়ত মানুহৰ বিশেষ অহা-যোৱা নোহোৱা বাবে দোকানীকেইজন ঘৰা-ঘৰি যায়গৈ। পবিত্ৰৰো দোকান বন্ধ কৰা
সময়, পিছে বসন্ত খুড়াৰ বাবে
যাব পৰা নাই। এই দুপৰীয়াখন তেওঁক হেনো পুৰি বনাই দিব লাগে৷ পবিত্ৰৰ দোকানৰ
পুৰি গোটেই অঞ্চলটোতে বিখ্যাত৷ পুৱাবেলা অসংখ্য মানুহে ভিৰ কৰেহি তাৰ দোকানত৷
বসন্ত খুড়াই
কেইখনমান সৰহকৈয়ে বনাবলৈ দিছে, ঘৰলৈকে লৈ যাব
হেনো৷
: কিন্তু এই ভৰ
দুপৰীয়া পুৰি? ঘৰত ভাত নাখাব
নেকি মানুহজনে?
আচৰিত হৈছিল সি৷
এইখিনি সময়ত মানুহে সাধাৰণতে ক’ল্ড ড্ৰিংকচ্, তামোল-পাণ আদিহে বিচাৰি আহে৷ পুৱাৰে অলপ ময়দা
ৰৈ যোৱা বাবে সি নোৱাৰো বুলিও নকলে৷ গ্ৰাহকক না কব নোৱাৰি৷ ইতিমধ্যে বাচন-বৰ্তন
ধুই সহায় কৰি দিয়া মানুহগৰাকীও গ’ল৷ সোনকালে পুৰিকেইখন বনোৱা হ’লেই
মানুহজনক বিদায় দিব পৰা যাব৷
তামোল বুলিলে
তেওঁক একো নালাগে৷ তাতে আকৌ বুঢ়া তামোল৷ তিনিখন ললেই ইতিমধ্যে৷ পুৰিখিনি টোপোলা বান্ধি
বসন্ত খুড়াৰ হাতত তুলি পবিত্ৰই দোকানৰ লাইট, গেছৰ ষ্ট’ভ, পানীৰ নল আদি বন্ধ কৰিবলৈ ধৰিলে৷
: ভোক লাগিছে খুড়া,
ঘৰলৈ গৈ সোনকালে ভাত মুঠি
খাই আহোঁ। অলপ জিৰণি লৈ আকৌ আবেলি খুলিবৰ হ'লেই নহয়।
: এ ৰবি অ'। আমাৰ ভোলা মাষ্টৰৰ কথা শুনিছনে নাই? বিয়া পাতিছে হেনো?
: উলিয়ালে আকৌ এইডালে!
সোনকালে নাযায়নো কিয়?
মনতে ভোৰভোৰাই
পবিত্ৰই দোকানৰ বস্তুবোৰ সামৰি থাকিল। সম্মুখৰ দৰ্জা দুখনত ওলোমাই থোৱা বিস্কুট
আৰু চিপ্ছৰ পেকেটকেইটা ভিতৰলৈ সুমুৱাই থকাৰ পৰা খুড়ালৈ নোচোৱাকৈ লাহেকৈ উত্তৰ দি
থলে -
: অ শুনিছোঁ।
কথা চোবাই থকাৰ
সময় নাই তাৰ, সোনকালে মানুহজন
আঁতৰি গ’লেই দোকানখন বন্ধ কৰিব পাৰে।
তেনেতে বাওঁফালৰ
ৰাস্তাটোৰে চাইকেল এখন লৈ ৰমেন সেইখিনিতে ওলালহি। ৰমেন ভোলা মাষ্টৰৰ ল'ৰা। এখন ভৰি মাটিত নমাই চাইকেলৰ ওপৰৰ পৰা ৰমেনে
মাত দিলে -
: পবিত্ৰ দা,
বন্ধ কৰিলে নেকি? তামোল এখন দিয়কহে।
ৰমেনক দেখি বসন্ত
খুড়া ওচৰ চাপি আহিল। চাইকেলৰ হেণ্ডেলডালত হাতখন থৈ ক'বলৈ ধৰিলে -
: কি অ' ৰমেন, দেউতাৰৰ বিয়া পাতিছ হেনো? সঁচা নেকি কথাটো?
: সঁচা খুড়া। আহিব
দেই, মই ঘৰলৈ যাম বাৰু
নিমন্ত্ৰণ জনাবলৈ।
: হ'ব দে! নিমন্ত্ৰণ আৰু বেলেগে লাগেনে? মুখৰ কথাষাৰেই যথেষ্ট। আমি যামেই।
: বাৰু খুড়া,
আহোঁ তেনেহলে। চহৰত অলপ কাম
আছে।
: যাগৈ বোপাই যা।
পবিত্ৰই দিয়া
তামোলখন মুখত লৈ ৰমেন গুছি গ'ল। সি যোৱাৰ ফালে
কিছুদেৰি চাই বসন্ত খুড়াই পবিত্ৰক উদ্দেশ্যি ক'বলৈ ধৰিলে -
: বৰ ভাল ল'ৰা বুজিছ। ভোলা মাষ্টৰৰ ভাগ্যই ভাল। সুযোগ্য
সন্তান পাইছে। এতিয়া ল'ৰাই বাপেকৰ
বিয়াও পাতিব ওলাইছে। আমাৰহে ল'ৰা-ছোৱালীবোৰে
জীৱনত কি কৰোঁ বুলি ভাবিছে জানো!
: কিয়? আপোনাৰো আকৌ বিয়াখন পাতিবলৈ মন গৈছে হ’বলা?
: হেই ...থ অ'
হেৰ। তহঁতৰ লগত অলপ মনৰ
কথাও পাতিব নোৱাৰি৷ মানুহক ঠাট্টা কৰিবহে শিকিছ জীৱনত।
: হা হা। ঠাট্টা
কৰা নাই খুড়া, ধেমালিহে কৰিছোঁ!
ধুতিখন কোঁচাই, ছাতিটো মেলি, পুৰিৰ টোপোলাটো এহাতত লৈ খুড়া দোকানৰ সম্মুখৰ মেইন ৰাস্তালৈ উঠিল। পবিত্ৰলৈ এবাৰ কেৰাহিকৈ নজৰ দি ঘৰলৈ খোজ ধৰিলে। কিছুদেৰি খুড়া যোৱাৰ ফালে চাই তেওঁৰপৰা পাবলগীয়া টকাৰ পৰিমানটো সৰু বহি এখনত লিখি দোকানত তলাটো ওলোমাই পবিত্ৰও বিপৰীত দিশেৰে আগবাঢ়ি গ’ল।
*** *** ***
ট্ৰীং....ট্ৰীং.....ট্ৰীং.....!
ট্ৰীং....ট্ৰীং.....ট্ৰীং.....!!
: ৰমেন....ফোনটো
নুঠাৱ কিয়?
: দুবাৰো উঠালোঁ দেউতা, সিফালে কোনেও মাতেই
নিদিয়ে৷ সেইবাবে এইবাৰ উঠোৱা নাই৷ ইফালে বিজুলী ঢেৰেকনি মাৰি আছে নহয়, এনেকুৱা বতৰত ফোন উঠাব নালাগে। কাৰোবাৰ বিশেষ
প্ৰয়োজন থাকিলে ৰাতিপুৱা আকৌ কৰিব দিয়ক। আপুনি শুই থাকক।
: হয় নেকি,
হ'ব দে তেনেহলে।
সেইজন ভোলা মাষ্টৰ।
মানে ভোলানাথ ডেকা।
গাঁৱৰ হাইস্কুলখনতে শিক্ষকতা কৰি অৱসৰ লোৱা ১২ বছৰমানেই হ'ল। মানুহজনী ঢুকুৱাৰ পিছত তেনেই অকলশৰীয়া হৈ
পৰিছিল। বেৰত ওলমি থকা দুয়োৰে ফটোখনলৈ চাই মাষ্টৰে মনে মনে চকুলো টোকে৷ ৰমেনে আকৌ
মাষ্টৰৰ চকুত এটোপাল পানীও সহ্য নকৰে৷ তাক দেখুৱাই মাষ্টৰে হাজাৰ বেদনাৰ মাজতো
হাঁহি থাকিবলৈ যত্ন কৰে৷
ফটোখন ৰমেনে আঁকি
উলিয়াইছে৷ সি মাষ্টৰণীক স্বচক্ষ্যে দেখা নাই; কিন্তু বুঢ়া বয়সত দুয়ো একেলগে থাকিলে কেনেকুৱা
দেখিলেহেঁতেন তাকে লৈ তাৰ মানসপটত ভাহি উঠা সেয়া এখন কল্পনাহে মাত্ৰ৷ ৰঙা গোলাপৰ
পাঁহিকেইটাৰ মাজত মাষ্টৰণী যেন চিৰযৌৱনা৷
ৰমেন নিজৰ ল'ৰা নহয় যদিও আজিলৈকে তাৰ মনত পৰৰ দৰে অনুভৱ হ'বলৈ দিয়া নাই মাষ্টৰে। নিজৰ সন্তানৰ দৰেই ডাঙৰ
কৰিছে। সিয়েই তেওঁৰ ঘৰ-দুৱাৰ, খেতি-মাটি,
সকলোবোৰ চোৱা-চিতা কৰে।
২০ বছৰ আগতে
পত্নীক হেৰুৱাই মনৰ দুখতে ঘূৰি ফুৰোঁতে ঠিক আজিৰ দিনটোতেই তাক লগ পাইছিল। স্কুলৰ
বাৰান্দাৰ তলত বৰষুণৰ মাজত পৰি থকা শিশুটোক আলফুলে সযতনে ঘৰলৈকে লৈ আহিছিল মাষ্টৰে।
কোনে কেতিয়া তাক পেলাই থৈ গ'ল আজিলৈকে বিচাৰি
নাপালে। আচলতে তেওঁ বিচাৰিবলৈ বৰ এটা চেষ্টাও নকৰিলে। তেতিয়া সি ছয় সাতমহীয়াটো মাত্ৰ। তাৰ নাম দিলে ৰমেন। লাহে লাহে ল'ৰাটো মাষ্টৰৰ
অকলশৰীয়া জীৱনৰ সঙ্গী হৈ পৰিল৷
আজি দুয়ো
দুয়োৰে জন্মদিন পালন কৰিছে। এই দিনটোত ৰমেনক পাই ভোলানাথ ডেকাই এটা নতুন জীৱনৰ
পাতনি মেলিছিল।
মাষ্টৰ পিছে
অকলশৰীয়া নাছিল, দুজনকৈ ল'ৰাৰ বাপেক তেওঁ। ডাঙৰ ল'ৰা জগদীশ আমেৰিকাত থাকে। সৰু ল'ৰা পঙ্কজে মুম্বাইতে ঘৰ-সংসাৰ কৰিছে।
: গাঁৱলৈ উভতি আহিবলৈ সিহঁতে বেয়া পায়, আচলতে লাজ
পায়....বুজিছ।
: দেউতা, আপুনি শুৱক। ৰাতি হ'ল। বৰষুণো আহিছে।
: যাম যাম। আজি
দুয়োৰে জন্মদিন নহয়, আৰু কিছুসময় একেলগে থাকোঁ দে!
কথাবোৰ জিভাত লাগি ধৰিছিল ভোলা মাষ্টৰৰ। আজি তেওঁ নিচা কৰিছে। ৰমেনেই দিনত চহৰৰ পৰা সৰু বটল এটা আনি দিছে দেউতাকক।
: সিহঁত আহিব এদিন৷
তই চাবি দেই ৰমেন। মই যিদিনাই এই ঘৰ মাটি বিক্ৰী কৰিবলৈ ওলাম, সেইদিনাই সিহঁত ওলাবহি। নিদিওঁ মই ....কাকো একো
নিদিওঁ।
: দেউতা, আপোনাৰ নিচা বেছি হৈছে, শুই থাকক গৈ এতিয়া।
: নিচা বেছি হোৱা
নাই অ' বোপা, মনৰ কথাবোৰহে কৈছোঁ। তই মোৰ ভাল ল'ৰা, মোৰ এই সকলোবোৰ ঘৰ মাটি তোকেই দিম। তই মোৰ লগত থাকিবি দেই সোণ! মোৰ লগত
......থা....ক
: থাকিম, মই সদায় আছোঁ আপোনাৰ লগত। ব'লক এতিয়া শুই থাকিব। বাহিৰত বৰষুণো পৰিলেই।
ভোলা মাষ্টৰক
বিছনাত শুৱাই ৰমেন বাহিৰৰ কোঠাত থোৱা ফোনটোৰ ওচৰলৈ আহিল। সি জানে সেয়া জগদীশৰ ফোন
আছিল। দেউতাকক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ডাঙৰ পুতেকে আমেৰিকাৰ পৰা ফোন কৰিছে।
প্ৰতি বছৰেই কৰে। কিন্তু আজি সি দেউতাকৰ লগত কথা হ'বলৈ নিদিলে তেওঁক।
: আজিৰ দিনটো ভোলা মাষ্টৰ অন্ততঃ নিজৰ মতে থাকক।
মনতে কিবা এটা
ভাবি ৰমেনে ফোনটোৰ ৰিচিভাৰডাল তলত নমাই থলে।
ফোনটো পালেই মাষ্টৰৰ
মন সলনি হৈ যায়। পুতেকৰ ওচৰত এজন ভিক্ষাৰীৰ দৰে হৈ পৰে। আমেৰিকাৰ পৰা উভটি আহিবলৈ
কাকূতি মিনতিখন কৰিবলৈ ধৰে। সিফালৰ পৰা পুতেকৰ কিন্তু সদায় একেটাই উত্তৰ -
: ইহঁতৰ
পঢ়া-শুনাখিনি অলপ হৈ লওক। মিতাও নতুনকৈ চাকৰিত সোমাইছে। ঘৰলৈ গৈ মই এতিয়া কৰিম
কি? চাওঁ দিয়াচোন.....অতি
সোনকালেই আহিবলৈ চেষ্টা কৰিম বাৰু।
মাহৰ পিছত বছৰ
পাৰ হয়, পিছে পুতেকৰ 'অতি সোনকাল'ৰ অপেক্ষাত মাষ্টৰ দিনে দিনে বেমাৰি হৈ পৰে।
সৰুপুত্ৰ পঙ্কজ
মুম্বাইত৷ চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱা পঙ্কজে এদিন দেউতাকৰ প্ৰভিডেণ্ট
ফাণ্ডৰ টকাকেইটা বিচাৰি আহিছিল৷ মুম্বাইত হেনো ফ্লেট কিনিব। মাষ্টৰেও বিনা চৰ্ত্তে
জীৱনৰ আটাইকেইটা সাঁচতীয়া ধন তাৰ হাতত তুলি দিলে। সি মাৰাঠী ছোৱালী এজনী বিয়া কৰাই
তাতেই ঘৰ-সংসাৰ কৰিলে। বিয়াত গাঁৱলীয়া দেউতাকৰ উপস্থিতি তাৰ বাবে আছিল লজ্জাজনক। মলিয়ন কাপোৰৰ বাবে কিবাকিবি কথাও শুনাইছিল দেউতাকক৷ সেইদিন ধৰি আজিলৈ সিহঁত গাঁৱৰ ঘৰলৈ অহা নাই।
দুয়ো পুতেকৰ
নাতি নাতিনীয়েক কেইটাক চাবলৈ মাষ্টৰৰ বৰ হেঁপাহ। প্ৰায়ে ফোনটোৰ ওচৰত বহি সিহঁতৰ
লগত কথা হ'বলৈ চেষ্টা কৰে৷
কিন্তু বিভিন্ন অজুহাত দেখুৱাই সকলোবোৰ আঁতৰি ফুৰে।
বিছনাত নাক বজাই
শুই থকা ভোলা মাষ্টৰৰ শৰীৰটো কম্বল এখনেৰে ঢাকি ৰমেন নিজৰ কোঠাত সোমাল। অশান্ত
সমুদ্ৰৰ কোবাল ঢৌবোৰৰ মাজত অস্থিৰ হৈ পৰা লঙ্গৰবিহীন নাওঁখনৰ দৰে তাৰ মনটোৱেও
চিন্তাৰ সমুদ্ৰত সাঁতুৰি আছিল।
: পুতেকহঁতৰ আগত
দেউতাক পৰাজিত হ'বলৈ নিদিওঁ।
মনতে সঙ্কল্প
ললে সি। কিবা এটা কৰি দুয়ো পুতেকক এবাৰলৈ হ’লেও ঘৰলৈ উভটাই আনিব। দেউতাকৰ স্বাস্থ্যও পৰি আহিছে৷ কেইদিনমানৰ পৰা গাটো যথেষ্ট বেয়া,
হয়তো বেছিদিন নাথাকিব তেওঁ।
অতি সোনকালেই কিবা কৰি দুয়ো পুতেকক ঘৰলৈ আনিব লাগিব। ভাবি ভাবি ঠিক কৰিলে ৰমেনে -
: দেউতাৰ বিয়া
পাতিম! বিয়াৰ খবৰ শুনিলে দুয়োপুত্ৰ নিশ্চয় আহিব।
চকুদুটা উজ্জ্বল হৈ আহিল তাৰ৷ বাহিৰত ক্ৰমান্বয়ে বৰষুণজাক বাঢ়ি আহিছে। সন্ধিয়া খিৰিকীখন বন্ধ কৰা নহ'ল। সেইফালেৰে পানীৰ চিটিকনি সোমাই কাষতে সজাই থোৱা টেবুলখনত পৰিছে৷ আকাশৰ মাজত ডাৱৰৰ সৈতে লুকাভাকু খেলি থকা জোনটোৰ পোহৰখিনিও ভিতৰলৈ সোমাই আহিছে। খিৰিকীখনৰ ওচৰলৈ আগুৱাই গ'ল সি।
জোনৰ পোহৰত
গোহালিৰ দামুৰী পোৱালিটোৰ চকুদুটা স্পষ্টকৈ দেখা পালে। বৰষুণৰ পানীত আধা ভিজা পোৱালিটোৱে কুচি মুচি মাকৰ চাৰিভৰিৰ মাজত সোমাবলৈ চেষ্টা কৰিছে। ৰমেনে একেথৰে
সেইফালে চাই ৰ'ল। বৰষুণজাক তাৰ
বৰ প্ৰিয়, যেন ল'ৰালিৰ মিতিৰ। লাহেকৈ হাতদুখন খিৰিকীৰ বাহিৰলৈ
মেলি দিলে ৰমেনে।
*** *** ***
Comments
Post a Comment