কিমান চিৰিয়াছ হৈ থাকিব? অলপ হাঁহো আহক

 কালি ৰাতি শ্ৰীমতীয়ে ভাতৰ সলনি ৰুটি আৰু লগতে গাখীৰ খাবলৈ দিলে। আপত্তি নৰজে বুলি জানি গাখীৰতে ৰুটি কেইখন টুকুৰা টুকুৰকৈ ভাঙি তাৰ এখন ফটো তুলি ফেচবুকত দি তলত লিখিলো 


' Yammy milky roti '.


মই সপোনটো ভাবিব পৰা নাছিলো যে ইয়াৰো ৰেচিপি বিচাৰি কমেন্ট আহিব। কমেন্টবোৰ পঢ়ি মই চকুৰে ধুঁৱলি কুঁৱলি দেখিছো।

👇👇👇👇👇


১. গৰুৰ গাখীৰ নে মহৰ হলেও হ'ব?

২.  ৰুটিখন হাতেৰে ভাঙি দিছে নে মিক্সাৰত গুড়ি কৰি দিছে?

৩.  এখন ৰুটিৰ কাৰণে কিমান গাখীৰ লাগিব?

৪.  গাখীৰত চেনী দিলে য়াম্মী হয় নে গুড় দিব লাগিব? দুয়োটা দিলে বেছি ভাল হ'ব নেকি জনাব।

৫.  চেনী কেইচামুচ দিব লাগিব?

৬.  ৰুটি শুকান হ'ব লাগিব নে ঘিউ দিয়া হ'লেও হ'ব?

৭.  ৰুটিখন কিমান সৰুকৈ ভাঙিলে য়াম্মী হ'ব?

৮.  ৰুটি টাটকা মানে এতিয়াই সেকা ল'ব লাগিব নে বাহি ৰুটিও চলিব?

৯.  গাখীৰখিনি ঠাণ্ডা হোৱা ভাল নে গৰম গাখীৰ হ'লে ভাল?

১০.  চেনীৰ সলনি মিচিৰি দিব পাৰি নে? মানে মোৰ  অলপ চুগাৰ আছেতো।

১১. ৰুটিখন ৰুমালী হ'লে ভাল নে ফুলকা হ'ব লাগিব?


কিছু উচ্ছ শিক্ষিত, পি এইছ ডি ডিগ্ৰীধাৰী প্ৰশ্নই চকু কপালত তুলিলে।

👇👇


১২.  ৰুটিৰ কাৰণে পেকেটৰ আটা ল'লে চলিব নে ঘেঁহু গুড়ি কৰিলৈ কৰা আটা লাগিব?

১৩.  ৰুটিখন বাৰু নিজেই বনাব লাগিব নেকি? ভাত ৰন্ধা ৰান্ধনীজনীয়ে বনোৱাখনেৰে য়াম্মী হ'বনে?


শেষত দুজনে একদম কামাল প্ৰশ্ন কৰিলে।

👇👇


১৪.  ৰুটিখন মোৰ স্বামীয়ে বনালে হ'ব নে মই নিজে বনাব লাগিব? মানে আৰথ্ৰাইটিছ আছে কাৰণে ডাক্তৰে বৰকৈ আটা মাৰিবলৈ মানা কৰিছে।

১৫.  ৰুটিখন আটাৰ হ'ব লাগিব নে ময়দা হ'লেও চলিব? 


🤭😊🤣😃😁😆😂😄😅🤪😜

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ