কেশৰী

প্ৰিয় ছবি শিতানত আলোচনা কৰিবলৈ ওলাইছো হিন্দীছবি “কেশৰী“ ৰ বিষয়ে৷


আমি সকলোৱে জানো কেশৰী শব্দটোৰ অৰ্থ হৈছে গেৰুৱা ৰং। ই সাহস আৰু বীৰত্বৰ প্ৰতীক। আমাৰ জাতীয় পতাকাখনৰ একেবাৰে ওপৰত থকা এই ৰঙটোৱে সাহসিকতা বা বীৰত্বৰ কথাকেই সূচায় আহিছে।


ছবিখনত দেখুওৱা হৈছে ভাৰতৰ উত্তৰ-পশ্চিম কোণত থকা ’চাৰাগড়ী’ নামৰ ঠাই এখনত হোৱা কম বেছি পৰিমাণে অখ্যাত এখন যুদ্ধৰ বিষয়ে৷ আপুনি জানেনে চাৰাগড়ী নামৰ ঠাইখন ক’ত, কিয় আৰু কাৰ মাজত হৈছিল এই যুদ্ধখন?


মোৰ দূৰ্ভাগ্য যে মই জনা নাছিলো! 


১৮৯৭ চনত, বৃটিছ অধিকৃত ভাৰতীয় শিখ সৈন্যৰ ২১ জন জোৱানে, ১০,০০০ মানুহৰ এটা আফগান সৈন্যবাহিনীৰ বিৰুদ্ধে যুঁজ দি চাৰাগড়ী নামেৰে ঠাইখনত দেশৰ বাবে, নিজ কৰ্ত্তব্যৰ বাবে শ্বহীদ হৈছিল৷


শেহতীয়াকৈ এই ঘটনাটো কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে বীৰত্ব আৰু সাহসিকতাৰ আটাইতকৈ প্ৰেৰণাদায়ক কাহিনী হিচাপে গণ্য কৰা হৈছে। পৰিচালক অনুৰাগ সিঙৰ ছবি কেশৰীয়ে শিখ সৈনিকসকলৰ সেই কৰুণ কাহিনীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা গ'ল।


কেশৰী এখন আকৰ্ষণীয় যুদ্ধ বিষয়ক ছবি, যিয়ে কিছুপৰিমাণে অখ্যাত কিন্তু ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিষয়ে সোঁৱৰাই থৈ যায়। অখ্যাত বুলি এইকাৰণেই কৈছো যে ছবিখন ৰিলিজ হোৱাৰ কিছুদিনৰ আগলৈ ’চাৰাগড়ীৰ ৰণ’ কি, বহুতো মানুহে নাজানিছিল৷ ইয়াৰ কাৰণ হৈছে ভাৰত বুৰঞ্জীৰ পাতত এই যুদ্ধখনৰ বিষয়ে বিস্তাৰ বিবৰণৰ অভাৱ৷ হয়তো ভাৰতীয় সেনাই বৃটিছৰ অধীনত থাকোঁতে এই যুদ্ধত অংশ লোৱা বাবেই নে আন কিবা কাৰণতে নাজানো, মুঠতে কিছুবছৰৰ আগলৈ এই বিষয়টোৰ ওপৰত ভালদৰে ক’তো আলোচনাও হোৱা নাছিল৷

চলচ্চিত্ৰখনৰ কেইটামান শ্ৰেষ্ঠতম মুহূৰ্ত্তত অক্ষয় কুমাৰৰ সাৱলিল অভিনয়ে সোণত সুৱগা চৰাইছে৷


কেশৰী এখন সকলোদিশৰপৰা শক্তিশালী চলচ্চিত্ৰ বুলি ক’ম৷ ছবিখনৰ আৱেগিক দৃশ্যবোৰে আপোনাক বাৰুকৈয়ে জোঁকাৰি যোৱাটো খাটাং৷ ছবিখনে যুদ্ধ আৰু হিংসাৰ কঠোৰতা প্ৰদৰ্শন কৰিছে যদিও একেসময়তে হিংসা আৰু ৰক্তপাতক প্ৰবল গৰিহণা দিয়াটোও দেখুওৱা হৈছে৷ মুঠতে দেশপ্ৰেম আৰু সাহসিকতাক উদযাপন কৰা এখন শক্তিশালী ছবি হিচাপে দেখুওৱা হৈছে - ’কেশৰী’।

 

কেৱল একচনধৰ্মী চিনেমা বুলি ক’লে হয়তো ভুল হ’ব৷ বৰঞ্চ এখন জীৱন যুদ্ধৰ নাট বুলি ক’ম, য’ত পৰিচালকে মূল চৰিত্ৰটোৰ উপৰিও আন প্ৰতিটো চৰিত্ৰৰ ওপৰতো সমানেই গুৰুত্ব দিয়া দেখা গৈছে৷ কাহিনীৰ মাজত ছবিখনৰ মুখ্য ২১ টা চৰিত্ৰক প্ৰতিষ্ঠা কৰাত কিছু সময় লয় যদিও দৰ্শকসকলক প্ৰকৃত দেশপ্ৰেমৰ কাহিনী এটাৰ এক বিতং আৰু প্ৰামাণিক দৃষ্টি প্ৰদান কৰিবলৈ সক্ষম হৈছে পৰিচালক। 


অংশুল চোবেৰ দ্বাৰা সুন্দৰভাৱে দৃশ্যগ্ৰহণ কৰা ছবিখনৰ প্ৰযোজনা ডিজাইনত আছে সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায়৷ সেইসময়ৰ ভাৰতৰ উত্তৰ-পশ্চিম প্ৰদেশৰ শুকান আৰু ধূলিময় পৰিৱেশক (বৰ্তমান পাকিস্তানৰ খাইবাৰ) প্ৰামাণিক ৰূপত দেখুওৱাত সমানে গুৰুত্ব দিছে প্ৰযোজকে। চি.জি.আই. গ্ৰাফিক্সৰ দ্বাৰা ঠাইখনৰ বৰফেৰে আবৃত পৃষ্ঠভূমিটো নিখুঁতভাৱে দেখুৱাবলৈ সক্ষম হৈছে প্ৰযোজক, পৰিচালক। কেশৰীৰ সম্পাদনা, চাউণ্ড ডিজাইন আৰু একচন কোৰিঅ'গ্ৰাফী সকলোবোৰ দিশেই উন্নতমানৰ।


গাটকা, শিখ সমৰ কলাৰ অন্তৰ্ভুক্তিও ছবিখনৰ এক অন্যতম আবেগ। শীতল শৰ্মাৰ পোছাকৰ ডিজাইনে ছবিখনৰ জটিল পৰিবেশৰ বিৱৰণত সহায় কৰিছে। এক কথাত ক’বলৈ গ’লে অনুৰাগ সিঙৰ গোটেই কাৰিকৰী দলটোৱে এই ছবিখনৰ বাবে প্ৰশংসা পোৱাৰ যোগ্য।


ভাল চিত্ৰনাট্য অবিহনে এখন সফল চলচ্চিত্ৰ কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰি আৰু তাতেই গিৰীশ কোহলী আৰু অনুৰাগ সিঙৰ প্ৰচেষ্টাও জিলিকি উঠিছে। লেখকসকলে হাই পিটচ্ ড্ৰামা, হাস্যৰস, বুদ্ধি, শ্লেষ, ট্ৰেজেডী আদিৰ বৰ্ণনাৰে একোটা সাংঘাটিক মুহূৰ্ত্তৰ সফল চিত্ৰায়ন কাৰ্য্যকৰি কৰি তুলিব পৰাকৈ এখন সৰ্বাঙ্গসুন্দৰ চিত্ৰনাট্য লিখি উলিয়াইছে। চিত্ৰনাট্যখনৰ সৰ্বশ্ৰেষ্ঠ অংশটো হ'ল, ই যথেষ্ট ঐতিহাসিক জ্ঞানৰ লগতে সেইসময়ৰ শিখ আৰু ইছলামীধৰ্মী সমাজ ব্যৱস্থাৰ বিষয়েও বহুকথা কৈ যায়৷


এটা দৃশ্যত দেখুওৱা হয়, আফগান বিৰোধীবোৰৰ নেতা ও ধৰ্মগুৰুজনে ব্ৰিটিছ অধিকৃত শিখ সৈন্যৰ ওপৰত অতৰ্কিতে আক্ৰমণৰ নিৰ্দেশ জাৰি কৰাৰ সময়ত তেওঁৰেই সহযোগী মূল আফগান নেতাজনে সোঁৱৰাই দিয়ে যে ইছলামে কেতিয়াও পোন-প্ৰথমতে হিংসাৰ প্ৰচাৰ নকৰে। চিত্ৰনাট্যখন ইমানেই বিতং যে চলচ্চিত্ৰখনৰ প্ৰতিটো চৰিত্ৰৰ আৱেগিক বিন্দুৰ সৈতে দৰ্শকসকলক পৰিচয় কৰাই দিয়াত ই সহায় কৰিছে।


ছবিখনত প্ৰত্যেকটো চৰিত্ৰকেই সমমৰ্য্যদা দিয়া হৈছে যদিও এক বিশেষ শক্তিশালী ৰূপত দেখুওৱা হৈছে হাবিলদাৰ ইছাৰ সিঙৰ কেন্দ্ৰীয় চৰিত্ৰটো। ইয়াৰ আগতে ’গদৰ’ ছবিত এজন চৰ্দাৰৰ চৰিত্ৰটো ঠিক তেনেকুৱা এটা শক্তিশালী ৰূপত দেখুওৱা হৈছিল৷ 


গদৰত ’ছানী দেউল’ক যিমান ভয়ংকৰ আৰু আচৰিত ৰূপত দেখুওৱা হৈছিল, এই ছবিখনতো হাবিলদাৰ ইছাৰ সিংৰ চৰিত্ৰত অক্ষয় কুমাৰক প্ৰায় একেটা ৰূপত দেখিবলৈ পোৱা যায়৷

অক্ষয় কুমাৰ নিজেই এজন শিখ ধৰ্মাৱলম্বী ব্যক্তি হোৱা বাবে হয়তো তেওঁ প্ৰকৃত শিখ মূল্যবোধ আৰু গৌৰৱৰ ভাৱমূৰ্তি খুব সুন্দৰকৈ প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে, ঠিক যেনেদৰে আমি ছানী দেউলক দেখিছিলো ’গদৰ’ ছবিত। অক্ষয়ৰ নিজস্ব আভিজাত্য আৰু সাহসিকতাৰ যেন কিবা এটা মিল আছে কেশৰীৰ চৰিত্ৰটোৰ সৈতে৷ অক্ষয় কুমাৰে চৰিত্ৰটোৰ সৈতে সম্পূৰ্ণ ন্যায় কৰা পৰিলক্ষিত হয় ছবিখনৰ প্ৰতিটো ফ্ৰেমত।


পৰিণীতি চোপ্ৰাই এটা সৰু কিন্তু প্ৰভাৱশালী চৰিত্ৰত অভিনয় কৰিছে৷ অক্ষয়ৰ সৈতে তেওঁৰ চৰিত্ৰটোৰ আমোদজনক ধেমালিখিনিয়ে এটাসময়ত যেনেদৰে আপোনাৰ মুখত হাঁহি বিৰিঙাই তুলিব, ঠিক তেনেকৈয়ে আনএটা সময়ত তেওঁৰ চকুপানীয়ে আপোনাৰ হৃদয় ভাঙি পেলাব। আফগান ধৰ্মগুৰু আৰু বিৰোধী নেতা হিচাপে 'ৰাকেশ চতুৰ্বেদী ওম' ৰ অভিনয়ৰ বিষয়ে উল্লেখ নকৰিলে ছবিখন আধৰুৱা হ’ব। সেইটো আন এটা শক্তিশালী চৰিত্ৰ৷


কাৰিকৰী উজ্জ্বলতা, জটিল লিখনি আৰু দেশপ্ৰমৰ আবেগিক প্ৰদৰ্শনৰ সৈতে, কেশৰী হৈছে এখন প্ৰচণ্ড যুদ্ধকেন্দ্ৰীক ছবি যিয়ে দৰ্শকৰ অন্তৰত দেশপ্ৰেমৰ এক শক্তিশালী অনুভূতি সৃষ্টি কৰাটো নিশ্চিত৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনৰ ক্লাইমেক্সৰ কেইটামান দৃশ্যই মন মগজু কঁপাই থৈ যায়৷


এটা দৃশ্যত দেখুৱাইছিল ১৮ বছৰীয়া আটাইতকৈ সৰু সৈনিকজনক - যিয়ে সেইদিনা হয়তো কাৰোবাক হত্যা কৰিবলৈ হাতত প্ৰথমবাৰলৈ বন্দুক তুলি লৈছিল৷ তেওঁ মূলত এজন সংবাদ বাহকহে৷ অদূৰত ৰৈ থকা কিন্তু সহায়ৰ বাবে আগবাঢ়ি আহিব নোৱাৰা বৃটিছ সেনাবাহিনীৰ সাংকেতিক সংবাদসমূহ ডিকোড কৰি উলিওৱা বা তেওঁলোকলৈ কিবা সংবাদ পঠিওৱাই আছিল ল'ৰাজনৰ কাম৷ কিন্তু এটা সময়ত সেই কনিষ্ঠ শিখজনে সৰ্বশৰীৰত জুইয়ে আবৰি ৰখা অৱস্থাত হাতত বাৰুদৰ টোপোলাটো লৈ বিৰোধীৰ মাজলৈ সোমাই যোৱা দৃশ্যটো সাংঘাটিক৷ 


ঠিক তেনেকৈ আন এজন শিখ সৈনিকক বুকুৱে পিঠিয়ে এসোপামান তৰোৱাল সুমুৱাই হত্যা কৰাৰ পিছত মহাভাৰতৰ যুদ্ধত মহাবলী ভীষ্মক শৰসৰ্য্যাত পেলাই থোৱাৰ দৰে তেওঁৰ নিৰ্জীৱ শৰীৰটো তৰোৱালবোৰৰ ওপৰত ওলোমাই থোৱাটো, আন এটা হৃদয় বিদাৰক দৃশ্য৷


ছবিখনৰ এটা সংলাপ সংযোজন কৰিলো: -


’আজ মেৰি পগৰি ভি কেশৰী

জো বহেগা মেৰা ৱ’ লহু ভি কেশৰী

অউৰ মেৰা জৱাব ভি কেশৰী’


নহয়নে বাৰু তেজ গৰম কৰি দিয়া সংলাপ?


শেষত ছবিখনৰ সংগীতৰ কথা নকলে আকৌ মোক পাপে নুচুব জানো!


আৰ্কো প্ৰভো মুখাৰ্জী, জছবীৰ জাচ্চি, তানিষ্ক বাগচী, জছলীন ৰয়েল, চিৰান্তন ভট্ট, ৰাজু সিং, গুৰমোহ আদি বিভিন্নজনে ছবিখনৰ সংগীত সজাই তুলিছে৷ গায়ক প্ৰতীক বচ্চন (বি প্ৰাক্ নামেৰে সৰ্বাধিক পৰিচিত) ৰ কণ্ঠৰ “তলৱাৰো পে সৰ ৱাৰ দিয়ে, অঙ্গাৰো মে জিষ্ম জ্বলায়া হে“  - শীৰ্ষক গীতটো দেশপ্ৰেমৰ নিদৰ্শন ভৰা এটা অতিব সুন্দৰ গীত৷ প্ৰসিদ্ধ গীতিকাৰ মনোজ মুন্টাসিৰে লিখা এই গীতটোৰ বাবে প্ৰতীক বচ্চনক শ্ৰেষ্ঠ গায়কৰ বঁটাও দিয়া হয় যদিও গীতিকাৰজনক কোনো পুৰষ্কাৰৰ বাবে মনোনীত নকৰা বাবে কোনোবাখিনিত মোৰ মনত এটা ক্ষোভ থাকি গ’ল৷ একে সময়তে মুক্তিপ্ৰাপ্ত 'গল্লী বয়' ছবিখনৰ গীতিকাৰকহে শ্ৰেষ্ঠ গীতিকাৰ বুলি সন্মানিত কৰা হৈছিল। দুয়োখন ছবিৰ কাহিনী আৰু গীতৰ আকাশ পাতালৰ পাৰ্থক্যই ভাবিবলৈ বাধ্য কৰাই আচলতে কিহৰ ভিত্তিত এই সন্মানবোৰ প্ৰদান কৰা হয়।


তলত দিয়া গীতটোৰ এটা এটা শব্দ অনুধাৱন কৰিবলৈ চেষ্টা কৰকচোন৷ মোৰ দৃঢ় বিশ্বাস, আপুনিও মোৰ দৰেই ক’ব যে গীতটোৰ সফলতাৰ বাবে সম্পূৰ্ণ কৃত্তিত্ব গীতিকাৰৰহে৷ অৱশ্যে বি প্ৰাক্ ৰ কণ্ঠ আৰু আৰ্কোৰ সংগীতেও গীতটোক এক অনবদ্য ৰূপ দিছে৷


গীতৰ কথাখিনি : -  


তলৱাৰো পে সৰ ৱাৰ দিয়ে 

অঙ্গাৰো মে জিষ্ম জলায়া হে

তব যাকে কহি হমনে সৰ পে

য়ে কেশৰী ৰঙ্গ সজায়া হে ৷

এ মেৰি জমি অফচোচ নহী

জো তেৰে লিয়ে শৌ দৰ্দ সহে

মহফুজ ৰহে তেৰি আন সদা

চাহে জান মেৰি য়ে ৰহে না ৰহে ৷

এ মেৰি জমি মেহবুব মেৰি

মেৰি নস নস মে তেৰা ইস্ক বহে

ফিকা না পড়ে কভি ৰঙ্গ তেৰা

জিস্ম সে নিকল কে খুন কহে ৷

তেৰি মিট্টী মে মিল যাৱা

গুল বনকে মেই খিল যাৱা

ইতনী সি হে দিলকী আৰজু

তেৰি নদিয়ো মে বহ যাৱা

তেৰে খেতো মে লহৰাৱা

ইতনী সি হে দিলকী আৰজু৷

সৰসো সে ভৰে খলিহান মেৰে

জহা ঝুমকে ভাংগৰা পা না সকা

আবাদ ৰহে ৱ’ গাঁৱ মেৰা

জহা লৌটকে ৱাপস যা না সকা

ৱো ৱতনা ৱে মেৰে ৱতনা ৱে

তেৰা মেৰা প্যাৰ নিৰালা থা

কুৰ্বান হুৱা তেৰি অস্মত পে

মেই কিতনা নচিবো ৱালা থা ৷

তেৰি মিট্টী মে মিল যাৱা

গুল বনকে মেই খিল যাৱা

ইতনী সি হে দিলকী আৰজু

তেৰি নদিয়ো মে বহ যাৱা

তেৰে খেতো মে লহৰাৱা

ইতনী সি হে দিলকী আৰজু৷

ও হীৰ মেৰি তু হসতি ৰহে

তেৰি আঁখ ঘড়ী ভৰ নম না হো

মেই মৰতা থা জিস মুখড়ে পে

কভি উসকা উজালা কম না হো ৷

ও মাই মেৰে ক্যা ফিক্ৰ তুঝে

ক্যিউ আঁখ সে দৰিয়া বহতা হে

তু কহতি থী তেৰা চাঁন্দ হু মেই

অউৰ চাঁন্দ হমেসা ৰহতা হে ৷

তেৰি মিট্টী মে মিল যাৱা

গুল বনকে মেই খিল যাৱা

ইতনী সি হে দিলকী আৰজু

তেৰি নদিয়ো মে বহ যাৱা

তেৰে খেতো মে লহৰাৱা

ইতনী সি হে দিলকী আৰজু ৷৷



                                   🙏🙏🙏

                      ××××××ধন্যবাদ×××××××

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ