বুঢ়ী আৰু বিড়ি


 

বজাৰত মানুহৰ ভিৰ কমি আহিছে। ভৰ দুপৰীয়া, বেপাৰীবোৰেও লাহে লাহে ঘৰাঘৰি হোৱাৰ প্ৰস্তুতি চলাইছে। মূল বজাৰখনৰপৰা অলপ আঁতৰত ৰাস্তাৰ কাষতে এগৰাকী বৃদ্ধাই আঠিয়াকল কেইটামান, কলৰফুল এটা আৰু নৰসিংহ পাত অলপ আগত লৈ বহিছেহি।

 : ভীমকল কেইটা কেনেকৈ দিছা অ' আইতা?

: আইতা কাক ক'লি বোপাই? মাৰৰ বয়সৰ হ'ম মই।

: ঠিক আছে আই, কিমানকৈ দিছা নো?

: এটা লবি নে আটাইকেইটা?

: তুমি বা কেনেকৈ দিয়া!

: এক হালিত দুই কুৰি।

: এই হালি নে চিধা মই নুবুজো। এটাত কিমান দাম কোৱা!

: ঠাট্টা কৰিবলৈ আহিছ?

: নাই অ'! সুধিছোহে!

: হালি মানে কি নাজান?

: কথাৰ মোখনি মাৰি থাকিবলৈ সময় নাই অ' আই! নিদিলে নিদিও বুলি কোৱা।

: , নিদিওঁ যা।

: ধেই বুঢ়ী। তাকে নকৈ ইমান সময়ৰপৰা কিনো হালা-কুজাখন কৰি আছিল?

 বাইকৰ ষ্টেণ্ডডাল তুলি ল'ৰাজন আগুৱাই গ'ল। মানুহগৰাকীয়ে মুখৰ ভিতৰতে কিবাকিবি ভোৰভোৰাই বহি ৰ'ল। এইকেইদিন ইমান গৰম পৰিছে, তাতে বিচনীখনো অনা নহ'ল। সন্ধিয়ালৈকে মহৰ কামোৰ খাই ঘামত ভিজি বুৰি এতিয়া এনেকৈয়ে বহি থাকিব লাগিব। সোনকালে সামগ্ৰীখিনি বিক্ৰী কৰিব পাৰিলেহে কামটো হ'বগৈ। বিড়ি এডাল সোনকালে জ্বলাব নোৱাৰিলে ৰাতিলৈ টোপনিয়েই ভালদৰে নাহিব।

 : ' আই! কলৰদিলটো কিমান দামত দিবা?

: এহ! কিবা এটা দি লৈ যা অ'!

: ভালদৰে কোৱা, তোমাৰ লোকচান কৰিনো মই পেটটো পূৰামনে?

: এনেই হ'লেও লৈ যা।

: এনেই নলও, কিবাএটা মূল্য লোৱা। লগতে ভীমকলো দুটামানো লম।

: বিড়ি এপেকেটৰ দামটোকেই দে তেনেহলে।

: এহ! কিবা ধেমালি কৰিহে আছা দেখোন। নালাগে দিয়া, নলও।

: শুনচোন। লৈ যা, ' 'ৰা। ধেমালি কৰা নাই অ', আহচোন।

 মানুহজন নৰ'ল। চাইকেলখন ঠেলি ঠেলি আঁতৰি গ'ল। মানুহগৰাকীৰ মূৰটোৱে কাম নকৰা হৈ আহিল। দুপৰীয়াৰ পৰা বহি আছে, পিছে একো এটা বিক্ৰী কৰিবহে পৰা নাই। খিংখিঙিয়া স্বভাৱটোৰ বাবেই দুই এজন গ্ৰাহক আহিও আঁতৰি গৈছে।

 : মাই? ইয়াত কি কৰিছ? আৰু এইবোৰ কি?

 হঠাতে আহি সম্মুখত ঠিয় হোৱা দম্পত্তীহালক দেখি মানুহগৰাকীয়ে উচপিচ কৰিবলৈ ধৰিলে। সেয়া তেওঁৰ পুতেক বোৱাৰীয়েক। পুৱাই কামলৈ ওলাই সন্ধিয়াহে ঘৰ সোমোৱা পো-বোৱাৰীয়েকে মানুহজনীৰ হাতত গতাই থৈ যাই ঘৰখন। তেওঁৰ পিছে ঘৰত মন নায়। খৈনী আৰু বিড়ি খাবলৈ নাপালে মূৰটোৱে কাম নকৰা হৈ পৰে। এনেদৰে আগতেও কেতিয়াবা ঘৰৰপৰা ওলাই আহি ৰাস্তাই ঘাটে ঘূৰি ফুৰিছে।

 : পোনা ক'? ঘৰত অকলে এৰি আহিছ নেকি?

 মানুহগৰাকীৰ তেতিয়াহে নাতীয়েকলৈ চিন্তা হ'ল। হয়তো! সেই ভৰ দুপৰীয়াখনতে ঘৰত অকলে এৰি আহিছে সৰু ল'ৰাটো।

 উফ্! এয়া কি কৰিলে তেওঁ?

 : হে হৰি! এয়া দেখোন কালি বজাৰ কৰি অনা পাচলিখিনি। এই কলকেইটা পোনাৰ কাৰণেহে আনিছিলো। এইবোৰ আনি কিয় এনেদৰে বেপাৰীৰ দৰে বহি আছহি?

 : মই? মানে? পোনা? বজাৰ? বিড়ি এডাল খাবলৈ! চাধা অলপো লাগিছিল......

 : ভালকৈয়ে পগলা হ'লি নেকি? 'ল ব'ল! ঘৰলৈ ব'ল। ঘৰৰ কাৰণে কিনা পাচলিবোৰ বিক্ৰী কৰি বিড়ি চাধা খাবলৈ আহিছ? নাতিয়েৰক চাবলৈহে কৈ গৈছিলো। সিফালে কণমানিটোৱে কি বা কৰিছে অকলে অকলে!

 পুতেকে মানুহজনীৰ সম্মুখত সজাই থোৱা সামগ্ৰীখিনি সামৰি মোনাটোত ভৰালে। ইতিমধ্যে ঘৰলৈ দৌৰমৰা বোৱাৰীয়েকৰ পিছে পিছে আউলী বাউলীকৈ চুলিকোচা মেলি মানুহগৰাকীয়েও 'পোনা' বুলি দৌৰ দিলে।

 

****

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ