ছবিৰ কথা ছবিৰ ব্যথা


 

#ভোক

: আইতা! বৰ ভোক লাগিছে!

: আৰু অলপ সময় ধৈৰ্য্য ধৰ আইজনী৷ সেইয়া তোৰ ইচকুল পালোহিয়েই নহয়৷

: পেটটো বৰকৈ বিষাইছে আইতা৷ দুপৰীয়ালৈ কেনেকৈ থাকিম?

: বুজিছো মাজনী৷ অহা শনিবাৰ আৰু দেওবাৰলৈ কিবা যোগাৰ কৰিম দেই; আজি সোমবাৰহে৷ এইকেইদিন ইচকুলতে দুপৰীয়াৰ সাঁজ ভালদৰে খাই লবি৷

: আৰু তুমি? তুমিওটো একো খোৱা নাই দুদিন!

: মোৰ কথা চিন্তা নকৰিবিচোন! চাহ বিস্কূট দিয়ে নহয় সিঁহতে৷ ৰাতিৰ ভাতসাঁজ খালেহে খোৱানে? মই এতিয়া ডাঙৰ হৈছো যে  - মোৰ আকৌ ৰাতি নাখালেও হৈ যায় নহয়৷ হে! হে!

: তোমাৰ টোপোলাটোত আজি কাপোৰ বেছিকৈ লৈছা নেকি?

: অ’ মোৰ দুযোৰ ডেৰেচ লৈছো৷ আঁতৰলৈ যাম নহয় কাম বিচাৰি৷

: আজি আহিবানে?

: যদি নাহো, তই ভালদৰে থাকিবি দেই!

: হ’ব আইতা! মা-পিতাই নোহোৱা বাবে মোক লৈ তোমাৰ যে কিমান কষ্ট হৈছে নহয়নে?

××××

#দৃষ্টি

: অই বুঢ়ি! সেইফালে কিয় গৈছ?

: উৱা? আৰুনো কোনফালে যাম তেনেহলে?

: সেইটো নলা, দেখা নাই? এতিয়াই পৰিলিহেঁতেন মই নধৰাহলে!

: তই আছ যে মোৰ লগত, মোকনো আৰু বেলেগে দেখিব লাগেনে?

: সেয়ে হ’বলা এক্সিডেণ্টত আই-বোপাইৰ লগতে চকুদুটাও হেৰুওৱা নাতীয়েৰক নিজৰ চকুদুটাকে দি দিলি?

: তোৰ বাহিৰে আৰুনো মোৰ কোন আছে অ’? তোৰ চকুৰেই চাম যেতিয়ালৈকে জীয়াই থাকোঁ!

××××

#ৰক্ত_পিপাষু

: চাওঁ মোক এৰি দিয়া, সেইখন ঘৰলৈ মই নাযাওঁ!

: একো নহয় অ’! এবাৰলৈ আহ৷

: নাযাওঁ বুলিছো নাযাওঁ, মোক এৰি দিয়া৷ নহ’লে মই চিঞৰি দিম৷

: তই চিঞৰিলেও এই ভৰ দুপৰীয়া কোনেনো শুনিব?

: মোক এৰি দিয়া, মোৰ তেজ নাখাবা৷

: মই তোৰ তেজ খাম বুলি কোনেনো ক’লে?

: মানুহে কয়, সেইখন ঘৰত বোলে তেজ খোৱা কোনোবা থাকে৷

: মানুহে কেনেকৈ জানিব মই কি খাওঁ! হে?

: এৰি দিয়া - বচোৱা - কোন ক’ত আছা - এইজনীয়ে মোৰ তেজ খাবলৈ ওলাইছে!

: হেই ছোৱালী! হুলস্থুল নকৰিবিচোন, তেজ নাখাও নহয়৷ অলপ তোৰ কোমল কোমল মাংসহে খাম৷

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ