কনটেক্ট আৰু কানেকচন

 নিউয়র্কত এদিন এজন সাংবাদিকে ৰামকৃষ্ণ মিছনৰ এজন সন্যাসীৰ সাক্ষাৎকাৰ ল’বলৈ গ’ল।


সাংবাদিক: ----- কালি আপোনাৰ বক্তৃতাত কৈছিল যে  "কনটেক্ট আৰু কানেকচন" দুবিধ বেলেগ বস্তু৷ এই প্ৰসংগত মোৰ কিছু খোকোজা আছে ৷ অনুগ্ৰহ কৰি বুজাই ক’বনে?


সন্যাসীজনে মিচিকিয়াই হাঁহিলে আৰু প্ৰশ্নটো প্ৰায় এফলীয়া কৰি ওলোটাই সুধিলে: 


- আপুনি নিউয়ৰ্কতে থাকে নেকি?


- হয়।


- ঘৰত কোন কোন আছে?


সাংবাদিকজনে ভাবিলে - সন্যাসীজনে হয়তো প্ৰশ্নটো এৰাই চলিবলৈ বিচাৰিছে৷ সেয়েহে ছাগে এনেকুৱা ব্যক্তিগত প্ৰশ্নবোৰ কৰিছে! 


তেওঁ ক’লে: ----- মা ঢুকাল, দেউতা আছে। তিনিজন ভাই আৰু এজনী ভনী আছে৷ সকলোৱেই বিবাহিত৷


সামান্য হাঁহি সন্যাসীজনে সুধিলে: ----- দেউতাৰ লগত দেখা-সাক্ষাৎ হয়নে বাৰু? 


সাংবাদিক বিভ্রান্ত!


সন্যাসীজনে পুনৰ সুধিলে;----- দেউতাৰ লগত শেষ দেখা কেতিয়া হৈছিল?


নিজৰ  বিৰক্তি লুকুৱাই সাংবাদিকজনে ক’লে: -----কেইমাহমান হ’ল ৷


সন্যাসী: ----- ভাই-ভনীবোৰৰ লগত আপোনাৰ মাজে-সময়ে দেখা-দেখি হয়নে? শেষবাৰৰ বাবে কেতিয়া আপোনালোকৰ পৰিয়ালটো একত্ৰিত হৈছিল?


সাংবাদিকজন ইতিমধ্যে ঘামিবলৈ লৈছিল৷ দৰাচলতে সন্যাসীজনেহে সাক্ষাৎকাৰ লোৱা যেন তেওঁৰ অনুভৱ হ’ল৷


লজ্জ্বানত হৈ সাংবাদিকজনে উত্তৰ দিলে: ----- দুবছৰৰ আগতে বৰদিনৰ সময়ত৷


- সকলোৱে একেলগে কেইদিন কটালে পিছে?


- দুদিন ।


-দেউতাৰ কাষত কিমান সময় বহিছিল?


সাংবাদিকজনে সন্যাসীজনলৈ তধা লাগি চাই থাকিল ৷ 


-  আপোনালোকে সকলোৱে একেলগেই ব্রেকফ্ৰাষ্ট, লাঞ্চ, ডিনাৰ কৰিছিল নে?

- দেউতাকক "কেনে আছে" সুধিছিল নে বাৰু?

- মা ঢুকুওৱাৰ পিছত তেওঁনো কেনেকৈ সময়বোৰ পাৰ কৰিছে, এবাৰলৈও সুধিছিলনে?


সাংবাদিকৰ চকু অশ্রুসিক্ত হৈ পানী ওলাই আহিবলৈ ধৰিলে৷


সন্যাসীজনে তেতিয়া তেওঁৰ হাতত ধৰি ক’লে: ------ লজ্জিত হ’ব নালাগে৷ অনুশোচনাও নকৰিব৷ মই দুঃখিত যে আপোনাক অনাহকত মনোকষ্ট দিবলগীয়া হ’ল! আচলতে এইটোৱেই আপোনাৰ প্ৰশ্নৰ উত্তৰ!


দেউতাৰ লগত আপোনাৰ কনটেক্ট আছে কিন্তু কানেকচন নাই! হৃদয়ে হৃদয়ৰ লগতহে কানেকচন হয়!


একেলগে বহা, খাদ্য-সামগ্ৰী ভাগ কৰি খোৱা, এজনে আনজনৰ খবৰ ৰখা; স্পৰ্শ কৰা, কৰমৰ্দন কৰা, চকুত চকু ৰাখি কথা পতা; একেলগে সময় কটোৱা আদিৰ জৰিয়তে আপোনালোকৰ ভাই-ভনীবোৰৰ মাজত কনটেক্ট আছে, কিন্তু কানেকচন নাই ‼️‼️


চকু মচি মচি সাংবাদিকজনে ক’লে;------ এই সূক্ষ্ম আৰু  অবিস্মৰণীয় শিক্ষাৰ বাবে আপোনাক অশেষ ধন্যবাদ!



🌻সেই সন্যাসীজন কোন আছিল জানেনে? 

তেওঁ আন কোনো নহয়, স্বয়ং স্বামী বিবেকানন্দ!!

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ