কলৰ বাগিচা তুমি জানো দেখিছা

 

সমুদ্ৰ পৃষ্ঠৰপৰা ৩০০০ ফুট ওপৰত এখন সৰু উৰাজাহাজ। পাইলটৰ আসনত ৰাজীৱ দত্ত। তলত গভীৰ অৰণ্য। সৰু প্ৰ'পেলাৰ প্লেনখন উৰুৱাই বৰ্ষাৰণ্যখন পাৰ হোৱাৰ কামটো হাতত লওঁতে এক মুহূৰ্ত্তৰ বাবেও আহিবলগীয়া বিপদৰ কথা নভৱা পাইলটজনৰ মনোভাৱ সলনি হবলৈ পিছে বেছি পৰ নালাগিল।
বিমানখনৰ ইঞ্জিনটো হঠাতে বিকল হৈ পৰিল! এটা দীঘলীয়া উশাহ লৈ তেওঁ তলৰ বিশাল সেউজীয়া বননীখন স্কেন কৰিবলৈ ধৰিলে। বিমানখনৰ লগতে তাত মজুদ অত্যাধিক জ্বলনশীল ১৬০ গেলন ডিজেল নিৰাপদে নমাই আনিবলৈ হাতত সময় মাত্ৰ পাঁচমিনিট। মৃত্যুৰ কাউণ্ট ডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছিল।
৩০০ - ২৯৯ - ২৯৮ - ২৯৭ ......
তেওঁ এটা পোৰ্টেবল ৰেডিঅ'ৰ যোগেদি আসন্ন দুৰ্ঘটনাৰ বিষয়ে বাৰে বাৰে সংকেট পঠিয়ালে। পিছে কোনো ব্যক্তিয়ে শুনিব পৰাকৈ সেই সংকেটৰ তৰংগদৈৰ্ঘ্য আছিল তেনেই সামান্য। তথাপিও বজাই ৰাখিছিল ৰেডিঅ'টো আৰু উল্লেখ কৰিছিল যে গন্তব্যস্থলৰ প্ৰায় আধা পথত যিকোনো মুহূৰ্ত্ততে বিমানখন ধ্বংস হ'ব পাৰে।
বিমানখন তললৈ নামি অহাৰ লগে লগে, পাইলটজনে তলত খেজুৰ গছেৰে ভৰা এটা সৰু উপত্যকা দেখিবলৈ পালে।
তেওঁৰ মগজুটোৱে ক্ষিপ্ৰ গতিৰে চিন্তা কৰিবলৈ ধৰিলে - "খেজুৰ গছৰ অৰ্থ ওচৰে পাজৰে পানী আছে। সম্ভৱতঃ তলত এখন নদী।"
পাইলট হোৱাৰ পিছত মাৰাত্মক বিমান দুৰ্ঘটনাৰ বিষয়ে অগণন কাহিনী শুনিছিল। তেওঁৰ মনতো ভয় নলগা নহয়। এসময়ত কেইবাজোপাও গছ মহতিয়াই নিয়াৰ পিছত বিমানখন মাটিত আহি পৰিল। দত্তই এটা আনন্দদায়ক অনুভৱত চিঞৰি উঠিল -
"বাচি গলো।"
এখন পকেটনাইফ, এটা টৰ্চ আৰু কেইটামান বেটাৰীৰ লগতে ৰেডিঅ' চিগনেল পঠিয়াব পৰাকৈ চেটেলাইট ফোনটো হাতত লৈ ধলং পলংকৈ বিমানখনৰ পৰা বাহিৰলৈ ওলাই আহিল। আঁতৰি অহাৰ কেইমিনিটমান পিছতেই বিমানখন দাউ দাউকৈ জ্বলি উঠিব বুলি ভাবিছিল। কিন্তু তেনেকুৱা একো নহ’ল৷ বিমানখন গছৰ মাজতেই পৰি থাকিল৷ লগতে পৰি থাকিল হাজাৰ হাজাৰ লিটাৰ ডিজেলৰ কেনবোৰ৷
জংঘলৰ মাজেৰে আগবাঢ়ি গ'ল দত্ত। উদ্ধাৰৰ বাবে অপেক্ষা কৰিবলৈ এতিয়া তেওঁক এটা আশ্ৰয়ৰ প্ৰয়োজন। তেওঁ ভাবি লৈছিল এই অপেক্ষা দীঘলীয়া হ'ব পাৰে।
৪৮ বছৰীয়া দত্তই কিছুদূৰ ইফালে সিফালে ঘূৰি অৱশেষত তেওঁৰ 'চেচনা ২১০এল' খনৰ কাষতে শিবিৰ পাতিলে। তেওঁ ভাবিছিল উদ্ধাৰকাৰীয়ে দেখা পোৱাৰ বাবে এইখিনিয়েই সৰ্বশ্ৰেষ্ঠ ঠাই।
ৰেডিঅ' চিগনেল লাভ কৰি অনুসন্ধানকাৰী পাইলটসকলে কেইবাদিনো অঞ্চলটো ঘূৰি ফুৰিছিল - কিন্তু দুৰ্ঘটনাৰ কোনো সম্ভেদ নাপাই তাৰপৰা আঁতৰি আহিল।
তেওঁলোক ঠিক ওপৰেৰে উৰি গৈছিল, কিন্তু তলত কাকোৱেই দেখা নাপালে।
প্ৰত্যেকবাৰ প্ৰ'পেলাৰৰ শব্দ শুনি তেওঁ হাত জোকাৰি চিঞৰে, কিন্তু কোনো লাভ নহ'ল। অনুসন্ধানকাৰী দলবোৰ লাহে লাহে আঁতৰি গ’ল৷
ধ্বংসাৱশেষৰ ওচৰত উদ্ধাৰ হোৱাৰ আশা ত্যাগ কৰি দত্তই এইবাৰ আগুৱাই যোৱাৰ সিদ্ধান্ত ললে। বৰ্ষাৰণ্যৰ মাজেৰে তেওঁ প্ৰায় ১৭ মাইল যাত্ৰা কৰিলে। বাঘ-ভালুক, বিষাক্ত পোক-পতংগ আৰু বিশাল অজগৰৰ মুখামুখি হোৱাৰ ভয়াবহতাক নেওচি এক প্ৰবল ইচ্ছা শক্তি মনত লৈ তেওঁ আগবাঢ়ি গৈ থাকিল।
তেনেদৰে আগুৱাই গৈ এসময়ত তেওঁ জংঘলৰ একেবাৰে গভীৰলৈ প্ৰবেশ কৰিলে৷ পিছে তাতে কিছুমান কাৰ্য্যকলাপ দেখি চকু কঁপালত উঠিল৷ গছৰ আঁৰ লৈ তেওঁ লক্ষ্য কৰিলে কেইবাটাও অবৈধ খনন উদ্যোগ৷ অৰণ্যৰ ভিতৰুৱা খিলঞ্জীয়া অঞ্চলসমূহ যাক অভয়াৰণ্য বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে, তাত আছিল কেইবাটাও অবৈধ কয়লাৰ খনি৷ এই সংৰক্ষিত অঞ্চলবোৰত সাধাৰণতে বনাঞ্চলৰ সুৰক্ষাৰ বাবে কোনো মানৱীয় কাৰ্যকলাপৰ অনুমতি দিয়া নহয়। তেনেহলে এইবোৰ?
বিশেষ একো হুলস্থুল নকৰাকৈ তেওঁ আগৰ ঠাইলৈ উভতি অহাৰ সিদ্ধান্ত ললে৷ সেইমতে পুনৰ আৰম্ভ হ’ল তেওঁৰ ওভটনি যাত্ৰা৷ ভালদৰে খাবলৈ শুবলৈ নাপাই ইতিমধ্যে মানুহজন সাংঘাটিক দুৰ্বল হৈ পৰিছিল৷ জংঘলৰ মাজত পোৱা বিভিন্ন ফল-মূলকেই সাৰথি কৰি তেওঁ জীয়াই থকাৰ সংগ্ৰাম চলাই গ’ল৷
দুৰ্ঘটনাগ্ৰস্ত 'চেচনা ২১০এল' খনৰ কাষতে পুনৰ বাহৰ পতাৰ সিদ্ধান্ত ললে তেওঁ৷ বিভিন্ন গছ বননীৰে বিমানখন সম্পূৰ্ণকৈ ঢাকি পেলালে৷ নিজে থাকিবলৈ সাজি উলিয়ালে সৰুকৈ এটা পঁজা৷ বিমানত মজুদ আন কিছুমান সামগ্ৰীৰে তেওঁ ওচৰ-পাজৰৰ এক বৃহৎ এলেকা পৰিস্কাৰ কৰি উলিয়ালে৷
জংঘলৰ মাজত ঘূৰি ফুৰি তেওঁ বিভিন্ন গছৰ বীজবোৰ গোটাবলৈ আৰম্ভ কৰিছিল৷ তেওঁ বুজি উঠিছিল যে, হয়তো এয়াই হৈ পৰিব আমৰণ আশ্ৰয়স্থল৷ আৰু অশেষ কষ্টৰ অন্তত পিতৃ পুৰুষৰ পৰা পোৱা খেতি কৰা বিদ্যাটো কামত লগাই মাত্ৰ কেইদিনমানৰ ভিতৰতে গঢ়ি তুলিলে এখন কৃত্তিম অৰণ্য৷
প্ৰায় দুবছৰেই অতিক্ৰম হ’ল৷ তেওঁক উদ্ধাৰ কৰিবলৈ কোনো আগুৱাই নাহিল৷ ইফালে জংঘলৰ মাজৰ কণমানী পঁজাটোৰ ভিতৰত আৰামেৰে দিনবোৰ কটাবলৈ ধৰিলে দত্তই৷ লহপহকৈ বাঢ়ি অহা কল কেইজোপালৈ চাই তেওঁ বৰ আনন্দিত হয়৷ কলৰ চৌকাষে আন গছবোৰো ইতিমধ্যে ডেকা হৈছে৷ তেওঁৰ সুখ দুখৰ লগৰী এই গছখিনিৰ মাজতেই আজীবন পাৰ কৰি দিয়াৰ সংকল্পৰে দত্তই জংঘলৰ গভীৰত চলি থকা অবৈধ কয়লা খননৰ বেহাটোৰ কথা পাহৰিবলৈ ধৰিলে৷
কিন্তু নিয়তিৰ ইচ্ছা হয়তো বেলেগ আছিল৷ তেওঁ পাহৰিলেও তেওঁক পাহৰিব নোৱাৰিলে সেই কয়লাখনিৰ মানুহৰূপী দানৱবোৰে৷ সিহঁতে দত্তক বিচাৰি ফুৰিছিল৷
কিয়নো, দত্তই কঢ়িয়াই অনা ডিজেলবোৰ আচলতে আছিল সিহঁতৰ বাবেহে৷ কয়লা কঢ়িওৱা ট্ৰাকবোৰৰ বাবে প্ৰয়োজনীয় ডিজেলবোৰ নাপাই খঙতে একো নাই হৈ পৰিছিল৷
পাইলটক বিচাৰি প্ৰপেলাৰ কম্পেনীটোৰ লগত কথাও হৈছিল, কিন্তু বিমানখন দুৰ্ঘটনা হোৱা ঠাইডোখৰ বিচাৰি উলিয়াব নোৱাৰি সকলো হতাশ হৈ পৰিছিল৷
অৱশেষত আজি দুবছৰৰ অন্তত বিচাৰি উলিয়ালে দত্তই আত্মগোপন কৰি থকা ঠাইডোখৰ৷ তিনিজন ধুৰন্ধৰ অপৰাধীয়ে দত্তৰ কলনীদৰালৈ চাই আট্টহাস্য কৰি উঠিল৷ কলগছবোৰৰ মাজতে দত্তৰ পঁজাটোলৈ তিনিও আগুৱাই গ’ল৷ সিহঁতৰ আট্টহাস্যত গছবোৰেও যেন মৰণকাতঁৰ চিঞৰ মাৰি উঠিল।
কিন্তু দত্ত ক’ত? পাবনে বাৰু তেওঁক বিচাৰি? ইমান সহজতে পোৱাকৈ তেওঁ কলগছবোৰৰ মাজতে লুকুৱাই ৰাখিবনে বিমানখন? তেওঁ নিজৰ সুৰক্ষাৰ বাবেনো একোৱেই ব্যবস্থা নকৰিবনে?
মনত বিভিন্ন প্ৰশ্ন লৈ তিনিও যুবক কলনীদৰাৰ মাজলৈ আগুৱাই গ’ল৷ সিহঁতৰ লক্ষ্য ১৬০ টা গেলনত থকা হাজাৰ হাজাৰ লিটাৰ ডিজেল৷ মানে প্ৰায় কোটী টকা!


Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ