পেচা প্ৰলোভন প্ৰয়োজন আদি

 (১) লেইলা৷

নামেই যাৰ পৰিচয়৷ 

ৰঙা পাৰীৰ ক’লা শাৰীখন বেপেৰোৱা ভঙ্গীমাৰে কান্ধত ওলোমাই, আচঁলটো কেতিয়াবা দাঁতেৰে কামুৰি, কেতিয়াবা দুহাতেৰে লিৰিকি বিদাৰি, আকৌ কেতিয়াবা এখন হাতেৰে সুদৰ্শন চক্ৰটোৰ দৰে মূৰৰ কাষত ঘূৰাই থকা অৱস্থাত তাইক প্ৰায়েই ৰেলষ্টেচনৰ বাহিৰৰ টিকট ঘৰটোৰ কাষতে দেখা যায়৷

পেচাত এগৰাকী দেহোপজীৱিনী। লগতে ষ্টেচনৰ বাহিৰৰ গুমটিবোৰত গাঞ্জা আৰু পুৰীয়া বড়িৰ যোগানো ধৰে৷ 

পুৰীয়া বড়ি বোলা বস্তুতো আজিকালি সম্ৰাট ডেকাৰ আওহতীয়া ফাৰ্মহাউচটোৰ পৰা আহে৷ তাৰ বিনিময়ত মাত্ৰ তেওঁৰ বিছনাখন উমাল কৰি দিব লাগে।....তাইৰ বাবে এটা সাধাৰণ কথা।

আজিও ব্যতিক্ৰম নাই। শাৰীখনেৰে নিজৰ নিটোল দেহাটো মেৰিয়াই, নোটৰ বাণ্ডিলটো বাওঁহাতেৰে খামুচি সোঁহাতৰ বড়িকেইটাত এটা দীঘলীয়া চুমা আকি তাই বিছনাখনৰ পৰা উঠি আহিল। পিছফালে বিছনা চাদৰখনৰ তলত শুই থকা সম্ৰাট ডেকাৰ পিনে চাই এটা বেঁকা হাঁহি মাৰি তাই কোঠাটোৰ পৰা ওলাই গ'ল।


******


(২) ললিতা।

তেনেই সৰল, শান্ত প্ৰবৃত্তিৰ ছোৱালীজনী।

স্বামী অৰিন্দম হাজৰিকাৰ লগত এখন সুখৰ সংসাৰৰ সপোনত মতলীয়া হৈ ঘৰৰপৰা আতঁৰি আহিছিল। উচ্চাকাংক্ষী অৰিন্দমৰ চাকৰিটোৱে পিছে সিহঁতক জ্বলা-কলা দেখুৱালে। মাহেকীয়া দৰমহাৰ টকাকেইটা নিয়মীয়া কৰিবলৈ কেইবাদিনো তাৰ বছৰ লগত চহৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ হোটেলখনলৈ নিশা অকলশৰে গৈছে তাই।

আজি সিহঁতৰ নিজৰ ঘৰতেই মেহফিল। দেহত জ্বৰ লৈ শৰীৰৰ প্ৰচণ্ড বিষকো আওকাণ কৰি তাই অৰিন্দমৰ বছক প্ৰফুল্লিত কৰি তুলিছে।

...আৰু সিহঁতৰ শোৱনীকোঠাৰ বন্ধ দুৱাৰখনৰ বাহিৰত বছে লৈ অহা বিলাতী সুৰাৰ বটলটোৰ পৰা কেইপেগমান ডিঙিত ঢালি নিজৰ পদোন্নতি পত্ৰখনত থকা বছৰ চহীটোলৈ একেথৰে চাই ৰৈছে অৰিন্দমে।


********

(৩) লীলা।

স্বামী অবিহনে অকলেই চাৰিজনী ছোৱালীক প্ৰতিপালন কৰাৰ চেষ্টাত ব্ৰতী এগৰাকী বিধৱা।

মহাজনৰ গেলামালৰ দোকানখনত ৰাতিপুৱাৰ পৰা সন্ধিয়া এপৰলৈকে তেওঁ গ্ৰাহকক বস্তু যোগান ধৰা কাম কৰে। গিৰিয়েকৰ মৃত্যুৰ পিছত তেওঁৰ কামটোকেই নিয়াৰিকৈ কৰি গৈছে মানুহগৰাকীয়ে। 

আন দিনাৰ দৰে আজিও দূপৰীয়া গ্ৰাহক নথকা সময়ত দোকানৰ পিছফালে থকা গোদাম ঘৰৰ চাউলৰ বস্তাবোৰৰ মাজত মহাজনৰ বুকুৰ ঘামত বিলীন হৈ বিনিময় দিবলগীয়া হৈছে সন্ধিয়া ঘৰলৈ নিবলগীয়া দুমুঠি চাউলৰ।


********

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ