প্লেটফৰ্ম

 পুৱাৰ কোমল সোণালী ৰ'দ এজাক পুৰণি ৰেলৱে ষ্টেচনটোৰ টিনৰ চালৰ ফাঁকেৰে সৰকি আহি প্লেটফৰ্মৰ মজিয়াত বিয়পি পৰিছে। সোণোৱালী পোহৰৰ ঢৌবোৰে মজিয়াখনত যেন মায়াময় লহৰ আঁকি দিছেহি। বতাহত ভাহি আহিছে ৰেলৱে ষ্টেচনৰ মামৰে ধৰা লো, পুৰণি কাঠ আৰু কয়লা মিশ্ৰিত চিনাকি গোন্ধটো। মাজে মাজে দূৰৈত ৰৈ থকা কোনোবাখন যাত্ৰীবাহী ৰেলৰ উকি আৰু প্লেটফৰ্মৰ টিঙৰ চালত পৰি থকা কপৌ চৰাইৰ ডেউকাৰ ধপধপনিৰ বাহিৰে পৰিবেশটো একেবাৰে নিতাল-নিস্তব্ধ।

প্লেটফৰ্মৰ এচুকত কাঠৰ পুৰণি বেঞ্চখনতে বহি আনন্দবাবু আৰু প্ৰভাই জিৰণি লৈছে। কিছুদেৰি আগতে আহি তেওঁলোকে ষ্টেচনত নামিছিল। আনন্দৰ পৰিধানত শেঁতা পৰা হালধীয়া পাঞ্জাবি চোলাটো, বগা চুলি-দাড়ি আৰু চকুত ডাঠ ফ্ৰেমৰ চশমা এযোৰ। তেওঁ হাতত খবৰ কাকতখন মেলি লৈছে ঠিকেই, কিন্তু দৃষ্টি তাত নাই; তেওঁ যেন কাকতৰ আখৰবোৰৰ মাজেৰে অতীতৰ কোনোবা এটা পৃষ্ঠাহে পঢ়িবলৈ চেষ্টা কৰি আছে। কাষতে বহি থকা প্ৰভাৰ গাত এযোৰ নীলা মেখেলা-চাদৰ, মূৰত বগা চুলিৰ আৱৰণ। প্ৰভাই হাত দাঙি কিছু দূৰত থকা চাহবেপাৰীজনক কিবা এটা ইংগিত দি মাতিছিল; হয়তো সি নুশুনিলে। তেওঁৰ চকুত এক বুজাব নোৱাৰা অস্থিৰতা আৰু উৎকণ্ঠা।

তেওঁলোকৰ ঠিক সন্মুখতে থোৱা আছে পুৰণি ট্ৰাংক এটা। ট্ৰাংকটোৰ গাত জিলিকি আছে উৱলি যোৱা কেইখনমান পুৰণি হোটেলৰ ষ্টিকাৰ। বগা কাপোৰেৰে বান্ধি অনা টোপোলাটো আনন্দবাবুই সযতনে ট্ৰাংকটোৰ ওপৰতে থৈ দিছে। ষ্টেচনৰ নিৰ্জনতাৰ সুযোগ লৈ এটা কপৌ চৰায়ে নিৰ্ভয়ে ট্ৰাংকটোৰ কাষলৈ আহি মাটিত পৰি থকা কিবাকিবি খুঁটিয়াই আছে। তেওঁলোকৰ ঠিক পিছফালৰ উৱলি যোৱা দেৱালখনত দুখন পুৰণি ফলক— "TICKET COUNTER" আৰু "WASHROOMS" বুলি লিখা, ওলোমাই থোৱা আছে।

দূৰত এজন খাকী পোছাক পিন্ধা চাফাইকৰ্মীয়ে হাতত বাঢ়নী এডাল লৈ প্লেটফৰ্মটো চাফা কৰি আছিল। মানুহজনৰ মুখখন ধূলি আৰু ঘামেৰে লুতুৰি-পুতুৰি, বাৰে বাৰে তেওঁ ৰৈ ৰৈ আনন্দহঁতৰ ফালে চাই আছে।

প্লেটফৰ্মৰ সিমূৰে থকা মামৰে ধৰা খুঁটাটোত ওলমি আছে এটা মেৰুণ ৰঙৰ বেগ। ষ্টেচনৰ বাহিৰৰ বিশাল গছবোৰৰ ছাঁ, ফুটপাথত আউজি থকা এখন পুৰণি চাইকেল আৰু দেৱালত লাগি থকা পুৰণি ফটা পোষ্টাৰবোৰে ষ্টেচনটোক এক জীৱন্ত স্মৃতিপটলৈ পৰিণত কৰিছে।

খবৰকাকতখন জপাই আনন্দ বাবুৱে এইবাৰ সন্মুখৰ ট্ৰাংকটোলৈ চালে। সেইফালে চাই তেওঁ নিজৰ ভাৱতে বিভোৰ হৈ পৰিল।

এই নিৰ্জীৱ ট্ৰাংকটো তেওঁলোকৰ প্ৰেমৰ সাক্ষী। সেয়া পঞ্চাশ বছৰৰ আগৰ কথা। প্ৰভা চহৰৰ আটাইতকৈ প্ৰতিপত্তিশীল জমিদাৰৰ কন্যা, তাৰ বিপৰীতে আনন্দ এজন দৰিদ্ৰ, সংগ্ৰামী কবি। পৰিয়ালৰ হেঁচাত প্ৰভাৰ বিয়া ঠিক হৈছিল চহৰৰে আন এখন চহকী ঘৰৰ একমাত্ৰ ল'ৰা, প্ৰতাপৰ সৈতে। কিন্তু বিয়াৰ ঠিক দুদিন আগতে, এইটো ষ্টেচনৰ পৰা, এইযোৰ নীলা মেখেলা-চাদৰ পিন্ধি প্ৰভা পলাই গ'ল আনন্দৰ হাতত ধৰি। লগত আছিল কেৱল এই ট্ৰাংকটো, আনন্দৰ কিছু কবিতা আৰু প্ৰভাৰ সপোনবোৰ। পাছলৈ এই ট্ৰাংকটোৱেই তেওঁলোকৰ সংগী হৈ পৰিছিল দাৰ্জিলিং, শ্বিলং আদি বিভিন্ন ঠাইৰ অস্থায়ী ঠিকনা হিচাপে বাচি লোৱা সৰু সৰু হোটেলবোৰত।

কিন্তু আজি পঞ্চাশ বছৰৰ পাছত তেওঁলোক এই ষ্টেচনত কিয়?

কাপোৰেৰে বন্ধা টোপোলাটোৰ ভিতৰত আনন্দে লৈ আহিছে এখন পুৰণি চিঠি। প্ৰেৰকে বহুবছৰৰ আগতেই পোষ্ট কৰা। কিছুদিন আগতে তেওঁলোকৰ পুৰণি ঘৰৰ ঠিকনাত পাইছিলগৈ সেইখন। চিঠিখনৰ কথাখিনিয়ে দুয়োৰে অন্তৰত এপাত শেলে বিন্ধাৰ দৰে আঘাত হানিছিল —

"যিখন প্লেটফৰ্মত তুমি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অপমানৰ বীজ সিঁচি থৈ গৈছিলা, মই আজিও তাতেই ৰৈ আছো তোমাৰ উত্তৰ বিচাৰি। তুমি আহিবানে?"

চিঠিখনত প্ৰেৰকৰ নাম নাই। কিন্তু প্ৰভাৰ মনত হাজাৰটা প্ৰশ্নই জুমুৰি দি ধৰিছিল। - "কাৰ চিঠি এইখন? কিয় মাতিছে তেওঁলোকক?"

প্ৰভাই চাহবেপাৰীজনক মাতিবলৈ এৰি আনন্দৰ কাষ চাপি আহিল। আনন্দে তেওঁৰ হাতদুখন নিজৰ হাতৰ মুঠিত লৈ লাহে লাহে মোহাৰি থাকিল।

"মানুহজনে আমাক কিয় মাতিছিল বাৰু? সৌ খুঁটাত ওলমি থকা ৰঙা বেগটো... চিঠিখনত লিখা আছিল যে তেওঁৰ চিন স্বৰূপে তাত এটা ৰঙা বেগ ওলমি থাকিব।" - চেঁচা পৰি যোৱা হাতদুখনৰ লগতে প্ৰভাৰ মাতটোও কঁপি উঠিছিল।

ঠিক সেই সময়তে, খাকী পোছাক পিন্ধা চাফাইৱালাজনে মজিয়াখন সাৰি সাৰি তেওঁলোকৰ নিচেই কাষ পালেহি। মানুহজনৰ চকুত এক অস্বাভাৱিক শূন্যতা। বাৰে বাৰে তেওঁৰ চাৱনি প্ৰভাৰ মুখত আৰু সন্মুখৰ ট্ৰাংকটোত। তেওঁৰ সন্দেহজনক দৃষ্টিয়ে আনন্দৰ বুকুৰ ভিতৰত এক অচিনাকি ভয়ৰ সৃষ্টি কৰিলে।

মানুহজন ট্ৰাংকটোৰ নিচেই কাষলৈ আগবাঢ়ি আহি হঠাতে থমকি ৰ'ল। তেওঁৰ চকু গৈ পৰিল ট্ৰাংকটোৰ এচুকত খোদিত কৰা দুটা পুৰণি আখৰত— 'P.B.' (প্ৰভা বৰুৱা)। মানুহজনৰ হাতৰ পৰা ঝাড়ুডাল ঝনককৈ মাটিত সৰি পৰিল। শব্দটোত প্ৰভা আৰু আনন্দ দুয়ো উচপ খাই উঠিল।

মানুহজনে কঁপা কঁপা হাতেৰে মূৰৰ ঘামবোৰ মচিলে আৰু পোন্ধৰ ছেকেণ্ডমান নিৰৱে প্ৰভাৰ ফালে চাই ৰ'ল। তাৰ পাছত এটা গভীৰ, ভঙা মাতেৰে ক'লে, "পঞ্চাশ বছৰ... পঞ্চাশ বছৰ ধৰি মই এইটো ষ্টেচনত তোমালৈ বাট চাই আছো, প্ৰভা।"

আনন্দৰ চকু কপালত উঠিল। প্ৰভাৰ মুখত মাত নাই।

"এইয়া প্ৰতাপ!"

যিজন মানুহৰ সৈতে প্ৰভাৰ বিয়া ঠিক হৈছিল! সেইজন প্ৰতাপ। প্ৰভা পলাই যোৱাৰ পাছত প্ৰতাপৰ পৰিয়ালটো সমাজৰ আগত অপমানিত হৈছিল। সেই অপমানে তেওঁলোকৰ সকলো অহংকাৰ চূর্ণ-বিচূর্ণ কৰি পেলাইছিল। প্ৰতাপৰ দেউতাকে মানসিক ভাৰসাম্য হেৰুৱাইছিল, আৰু তেওঁৰ ব্যৱসায়ো ক্ৰমান্বয়ে ধ্বংস হৈ আহিছিল। প্ৰতাপে বিয়া নকৰালে। যিটো ষ্টেচনৰ পৰা প্ৰভা পলাই গৈছিল, সেই ষ্টেচনতে এদিন সি চাকৰি বিচাৰি লৈছিল, কেৱল মাত্ৰ এটা অবাস্তৱ আশাত— যদি এদিন প্ৰভা ঘূৰি আহে! খুঁটাত ওলমি থকা সেই মেৰুন ৰঙৰ বেগটো আছিল প্ৰতাপে প্ৰভাক দিবলৈ অনা বিয়াৰ উপহাৰ, যিটো সি আজিও সাঁচি ৰাখিছে।

"প্ৰতাপ... তুমি!"

প্ৰভাৰ বুকুখন যেন ফাটি গ'ল। তেওঁ লেতেৰা মজিয়াখনতে বহি পৰিল। দুধাৰি গৰম চকুলোৱে শোটোৰা পৰা গাল দুখন তিয়াই পেলালে।

আনন্দে কি ক'ব একো ভাবি পোৱা নাছিল। তেওঁলোকৰ প্ৰেমৰ কাহিনীৰ আঁৰত যে আন এজন মানুহৰ জীৱনৰ ইমান ডাঙৰ সমাধিক্ষেত্ৰ এখন লুকাই আছিল, সেয়া তেওঁ সপোনতো ভবা নাই। আনন্দে আগুৱাই গৈ প্ৰতাপৰ হাত দুখনত খামুচি ধৰিলে,--

"মোক ক্ষমা কৰি দিয়া প্ৰতাপ। আমাৰ সুখৰ বাবে তুমি গোটেই জীৱন নৰকত কটাব লগা হ'ল।"

প্ৰতাপে লাহেকৈ আনন্দৰ হাতখন এৰুৱাই আনিলে। ধূলিয়ৰি মুখখনত এটা কৰুণ হাঁহি বিৰিঙি উঠিল।

"ক্ষমা বিচাৰিবলৈ মই তোমালোকক ইয়ালৈ মতা নাই আনন্দ। মই কেৱল চাব বিচাৰিছিলো, মোৰ জীৱনটো ধ্বংস কৰি যিজনী ছোৱালী গুচি গৈছিল, তাই তোমাৰ লগত সুখী নে! আজি তোমালোকক একেলগে, ইমান বছৰৰ পাছতো একেই মৰমেৰে বহি থকা দেখি মোৰ বুকুৰ মাজৰপৰা এটা শিল আঁতৰি গৈছে। মোৰ প্ৰেম হয়তো আধৰুৱা হৈ ৰʼল, কিন্তু তোমালোকৰ প্ৰেম সঁচা।"

হঠাতে ষ্টেচনৰ মাইকত এক যান্ত্ৰিক ঘোষণা ভাঁহি আহিল— "যাত্ৰীসকললৈ অনুৰোধ, ১নং প্লেটফৰ্মলৈ এক্সপ্ৰেছ ৰেলখন সোমাই আহি আছে।"

লগে লগে এটা কাণতাল মৰা শব্দ আৰু ধোঁৱা উৰুৱাই ৰেলগাড়ীখন প্লেটফৰ্মলৈ সোমাই আহিল। ৰেলৰ চকাৰ ঘৰ্ষণত উৰি অহা বতাহত প্ৰভাৰ চাদৰখন উৰিবলৈ ধৰিলে। ট্ৰাংকটোৰ কাষত থকা কপৌ চৰাইটোৱে ভয় খাই আকাশলৈ উৰা মাৰিলে— ঠিক যেন প্ৰতাপৰ বুকুত ইমান বছৰ ধৰি সোমাই থকা এটা গধুৰ যন্ত্ৰণাহে মুক্তি বিচাৰি উৰা মাৰিছে।

কেইটামান মুহূৰ্ত মাত্ৰ, ৰেলখন পাৰ হৈ গ'ল। ৰেলখন যোৱাৰ পাছত প্লেটফৰ্মটো পুনৰ শান্ত হৈ পৰিল। আনন্দ আৰু প্ৰভাই ইফালে সিফালে চাই প্ৰতাপক বিচাৰি নাপালে। প্ৰতাপৰ কোনো দেখাদেখিয়ে নাই।

"হঠাতে মানুহজন ক'ত নোহোৱা হ'ল?" - পৰিবেশটো দুয়োৰে আচহুৱা যেন লাগিল।

অযথা দেৰি নকৰি প্ৰভাই খৰখেদাকৈ চাহ বিক্ৰী কৰি থকা মানুহজনৰ ওচৰ পালেগৈ। প্ৰভাৰ মুখত প্ৰতাপৰ বৰ্ণনা শুনি মানুহজন অলপ আচৰিত হ'ল। তেওঁ আনন্দ আৰু প্ৰভাক ভৰিৰ পৰা মূৰলৈকে চাবলৈ ধৰিলে।

"আজিৰপৰা ত্ৰিশ বছৰ মানৰ আগতে প্ৰতাপ নামৰ মানুহ এজনে ইয়াতে চুইপাৰৰ কাম কৰা বুলি শুনিছিলোঁ, কিন্তু এইমাত্ৰ পাৰ হৈ যোৱা এই একেখন এক্সপ্ৰেছৰ চকাৰ তলত সোমাই তেওঁৰ শৰীৰটো দুটুকুৰা হোৱা বুলি আমাৰ দেউতাহঁতে কয়। তেনেস্থলত আপোনালোকে সেয়া কাক দেখিলে মই নাজানো! মই জনাত এই ষ্টেচনত এতিয়াতো কোনো চুইপাৰ নাই!!"

আনন্দ আৰু প্ৰভাই একো নুবুজাৰ দৰে দুয়ো দুয়োৰে মুখলৈ চাবলৈ ধৰিলে। ইতিমধ্যে প্ৰভাৰ হাতৰ কঁপনিটো সৰ্বশৰীৰলৈ বিয়পি পৰিছিল। আনন্দে অলপ আতঁৰি আহি মাটিত তেতিয়াও পৰি থকা বাঢ়নীডাল সন্তৰ্পণে হাতত তুলি ল'লে আৰু খুটাটোত ওলমি থকা মেৰুণ ৰঙৰ বেগটোৰ ফালে এবাৰ চাই লাহে লাহে প্লেটফৰ্মৰ সিটো মূৰলৈ খোজ ল'লে। ৰেলখন আগুৱাই যোৱা আলিটোলৈ কিছুসময় নিৰৱে চাই থাকি আনন্দৰ পিছে পিছে প্ৰভাও ষ্টেচনৰ পৰা ওলাই আহিল। কেনেদৰে ইমান বছৰে এজন পৰাজিত, অথচ বিশাল হৃদয়ৰ মানুহৰ অপেক্ষাৰ তেওঁ কাৰণ হৈ আছিল, ভাবি পাৰ নোপোৱা হ'ল।

"সচাকৈয়ে সেয়া জানো প্ৰতাপ আছিল?"

জীৱনৰ ৰেললাইনবোৰ বৰ আচৰিত। সমান্তৰালভাৱে গৈ থাকিও যেন কেতিয়াবা কোনোবা অচিনাকি, অৱহেলিত ষ্টেচনত অপ্ৰত্যাশিতভাৱে মিলি যায়। জীৱনৰ কিছুমান ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি, মাথোঁ চকুপানীৰে তাক সজীৱ কৰি ৰাখিবহে পাৰি। প্ৰেমৰ প্ৰতিটো সফল কাহিনীৰ আঁৰতেই লুকাই থাকে আন কাৰোবাৰ নীৰৱ ত্যাগ আৰু এটা আধৰুৱা কবিতাৰ সুৰ।

সময়ৰ সোঁতত হেৰাই যোৱা যৌৱন আৰু ভুলবোৰক সোণালী ৰ'দজাকে নিৰৱে ক্ষমা কৰি দিলে। পুৰণি ট্ৰাংকটোৱে পুনৰ এটা নতুন যাত্ৰাৰ সাক্ষী হ'বলৈ সাজু হ'ল, কিন্তু এইবাৰ ওভটনি যাত্ৰা। আনন্দ আৰু প্ৰভাই এসময়ত এৰি থৈ যোৱা ঘৰখনলৈ আগবাঢ়ি গ'ল।

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ