মায়াবী হ্ৰদৰ পাৰে পাৰে
বটগছজোপাৰ তলত থকা শেলাই লগা পুৰণি কাঠৰ মেজখনৰ চাৰিওফালে বহি আছে তিনিগৰাকী মহিলা। পঁচিশ বছৰৰ মূৰত তেওঁলোকৰ এই পুনৰ্মিলন। মেজৰ ওপৰত ধোঁৱা ওলাই থকা চাহৰ কেটলিটো, কিছু পিঠা-পনা আৰু ফল-মূলখিনিয়ে সময়খিনি বেছ আৰামদায়ক কৰি ৰাখিছে।
পিছফালে, সেউজীয়া পাহাৰখনৰ বুকুত শুই আছে এটা প্ৰাচীন হ্ৰদ। হ্ৰদটোৰ শান্ত পানীখিনি ইমানেই গাঢ় নীলা, এনে লাগে যেন তাত আকাশখনে নিজৰ সকলো ৰহস্য লুকুৱাই ৰাখিছে। হ্ৰদৰ পাৰতে থিয় দি আছে কেইবা শতিকা পুৰণি যেন লগা এজোপা বিশাল বটগছ। গছজোপাৰ ডাল-পাতবোৰে এনেদৰে হ্ৰদটোক আৱৰি ৰাখিছে, যেন কোনোবা নিৰৱ প্ৰহৰীয়ে যুগ যুগ ধৰি পানীখিনিক সুৰক্ষা দি আহিছে।
"মই সঁচাকৈয়ে ভবা নাছিলো জাননে আমি যে আকৌ কেতিয়াবা একেলগে এইখিনি পামহি!"
নীলাঞ্জনাই আৱেগিক সুৰত ক'লে। তেওঁৰ চকুত সদায় এক সেমেকা নষ্টালজিয়া লাগি থাকে। পিন্ধি থকা ধুনীয়া মেখেলা-চাদৰ যোৰে গালত পৰিবলৈ ধৰা বয়সৰ আঁচোৰ লুকুৱাব পৰা নাই।
"পঁচিশটা বছৰ... কেনেকৈ যে পাৰ হৈ গ'ল নহয়নে! মনত আছেনে শৰ্মিষ্ঠা, আমি যেতিয়া ইয়ালৈ গৱেষণাৰ কামত আহিছিলোঁ?"
শৰ্মিষ্ঠাই নিজৰ চাহৰ কাপটোত শোহা এটা মাৰি ক'লে, - "পুৰণি কথাবোৰ কৈ আৱেগিক নকৰিবি নীলাঞ্জনা। আমি এতিয়া সেই কলেজীয়া ছোৱালীকেইজনী হৈ থকা নাই। জীৱনে বহুত কিবাকিবি শিকালে। কিন্তু বৰ্ণালী, তোক মানিব লাগিব দেই। ইমান ধুনীয়াকৈ এই ঠাইখিনি সজাই ৰাখিছ। আৰু তই... তই যে একেবাৰে সলনি হোৱা নাই! এতিয়াও পঁচিশবছৰীয়া জনীয়ে হৈ আছ।"
শৰ্মিষ্ঠা এতিয়াও আগৰদৰে বাস্তৱবাদী আৰু স্পষ্ট। তেওঁৰ কথাবোৰো চোকা অস্ত্ৰৰ দৰে।
তেওঁলোকৰ ঠিক বিপৰীতে বহি আছিল বৰ্ণালী। গাত এখন ক’লা ৰঙৰ শ্বল মেৰিয়াই লোৱা। বৰ বেছি কথা কোৱা নাই, মাথোঁ এটা শান্ত, ৰহস্যময় হাঁহিৰে দুয়োৰে কথাবোৰ শুনি আছে। হাড় কপোৱা ঠাণ্ডা বতাহজাকৰ দৰেই তেওঁৰ উপস্থিতিত এটা অদ্ভুত গাম্ভীৰ্যতা বিয়পি পৰিছে।
"প্ৰকৃতিয়ে মানুহক সজীৱ কৰি ৰাখে," - বৰ্ণালীয়ে লাহেকৈ ক'লে। "আৰু এই হ্ৰদটোৱে... ই সকলো স্মৃতি সতেজ কৰি ৰাখিছে। ইয়াৰ পানীত সময় স্তব্ধ হৈ ৰয়।"
বৰ্ণালীৰ কথাখিনিত যেন কিবা এটা যাদু আছিল। হঠাতে পাহাৰৰ মাজেৰে বৈ অহা মৃদু বতাহ এজাকে সিহঁতৰ চুলিবোৰ আউল লগাই দিলে। সকলো ঠিকেই আছিল, ইটো-সিটো পুৰণি কথাবোৰ চলি আছিল। কিন্তু চৌপাশৰ নিস্তব্ধতাৰ মাজত, মেঘবোৰৰ দৰেই লাহে লাহে কিবা এটা অবুজ অস্বস্তি ঘনীভূত হ'বলৈ ধৰিছিল।
লাহে লাহে আবেলি হৈ আহিল। পাহাৰত বতৰৰ কোনো ভৰসা নাই; হঠাতে আকাশখন পাতল কুঁৱলীয়ে ঢাকি ধৰিলে। হ্ৰদৰ পানীখিনি এতিয়া একেবাৰে আইনাৰ দৰে স্থিৰ হৈ পৰিছে। চাৰিওফালে নিৰিবিলি। মেজৰ ওপৰত সৰি পৰা দুটামান পাতৰ শব্দও স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে।
বৰ্ণালীয়ে চাহৰ কেটলিটো তুলি লৈ পুনৰ চাহ বাকিবলৈ লওঁতেই শৰ্মিষ্ঠাৰ চকুহাল হঠাতে কোঁচ খাই গ'ল। তেওঁৰ মনটোৱে কিবা এটা অস্বাভাৱিক অমিল বিচাৰি পালে।
"ৰহ চোন," শৰ্মিষ্ঠাই বৰ্ণালীৰ হাতখনত ধৰিলে। "বৰ্ণালী, তোৰ ডিঙিৰ সেই দাগটো ক'ত গ'ল? পঁচিশ বছৰ আগতে কেম্পফায়াৰত তোৰ ডিঙিৰ সোঁফালে যে জুইৰ ফিৰিঙতি পৰি এটা ডাঙৰ দাগ হৈছিল... সেইটো দেখোন নাই! প্লাষ্টিক চাৰ্জাৰী কৰিলি নেকি?"
বৰ্ণালীৰ হাতত থকা কেটলিটো মুহূৰ্তৰ বাবে থমকি ৰ'ল।
সেই একে সময়তে নীলাঞ্জনাই হ্ৰদৰ পানীৰ ফালে চাই উচপ খাই উঠিল। তেওঁৰ বুকুখন চিৰিংকৈ গ'ল। "শৰ্মিষ্ঠা... পানীৰ ফালে চা!" - নীলাঞ্জনাৰ মাতটো কঁপি উঠিল।
ম্যাজিক ৰিয়েলিজমৰ দৰে এক অদ্ভুত দৃশ্য সন্মুখত দেখা গৈছিল। আইনাৰ দৰে স্বচ্ছ হ্ৰদৰ পানীত পৰা বৰ্ণালীৰ প্ৰতিবিম্বটো সন্মুখত বহি থকা মানুহজনীৰ নহয়। পানীত দেখা মুখখন এগৰাকী পঞ্চাছৰোৰ্ধৰ মহিলাৰ, যাৰ ডিঙিত জুইয়ে পোৰা দাগটো স্পষ্টকৈ জিলিকি আছে! অথচ সন্মুখত বহি থকা মানুহজনী পঁচিশ বছৰীয়া যুৱতীৰ দৰে। ডিঙিত তেনে কোনো দাগ নাই।
"তই... তই বৰ্ণালী নহয়!" - শৰ্মিষ্ঠাই চকীখনৰ পৰা জাঁপ মাৰি উঠিল। "কোন তুমি? ...আৰু পানীত সেইটো কাৰ প্ৰতিবিম্ব?"
সন্মুখত বহি থকা যুৱতীগৰাকীয়ে শান্তভাৱে চাহৰ কেটলিটো থৈ দিলে। তাইৰ চকুহাল হঠাতে হ্ৰদৰ পানীৰ দৰেই গভীৰ আৰু বিষণ্ণ হৈ পৰিল।
"প্ৰকৃতিয়ে কেতিয়াও মিছা নকয় আণ্টি। হ্ৰদৰ পানীত আপোনালোকে সেয়া মোৰ মাৰ প্ৰতিবিম্ব দেখিছে। মই বৰ্ণালী নহয়। মই বৰ্ণালীৰ জীয়েক, ৰূপালী।"
কথাষাৰে দুয়োকে তৰোৱালৰ দৰে আঘাত কৰিলে। নীলাঞ্জনা শিল পৰা কপৌৰ দৰে বহি ৰ'ল।
"অসম্ভৱ!" শৰ্মিষ্ঠাই চিঞৰি উঠিল। "তুমি দেখিবলৈ একেবাৰে পঁচিশ বছৰ আগৰ বৰ্ণালীৰ দৰে! ... বৰ্ণালী ক'ত? তাই আমাক চিঠি লিখি কিয় ইয়ালৈ মাতিছিল?"
ৰূপালীয়ে এটা গভীৰ হুমুনিয়াহ কাঢ়িলে। তাই কৈ গ'ল - "মা দুমাহ আগতে ঢুকাইছে। তেওঁৰ শেষ ইচ্ছা আছিল আপোনালোকক ইয়ালৈ মতা। সেয়ে মই মাৰ নামত চিঠি দিছিলোঁ। মই জানিব বিচাৰিছিলোঁ... পঁচিশ বছৰ আগতে, এই হ্ৰদৰ পাৰত প্ৰকৃততে কি হৈছিল।"
হঠাতে পৰিৱেশটোত এক অবাস্তৱ নিস্তব্ধতাই বিৰাজ কৰিলে। বটগছজোপাৰ শিপাবোৰে অলপ লৰচৰ কৰি উঠিল, যেন সিহঁতেও সত্যটো শুনিবলৈ উদ্গ্ৰীৱ হৈ পৰিছে।
"কিহৰ কথা কৈছা তুমি?" - শৰ্মিষ্ঠাই নিজৰ ভয় লুকুৱাবলৈ বৃথা চেষ্টা কৰি কৈ গ'ল। - "পঁচিশ বছৰ আগতে আমি ইয়ালৈ গৱেষণা কৰিবলৈ আহিছিলোঁ। তাৰ পিছত আমি গুচি গ'লোঁ, কিন্তু তোমাৰ মায়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈ ইয়াতেই থাকি যোৱাৰ সিদ্ধান্ত লৈছিল।"
"মিছা কথা!" - ৰূপালীৰ মাতটো কঠোৰ হৈ পৰিল। "মা গোটেই জীৱন ইয়াৰ সৌন্দৰ্যৰ বাবে থকা নাছিল, আছিল এক অপৰাধবোধৰ বাবে। আপোনালোক কেৱল তিনিজনী নহয়, লগত চতুৰ্থ এগৰাকীও আছিল — তৃষ্ণা। যাৰ কথা আপোনালোকে সকলোৰে পৰা লুকুৱাই ৰাখিলে।"
"তৃষ্ণা!"
নামটো উচ্চাৰণ হোৱাৰ লগে লগে নীলাঞ্জনাই দুয়োহাতেৰে মুখখন ঢাকি উচুপি উঠিল। কাষতে হ্ৰদৰ পানীখিনিত কিবা এটা নীলা আভাৰ দৰে জিলিকি উঠিছিল।
ৰূপালীয়ে কৈ গ'ল, - "মায়ে ডায়েৰীত সকলো লিখি থৈ গৈছে। আপোনালোকে ইয়ালৈ কোনো লোককথাৰ গৱেষণা কৰিবলৈ অহা নাছিল। আপোনালোকে আহিছিল এই পাহাৰৰ এক জনগোষ্ঠীৰ এবিধ অমূল্য ৰত্ন, Soul Stone বিচাৰি, যিটো এই প্ৰাচীন গছজোপাৰ শিপাত লুকাই থকা বুলি বিশ্বাস কৰা হয়। সেই ৰাতি... তৃষ্ণাই সেই শিলটো বিচাৰি পাইছিল। নহয়নে আণ্টি?"
শৰ্মিষ্ঠাৰ মুখখন শেঁতা পৰি গ'ল। তেওঁ তললৈ মূৰ কৰিলে। অতীতৰ সেই কালৰাত্ৰিৰ স্মৃতিয়ে তেওঁলোকক পুনৰ আৱৰি ধৰিছিল।
"তৃষ্ণাই সেই শিলটো চৰকাৰক গটাই দিব বিচাৰিছিল।" - নীলাঞ্জনাই উচুপনিৰ মাজেৰে স্বীকাৰ কৰিলে। "কিন্তু শৰ্মিষ্ঠা আৰু মই সেইটো বিক্ৰী কৰি বিদেশলৈ যোৱাৰ সপোন দেখিছিলোঁ। আমাৰ মাজত তৰ্ক হৈছিল। আমি তাইৰ পৰা শিলটো কাঢ়ি ল'বলৈ চেষ্টা কৰিছিলোঁ। টনা-আঁজোৰাত... তৃষ্ণা পিছলি গৈ হ্ৰদৰ পানীত পৰি গৈছিল। আমি ভাবিছিলো তাই সাঁতুৰিব পাৰিব। কিন্তু তাই ওপৰলৈ উঠি নাহিল। আমি ভয়তে শিলটো লৈ পলাই গলো। বৰ্ণালীক ভাবুকি দিছিলো যাতে তাই কাকো এইবোৰ কথা নকয়। ইয়াৰ পৰা গৈ আমি সকলোকে কৈছিলো যে তৃষ্ণা তাইৰ প্ৰেমিকৰ লগত পলাই গ'ল।"
"কিন্তু শিলটোৱে জানো আপোনালোকক সুখ দিব পাৰিলে?" - ৰূপালীৰ চকুত ক্ৰোধ নাই, আছে মাথোঁ কৰুণাৰ চাৱনি।
"নাই দিয়া," - শৰ্মিষ্ঠাই মজিয়াৰ ফালে চাই ক'লে। - "সেই শিলটো নকল আছিল। আমি একো নাপালোঁ, কিন্তু এটা জীৱন শেষ কৰি দিলোঁ। গোটেই জীৱন আমি এই অপৰাধবোধৰ বোজা কঢ়িয়াই ফুৰিছোঁ।"
ৰূপালীয়ে মেজৰ তলৰ পৰা এটা পুৰণি কাঠৰ বাকচ উলিয়ালে। বাকচটো খোলাৰ লগে লগে তাৰ পৰা এক অদ্ভুত, উজ্জ্বল পোহৰ ওলাই আহিল। বাকচটোৰ ভিতৰত এটা ৰঙা ৰঙৰ জিলিকি থকা শিল আছিল।
"এইটো চাওঁক আচল 'Soul Stone'। এইটো আচলতে তৃষ্ণাৰ হাতত নাছিলেই, সেই গছজোপাৰ খোৰোঙতেই আছিল।" - ৰূপালীয়ে কৈ গ'ল - "মায়ে পিছদিনা এইটো পাইছিল। মা গোটেই জীৱন এই গছজোপাৰ তলত কটাই দিলে, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে তৃষ্ণা আণ্টিৰ আত্মা এই হ্ৰদৰ পানীতে বন্দী হৈ আছে। মাৰ মতে, যেতিয়ালৈকে সত্য প্ৰকাশ নাপাব, তেতিয়ালৈকে আণ্টিয়ে মুক্তি নাপাব।"
হঠাতে বতাহজাক স্তব্ধ হৈ গ'ল। পুৰণি বটগছজোপাৰ পৰা কেইখিলামান সোণোৱালী পাত মেজখনৰ ওপৰত সৰি পৰিল। হ্ৰদৰ পানীৰ নীলা আভাখিনি এতিয়া বেছি উজ্জ্বল হৈ উঠিছে। ম্যাজিক ৰিয়েলিজমৰ সেই সুন্দৰ মুহূৰ্তত, তেওঁলোকে শুনিবলৈ পালে, হ্ৰদৰ মাজৰ পৰা যেন এটা অস্পষ্ট, সুৰীয়া গীতৰ কলি ভাঁহি আহিছে।
"সেইয়া তৃষ্ণাৰ মাত — হোষ্টেলত তাই এই গীতটো প্ৰায়ে গাইছিল।"
নীলাঞ্জনা আৰু শৰ্মিষ্ঠা দুয়ো আঁঠু কাঢ়ি হ্ৰদৰ ফালে চাই কান্দি পেলালে।
"আমাক ক্ষমা কৰি দে তৃষ্ণা... আমাক ক্ষমা কৰি দে বৰ্ণালী।"
কঠোৰ ব্যক্তিত্বৰ আৱৰণখন খহি শৰ্মিষ্ঠাৰ দুচকুৰে হলহলাই চকুপানী বৈ আহিল। ৰূপালীয়ে আগবাঢ়ি গৈ দুয়োৰে কান্ধত হাত থলে।
"মই ইয়ালৈ আপোনালোকক শাস্তি দিবলৈ মাতি অনা নাই। মায়ে ডায়েৰীৰ পাতত লিখি গৈছিল— 'মানুহৰ আটাইতকৈ ডাঙৰ শাস্তি হ'ল নিজৰ বিবেকৰ দংশন। মই জানো মোৰ দুয়োগৰাকী বান্ধবীয়ে পঁচিশ বছৰ ধৰি সেই শাস্তি ভোগ কৰি আছে। সিহঁতক ক্ষমা কৰি দিবি ৰূপালী।' মই কেৱল তৃষ্ণা আণ্টি আৰু মাৰ আত্মাক এই বোজাৰ পৰা মুক্ত কৰিবলৈহে আপোনালোকক মাতি পঠিয়াইছিলোঁ।"
ৰূপালীয়ে 'Soul Stone'টো হাতত লৈ লাহেকৈ হ্ৰদৰ পানীত দলিয়াই দিলে। শিলটো পানীত পৰাৰ লগে লগে পানীৰ সকলো আভা নাইকিয়া হৈ গ'ল। ইমান সময় তেওঁলোকৰ কাণত বিয়পি থকা গীতটোও লাহে লাহে বতাহত বিলীন হৈ গ'ল। হ্ৰদটো পুনৰ একেবাৰে শান্ত হৈ পৰিল।
বটগছজোপাৰ পৰা যেন এটা দীঘল হুমুনিয়াহ ওলাই আহিল — এক অসীম শান্তিৰ হুমুনিয়াহ। পঁচিশ বছৰৰ মূৰত, পাহাৰীয়া অঞ্চলটোৰ সেই ৰহস্যময় হ্ৰদটোৱে অৱশেষত নিজৰ বুকুৰ পৰা এক গোপন সত্য মুকলি কৰি দিলে। নীলাঞ্জনা আৰু শৰ্মিষ্ঠাই অনুভৱ কৰিলে, যেন সিহঁতৰ বুকুৰ পৰাও যুগ যুগ ধৰি কঢ়িয়াই ফুৰা এটা প্ৰকাণ্ড শিলহে খহি পৰিছে। অতীতৰ ছাঁবোৰ আঁতৰি গ'ল, মেঘৰ মাজেৰে সৰকি অহা আবেলিৰ শেষ ৰ'দজাকে তিনিয়োজনীকে এক নতুন আশাৰে সাৱটি ধৰিলে।
Comments
Post a Comment