বগী

 "মালতী, সোনকালে উঠ! পানী সোমাইছে!"

ৰতনৰ চিঞৰত উচপ খাই উঠিল পত্নী মালতী। লগে লগে আন্ধাৰৰ মাজতে হুৱাদুৱা লাগিল। ৰতনে একেথাপে বৃদ্ধা মাকক কান্ধত তুলি ল'লে, আৰু মালতীয়ে দুয়োটা সন্তানক দুহাতেৰে সাৱটি ধৰিলে।

টিনপাতৰ চালত বৰষুণৰ শব্দৰ সমান্তৰালভাৱে ঘৰৰ মজিয়াত পানীৰ ঢৌৱে কোবোৱাৰ শব্দ। তেতিয়া ৰাতি ১১ টা। দিখৌ নদীয়ে দুপৰীয়াতে বিপদসীমা অতিক্ৰম কৰিছিল। বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল। ধাৰাসাৰ বৰষুণৰ মাজতো বাহিৰত এক অস্বাভাৱিক গৰ্জন। বৰষুণৰ শব্দ নহয়, এইয়া যেন এক উন্মত্ত জলদানৱৰ আটাহ।

বুকুসমতুল্য পানী ফালি তেওঁলোক ওখ মথাউৰিটোৰ ফালে দৌৰিবলৈ ধৰিলে। বিজুলীৰ পোহৰত ৰতনে ঘূৰি চালে— সিহঁতৰ সপোনৰ সৰু ঘৰটো লাহে লাহে বোকাময় ঘোলা পানীৰ মাজত নিচিহ্ন হৈ গৈছে। বুকুখন মোচৰ খাই উঠিল যদিও, কান্ধত থকা মাকৰ কঁপা কঁপা উশাহটোৱে তাক সোঁৱৰাই দিলে— ঘৰ গ'লেও জীৱনটো বচাব লাগিব। ভয় আৰু বিভ্ৰান্তিৰ মাজতো সেই ৰাতি ৰতনহঁতৰ দৰে প্ৰতিটো পৰিয়ালে কেৱল জীয়াই থকাৰ এক প্ৰবল তাড়নাত সংগ্ৰাম কৰিছিল।

স্থানীয় প্ৰাথমিক বিদ্যালয়খন এতিয়া প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ আশ্ৰয়স্থল। বাৰাণ্ডাৰ এচুকত বহি মালতীয়ে পুত্ৰৰ কপালত পানীপটি দি আছে। পানীলগা জ্বৰ তাৰ। এফালে আৱেগিক ক্লান্তিয়ে সকলোকে জুৰুলা কৰি পেলাইছে; সিফালে খাদ্যৰ বাবে দীঘলীয়া শাৰী।

চিৰা আৰু গুৰৰ টোপোলাটো হাতত লৈ ৰতন উভতি আহিল। তাৰ চকুত এক শূন্যতা। যোৱা নিশাৰ পৰা সিহঁতৰ খীৰতী গাই 'বগী'ৰ কোনো সন্ধান নাই। একো নোকোৱাকৈ ৰতনে মালতীৰ হাতত চিৰাৰ টোপোলাটো দিলে। দুয়োৰে মনত বগীক হেৰুৱাৰ বেদনা।

কিন্তু এই অন্ধকাৰৰ মাজতো আশাৰ ৰেঙনি হৈ ঠিয় দিছেহি বহুতে। কাষতে আশ্ৰয় লোৱা নিৰ্মালী খুৰীয়ে নিজৰ ভাগৰ পৰা এখন শুকান গামোচা আৰু আধা পেকেট বিস্কুট মালতীলৈ আগবঢ়াই দিলে।

"নেকান্দিবি আই, আমি আছো নহয়। মানুহ থাকিলে সম্পত্তিও হ'ব দে। পানী শুকাব, আমি আকৌ ঘৰ সাজিম।"

চুবুৰীয়াৰ এই সামান্য আন্তৰিকতাই যেন সকলো দুখৰ মাজতো জীয়াই থকাৰ সাহস দি গ'ল।

বিশালৰ ইউটিউব চেনেলটো সাধাৰণতে ফুড ভ্লগ আৰু হাঁহি-ধেমালিৰ ভিডিঅ'ৰে ভৰি থাকে। কিন্তু আজি তাৰ হাতৰ কেমেৰাটোৱে বেলেগ দৃশ্য আৱদ্ধ কৰিছে। বুকুলৈকে বোকা পানী গচকি সি এখন সৰু নাৱত উঠিছে, লগত কেইবা কাৰ্টুন খোৱা পানী, বিস্কুটৰ পেকেট আৰু ঔষধ।

"নমস্কাৰ বন্ধুসকল", বিশালে লাইভ ষ্ট্ৰীমিং আৰম্ভ কৰিলে, তাৰ মাতটো থোকাথুকি হৈ পৰিছিল। "শিৱসাগৰ আৰু চৰাইদেউৰ অৱস্থা বৰ ভয়াবহ। এই মানুহখিনিয়ে যোৱা দুদিন ধৰি একো খোৱা নাই। আপোনালোকৰ যিমান পাৰে সহায় কৰক।"

সামাজিক মাধ্যমৰ শক্তি আচৰিত। ঘণ্টাৰ ভিতৰতে হাজাৰ হাজাৰ টকাৰ অনুদান আহিবলৈ ধৰিলে। অসমৰ চুকে-কোণে থকা যুৱ-ছাত্ৰ আৰু স্বেচ্ছাসেৱকসকল ৰাতিটোৰ ভিতৰতে একগোট হ'ল। নিজৰ সকলো কাম এৰি তেওঁলোকে খাদ্য আৰু কাপোৰৰ টোপোলা বান্ধিবলৈ আৰম্ভ কৰিলে। মোবাইলৰ পৰ্দাৰ সিপাৰে থকা দৰ্শকসকল নিমিষতে বাস্তৱ জীৱনৰ যোদ্ধালৈ ৰূপান্তৰিত হ'ল।

বানপানীয়ে জিলাৰ সীমা নামানে। একেটা ধ্বংসলীলাৰ চাৰিখন বেলেগ বেলেগ ছবি:

শিৱসাগৰত: বুৰঞ্জীপ্ৰসিদ্ধ তলাতল ঘৰৰ ওচৰৰ ওখ ঠাইবোৰত শ শ মানুহে আশ্ৰয় লৈছে। অতীতৰ সাক্ষী কীৰ্তিচিহ্নবোৰে নীৰৱে বৰ্তমানৰ এই যুঁজখন চাই আছে।

চৰাইদেউত: চাহ বাগিচাৰ শ্ৰমিকসকলে মুৰত নিজৰ সাঁচতীয়া সামগ্ৰীৰ সৰু টোপোলাটো লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। সেউজীয়া বাগিচাবোৰ এতিয়া ঘোলা পানীৰ তলত।

যোৰহাটত: ফেৰী সেৱা বন্ধ, স্থানীয় যুৱকসকলে তেওঁলোকৰ নাওবোৰ লগত লৈ নিজৰ জীৱন তুচ্ছ কৰি আবদ্ধ পৰিয়ালবোৰক উদ্ধাৰ কৰাত অহৰ্নিশে লাগি আছে।

গোলাঘাটত: লহপহকৈ বাঢ়ি অহা শালি খেতিৰ পথাৰখন পানীৰ তলত। এজন খেতিয়কে হুমুনিয়াহ কাঢ়ি চাই আছে যদিও, পিছ মুহূৰ্ততে ল'ৰা-ছোৱালীকেইটাৰ বাবে কলগছৰ ভুৰ এখন সাজিবলৈ দা-খন হাতত তুলি লৈছে। প্ৰতিৰোধৰ আন এটা নাম অসমীয়া কৃষক।

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আজি এক নতুন পৰিৱেশ। কেইবাখনো ডাঙৰ ট্ৰাক আহি ৰৈছেহি, নম্বৰ প্লেটবোৰ পাঞ্জাৱৰ। 'অসমৰ বাবে সাহায্য' বুলি লিখা বেনাৰ লগোৱা ট্ৰাককেইখনৰ পৰা নামি আহিছে কেইজনমান পাগুৰি পিন্ধা শিখ সম্প্ৰদায়ৰ ব্যক্তি।

তেওঁলোকে লগে লগে বিশাল বাচনবোৰ নমাই 'লংগৰ' আৰম্ভ কৰিছে। গৰম খিচিৰী আৰু চাহৰ সুবাসে চৌপাশ আমোলমোলাই গৈছে। হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি তেওঁলোকে কেৱল খাদ্য লৈ অহা নাই, আনিছে ভাতৃত্ববোধৰ এক বিশাল বাৰ্তা।

খাদ্য গ্ৰহণ কৰি এজন বৃদ্ধই দুহাত যোৰ কৰি ক'লে, -

"ৱাহে-গুৰু! ভগৱানে তোমালোকৰ মঙ্গল কৰক।"

মুখৰ ভাষা হয়তো বেলেগ, কিন্তু মানৱতাৰ ভাষা সকলোৰে একেটা। বানৰ চেঁচা পানীয়ে কঁপাই তোলা মানুহবোৰৰ মনবোৰ পাঞ্জাৱৰ পৰা অহা এই মৰমৰ উমেৰে গৰম হৈ পৰিছিল।

জুলাইৰ শেষৰফাললৈ দিখৌ শান্ত হ'বলৈ ধৰিলে। পানী কমাৰ লগে লগে ৰতন আৰু মালতী নিজৰ ভেটিলৈ ঘূৰি আহিল। ঘৰটো থিয় হৈ আছে, কিন্তু ভিতৰত ডাঠ আঠাজাতীয় বোকা। ভঙা চৰু, নষ্ট হোৱা তাঁতশাল আৰু বোকাৰে লুতুৰি-পুতুৰি সপোনবোৰ।

মালতীৰ চকুৰ পৰা দুটোপাল চকুলো নিগৰি আহিল। ৰতনে তাইৰ কান্ধত হাত থৈ ক'লে,

"ঘৰটো আৰু মাটিখিনি দেখোন আছেই। হʼবদে, আকৌ কৰিম।"

আচৰিত কথা যে, তেওঁলোক অকলে নাছিল। কিছু সময়ৰ পিছতে আন কেইজনমান যুৱক হাতত বাঁহ আৰু কোৰ লৈ হাজিৰ হ'লহি। কোনেও চিনি নাপাই তেওঁলোক কোন, কʼৰপৰা আহিছে। সমুহীয়া শ্ৰমদানেৰে আৰম্ভ হ'ল বোকা চাফা কৰা আৰু ঘৰ মেৰামতি কৰাৰ কাম। অকল ৰতনহঁতৰেই নহয়, আশে-পাশে সকলোৰে ঘৰত বেলেগ ঠাইৰ পৰা অহা অসংখ্য মানুহে বোকা আঁতৰাইছে। বানপানীয়ে হয়তো তেওঁলোকৰ ভৌতিক সম্পত্তি উটুৱাই নিলে, কিন্তু সমাজৰ একতা আৰু অসমীয়াৰ জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহক উটুৱাই নিব নোৱাৰিলে। ধ্বংসৰ মাজতো এয়া এক নতুন আৰম্ভণিৰ যাত্ৰা।

বানপানীৰ এমাহৰ পিছত গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন পুনৰ মুকলি কৰা হৈছে। ৰতন আৰু মালতীৰ পুত্ৰ অৰ্পণে হাতত এখন পানীয়ে আধা-খোৱা বহী আৰু ভঙা পেঞ্চিল লৈ স্কুললৈ গৈছে। তাৰ মৰমৰ কিতাপৰ বেগটো বানৰ পানীয়ে লৈ গৈছিল, অকল এখনেই বহী থাকিল। শ্ৰেণীকোঠাত সোমাই সি দেখিলে, বেৰবোৰত এতিয়াও পানীৰ দাগবোৰ স্পষ্ট। তাৰ মনটো সেমেকি উঠিল।

প্ৰাৰ্থনাৰ পিছতে প্ৰধান শিক্ষকে এটা ডাঙৰ কাৰ্টুন খুলিলে। দূৰৈৰ কোনোবা এটা স্বেচ্ছাসেৱী সংস্থাই পঠিওৱা নতুন কিতাপ, বেগ আৰু পেঞ্চিলৰ বাকচ! অৰ্পণৰ হাতত এটা ধুনীয়া নীলা ৰঙৰ বেগ তুলি দি ছাৰে হাঁহি মাৰি ক'লে, -

"পানীয়ে আমাৰ ঘৰ-বাৰী ভাঙিব পাৰে অৰ্পণ, কিন্তু তোমালোকৰ ভৱিষ্যত উটুৱাই নিব নোৱাৰে।"

নতুন কিতাপৰ গোন্ধটোৱে অৰ্পণৰ মুখত হাঁহি বিৰিঙাই তুলিলে, সেয়া সমগ্ৰ গাঁওখনৰে বুকুৰ পৰা অন্ধকাৰ দূৰ কৰা এক নতুন পুৱাৰ সূৰ্যহে যেন। ধ্বংসৰ পিছতো, শিক্ষা আৰু আশাৰ চাকিগছি কোনেও নুমুৱাব নোৱাৰে।

বানপানীৰ তাণ্ডৱ লাহে লাহে মানুহৰ স্মৃতিৰ পাতলৈ যাবলৈ ধৰিছে। এদিন পুৱা ৰতনে বাৰীত কোৰ মাৰি থাকোঁতে দূৰৈৰ পৰা এটা চিনাকি মাত শুনিলে— "হাম্বা!"

উচপ খাই মূৰ তুলি চালে সি। মথাউৰিৰ সিপাৰৰ পৰা নিৰ্মালী খুৰীৰ ল'ৰাটোৱে এডাল জৰীত ধৰি টানি আনিছে এজনী খীণাই যোৱা গাই গৰু। ৰতনৰ চকু থৰ হৈ গ'ল, এয়া দেখোন সিহঁতৰ হেৰোৱা 'বগী'! পানীৰ প্ৰবল সোঁতত উটি গৈ তাই কোনোমতে কেইমাইলমান দূৰৰ এটা ওখ চাপৰিত আৱদ্ধ হৈ আছিল আৰু বন-পাত খাই প্ৰাণ বচাইছিল।

মালতীয়ে খবৰটো পাই লৰালৰিকৈ ওলাই আহিল আৰু বগীৰ ডিঙিত দুহাতেৰে সাৱটি ধৰিলে। চকুলোৰে বগীৰ কপালখন তিতি গ'ল, আৰু বগীয়েও মৰমতে মালতীৰ গালখন চেলেকি দিলে। বানপানীত মানুহে বহু কিবাকিবি হেৰুৱায় সঁচা, কিন্তু যিকণ ঘূৰি আহে, সেয়াই আকৌ নতুনকৈ জীৱনটো সজাবলৈ প্ৰেৰণা যোগায়। প্ৰকৃতিয়ে যিদৰে কাঢ়ি নিয়ে, কেতিয়াবা আকৌ এনেকৈয়ে ওভতায়ো দিয়ে।

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ